“কাব্য সাহিত্য বিশেষ” – ৰজনীগন্ধাৰ বেজাৰ (ইন্দুকল্প শইকীয়া)

“কাব্য সাহিত্য বিশেষ”

ৰজনীগন্ধাৰ বেজাৰ

 

 

যোৱাকালি সন্ধ্যা তুমি কিয় নাহিলা ?

মই ৰৈ আছিলোঁ আলিমূৰৰ আঁহতজোপাৰ তলত,

ডিচেম্বৰ মাহৰ সন্ধিয়াৰ চেঁচা চেঁচা বতাহ

আৰু আবতৰীয়া এজাক বৰষুণে

মোক আমনি কৰি আছিল।

মই অৱশ্যে গুৰুত্ব দিয়া নাছিলোঁ সিহঁতৰ আমনিক,

যদিওবা মই পিন্ধা নাছিলোঁ

হাত দীঘল চুৱেটাৰ অথবা কাণ ঢকা বনেট

কিয়নো মই বিশ্বাস কৰিছিলোঁ

তোমাৰ উশাহৰ উষ্ণতা

এটা চুৱেটাৰ অথবা এখন কাণ ঢকা বনেটতকৈ

বেছি আৰামদায়ক।

 

তোমাক যে মই কৈছিলোঁ

চোতালৰ ৰজনীগন্ধা জোপা ফুলাৰ কথা

তোমাৰ বাবে এপাহ ৰজনীগন্ধা নিছিলোঁ

পিছে তুমি নাহিলা।

 

উভতি আহোঁতে বতাহ জাকে মোক

নিষ্ঠুৰ ভাবে কোবাইছিল

ডাৱৰবোৰে বাৰে বাৰে বিজুলিৰে পোহৰাই তুলিছিল চৌপাশ

উজলাই দেখুৱাবলৈ মোৰ শেঁতা পৰা মুখ,

চোতালৰ ৰজন্ধীগন্ধাজোপাই বেজাৰ কৰিছিল

নষ্ট হৈ যোৱা বাবে এপাহ ফুলৰ সৌগন্ধ।

 

উদং হিয়া, এন্ধাৰ হৃদয় আৰু ডিচেম্বৰ মাহৰ চেঁচাবোৰ

যদি মোৰ আপোন হ’বলৈ ধৰে,

তুমি সময় উলিয়াই আহিবা এপাক

ৰজনীগন্ধা নাথাকিলেও

সুগন্ধিত কৰি থৈ যাবলৈ

আলিমূৰৰ আহঁতৰ তলৰ কোনোবা এটি

জোনাকময় গধূলি…।।।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments