“কাব্য সাহিত্য বিশেষ” – কুঁৱলি সৰিছে তেওঁৰ বুকুত (ৰশ্মিৰেখা দাস)

“কাব্য সাহিত্য বিশেষ”

কুঁৱলি সৰিছে তেওঁৰ বুকুত

 

 

শান্ত নৈ এখনৰ পানীত তবলাৰ তাল এটা

ডুব যায় অকস্মাৎ

উত্তাল তৰংগই মোৰ তন্ময়তাৰ গভীৰলৈ শিপাই।

প্ৰতিধ্বনিবোৰৰ পিছে পিছে দৌৰি যাওঁ

কিন্তু তাৰ পিছতেই মোৰ উশাহবোৰ শূন্যত উপঙি থকাহে পাওঁ।

তেতিয়ালৈ অনুভৱৰ অভ্ৰভেদি সৰকি যায় মসৃন শব্দ কিছুমান আৰু

বাৰে বাৰে ধৰাশায়ী হয় বুকুৰ আহ্বান।

 

আন্ধাৰৰ মাজে মাজে উজলি উঠা পোহৰকণৰ বাবেই যে মোৰ ভালপোৱা।

ৰঙা সেউজীয়া…

যেন কোনো অস্বচ্ছ কাঁচৰ সিপাৰে বন্দী হৈ ৰোৱা।

 

মই চাই ৰওঁ নিৰৱে…

লুণীয়া বাট এটা সাজি নৈখন বৈ যায়।

ভগা সপোনৰ টুকুৰাবোৰহে উটি নাযায়

জলফাই বৰণীয়া বাঁহীৰ সুৰ এটাই টানি নিয়ে মোক

কুণ্ডলি পকাই কৰবালৈ

হাঁহি হাঁহি সপোনৰ টুকুৰাবোৰ জোৰা লগাই।

কঁপি কঁপি চেঁচা পৰি যোৱা গুণগুণনি এটাই বাট দেখুৱাই।

আৰু মই গৈ থাকোঁ… গৈ থাকোঁ…

সৰা পাতৰ বাট এটাৰে কুঁৱলি সৰা চাবলৈ তেওঁৰ বুকুত।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments