“কাব্য সাহিত্য বিশেষ” – জোনাকৰ এমুঠি কবিতা (মিতালী বৰ্মন)

“কাব্য সাহিত্য বিশেষ”

জোনাকৰ এমুঠি কবিতা



 

(১)

লাইটবোৰ নুমুৱাই

খিড়িকীবোৰ খুলি দিছোঁ

এছাটি শান্ত স্নিগ্ধ জোনাক

সোমাই আহিছে মোৰ ঘৰলৈ

 

আজি মোৰ ঘৰলৈ আলহী হৈ আহিছে

ৰূপালী জোনাক…

 

(২)

তোমাৰ অপেক্ষাত

গাভৰু হৈছে মোৰ চহৰ

কাতিৰ কুঁৱলীৰ চাদৰৰে

মেৰিয়াই ধৰিছে

মোৰ ভৰুণ চহৰৰ সেউজ হিয়া

 

(৩)

নিজৰি নিজৰি বয়

গলি যোৱা জোনাকবোৰ

হৃদয়ত নিগৰে ভগীৰথী গংগা

 

তৰাফুলা সাঁকোৰ বাট

জোনৰ দেশলৈ…

 

(৪)

তৰাবোৰে সাধু ক’ব

জোনাকত লহৰ তুলি

নিয়ৰৰ স’তে লুকা-ভাকু খেলিব

 

(৫)

জোনাকবোৰ গলি গ’লে

আকাশত সপ্তর্ষিয়ে সভা পাতে

ৰজনীগন্ধাই তিয়াই যায়

সপ্তর্ষিৰ কাপ-মৈলাম

 

টোপে টোপে সৰি পৰে জোনাক…

 

(৬)

ধুমুহা আহিলেও আহক

তুমি মাথোঁ সপোনবোৰ ভাঙি যাবলৈ নিদিবা…

এতিয়াও যে লিখা হোৱা নাই

এমুঠি জোনাকৰ কবিতা…

 

(৭)

শাৰদী হৃদয়ৰ

অভিমানৰ বাট কাটি

জোনাকৰ এপিয়লাত ডুব যাব

মোৰ উন্মনা চহৰৰ নিসংগতাবোৰ!

 

আৰু সপ্তর্ষিয়ে পহৰা দিয়া আকাশত

অনুৰাগৰ ওৰণি খহি

লমালমে ফুলি উঠিব

সুৰুযমুখী হাঁহি…

**************

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক