কামৰ গুণাগুণেই সৌন্দৰ্য্যৰ মাপকাঠী- মূল হিন্দী- আৰ্য অভয় কুমাৰ, অনুবাদঃ বিকু বৰা

 

প্ৰসিদ্ধ দাৰ্শনিক ছক্ৰেটিছ দেখাত কুৰূপ আছিল৷ এদিনাখন তেওঁ অকলশৰে হাতত এখন আইনা লৈ নিজৰ চেহেৰাটো চাই বহি আছিল৷

তেনেতে তেওঁৰ এজন শিষ্য কোঠালৈ সোমাই আহিল৷ ছক্ৰেটিছে আইনা চাই থকা দেখি তেওঁ বিস্ময় মানিলে৷ তেওঁ কোনো কথা নকৈ কেৱল মিচিকিয়াই হাঁহি মাৰিলে৷ ছক্ৰেটিছে শিষ্যজনে হঁহা দেখি সকলো কথা বুজি পালে আৰু ক’লে, “মই তুমি হঁহাৰ অৰ্থ বুজি পাইছো৷ হয়তো তুমি ভাবিছা যে, মোৰ নিচিনা কুৰূপ মানুহ এজনে কিয় আইনা চাই আছো? “

শিষ্যজনে একো নকৈ লাজত তলমূৰ কৰিলে৷

ছক্ৰেটিছে পুনৰ কবলৈ ধৰিলে, “হয়তো তুমি নাজানা মই কিয় আইনা চাই আছোঁ৷”

“নাজানো”, শিষ্য জনে ক’লে৷ 

তেতিয়া ছক্ৰেটিছে ক’লে, “মই দেখিবলৈ কুৎসিত কাৰণেই মই সদায়ে আইনাখন চাওঁ৷ আইনা চায়েই মোৰ নিজৰ কুৰূপটো দেখা পাওঁ৷ মোৰ ৰূপটো যে সঁচাকৈয়ে বেয়া, এই কথা মই জানো৷ সেইকাৰণে এই কুৰূপটো ঢাকিবৰ কাৰণে মই সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰোঁ৷“

শিষ্যজনে এই কথাখিনি বৰ প্ৰয়োজনীয় বুলি ভাবিলে৷ তথাপিও তেওঁ এটা শংকা প্ৰকাশ কৰিলে, “তেনেহলে গুৰুদেৱ, এই কথাখিনিৰ মতে হলে দেখোন, দেখাত সুন্দৰ লোক সকলে আইনা চাবই নালাগে?”

“কথাটো এনেকুৱা নহয়!” ছক্ৰেটিছে বুজাই ক’লে, “তেওঁলোকে আইনা অৱশ্যে চাবই লাগিব৷ এইকাৰণেই যে, তেওঁলোক দেখাত যিমান সুন্দৰ হয়, তেওঁলোকে যিকোনো বেয়া কামৰ পৰা বিৰত হৈ যাতে অধিক সুন্দৰ কামখিনিহে কৰে৷ কিয়নো বেয়া কামখিনিয়ে যাতে তেওঁলোকৰ সুন্দৰতাখিনি ঢাকি নেপেলাই আৰু তেওঁলোকক দেখিবলৈ কুৰূপ নকৰে৷“

শিষ্যজনে তেওঁৰ গুৰুৰ কথাৰ ৰহস্য বুজি পালে আৰু গুৰুৰ আগত শিৰনত কৰিলে৷

বন্ধুসকল, দাৰ্শনিক ছক্ৰেটিছৰ কথাৰ ৰহস্য শিষ্যজনে বুজি পাই শিৰ নত কৰা তত্ত্বটো এইটোহে যে, মানুহৰ ভাল কামৰ ওপৰত একো একোটা ভাল মন আৰু অন্তৰৰ পৱিত্ৰ ভাব প্ৰতিফলিত হয়৷ সুন্দৰ ভাৱনাৰে কৰা সুন্দৰ কামেহে মানুহক সুন্দৰ বা ধুনীয়া কৰে, তাত তেওঁলোকৰ চেহেৰাৰ ভাল-বেয়া প্ৰশ্নই নাহে৷ গতিকে, ভাল-বেয়া কামৰ ওপৰতহে মানুহৰ চেহেৰাৰো ক্ৰমে সুন্দৰতা আৰু কুৰূপতা নিৰ্ভৰ কৰে৷


......
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments