“কাব্য সাহিত্য বিশেষ” – তুমি আৰু এচিৰা পকাধান (পৰাগ পিংকু)

“কাব্য সাহিত্য বিশেষ”

তুমি আৰু এচিৰা পকাধান


 

ছেঃ তুমি তিতা গাৰেই আহিলা

নঙলা খুলি

দৌৰিছা দৌৰিছা

দুৱাৰদলিতে ৰৈ কি চালা?

কি চালা?

আঃ আয়ে মছি থৈছে,

মছি থৈছে মজিয়া

ছেঃ তুমি তিতা গাৰেই আহিলা।

 

যোৱা বেলি আঘোণৰ কথা

ছথৰীয়া ডাঙৰীয়ে বাহু মটমটায় আছিল

খিল খিলকে হাঁহি দিলা এনেকৈ

উজুতিত ভালেগাল সোনগুটি সৰিল

বৰপুখুৰীৰ পানীছাটি গাত পৰিল কি নপৰিল

তোমালৈ এনে চেনেহ জাগিল

ছবি এখন বুকুত পকা ধান এচিৰা হৈ লেপেটা কাঢ়ি বহিল।

 

পুহৰ মিঠা ৰ’দ এজাক ছাটিমাৰি লৈ

তোমাৰ নিৰল চোতাল পাওঁ কি নাপাওঁ

বা দিয়া ডলাখনত মুখ এৰি কেনি জানো ঢাপলি মেলিলা

বুকুৰ ধানচিৰা

এইবাৰ চকুলৈ আহি

কঠাল পাতৰ চকৰি এটা হৈ

ঘূৰি থাকিল।

 

মাঘৰ উৰুকাৰ ভোজত

তুমি লাচনী পাচনী

তুমি চালেই মহমহীয়া গোন্ধ এটাই বুকুত সুৰসুৰায়

মনটোৰ ভিতৰৰ অতবোৰ কথা

সামৰি-সুতৰি

কুঁৱলীয়েদি কেনি জানো গুছি যোৱা ।

পকাধানচিৰা বুকুতে থাকিল।

 

চ’ততে বৰষুণ এজাক গ’ল

তিনিআলিৰ মুখে মুখে বি বি বা বা

শ’লঠেকত পৰি যেন ইফালো নাই সিফালো নাই

মইনো কাক ক’লোঁ মুখ ফুটাই

তুমি হেনো টোপনিত মোৰ নাম গোৱা ভুনভুনাই।

এচিৰা পকাধান কি তুমিও সাঁচা?

 

আৰু এতিয়া ,

ব’হাগৰ বৰষুণ পৰিল কি নপৰিল

তিতা গাৰেই আহিলা।

আহা আহা

সোমাই আহা

পকাধানচিৰা টোম এটাত থোৱা

আহাৰতে সিঁচি দিম

দ-হোলাৰ কঠিয়া

আঘোণত তুমিয়ে দাই আনিবা।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments