“কাব্য সাহিত্য বিশেষ” – ৰাধাৰ দৰ্পচূৰ্ণ (লোচন জুমন বৰদলৈ)

কাব্য সাহিত্য বিশেষ”

ৰাধাৰ দৰ্পচৰ্ণ


 

 

উথলি পৰিছে বৃন্দাবন

নাচিছে গোপীসৱে,

কানাইৰ সংগে ৰাধা হালিছে

বেলেগে কিবা ভাৱে।

 

কৃষ্ণৰ মুখত মিচিকিয়া হাঁহি

ওঁঠত মুৰুলী বাজে,

ৰাধায়ে ভাৱে এনেকুৱা সুৰ

তেওঁৰ কাৰণেহে চাগে’।

 

অহংকাৰী ৰাধা মনমতলীয়া

কৃষ্ণত মূৰ থৈ,

দেখুৱাই আনক কানাইৰ হিয়াত

তেওঁহে থাকে বৈ।

 

নাজানো কামনা নাজানো বাসনা

ৰাধা পৰি ৰ’ল মাটিত,

চকুযুৰি থৈ কানাইৰ চকুত

নিজম নপৰা ৰাতি।

 

নোৱাৰোঁ আৰু আগে যাব কানাই

ভৰি বিষে ধৰে মোৰ,

দিয়া কিবা উপায় কেনেকৈ লওঁ

তোমাৰ সংগে জুৰ।

 

মুৰুলী ৰখাই কৃষ্ণয়ে বোলে

হে প্ৰাণেপ্ৰিয়ে মোৰ,

উঠা বোকোচাত লৈ যাওঁ তোমাক

বিচাৰি অলপ নূৰ।

 

এই বুলি কৈ হাওলি কানাইয়ে

ৰাধাক দিলে আশা,

ভৰি দাঙি ৰাধা আগবাঢ়ি আহিল

দিবলৈ কৃষ্ণক বোজা।

 

কিন্তু হেৰাল শ্ৰীকৃষ্ণ

বৃন্দাবন গ’ল থমি,

ৰাধা পৰি ৰৈ মাটিতে কান্দে

ক’ত গ’ল মোৰ স্বামী।

 

তাকে দেখি বাকী গোপীসৱো আহে

শুনা হে ৰাধা সখী,

নহয় শ্ৰীকৃষ্ণ বিশেষ বিশেষ্যৰ

পৃথিৱীয়েই তেওঁৰ দাসী।

 

ৰাধা উঠিল নিজৰ ভৰিত

গুজি লৈ বুকুত শোক,

ঈশ্বৰৰ মহিমা বুজিব নোৱাৰি

খুদকণেই পৰলোক।

 

কৃষ্ণ নহয় কাৰো অধীনৰ

কাৰো নাই অধিকাৰ,

পূজিব খুজিলে কাষতে পাবা

সংগ দিব ছাঁৰ।

 

সকলো বুজি ৰাধা থামিল

সংগ দিলে নাচত,

ব’লা গোপীসৱ কানাইক বিচাৰোঁ

সপি দিওঁ নিজকে ৰাসত।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক