কাম (হেমন্ত কুমাৰ বড়া)

কাম

হেমন্ত কুমাৰ বড়া

প্ৰচণ্ড ৰ’দ! নগেনৰ হাফ চাৰ্টৰ তলৰ গেঞ্জিটো ঘামত তিতি গাত লিপিত খাই ধৰিছে। কিন্তু যোৱা দুঘন্টাত সি জিৰণি লবলৈ এবাৰো থমকি ৰোৱা নাই। ঘন ঘন খোজেৰে, সি তিতামুখ গাৱঁলৈ বুলি পোনাই খোজ কাঢ়িয়ে আছে। দেউতাকে ক্লাচ চেভেনত দিয়া H.M.T. ঘড়ীটোলৈ এবাৰ চাই তাৰ খোজৰ গতি আৰু অলপ খৰহে হৈ উঠিল। ছেহ, দহ বাজিলেই! ১১টাৰ আগতে দৰখাষ্ট খন অফিচটোত দিবগে নোৱাৰিলে, এই কামটোও পোৱাৰ একো আশা সি দেখা পোৱা নাই। ৰাতিপুৱাৰ পৰা ঘৈণীয়েকৰ ওপৰত মিহি মিহিকৈ উঠি থকা খংটো টিঙিচকৈ বাঢ়ি আহিল। ৰাতিপুৱা শুদা ভাতকেইটা গোটাই দিওতেই মেমচাহাবৰ ন বাজিল। যোৱাৰাতি বাৰে বাৰে কৈ থওতেও, তাইৰ বিচনাৰ পৰা উঠোতে উঠোতে বেলি ওলাই মূৰৰ ওপৰ পালেহি। ধেৎতেৰি, কি কুক্ষনত এই ধোদনীজনী আহি তাৰ কপালত পৰিলহি!

 

কামটো একো বিশেষ ডাঙৰ নহয়। সিহঁতৰ গাঁৱৰ মাজেৰে যোৱা ৰাস্তাটোত বোলে গিটি পেলোৱা হ’ব। ব্লক ডেভেলপমেন্ট অ’ফিচৰ পিয়ন জীৱনে কোৱা মতে, কামটো গাঁৱৰে কেইজনমান কৰ্মী যুৱকৰ মাজত ভগাই দিয়া হ’ব। জীৱনৰ কথা মতেই, সপোন্টিৰ হাতেৰে দৰখাষ্ট এখন লিখাই লৈ, সি অফিচলে বুলি ধপলিয়াইছে। আজি লাষ্ট ডেট। যোৱা দুদিনৰ পৰা আহিম আহিম বুলিও সি আহিব পৰা নাই। একমাত্ৰ সন্তান ৰঙাইৰ যোৱা তিনিদিনৰ পৰা জ্বৰ। ঘৈনীয়েকৰ এলেহুৱা স্বভাৱৰ বাবে, জ্বৰীয়া ল’ৰাটোক এৰি থৈ আহিবলে মন নকৰিলে সি। ভয় খাই, কোনোবা দিনা ঘৈনীয়েক ফস্তি মাৰি শুই থাকোতেই লৰাৰ জ্বৰ গৈ মুৰত উঠিব বুলি। ল’ৰাটোৱে যোৱাকালিৰ পৰা গা অলপমান ভাল পোৱাতহে সি মুকলি মনেৰে ওলাই আহিব পাৰিছে আজি।

তিতামুখ এল.পি. স্কুলৰ ওচৰ সি আকৌ এবাৰ হাতৰ ঘড়ীটোলে চালে। হ’ব, হাতত সময় আছে এতিয়াও আধা ঘন্টামান। অফিচ পাবলৈ আৰু বেছি দুৰ নাই। গৰমৰ বন্ধ চলি থকাৰ বাবে স্কুলবোৰ বন্ধ হৈ আছে। স্কুলৰ কম্পাউন্ডৰ ভিতৰত সোমাই সি দমকলটোৰ ফালে আগুৱালে। পিয়াঁহত অন্ঠ কন্ঠ শুকাই গৈছে তাৰ। মুখখন আৰু ভৰি-হাতকেইটা আওখালি লৈ, অলপমান পানী খাইহে গাত অলপমান তত পালে সি।
ব্লক ডেভেলপমেন্ট অ’ফিচ পাইয়ে, সি পোনেই অফিচাৰৰ কোঠালৈ আগবাঢ়িল। গেটত খাকী পেন্ট চোলা পিন্ধি থকা চকীদাৰটোৱে তপককে আহি আগুছি ধৰিলেহি, “হেৰি, ধপধপাই চিধাই অফিচাৰৰ ৰুমলৈ ঢাপলি মাৰিছেযে, পিছে এপ’ইন্টমেন্ট লোৱা আছে জানো? সকামটো বা কি?” নগেনে যিমান পাৰে অমায়িক ভাবে চকীদাৰক তাৰ সকামটো বুজোৱাত লাগিল। পিচে চকীদাৰো নাচুৰবান্দাঁ। ওলোটাই বাৰে বাৰে নগেনক কোৱাত লাগিল যে যিমানে ডাঙৰ কামেই নহওক কিয়, এপ’ইন্টমেন্ট নোহোৱাকে চাহাবক লগ ধৰিব পৰা নহ’ব। নগেনেও এইবাৰ বুজোৱা বঢ়োৱা এৰি, সিধা কাকুতি মিনতিত লাগিল। এইদৰে অলপ সময় চলাৰ মুৰত, চকীদাৰে তাক আকাৰে ইংগিতে বুজালে যে টকা দুশ চকীদাৰৰ হাতত পৰিলেই নগেন আৰামত চাহাবৰ কোঠাত সোমাব পাৰিব। পিছে বিপদটো হ’ল যে নগেনৰ হাতত আছে মাত্ৰ টকা চল্লিশটাহে। আৰু ১০-১৫ মিনিট হোঁহা-নোনাৰ পিছত, চকীদাৰটোৱে সদ্যহতে চল্লিশ টকাকে লৈ নগেনক চাহাবৰ কোঠাত সোমাবলৈ সংকেত দিলে।

ব্ল’ক ডেভেলপমেন্ট অফিচাৰ শংকৰ হাজৰিকাক নগেনে আগতে দুবাৰমান দেখিছে। পিছে আজি ইমান ওচৰৰ পৰা প্ৰথমবাৰ লগ পালে। তেখেতৰ ছফুট ওখ বিয়াকুম শৰীৰ, দুইআঙুল মোটা মোছকোছাৰে আৰু হয়তো বৰ্ত্তমান পৰিস্থিতিৰ বাবে, মানুহজনক এইমুহুৰ্তত সাইলাখ শংকৰ ভগৱান যেনহে লাগিল তাৰ। এনে লাগিল যেন থাপনাত বহি থকা দেৱতাজন প্ৰসন্ন হলেই, তাৰ জীৱনৰ সকলো দুখ-কষ্ট নোহোৱা হৈ যাব। এই সৰু কামটোৱেই তাৰ পৰিয়ালৰ উজ্জল ভবিশ্যতৰ দিশত প্ৰথম খোজ হ’ব।

আশা আৰু শংকাত তলবলাই থকা চকু আৰু সন্মানত গদগদ হোৱা মাতেৰে, সি দৰখাষ্ট খন শংকৰ হাজৰিকাৰ ফালে আগবঢ়াই দিলে, “চাৰ, মহখুলী গাঁৱৰ পৰা আহিছিলো। গাঁৱৰ মেইন ৰাষ্টাটোত গিতি পেলোৱাৰ কামতোৰ কিছু অংশ কাম কৰিবলে পোৱাৰ আশাৰে আহিছিলো। গাঁওবুঢ়া ডাঙৰীয়াইও দুআষাৰমান লিখি পঠাইছে। গাঁৱৰ ভিতৰতে সকলোতকৈ কৰ্মী ল’ৰা মই। মেট্ৰিকো পাছ কৰি থৈছো।”
শংকৰ হাজৰিকাই কেইমিনিটমান একেটা মুদ্ৰাতে বহি থাকিল, যেন একো শুনাই নাই।আচলতে নগেনে ৰূমত শুমোৱাৰ পৰাই সি তেখেতক এতিয়ালৈকে অলপমানো লৰ-চৰ কৰা দেখা নাই।মাত্ৰ মাজে মাজে চকুকেইতা টিপ মাৰি থকা বাবেহে তেখেতযে মানুহ, পুতলা নহয়, তাক বুজা যায়। নগেনৰ কথা শেষ হোৱাৰ তিনিমিনিট মান পিছতহে তেখেতে প্ৰথমবাৰৰ গাটো অলপমান লৰালে। দৰখাষ্টখন নগেনৰ হাতৰ পৰা নোলোৱাকৈয়ে, মাথো মূৰটো সামান্য তাৰফালে ঘূৰাই হাজৰিকাই মাত উলিয়ালে, “এহ, ইমান দেৰিকৈ আহিলি, আজি লাষ্ট ডে’ বুলি গম পাৱনে নেপাৱ? কাম ইতিমধ্যে ভগাই দিয়া হৈয়ে গ’ল। এতিয়া আৰু একো উপাই নায় দে। অ’হাবাৰলে কিবা এটা চাই দিম বাৰু যা।”

ইমান দেৰি তলবলাই থকা চকুৰ পৰা, এইবাৰ বান্ধোন ভগা মথাউৰিৰ দৰে হৰহৰাই চকুপানী ব’ব ধৰিলে। মাতটো এইবাৰ অলপ থোকাথোকিকৈ, সি এইবাৰ স্বয়ং শংকৰ ভগৱানক কৰা দি হাজৰিকাকে কাকুতি মিনতি কৰিব ধৰিলে। বহু দেৰি কেৱল হা-হু কৰি থকাৰ পাছত, হাজৰিকাই অৱশেষত তাক ক’লে, “হেৰি কৰ নহলে, টকা বিশহাজাৰ মান যা-যোগাৰ কৰি, সন্ধিয়ালৈ ঘৰতে দি যাবিহি। কিবা এটা কৰিম বাৰু যা।” হাজৰিকাৰ কথা শুনি নগেনৰ চকু কঁপালত উঠিল। চকুৰ পানীও শুকাল আৰু মুখত কিঞ্চিতমান মিচিকিয়া হাঁহিও বিৰিঙিল। মাতটো অলপ চম্ভালি, সি লাহেকৈ ক’লে, “ছাৰ, মই জনাত প্ৰত্যেকজন যুৱকক পচিছ হাজাৰৰ ওপৰত কাম দিয়া নহয়। যদি আপোনাকে বিশহাজাৰ দিও আৰু আপোনাৰ অফিচৰ লাখুটি ফৰ্মুটিকো দেৰ-দুই হাজাৰ দিও, তেনেহলে ৰাষ্টাতনো গিতি কেনেকৈ পেলাম?”
“হ’ব হ’ব দে। তই সেইবিলাক ভাবিব নেলাগে নহয়। মই সকলো মেনেজ কৰিম।” তালৈ পেন্দুৱাকে চাই গুৰগুৰাই উঠিল শংকৰ হাজৰিকা। “তই খালি বিলখন বনাই জমা দিলেই হ’ব।”
“যদি ইঞ্জিনিয়াৰ চাহাবে চেকিং কৰিবলৈ আহে?” নগেনৰ মনৰ শংকা তেতিয়াও মাৰ যোৱা নাই।
“কৈ দিবি, ইমান বৰষুণ পৰিছে, সব গিতি উটি ভাঁহি গুচি গ’ল।” শংকৰ হাজৰিকাৰ কিটিপৰ অন্ত নাই।
হাতৰ মোনাটোলে চাই নগেনে এবাৰ তাৰ ঘৈনীয়েক আৰু পুতেকৰ কথা ভাবিলে। এবাৰ মোনাটোলে আৰু এবাৰ হাজৰিকাৰ মুখলৈ চাই সি লাহেকৈ মাত লগালে, “ছাৰ, মোক কামটো নেলাগে।” আকৌ এবাৰ মোনাটোলৈ চাই সি ক’লে, “ইমান টকাতো মই দিব নোৱাৰিম। কিন্তু, বস্তু এটা আনিছিলো, আপুনিয়ে ৰাখি থওকচোন। অ’কমান টেবুলৰ দ্ৰয়াৰটো মেলি ধৰকচোন ছাৰ।” হাজৰিকাইও পৰম আগ্ৰহেৰে টেবুলৰ দ্ৰয়াৰটো মেলি দিলে। সি হাতৰ মোনাৰ পৰা, নমুনা দেখাবৰ কাৰনে অনা চাৰি কেজি গিতি হাজৰিকাৰ দ্ৰয়াৰত ঢালি দি দি ক’বলৈ ধৰিলে, “ছাৰ, যি বুজা গ’লযে এই কামটো শেষ হোৱাৰ পিচতো আমাৰ গাঁৱৰ কেঁচা ৰাষ্টাটো কেঁচা হৈয়েই থাকিব। বেলেগ একো গিতি নেপেলায়ে চাগে, সেয়ে এই নমুনা দেখাবলে অনা চাৰিকেজি গিতি আছিলে, এইকেটাকে আমাৰ গাঁৱৰ ৰাস্তাটোত পাৰে যদি পেলোৱাই দিব ছাৰ। নোৱাৰিলে, নিজৰ ঘৰ বনোৱাৰ সময়তে ব্যৱহাৰ কৰি পেলাব।” এইবুলি, হাতৰ মোনাটো খালি কৰি, হাজৰিকাক নমস্কাৰ যাচি, সি অফিচটোৰ পৰা ওলাই আহিল।
কামটো পোৱা নহ’ল যদিও ঘৰমুৱা বাটত তাৰ বুকুখন বৰ পাতল পাতল লাগিল। ঘৈণীয়েকলৈ মনত পৰিও তাৰ বৰ মৰম লাগি গ’ল। বাপেকৰ ঘৰত থাকোতে তাইক ৰাজকুমাৰীৰ দৰে ৰাখিছিল মাকহঁতে। বেচেৰীয়ে তাৰ লগত পলাই আহি বিয়া হোৱাৰ পিছৰপৰা খালি কষ্টয়ে খাই থাকিল। এইবাৰ আৰু সি চৰকাৰী চাকৰি আৰু সৰু-সুৰা ঠিকা-ঠুকুলিৰ আশা বাদ দিব। প্ৰশান্ত দায়ে কোৱামতে, তেখেতৰ বেংকৰ পৰা ল’নটো লৈ, ধানৰ মিলটোৱে আৰম্ভ কৰিব। অলপ গাত শকতি হ’লে, ঘৈণীয়েকৰ বাবে এজনী হাত ধৰা লাগনীও ৰাখিব। তাই এনেয়ো পঢ়া-শুনাত বেছ ভালেই আছিল, তাই খালি পুতেকৰ পঢ়া-শুনাখিনি অলপ চোৱাচিতা কৰি দিলেই হৈ যাব।

মুখত তাৰ ভাল লগা গান এটা গুণগুণাই  সি ঘৰমুৱা খোজৰ বেগ আৰু অলপ বঢ়াই দিলে।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক