কালপুৰুষ (ৰাজীৱ ৰঞ্জন)

বহু সময় ৰৈ থাকি আমনি লাগিল বৰুৱাৰ। পুৱা পাঁচটাতে ওলাইছিল ঘৰৰ পৰা। ‘চৌধুৰী জ্যোতিষালয়’লৈ বৰুৱাৰ ঘৰৰপৰা প্ৰায় ১০ কি:মি:।
ঘড়ীত প্ৰায় দহ বাজে আৰু। চৌধুৰীৰহে দেখা দেখি নাই। চৌধুৰীৰ ঘৰ ক’ত বা তেওঁ আচলতে ক’ৰ মানুহ বৰুৱাই নাজানে। কিন্তু অঞ্চলটোত নামজ্বলা জ্যোতিষী বুলি চৌধুৰীক সকলোৱেই জানে। তেওঁৰ মুখৰ কথা, শিলৰ ৰেখা। যি ভৱিষ্যৎবাণী চৌধুৰীয়ে কৰে, সি ফলিয়াবই ফলিয়াব। জ্যোতিষালয়ৰ ল’ৰাটোৱে কোৱামতে চৌধুৰী পুৱা সাতটা মানতে আহি পাইহি। আজি কিয় দেৰি হৈছে সি নাজানে। ম’বাইল ফোনটোও সংযোগক্ষেত্ৰৰ বাহিৰত বুলি কৈ আছে।

বৰুৱাই পাছদিনা অহাটোকে ঠিক কৰি ল’ৰাটোক নামটো লিখি ৰাখিবলৈ ক’লে আৰু নিজৰ চাইকেলখন লৈ ‘চৌধুৰী জ্যোতিষালয়’ৰ পৰা ওলাই আহিল। বাকী দিনটো যেন ভালকৈ যায় তাকে ভাবি কৃষ্ণক চিন্তি বৰুৱাই চাইকেলৰ পেডেলত ভৰি দিলে।

পুৱাৰ কাকতখন চহৰৰ পৰা আহি বৰুৱাৰ চুবুৰীটো পায় মানে সদায়েই দুটা বাজি যায়। তেতিয়ালৈকে পাছদিনা কাকতত ওলাবলগীয়া আধাখিনি ঘটনা ঘটিয়েই যায় চাগৈ। কাকত দিয়া হকাৰ ল’ৰাটোৰ নাম যতীন। অঞ্চলটোৰ প্ৰায় প্ৰতি ঘৰৰে খবৰ যতীনৰ হাতত। দুপৰীয়া ভাতমুঠি খাই যতীনে দিয়া কাকতখন হাতত লৈয়েই প্ৰথমে ৰাশিফলটো পঢ়াটো বৰুৱাৰ অভ্যাস।

আজিও বৰুৱা ৰৈ আছিল যতীন অহালৈ। পেপাৰখন দি যতীনে খবৰটোও দি থৈ গ’ল, চৌধুৰী জ্যোতিষীৰ পুৱা দুৰ্ঘটনাত মৃত্যু হোৱাৰ। জ্যোতিষালয়লৈ আহি থকা অৱস্থাত চৌধুৰীৰ স্কুটাৰখনক তীব্ৰবেগী টাটা চুম’ এখনে মহতিয়াই নিয়ে। চৌধুৰীক হস্পিটাললৈ নিয়াৰ পথতে মৃত্যু হয়।

কিয় জানো বৰুৱাৰ ৰাশিফলটো চাবলৈ আৰু মন নগ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments