“কাব্য সাহিত্য বিশেষ” – ডিক্ৰঙৰ পাৰত হেৰাই যোৱা কবিৰ বাঁহী (আদিত্য ৰঞ্জন দত্ত)

“কাব্য সাহিত্য বিশেষ”

ডিক্ৰঙৰ পাৰত হেৰাই যোৱা কবিৰ বাঁহী

 
 
যোৱানিশা হেৰাই গৈছিল কবিতাৰ পংক্তিবোৰ।
শ্বাসৰুদ্ধ কবিৰ বুকুত এটি দহিকতৰাৰ আক্ৰমণ।
ডিক্ৰঙৰ পাৰত দোৰোল খাই পৰিছিল সহস্ৰজোপা ঝাওবন।
কঁপি উঠা বুকুত তাজমহল হৈ ধৰা দিছিল এটা সপোনে।
দুচকু ভিজি ৰৈছিল গোলকীয় উষ্ণতাত।
নাই সেয়া প্ৰেম নাছিল,
নাছিল কোনো দৈহিক উত্তেজনাও।
নাইবা নাছিল ট্ৰেফিক লাইটত ওলমি ৰোৱা কোনো দেহোপজীৱিনীৰ কাহিনী।
সেইৰাতি কবি অকলশৰে ডিক্ৰঙৰ পাৰলৈ গৈছিল।
ডিক্ৰঙত সেইনিশা বলিয়া বান।
আকাশখনো দোঁ খাই পৰিছিল,
যেন এই সৰোঁ এই সৰোঁ এজাক আবতৰীয়া বৰষুণ!
 
ঝাওবনৰ সিপাৰে কবিলৈ ৰৈ আছিল এটা সৰু খিলখিলনি।
যেন জোনাকবোৰ উফৰি আহিছে বৰষুণৰ টোপাল হৈ!
কবিৰ বুকুতো খহি পৰিছিল এটুকুৰা ডাৱৰ।
কবিৰ চকুত এসাগৰ অভিমান।
 
ঝাওবনৰ আঁৰ লৈ মোত সলাইছিল কবিৰ প্ৰিয় জলপৰীজনীয়ে।
তাইৰ বুকুত এটা ৰঙা দাগ আছিল,
সেই দাগত লাগি আছিল এটোপাল তেজ।
 
কবিয়ে বাঁহীটো উলিয়াই লৈ বজাইছিল লাহে লাহে।
তাই নাচিছিল,
পিছ ৰাতিলৈ তাই সাঁতুৰিছিল।
 
কবিৰ বাঁহীত তেতিয়া সপ্তসুৰ।
তাই পানীত জঁপিয়াই পৰিছিল।
গান গাইছিল,
কান্দিছিল।
 
কবি যেন পাগল হৈ পৰিছিল!
উৰি ফুৰিছিল আকাশত,
বতাহত।
 
আৰু পিছদিনা পুৱালৈ কবিক মৃত অৱস্থাত
ডিক্ৰঙৰ পাৰত উদ্ধাৰ কৰা হৈছিল।
বাতৰিত পোৱা মতে কবিয়ে হেনো আত্মহত্যা কৰিছিল,
নদীত জাপ দি।
 
কিন্তু সেইনিশা জলপৰীজনীয়ে কবিক হত্যা কৰি লৈ যোৱা
বাঁহীটোৰ কথা ক’তো উল্লেখ নাছিল।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments