কামোৰ – দেৱজ্যোতি ভট্টাচাৰ্য্য

পুৰণি ট্ৰেক্টৰ ষ্টাৰ্ট দিওতে হোৱা অসহ্যকৰ শব্দতকৈও বিকট শব্দ কৰা বাইকখন ষ্টাৰ্ট কৰি হানী নিজৰ গন্তব্যস্থানলৈ বুলি ওলাল ।

: অলপ লাহে লাহে যাবি অ’ বোপাই । তোৰ কথা সৱেই কয় ।
পিছফালৰ পৰা মাকে মাত লগালে ।

: ধুইট । কি যে ফাল্টু কথাবোৰ গাই থাকে ।

বাইকৰ গ্লাছত চুলিখিনি চাই ৰঙাৰ ভাগে ৰঙা আৰু হালধীয়াৰ ফালে হালধীয়াখিনি থৈ মুখতে ভোৰভোৰাই হানীয়ে বাইকৰ এক্সেল পকালে ।
চৰকাৰে বনাই দিয়া পোন ৰাস্তাটো মুঠেই প্ৰিয় নহয় হানী আৰু তাৰ গেংটোৰ যাৰ নাম বাসুকি গেং । গেং মানে তাৰ বয়সৰ পাঁচ ছটামান ধদুৱাক ৰাইজে দি লোৱা নাম । পকী ৰাস্তাত সাপৰ দৰে বেকাবেকিকৈ বাইক চলাব পৰা অপৰিসীম দক্ষতাৰ বাবে এই নামাকৰণ কৰা হৈছে । গেঙৰ প্ৰায়বোৰ সদস্যৰে অৰ্হতা বুলিবলৈ আনডাৰ মেট্ৰিক পাচ, আনডাৰ হায়াৰ চেকেণ্ডাৰি পাচ এনেকুৱা । বিয়লিৰ পৰা ৰাতি এপৰলৈ তিনিআলিৰ চুকত বাসুকি গেঙৰ আলোচনাচক্ৰ বহে । এইসময়ত ৰাইজ অহা যোৱা কৰোতে অলপ সাৱধান হয় । বাসুকি পাৰ্টিৰ লাওখোলা ওলোৱা বাইকৰ আগত পৰি নহ’লে কেতিয়া যমৰ লগত ডিনাৰ কৰিব লগা হয় ঠিক নাই । নতুন চিনেমা কি আহিল, প্ৰিয়ংকা চোপ্ৰাৰ দৰাই কি কৰে, নতুন বাইক কি আহিব, বেলেগ ষ্টাইলৰ টাটু বা চুলিৰ কাট আহিছে নি আদি বিভিন্ন লাগতিয়াল কথাৰে এওঁলোকৰ আলোচনা বহে । তাৰ পিছতে আন্ধাৰ নমাৰ পিছতে তেওঁলোক নিজৰ আৰাধ্য দেৱতালৈ প্ৰণাম জনাই প্ৰসাদ গ্ৰহণ কৰি বায়ুমণ্ডলত নতুন গ্ৰহ নক্ষত্ৰ চলাথ কৰি বিচৰণ কৰি ফুৰি এক আনন্দত বুৰ যায় । ইয়াৰ পৰিণতিত কেতিয়াবা নিজকে খালে-ডোঙে আৱিষ্কাৰ কৰিলেও বাসুকি গেং ডেম কেয়াৰ ।

দূৰৰ পৰাই তাৰ লগৰ কেইটাৰ লগত ওচৰৰ কমলা ৰৈ থকা দেখি হানীৰ ওপৰ মহলা গৰম হৈ উঠিল ।
:এই কামোৰ ডালে মানে আজি বৰবাদ দিলে আৰু । ফাল্টু লেকচাৰ গাল জাৰিব এতিয়া ।
মুখতে বিৰবিৰাই হানী আহি কমলাৰ ঠিক ভৰিৰ ওচৰলৈ বাইকখন নি জোৰত ব্ৰেক মাৰি ৰখাই দিলে । অসহ্যকৰ কেঁকনি এটা মাৰি পিছ চকাটো চুচৰি বাইকখন ৰ’ল । বিশ্ব জয় কৰাৰ দৰে গৌৰৱৰ হাঁহি এটা মাৰি সি ভয় খাই উঠা কমলালৈ চাই ঠাট্টাৰ হাঁহি এটা মাৰিলে ।

: ইমান জোৰত আহি যে ব্ৰেক মাৰিছ, আগৰবাৰ এনেকুৱা কৰোতে পকা ৰাস্তাত যে তোৰ আঠুৰ ওপৰতে বাইকখন ঘূৰি পিছত চাল বাকলি এৰাই তিনিমাহ বিচনাত পৰি আছিলি পাহৰি গ’লি?

কমলাৰ কথাই হানীক একদম পাহাৰৰ পৰা দলিয়াই খালত পেলালহি ।
: সেইবোৰ হৈ গ’ল । এতিয়া মই এক্সপাৰ্ট । আৰু তই ইয়াৰ পৰা যা ভালে ভালে । কামোৰ নিদিবি আমাক ।
কমলালৈ পোন্দোৱাকৈ চাই হানীয়ে কৈ উঠিল ।

কমলা হানীৰ লগৰে আছিল এসময়ত । পঢ়া শুনা ভালকৈ সাং কৰি সি ওচৰৰ হাইস্কুলত শিক্ষকৰ চাকৰি এটা পালে । সকলোকে ভাল উপদেশ দিয়া বাবে তাক বহুতে ভাল পায় । কিন্তু বাসুকি গেঙৰ সি পৰম শতৰু । সি দিয়া উপদেশ বোৰে হানীহঁতৰ মাথা নষ্ট কৰে বোলে ।

: তহঁতি যে সদায় এনেকৈ কি কৰিম ভাবিছ । কিবা এটাত নালাগ কিয় ?
বাসুকি গেঙক উদ্দেশ্যি কমলাই ক’লে ।
: কিহঁত লাগিম তইয়ে কচোন ? শুনো আমি ।
চিগাৰেট এটা জলাই লৈ ধোঁৱাখিনি কমলাই আমনি পোৱাকৈ এৰি দি চেন্দি বোলাটোৱে সুধিলে ।

বাসুকি গেঙৰ সদস্যৰ এইবোৰ নিজে দি বিখ্যাত হোৱা নামহে । হৰমোহনৰ ঠাইত হানী, সুনন্দৰ ঠাইত চেন্দি, জীৱনৰামৰ ঠাইত জেম আদি নানা নামেৰে সিহঁতি ঘৰত ৰখা নামটোৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত কৰিছে । কমলাকান্তক সিহঁতি কামোৰ বুলিয়েই মাতে ।

: তহঁতি এই যে চাকৰিবোৰ ওলাই এপ্লাই কৰনে ?
মুখৰ আগৰ পৰা ধোঁৱাবোৰ হাতেৰে আঁতৰাই আঁতৰাই কমলাই কৈ গ’ল ।
: ক’ত চাকৰি দেখিলি অ’ তই । লেকচাৰ বন্ধ কৰ আৰু ফুট ইয়াৰ পৰা ।
: কিয় অলপদিন আগতে ৰেলৱেত ওলাইছিল ধেই । গম নাপালি নি ?
: ধুই ৰেলৱেত সৱ দুই নম্বৰি । আমি নাপাওঁ ।
: তই এপ্লাই নকৰাকৈ কেনেকৈ গম পালি এইবোৰ ?
: কোৱা শুনিছো । আৰু পালেও কষ্ট আছে এইবোৰ চাকৰি ।
: কষ্টতো সৱ চাকৰিতে আছে । এনেই পইছা ক’ত পাবি ?
: নাই নাই । এই সৱ আমাৰ দ্বাৰা নহ’ব ।
: তেন্তে মাজতে ইলেকট্ৰিচিটি বৰ্ডত ওলাইছিল । দেখিছিলি ।
: তাতো কষ্ট আছে । আৰু এগাল কেণ্ডিডেট । আমি নাপাওঁ ।
বাইকৰ গ্লাছত চাই চুলি খিনি ঠিক কৰি কৰি জেমে ক’লে ।
: তহঁতি নহ’লে টেকনিকেল কিবা চাৰ্টিফিকেট কৰ্চ পঢ়ি ল । আজিকালি চাকৰি পাবলৈ ভাল । আৰু নহ’লেও নিজাকৈ হ’লেও কিবা এটা কৰিব পাৰিবি ।
: এতিয়া যে পঢ়াৰ নাম নুলিয়াবি । বহুত পঢ়িলো আৰু কামত নহাকৈ ।
আনদাৰ মেট্ৰিক পাচ চেন্দিয়ে কৈ উঠিল ।
: আজিকালি অনলাইন মাৰ্কেটিঙৰ কুৰিয়াৰতো বহুত ল’ৰা সোমাই পৰিয়াল পোহপাল দি আছে । তহঁতৰটো বাইক আছেই । তেনেকৈ চেষ্টা নকৰ কিয় ?
: অই কামোৰ, তোৰ কি আমাক বাইক লৈ দৌৰাই ফুৰোৱাৰ ইচ্ছা ? যা ইয়াৰ পৰা । নহ’লে হাতত চিগাৰেট লগাই দিম ।
: নহয় অ’ । তহঁত সৱৰে এতিয়া কিবা এটা কৰাৰ সময় । নহ’লে তহঁতি সৰুকৈ হ’লেও কিবা ব্যৱসায় আৰম্ভ কৰ ।
: বিজনেচ কৰিবলৈ পইচা তোৰ কোনটো ভিনিহেৰাই দিব, মক্কেল । যা যা । টেমা নাখাবি বে’ ।
: লগৰ বুলিহে কৈছো অ’ । ঘৰৰ খেতিতে লাগ নহ’লে । ভালকৈ কৰিলে খেতিতো লাভ বহুত বুইছ ।
: চাল্লা । নিজে আৰামত পইছা পাইছ । আমাক খেতি কৰি মৰিবলৈ এডভাইছ দিয় । আমি কি কৰো নকৰো তোৰ কি আহে যায় । তোৰ বাপেৰৰ পইছাৰে চলিছো নি আমি । লগৰ বুলিহে একো কৰা নাই । ভালে ভালে যা । নহ’লে হাত ভৰি ভাঙিম। ইয়াতে পেলাই থ’ম । আৰু তই ইমান কথা জানই যদি নিজেনো কি ডাল কৰি দেখাব পাৰিছ ?

প্ৰচণ্ড খঙত চিগাৰেটটো মুখৰ পৰা পেলাই ভৰিৰে গছকি হানী গৰজি উঠিল । তাৰ শেষৰ কথাষাৰে হয়তো কমলাক আঘাত কৰিলে ।

: মোৰ নো কি যাব ক ? কিন্তু দেখিলে বেয়া লাগে অ’ । সৱেই এটা এটাকে সকলো কাঢ়ি খাইছে আমাৰ পৰা । খেতিও নিজে কৰিব নোৱাৰা হ’ল । এনেকৈ কি হ’বলৈ গৈ আছে ভাবিলে ভয় লাগে । হ’ব দে । যাওঁগৈ । বেয়া নাপাবি ।
থোকাথোকি মাতেৰে কথাখিনি কৈ কমলা লাহে লাহে বাসুকি গেঙৰ ওচৰৰ পৰা আঁতৰি আহিল । চিলিমটো উলিয়াই বাবাৰ প্ৰসাদ কণ ল’বলৈ আয়োজন চলোৱা জেমে ঠাট্টাৰ সুৰত তাক চিঞৰি ক’লে,
: অই কামোৰ আহ । এটান মাৰিলে মাৰি যাহি…। ■■

(বি:দ্ৰ: লেখাটোৰ যোগেদি কোনো বৃত্তিকে হেয় জ্ঞান কৰাৰ চেষ্টা কৰা হোৱা নাই)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক