কালিকা লগা সপোন (টুৱাৰাম দত্ত)

এই কেইদিন ভদ্ৰ ঘৰত নাছিল ৷ পৰিয়ালৰ সকলো কেইটাই যোৱা চাৰিদিন মঘুৱাপাৰাৰ শহুৰেকৰ ঘৰত আছিল ৷ নাৰায়ণ পূজা এভাগ পাতিছিল শহুৰেকৰ ঘৰত ৷ আজি ভালেমান দিন ধৰি শহুৰেকৰ ঘৰত ইটোৰ পিছত সিটোকৈ অথন্তৰেই অথন্তৰ ৷ দৈৱকী বুঢ়ীয়েই বিধান দিছিল -‘নাৰায়ণৰ সেৱা এভাগ লোৱাঁ ৷ বাকী আলৈ-আথানিবোৰ নাৰায়ণেই নিজৰ বুলি সামৰি ল’ব ৷’ কুসুম আৰু যুতিমাইৰ পৰিয়াল দুটাও আহিছিল ৷ শহুৰেক নৰকান্তৰ সতি-সন্ততি বুলিবলৈ আছিল তিনিজনী জী ৷ কুসুম, যুতিমাই আৰু নাৰায়ণী ৷ পো সন্তানৰ মুখ দেখা নাছিল নৰকান্তই ৷ কুসুম আৰু যুতিমাইক নৰকান্তই দহো ৰাইজক সাক্ষী কৰিয়েই ঢোলে-দগৰে বিয়া দি উলিয়াই দিছিল ৷ কিন্তু পেট-মোছা নাৰায়নীৰ বেলিকা তেনেকুৱা একো কৰিবলৈ নাপালেই, বিলখনৰ সিপাৰৰ ভদ্ৰই কাতিমহীয়া ৰাস-পূৰ্ণিমাৰ ৰাতি এটাত তাইক নিজৰ কৰি পলুৱাই লৈ গ’ল ৷
ভদ্ৰ মানুহটো দেখাই-শুনাই, কামে-কাজে লায়কৰ হ’লেও ধনে-বিতে নৰকান্তৰ জোৰৰ নাছিল ৷ সেইবাবে নাৰায়ণীক যেতিয়া তাৰ মন খাইছিল, সমাজক সুধি দহো ৰাইজক খুৱাই-বুৱাই কিবা এটা কৰাতকৈ পলুৱাই নি ঘৰ-সংসাৰ কৰাটোৱেই সহজ আৰু সঠিক যেন লাগিছিল ৷ তেনেকৈ তাৰ লগত লুকাই-চুৰকৈ ওলাই ঘৰ কৰিবলৈ নাৰায়ণীৰো সিমান এটা আপত্তি নাছিল ৷ তায়ো ধীৰে-ধীৰে বুজি উঠিছিল যে বাপেক নৰকান্ত যদিও ধনে-ধানে অঞ্চলটোৰ ভিতৰতে জাকত-জিলিকা, কিন্তু ভিতৰি-ভিতৰি সেই খ্যাতিৰো ঘূণে ধৰা আৰম্ভ হৈছে ৷ বাহিৰত লোকক দেখুৱাই সদাগৰ হেন চৰিত্ৰৰ নৰকান্তৰ জয়-জয় ময়-ময় দিনবোৰৰ আয়ুসো যেন ক্ৰমান্বয়ে টুটি আহিছে ৷
ভদ্ৰৰ বাপেক বিলৰ সিপাৰৰ দেউহাতী গাঁৱলৈ উঠি অহা বছৰ হিচাপে একুৰিমানহে হৈছিল ৷ আগতে পলাশবাৰী ফালৰ মাজিৰপাৰা গাঁৱত ভদ্ৰহঁতৰ পুৰণা ঘৰ আছিল ৷ মাজিৰপাৰাৰ নিচেই কাষেদিয়েই বৈ গৈছিল বৰলুইতখন ৷ লুইতখন মাজিৰপাৰাৰ প্ৰেমত পৰিছিল ৷ আৰু এবাৰ কোনো চিন্-চাব নোহোৱাকৈয়ে গোটেই মাজিৰপাৰাখনকে লুইতে বুকুৰ মাজত সাৱতি লৈছিল ৷ মাউৰা ভদ্ৰক লৈ বাপেকটোৱে ৰিলিফ্ কেম্প, অ’ৰ-ত’ৰ অঙহী-বঙহী আদিৰ ঘৰত কিছুদিন কটোৱাৰ পিছত কালক্ৰমে দেউহাতীত থিতাপি লৈছিলহি ৷ মানুহটো কৰ্মী আছিল ৷ সেইবাবে দেউহাতীত মূৰটো গুজি চলিবলৈ বিশেষ একো অসুবিধাও নহ’ল ৷ প্ৰথমে আৰ-তাৰ ঘৰত হালোৱা, গৰখীয়া এইবিলাক কৰি কৰিয়েই খোপনি পোতা মানুহটোৱে মৰাৰ আগত বাঁহ-খেৰৰ ঘৰ এটাৰে এবিঘামান মাটি ভদ্ৰৰ হাতত গটাই থৈ যোৱাত কোনো অসুবিধাই নাপালে ৷
দেউহাতীৰ বাপেকৰ দিনৰ বাঁহ-খেৰৰ ঘৰটোৱেই ভদ্ৰৰ কৈশোৰ, যৌৱনৰ প্ৰাণোচ্ছল দিনবোৰৰ নানৰঙী বহু-ঘটনাৰ জীৱন্ত সাক্ষী ৷ দেউহাতীৰ পথাৰ, অৰণ্য আৰু হিয়াৰ আমঠু বিলখনৰ মৰমৰ মায়াজালত আলফুলে ডাঙৰ হোৱা ডেকা ভদ্ৰ ৷ দেউহাতীখন বৰ শান্ত আৰু নিবিড় যেন ভদ্ৰৰ দৰেই এটা মাউৰা, নি:কিন, দৰিদ্ৰ কিশোৰ ৷
“দেউহাতীৰ মাজেদি এটা ডাঙৰ ৰাজআলি হ’ব ৷ ৰাজআলিৰ ওপৰেদি দেশী-বিদেশী নানা ৰঙৰ গাড়ী-ঘোঁৰা চলিব ৷ নানা ৰঙৰ মানুহে ৰাজআলিয়েদি দেউহাতীৰ মাজেদিয়েই যাতায়ত কৰিব ৷ ৰাজআলিৰ দুয়ো কাষত গঢ়ি উঠিব নানান ধৰনৰ দোকান-পোহাৰ, অট্টালিকা ৷”-খবৰটো গণেশেই ভদ্ৰক দিছিল ৷ সি অলপ লিখা-পঢ়া জনা ল’ৰা ৷ তাৰ কথা ভদ্ৰই অবিশ্বাস নকৰে ৷ গণেশেই ভদ্ৰক কৈছিল কইনাধৰা পাহাৰৰ পৰা মইনাখোৰোঙৰ নামনিয়েদি পামহী, দেউহাতী হৈ বিলৰ পাৰে পাৰে বিমান বন্দৰ চুই যোৱাকৈ এটা ডাঙৰ ৰাজআলি হ’ব ৷ পাঁচ-ছয়খন ডাঙৰ ডাঙৰ গাড়ী একেলগে অহা-যোৱা কৰিব পৰাকৈ বহুত বহল ৰাজআলি ৷
আৰু এদিন ভদ্ৰহঁতৰ সন্মুখতে কেইজনমান মানুহ আহি গাঁৱৰ কেঁচা আলতীয়া ৰঙা মাটিৰ ৰাষ্টাটো জোখ-মাখ কৰা আৰম্ভ কৰিলে ৷ মানুহবোৰৰ এজনৰ হাতত এটা যন্ত্ৰ আছিল ৷ দেখিবলৈ চিনেমাৰ শ্বুটিং কৰা কেমেৰাৰ দৰে ৷ ভদ্ৰহঁতে প্ৰথমে কোনোবা চিনেমা কৰা পাৰ্টি বুলিয়েই ভাবিছিল ৷ আগতেও চহৰৰ পৰা চিনেমা-চিৰিয়েলৰ বাবে দুই-এটা পাৰ্টি ভদ্ৰহঁতৰ গাঁৱলৈ নহা নহয় ৷ পিছত সোধ-পোছ কৰিহে জানিব পাৰিলে তেওঁলোক ৰাজআলিৰ কাম কৰা এটা বিভাগৰ কৰ্মচাৰী ৷ ৰাষ্টা এটা বহল কৰি ডাঙৰ ডাঙৰ গধুৰ যান-বাহন চলিব পৰা ৰাজআলি কৰিবলৈ প্ৰথমে চাৰ্ভে বা জৰীপ কৰাটো প্ৰয়োজনীয় ৷ তেওঁলোক সেই চাৰ্ভে পাৰ্টিৰেই মানুহ ৷
“তাৰ মানে ৰাজআলি হোৱাটো খাটাং ন’ গনেশ ৷”-এদিন ভদ্ৰই গনেশক লগ পাই প্ৰশ্নটো কৰি পেলাইছিল ৷ -“অ’ তো ৷ তই দেখা নাই জানো ৷ তোৰ চকুৰ আগতেই দেখোন সেইসোপাই কেমেৰা লৈ জোখ-মাখ কৰি আছে ৷ হেৰৌ ভদ্ৰ, এই ৰাজআলিটো যেতিয়া সম্পূৰ্ণ হ’ব, তই চাই থাক আমাৰ গাঁৱৰ চেহেৰা ক’ৰ পৰা ক’ত পাবগৈ ৷
-এস: থ! বোলো কিতোনো হ’ব অ ৷ এতিয়াৰ দহ-বাৰহাতৰ কেঁচা ৰাষ্টাটো যেনিবা আগতকৈ অলপ বহল হ’ব ৷ আজি তোৰ চাইকেল চলিছে ; কালিলৈ ৰাষ্টাটো বহল হৈ পকা হলে দুখনমান গাড়ী-মটৰো চলিব ৷ তাতে ইমান গা সাতখন-আঠখন হোৱা কথা কিতোনো আছে ৷
-আছে আছে! এইটো এলা-পেছা ৰাজআলি নহয় অ’ ভদ্ৰ ৷ ই পোনছাটেই বিমান-বন্দৰত চুবগৈ । হেৰৌ ৰাজধানীৰ মিনিছ্‌তাৰ, এমেলে সোপা এই ৰাষ্টাৰেই অহা-যোৱা কৰিব ৷ নানাধৰণৰ গাড়ী-মটৰ হ’ব ৷ ৰাজআলিৰ দুয়োপাৰে যিমানবিলাকহে পকী ঘৰ-দুৱাৰ হ’ব তই সপোনতো ভাবিব নোৱাৰ’ ৷ তই মাথো চাই থাক ৷
গণেশৰ আটাইবোৰ কথাৰে টং ভদ্ৰই নাপালেও এটা কথা তাৰ কাণত বাৰে বাৰে বাজি থাকিল – ৰাজআলিৰ দুয়োপাৰে পকী ঘৰ-দুৱাৰ হ’ব ৷ সি নিজেও বহুতবাৰ ভাবিলে ৷ হয়তো ইমান এটা আহল-বহল ৰাজআলি হ’ব; তাৰ দুয়োপাৰৰ ঘৰবোৰতো পকী হবই লাগিব ৷ নহলে আলিটোৰ শোভা বুলি কিদাল থাকিব ৷ আৰু ডাঙৰ ৰাজআলি এটা হৈ উঠাৰ পিছত চৰকাৰখনেও কি তাৰ কাষত খেৰ-বাঁহৰ ঘৰবোৰ থাকিবলৈ দিব ? এতিয়া দেউহাতীৰ প্ৰায়বোৰ ঘৰেই খেৰ-বাঁহৰ ৷ বহুতৰে বেৰৰ জলঙাৰে ইপাৰ-সিপাৰ দেখা পায় ৷ ৰাষ্টাটো গাঁৱলীয়া কেঁচা হৈ আছে বুলিহে কাৰো খবৰ নাই ৷ কিন্তু মস্ত ডাঙৰ পকী আলি এটা হোৱাৰ পিছত খবৰ ৰখাইটো ঠিকেই খবৰ ৰাখিব ৷
গাঁৱৰ ৰাষ্টাটোৰ পৰা চাৰি পাঁচ নলমান আঁতৰত দুয়োকাষে চাপৰ চাপৰ পকা খুটা কিছুমান পোতাৰ কাম আৰম্ভ হ’ল ৷ গণেশেই ক’লে খুটাবোৰ যিখিনিলৈকে পুতিছে ৰাষ্টাটোৰ বহল সিমানখিনি মান পাবগৈ ৷ তাৰ পিছত কিছু দূৰলৈকে ডাঙৰ ডাঙৰ পকী নলা হ’ব ৷ ৰাষ্টাটো বহল কৰোতে কাৰোবাৰ কাৰোবাৰ বাৰী ঘৰ ৰাষ্টাটোত যাব ৷ কিন্তু চৰকাৰে কাকো বিমুখ নকৰে ৷ সকলোৱে ক্ষতিপূৰণ হিচাপে বহুত বহুত পইচা পাব ৷ কথাবোৰে গাওঁবাসীৰ মাজত এক ধৰনৰ এটা আলোড়ন তুলিলে ৷ নিজৰ ৰুপিত মাটি, বাৰীৰ মাটি ৰাষ্টাত যাব, কিন্তু বহুত পইচাও পাব চৰকাৰৰ ঘৰৰ পৰা ৷ এটা যেন মিঠা মিঠা কিন্তু কিবা এটা কৰুণ উচুপনিৰ ৰেশ থকা ৰঙীন সপোন ৷
ৰাষ্টাৰ বাবে যোৱাকৈ ভদ্ৰৰ কোনো মাটি নাছিল ৷ বানে খেদা ভগনীয়া বাপেকৰ পুতেক সি ৷ বাৰীৰ ভেঁটিটোৰ সৈতে এবিঘা মাটি যে কোনোমতে বাপেকে তাৰ বাবে ৰাখি থৈ গৈছিল, সিয়েই অধিক ৷ কিন্তু ৰাষ্টাটো বহল হ’লে তাৰ ভেঁটিটোলৈ কিমানকণ দূৰনো বাকী থাকিবগৈ ! পকা খুটাটোৰপৰা চিধাচিধি হিচাপ এটা কৰিলে হেমহঁতৰ পদূলিটো পাৰ হলেই দেখোন তাৰ বাৰীখন ৷ আৰু তাৰ বেৰৰ জলঙাৰে ৰ’দ সোমোৱা খেৰী ঘৰটো ! কিবাকৈ এটা পকীঘৰ কৰিব পৰা হ’লে ৷ ওখ পাহাৰৰ পৰা বৈ অহা পানীবোৰ হঠাতে পাহাৰৰ থিয় টিঙৰ পৰা দ’ নামনিত থেকেচা খাই ওফৰি চিটিকি পৰাৰ দৰে ভদ্ৰৰ চিন্তাবোৰো মুখ থেকেচা খাই ওফৰি পৰে ৷ বোলো হাততনো ধন-বিত্ কিটো আছে ৷ হেৰি ঔ কথাতে কয় নহয় –“বোলো হাতত নাই কণটো, বৰসবাহলৈ মনটো ৷”
আজিকালি দেউহাতীৰ বোকা পানী খচকি খচকি ঠেক গাঁৱলীয়া ৰাষ্টাটোৰে কিছুমান ধুনীয়া ধুনীয়া চিক্‌চিকীয়া দামী-দামী গাড়ী অহা-যোৱা কৰা আৰম্ভ হৈছে ৷ মানুহবোৰ আহে ৷ দামী দামী পোছাক পিন্ধা, দামী জোতা, ৰঙীন চশমাৰ মানুহবোৰে কাণৰ কাষত মোবাইলেৰে কথা পাতে, কথাই প্ৰতি মিচিকিয়াই হাঁহে; বোকা-পানী খচকি-খচকি দুই একে গাঁৱৰে কোনোবা কোনোবাৰ খবৰো সোধে ৷ চাপৰ-চাপৰ পকী খুটাবোৰে সীমাৰেখা বান্ধি দিয়া সপোনৰ ৰাজআলিটোৰ সিপাৰৰ মাটিবোৰৰ গৰাকী বিলাকৰ খবৰ চহৰীয়া মানুহখিনিয়ে বিচাৰি ফুৰে ৷
মানুহবোৰে বোলে মাটি কিনিব ৷ উৰহি গছৰ ওৰটো গণেশেই দিলে ৷ ৰাষ্টাৰ দুয়োকাষৰ মাটিবোৰৰ বাবে চহৰীয়া মানুহবোৰৰ দৰ-দাম আৰম্ভ হৈ গ’ল ৷ গণেশেহঁতৰ দৰে লিখা-পঢ়া জনাকেইটাক চহৰীয়া মানুহবোৰে আদৰ কৰা হ’ল ৷ কনকলি, হেম, উপেনহঁতৰ বহুতৰে ৰাষ্টাৰ কাষৰ মাটি বেচা আৰম্ভ হ’ল ৷ গাঁৱৰ শেতা পৰা, পুষ্টিহীন, দীন-দৰিদ্ৰ মানুহবোৰৰ হাতলৈ পইচাৰ সোঁত বোৱা আৰম্ভ হ’ল ৷ হাইস্কুলৰ দুশ্ৰেণীমান পঢ়ি আধাতে সামৰা গণেশ, ৰাজেনহঁতে চহৰীয়া মানুহবোৰৰ লগত মিতিৰালি কৰি, কাৰ মাটি ক’ত, কিমান আছে সেই দৰকাৰী খবৰবোৰৰ আদান-প্ৰদান কৰা হ’ল ৷ খুব সোনকালেই সিহঁতবোৰে ভগা চাইকেল এৰি দুকুৰি-তিনিকুৰি হাজাৰৰ মটৰ-চাইকেল দৌৰাব পৰা হ’ল ৷ গণেশেহঁতৰ মটৰ-চাইকেলৰ ধূলিৰে ধোঁৱাময় কৰি তোলা দেউহাতীৰ বাট-পথলৈ সংগোপনে নামি আহিল পৰিৱৰ্তন ৷
পুৱঁতি নিশা ঠিক পোহৰ হোৱাৰ আগে আগে ভদ্ৰই আজিকালি প্ৰায়ে এটা সপোন দেখে ৷ ছৱিৰ দৰে সুন্দৰ, ৰঙীন এটা পকী ঘৰ ৷ ৰঙা ইটাৰ বেৰ, টিনৰ চালি, ধুনীয়া কাঠৰ কাৰুকাৰ্য্যখচিত দুৱাৰ-খিৰিকী ৷ ঘৰটোৰ সন্মুখত এখন মনোমোহা ফুলৰ বাগিছা ৷ চোতালৰ আগফালে লোদোৰ-পোদোৰ এটা বিলাতী জাতৰ কুকুৰ ৷ যোৱাবেলি পূজাৰ বতৰত চহৰলৈ গণেশৰ লগত ফুৰিবলৈ যাওঁতে দেখা পোৱা এটা চহৰীয়া ঘৰৰ দৰে সুন্দৰ, নিপোটল, মৰমলগা, সোনালী সপোন ৷ ভদ্ৰই যেতিয়া সাৰ পাই, এক অজান সুখানুভূতিয়ে বহুত সময় ধৰি তাৰ মন-প্ৰাণ আপ্লুত কৰি ৰাখে ৷ নিৰ্বাক-নিথৰ হৈ বাহঁৰ চাং খনত সি বহুত সময় পৰি থাকে ৷ সপোনটোৱে তাৰ দেহ-মনৰ প্ৰতিডাল শিৰা-উপশিৰালৈ কঢ়িয়াই লৈ ফুৰে এটা জোনাক-জোনাক অনুভৱ ৷ সপোনটো আলফুলে তুলি লৈ চিলমিল টোপনিত আকৌ এবাৰ বিচৰণ কৰিব খোজোতেই ঢ়েকুৰা কুকুৰজাকৰ ৰাউচি মৰা চিঞৰত ভদ্ৰই পুনৰ সাৰ পায় ৷
উপায়টো গণেশেই তাক দিছিলে ৷ বোলে সংসাৰত তোৰ নিজৰ বুলিবলৈ ছোৱালীজনীৰ সৈতে মানুহজনীহে ৷ হেৰৌ, একমাত্ৰ ছোৱালীজনীলৈকে বুলি গোটেই এবিঘা মাটি কিয়নো এৰি থৈ যাব লাগে ৷ আজিৰ দিনত এবিঘা মাটি যথেষ্ট মাটি ৷ চহৰৰ মানুহবোৰৰ এবিঘাটো দূৰৈৰ কথা ভালদৰে একঠা মাটিও নাই ৷ কিন্তু সিহঁতবোৰে ঘৰ-দুৱাৰ নসজোৱাকৈ নাখাই আছেনে ? অ’ তোৰ মোতকৈ ভালদৰে আছেও, খাইছেও ৷ অকনমান মাটিতে যিটোহে যিটোহে অট্টালিকা থিয় কৰাই আছে তই নেদেখিলে কি বিশ্বাস কৰিবি ? হেন জানি তই যদি অলপমান মাটি বেচিও দিয়, কিনো মহাভাৰতখন অশুদ্ধ হয় ৷ ৰাজআলি এটা হ’ব বুলি জনাজাত হবৰ পৰাই আমাৰ ইয়াৰ মাটি তোৰ মোৰ চকুৰ আগতেই মাটি নহয় সোণ হবলৈ ধৰিছে ৷ তইতো নিজেই দেখিছ’ ৷ মাটি বেচা পইচাৰে বাকী থকাখিনিত ধুনীয়া পকী ঘৰ এটা সাজিবি ৷ জীয়াই থাকিবলৈ বাকী থকা দিনকিটাত অন্তত: হাঁহি-মাতি সুখেৰে থাকিব পাৰিবি ৷
বাহঁৰ চাং খনৰ তুলিখনৰ ওপৰত জেউতি শুই আছিল ৷ জুহালৰ জ্বলি থকা জুইলৈ খৰি এডাল বঢ়াই দি নাৰায়ণীয়ে একান্ত মনেৰে তাইলৈকে চাই আছিল ৷ আয়ৈ দেহি, আজি বাদে কালিলৈকে তাই গাভৰু হ’ব ৷ বয়সনো তাইৰ কিমান ? এই পেন্দুকণা জনীয়ে গাভৰু হোৱাৰ পিছতে এদিন বেলেগৰ ঘৰলৈ ওলাই যাব লাগব ৷ অচিন, অজান মানুহ এটাৰ লগত ঘৰ ধৰিব লাগিব ৷ কেনেকুৱা মানুহ এটা বা তাইৰ কপালত আছে ? কেনেকুৱা এখন ঘৰ বা তাইৰ ভাইগত গোঁসাই-ঈশ্বৰে বাছি থৈছে ? এৰা নাৰীৰ জীৱন বৰ দুখৰ ৷ অনিশ্চিত ! অজানা !
যোৱা কালি নাৰায়ণীৰ আগত ভদ্ৰই মাটি বেচাৰ কথাটো উলিয়াইছিল ৷ এজনীয়েই মাত্ৰ ছোৱালী ৷ আগলৈ এঘৰলৈ উলিয়াই দিবই যেতিয়া মাটি-সম্পত্তিনো কিহলৈ লাগে ? অলপমান বেচি দিলে কিনো নগৰত জগৰ লগা কথা হয় ৷ আৰু পকীঘৰ এখন লাগে দে ৷ ভাল ঘৰৰ ভাল বংশ পৰিয়ালৰ জোঁৱাই এটা ভাইগত মিলিবলৈ হ’লে পকীঘৰ এখন থাকিলে কথাই গহীন হয় ৷ ভদ্ৰৰ কথাবোৰত নাৰায়ণীয়ে প্ৰথমে একো মাত মতা নাছিল ৷ তাৰ কথাবোৰত জোৰ আছে ৷ তথাপিও একোবাৰ মনলৈ চিন্তা নহা নহয় ৷ গিৰিয়েক-ঘৈনীয়েক দুয়োটাই হাতে-পাতে ধৰি দুখন কৰি আছে, চলি আছে ৷ আকালো নাই, ভঁৰালো নাই ৷ হঠাতেনো ইমানবোৰ ধন-বিত মাটি বেচি গোটাই লৈ পকী ঘৰতনো কিয় খটুৱাব লাগে ? তাই আপত্তি কৰিলে ৷ বোলো নালাগে ৷ আমাৰনো বেলেগকৈ মাটিকনৰ বাদে আৰু আছেনো কিটো ? তুমিওটো সদায় সদায় একেদৰে নাথাকা ৷ এদিনটো দেহা পৰি আহিব ৷ সেই সময়ত যদি হাতত পিতৃ-পুৰুষৰ ভেঁটিটোও নাথাকে যাবা ক’লৈ, খাবা কি ?
এস: এইজনী তই একেবাৰে বহুতলৈকে চিন্তা কৰ ৷ বোলো এই জগতত খাবলৈ নাপায় কোনো নমৰে ৷ প্ৰত্যেকেই জন্মতেই এখন এখন কপাল লৈ আহিছে ৷ নেদেখাজনাই সেইখন কপালত যিদৰে লিখিছে সেইদৰেই কথাবোৰ হ’ব ৷ তই মই মাজতে জোৰ কৰি একোডাল কৰিব নোৱাৰো ৷ তোৰ, মোৰ, জেউতিৰ সকলোৰে এখন এখন কপাল আছে ৷ তাত যিদৰে লিখা আছে, যিমান আছে, তেনেকৈহে হ’ব ৷ তই মই মাজতে মেথা বেয়া কৰি লাভ নাই নহয় ৷
নাৰায়ণীৰ যুক্তি ভদ্ৰৰ ওচৰত নৰজিল ৷ সি মাটি বেচিব খাটাং ৷ আৰু এদিন গণেশৰ লগত অহা দুজন চহৰীয়া মানুহৰ হাতত ভদ্ৰই মাটি বেচা-কিনা কৰা দলিলত তাৰ বুঢ়া আঙুলিৰ টিপ্ চহী দি দিলে ৷ নগদ দুই লখ টকাত তিনি কঠা মাটি ৷
ইমানবোৰ টকা! ভদ্ৰই জীৱনত প্ৰথমবাৰৰ বাবে ইমানবোৰ টকা নিজ হাতে চুই চাবলৈ পালে ৷ এক হাজাৰ, দুই হাজাৰ নহয় ! নগদ দুই লাখ টকা ৷ টকা চুবলৈ পাই নাৰায়নীৰ কথাৰ সুৰো শেহৰ ফালে নৰম হৈ আহিল ৷ ভদ্ৰটোলৈ থকা মৰমবোৰ আকৌ এবাৰ পাৰ ভাঙি ওফন্দি আহিল ৷ ওখ, হটঙা ভদ্ৰটোক গাভৰু কালৰ দৰে আকৌ মৰম কৰিবৰ মন গ’ল ৷

গণেশক চল্লিশ হাজাৰ মান টকা ধাৰলৈ লাগে ৷ বাপেকটোৰ অসুখ বোলে ৷ চহৰৰ ডাক্তৰেও ভাল কৰিব নোৱাৰা অসুখটোৰ বাবে সি অসমৰ বাহিৰলৈকে বাপেকক লৈ যোৱাৰ কথা ভাবিছে ৷ দিব ! ভদ্ৰই তাক পইচা দিব ৷ চল্লিশ হাজাৰ নালাগে অলপমান বেছিকৈ বিচৰা হলেও ভদ্ৰই তাক না নকৰিলে হয় ৷ ইমান গুণী ল’ৰা গণেশ ৷ তাক ভদ্ৰই বিমুখ কৰিব নোৱাৰে ৷ এনেয়েও সি টকাখিনি উভতি আহিয়েই মৰাৰ কথা কৈছেই ৷
নাৰায়ণীৰ বায়েক কুসুমৰ ডাঙৰজনী ছোৱালীৰ বোলে গ্ৰাহক এটা ওলাইছে ৷ শহুৰেক নৰকান্তই ভদ্ৰক খবৰটো দিছিল ৷ বুঢ়াৰ প্ৰথম নাতিনীৰ বিয়া ৷ সকলোৱে হাত উজান দিলেহে কাম ফেৰা ভালকৈ হ’ব ৷ ছোৱালীৰ লগত দিব লগা কাঠৰ ফাৰ্ণিছাৰৰ দ্বায়িত্বটো ভদ্ৰৰ ওপৰত পৰিল ৷ দুখন পালেং, ছোফা, ডাইনিং ছেট..৷ ভদ্ৰই সেইবোৰৰ নামেই শুনা নাই, নিজৰটো নায়েই ৷ চিন্তা কৰিবলগীয়াও নাই ৷ ভদ্ৰই মাথো খৰচটো দিলেই হ’ল ৷ বাকীবোৰ নৰকান্ত , কুসুমৰ গিৰিয়েকে নিজে নিজে চম্ভালি লব ৷ খৰচো বেছি নহয় ৷ মানে ভদ্ৰৰ হাতত সিমান টকা এতিয়া আছেই যেতিয়া ! পঞ্চাছ হাজাৰ মানহে হব ৷ ভদ্ৰই ভালদৰে কথাবোৰ ভাবিবলৈ নাপালেই ; নিজৰজনী জেউতিৰো সেইকিদিনতে শান্তি হ’ল ৷ নকৰোঁ, নাপাতোঁ বুলি ভাবি থাকিলেও শেষত গৈ ৰাইজখনক ভালদৰেই খুৱাব লগীয়া হ’ল ৷
যুতিমাইৰ গিৰিয়েকৰ এক্সিডেণ্ট হ’ল ৷ গাঁৱৰে এটাৰ বাইকৰ পিছত উঠি মানুহটো চহৰলৈ বুলি ওলাই গৈছিল ৷ যুতিমাইৰ গিৰিয়েক মানে ভদ্ৰৰ শালপতি। বেচ্ কিছুদিন চহৰৰ হস্পিতালত পৰি থাকিব লগা হ’ল ৷ যুতিমাইৰ চকুপানীৰ আগত নাৰায়ণীয়ে নিজকে ধৰি ৰাখিব নোৱাৰিলে ৷ নাই নাই বুলিও ভালেমান টকা হাতৰ পৰা ওলাই গ’ল ৷ সময়বোৰ বাগৰি গৈ থাকিল ৷ ভদ্ৰৰ দুইলাখ টকাৰ টোপোলাটোৰ আকাৰ খীণ হৈ হৈ এদিন দুই হাজাৰত ৰ’লহি ৷
আজি বহুতদিন ভদ্ৰই সপোনটোৰ কথা পাহৰি আছিল ৷ আজি দুদিনমানৰ পৰা পুৱতি নিশা সপোনটোৱে আহি ভদ্ৰক আকৌ আমনি কৰা হ’ল ৷ ছৱিৰ দৰে সুন্দৰ, ৰঙীন এটা পকী ঘৰ ৷ ৰঙা ইটাৰ বেৰ, টিনৰ চালি, ধুনীয়া কাঠৰ কাৰুকাৰ্য্যখচিত দুৱাৰ-খিৰিকী ৷ ঘৰটোৰ সন্মুখত এখন মনোমোহা ফুলৰ বাগিছা ৷ চোতালৰ আগফালে লোদোৰ-পোদোৰ এটা বিলাতী জাতৰ কুকুৰ ৷ সুন্দৰ, নিপোটল, মৰমলগা, এটা সোণালী সপোন ৷
নাৰায়নী আৰু ভদ্ৰই কথাবোৰৰ ততকে ধৰিব নোৱাৰিলে ৷ ক’ৰ পৰা যে লানি নিচিগাকৈ ইটোৰ পিছত সিটোকৈ বিপদবোৰ আহিল ৷ হাতত থকা মাটি বেচা টকা কিটা ক’লৈনো কেনেকৈ ওলাই গ’ল ৷ সিহঁতৰ সপোনবোৰ সপোন হৈয়েই থাকি গ’ল ৷ ভাবি থাকিলে ভদ্ৰৰ কলিজাখন দুফাল হৈ যোৱা যেন লাগে ৷
গণেশে চাৰিচকাৰ গাড়ী এখন কিনিলে ৷ বাপেকক বাহিৰত চিকিৎসা কৰাই উভতি অহা তাৰ আজি ভালেমান দিনেই হ’ল ৷ অথচ সি ভদ্ৰৰ খবৰ এটা কৰা নাই ৷ উভতি আহিয়েই ধাৰ পৰিশোধ কৰিম বুলি কথা দিয়া গণেশক ভদ্ৰই লগ পোৱাৰ সুবিধাকে কৰিব পৰা নাই ৷ আজিকালি সি ভীষণ ব্যস্ত ৷ চহৰৰ বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত তাৰ উঠা-বহা ৷ চহৰৰ বহুত ডাঙৰ ডাঙৰ মানুহক সি দেউহাতীৰ মাটি বেচা-কিনাত সহায় কৰি দিছে ৷ এতিয়া তাৰ হাতত বহুত পইচা ৷
ৰাজআলিৰ কামবোৰ প্ৰথমে লাহে-ধীৰে আৰম্ভ হলেও এতিয়া তীব্ৰ গতিত চলিছে ৷ নিজান নিমাওমাও দেউহাতীখন ক্ৰমান্বয়ে প্ৰাণৱন্ত হৈ উঠিছে ৷ কাহিলী পুৱাৰ পৰা মাজ নিশালৈকে বনুৱাৰ কোলাহল, গাড়ী মটৰৰৰ শব্দ, হুলস্থূলে দেউহাতীখন চহৰখনে নিচেই কাষলৈ যেন হাত-বাউলি দি মাতি নিছে ৷ দেউহাতীৰ পুৰণা মানুহবোৰ লাহে লাহে দেউহাতী এৰি দূৰলৈ আঁতৰি গৈছে ৷ অধিক পইচাৰ আশাত নিজৰ পৈতৃক ভেঁটি-সম্পত্তি পৰ্য্যন্ত বেচি দিয়া মানুহবোৰে দূৰৈৰ গাওঁ, বিল অৰণ্যৰ মাজলৈ সোমাই গৈছে ৷ দেউহাতীত এতিয়া নতুন নতুন গৃহস্থীৰ ভীৰ ৷ প্ৰচুৰ টকা-পইচাৰ মানুহবোৰে য’তে ত’তে দালান সজাৰ কাম আৰম্ভ কৰিছে ৷
ভদ্ৰই তাৰ বাকী থকা মাটিকণো বেচাৰ সিদ্ধান্ত কৰিলে ৷ দূৰৈলৈ গুছি যাব সি ৷ পুৰণা মানুহ প্ৰায়বোৰেই নাই ৷ নতুন নতুন গৃহস্থীবোৰৰ লগত জোৰ মৰাৰ সাহস, সামৰ্থ্য তাৰ নাই ৷ আজিকালি সি সপোন নেদেখে ৷ ছবিৰ দৰে সুন্দৰ, ৰঙীন এটা পকী ঘৰ ৷ এটা কালিকা লগা সপোন সেইটো ৷ যিমান সোনকালে পাহৰিব পাৰে সিমানেই ভাল ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক