“কাব্য সাহিত্য বিশেষ” – সীমান্ত (অজয়লাল দত্ত)

কাব্য সাহিত্য বিশেষ

সীমান্ত

 

 

গিৰিপ গাৰাপকৈ মানুহজাক আগবাঢ়িছে

বুকুত এজাক ভালপোৱা,

জেপত পত্নীয়ে ভগ্নীয়ে দিয়া ঘাম মোচা ৰুমাল

শিৰত মাতৃৰ আশীষ…

 

মানুহজাক আচলতে ভীষণ প্ৰেমিক

ভাল পায় নিজৰ আই-পিতৃ-পত্নী-পৰিয়াল

গাঁও-নদী-পাহাৰ-দেশ,

ভালপোৱাৰ বাবেই তেওঁলোক হৈ পৰে যোদ্ধা…

মুখত থাকে ভাল লগা গুণগুণ গান

তথাপিও পিন্ধি লয় সেই জলফাইৰঙী ভেশ৷

 

সৌৱা তেওঁলোকৰ হাতত তুলি দিয়া হৈছে বন্দুক

খুলি দিয়া হৈছে খাৰঘৰৰ চন্দুক,

শিকনি দিয়া হৈছে প্ৰশ্ন নহয়, মানিবা হুকুম,

নুসুধিবা কোনোদিন এয়া কিহৰ নীতি, অথবা কিহৰ কূটনীতি

নুসুধিবা কোনে ক’ত পাতিছে পাঙ, অথবা কোন সুবিধাবাদীৰ ৰাজনীতি

 

ভালপোৱাৰ পূজাৰীবোৰক মাথো কোৱা হৈছে আগুৱাবলৈ

সাজু কৰি লোৱা উদ্যত বন্দুক,

জীৱন্ত গুলী,

খাৰ-ভৰা বোমা, গুজি থোৱা বৰটোপ

 

সিপাৰৰ প্ৰেমিকবোৰৰ বুকু ভেদাই এতিয়া হেনো

এইজাকৰ একমাত্ৰ লক্ষ্য জীৱন্ত,

শব্দৰ কাৰচাজিৰে আমি দিও সংজ্ঞা

সেয়াই সীমান্ত….

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক