“কাব্য সাহিত্য বিশেষ” – গাঁওখন নদী হোৱাৰ পৰা (মানস প্ৰতীম বৰুৱা)

“কাব্য সাহিত্য বিশেষ”

গাঁওখন নদী হোৱাৰ পৰা


 

গাঁওখন নদী হোৱাৰ পৰা লঘোণত আছে ঈশ্বৰ

মৰাসুঁতিৰ পাৰত পশ্চিমীয়া বতাহ সাবতি

লঘোণীয়া ঈশ্বৰে পান কৰিলে দুখৰ মদিৰা…

অনুমান কৰিলে গৰ্ভৱতী নৈৰ তেজাল স্পন্দন !!

 

এখন অন্য পৃথিৱীৰ ঈশ্বৰ তেওঁ,

যাৰ চকুত নাই টোপনি

ওঁঠত নাই মোহিনী হাঁহি

ঈশ্বৰে ঠিকেই শুনিলে,

বেদনা গধুৰ ৰঙিলীহঁতৰ দীঘল হুমুনিয়াহ…

গুটি ভঁৰালৰ স্বপ্ন গোঁঠা

ৰংমনৰ ঘৰ্মাক্ত দেহৰ শেঁতা পৰা কলিজাৰ বেথা…

নগ্ন শিশুৰ আকুল চাৱনিত

“নিচিনো তোমাক ক’ত আছা প্ৰভু…”

 

ক্লান্ত ঈশ্বৰে দুচকু জপালে

আৰু উজাই চালে,

নামঘৰীয়াই আগবঢ়াই যোৱা এগছি চাকি!

ধিমিকি পোহৰে বিলাইছে জেউতি

ঠিক জোনাকী পৰুৱাৰ দৰে…

 

পোহৰ হোৱাৰ আগেয়েই ঈশ্বৰ যাবগৈ,

সাউদৰ নাওঁ আহিব

হাত নেমেলাকৈয়ে ফুল ছিঙিব…

গাঁওখন নদী হোৱাৰে পৰা যে

ঈশ্বৰ লঘোণত আছে…

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক