“কাব্য সাহিত্য বিশেষ” – প্ৰাপ্তি (উচ্চজিৎ কলিতা)

“কাব্য সাহিত্য বিশেষ”
প্ৰাপ্তি


 

 

কাইলৈ

সময় পালে

বতৰ দিলে

এপাক ঘূৰি আহিম

পুনৰ কবিতাৰ পৃথিৱীখনত,

হাতত কলম বুকুত বিষাদ।

দুচকুত তৃষ্ণা নিজক চিনাৰ,

সময় হ’ব নিজৰ লগত কথা পতাৰ।

 

তাৰ পিছত হয়তো জন্ম হ’ব

এটা নিলিখা নতুন কবিতাৰ,

মোৰ বুকুত যন্ত্ৰণাৰ মচিব নোৱাৰা ছাঁ।

 

অৱশ্যে তাৰ আগতে

মই হ’ম চৰ্তাবদ্ধ।

মই অৰ্জুন হ’ম।

মোৰ লক্ষ্য মাথোঁ শব্দ

শব্দৰ পিছত বাক্য,

বাক্যৰ পিছত স্বপ্ন

অথবা স্বপ্নৰ পিছত বাক্য।

 

এনেকৈয়ে মই গৈ থাকিম

গৈ থাকিম, গৈয়ে থাকিম।

আৰু

এদিন লিখা শেষ হ’ব

মোৰ নিলিখা কবিতাবোৰ।

 

তাৰ পিছতো থাকি যাব

ক’ব লগা বহুতো কথা।

স্বপ্নৰ অহংকাৰ, আত্মাৰ অভিমান

আৰু প্ৰাণৰ নৰকবাস।

 

মই শব্দ বিচাৰি নাপাম,

হয়তো সপোন দেখিলেও

সৃষ্টি নহ’ব নতুন পদ-বিন্যাস।

তেতিয়া

তোমালোকৰ বাঢ়িব দায়িত্ব।

 

তোমালোকে লিখি যাবা

মই লিখিব নোৱাৰা কবিতাবোৰ,

মোৰ ক’ব নোৱাৰা কথাবোৰ।

তোমালোকৰ হৃদয়তো আকাশ,

দুচকুত স্বপ্ন দেখাৰ হাবিয়াস

হাতত কলম বুকুত বিষাদ।

 

আৰু

মাথোঁ এদিনৰ বাবেও

যদি ধাৰ কৰা

মোৰ এটা শব্দ,

মোৰ এটা স্বপ্ন

আৰু কোৱা

মোৰ কবিতাৰো আছে এটা অৰ্থ

সেয়া হ’ব মোৰ সাৰ্থকতা ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments