কাল ৰাতিপুৱা (টুৱাৰাম দত্ত)

আনন্দিৰ বয়স বাৰ কি তেৰ। দৌৰি-ধাপলি পখিলা খেদাৰ বয়স। মাকে এদিন সকলোকে হতবাক কৰি ইহ সংসাৰৰ পৰা বিদায় মাগিলে। আনন্দিয়ে ভালকৈ কান্দিবলৈও নাজানিলে। সেয়াই যে মাকৰ সৈতে শেষ দেখা বোধহয় তাইৰ বয়সৰ সৰলতা খিনিয়ে অনুভৱ কৰিবলৈ নিদিলে। আপোনভোলা বাপেকটোৱে সেমেকা চকুযোৰ লৈ তাইক কৈছিল “আই ঐ শেষ হ’ল বুজিছ। ঘৰৰ লখিমী গ’ল যেতিয়া এইয়া আৰু ঘৰ গুছি হাবিতল হ’ব।” ঘৰখনত বাপেক আৰু তাইৰ বাদে সাতবছৰীয়া ভায়েকটো।
তেনেকুৱা দুৰ্দিনৰ বেলাতে এদিন টাউনৰ পৰা নৰেন আহিল। নৰেন মানে ঘন মহৰীৰ সৰু পুতেক। সি টাউনত থাকি পঢ়া-শুনা কৰি তাৰেই নাম থকা কলেজ এখনত প্ৰফেছৰ কৰে বোলে। নৰেন হ’ল গাওঁখনৰ ভিতৰতে পঢ়াই-শুনাই,খেলাই-ধুলাই আগৰণুৱা ডেকা। টাউনৰে ধনী পুলিচ অফিছাৰ এজনৰ ৰূপহী জীয়েকক বিয়া পাতি এতিয়া তাতেই নিগাজীকৈ থাকিবলৈ লৈছে। বিয়াৰ আগতে গাৱলৈ বুলি ঘন ঘনকৈয়ে আহিছিল। বিহুৱে-পৰৱে অহাৰ বাদেও কাৰোবাৰ বিয়া, শ্ৰাদ্ধ এইবোৰত নৰেন নহাকৈ নাথাকিছিল। কিন্তু বিয়া পতাৰ পিছৰে পৰা তাৰ গাৱলৈ অহাটো কমি গ’ল। নতুন ঘৈণী, নতুন সংসাৰ, কলেজৰ চাকৰিৰ ব্যস্ততা এইবোৰৰ মাজত তাৰ গাৱলৈ অহা সময়বোৰ সেৰেঙা হৈ গৈছিল।
নৰেনৰ মাকেই প্ৰথম কথাটো উলিয়ালে আনন্দিৰ বাপেক কণকলিৰ ওচৰত। “বোলো আনন্দি এতিয়া আৰু কেঁচুৱা হৈ থকা নাই। শান্তি হোৱা উঠন ছোৱালী, তাইৰ দিনত আমিবোৰটো এঘৰত বোৱাৰী সোমাইছিলো। ইফালে তোমাৰ সংসাৰৰ বেহ-ৰূপ দেখিয়েই জানিছো নহয় কিমান আলি-বুলিকৈ বয়-বস্তু গোটোৱা। আমাৰ নৰেনৰ ঘৰত থকিলেগৈ মাছে-মঙহে তৰহে তৰহে পাব। এখন-দুখন হাতে-পাতে ধৰি বোৱাৰীজনীকো অলপ উশাহ সলাবলৈ দিব পাৰিব। ইফালে বোৱাৰীজনীয়ে নাতি-পুতি এটাৰো মুখ দেখো দেখো হৈ আছে। ডাক্তৰে দুমাহমানহে দিছে। হেন জানি ইটো-সিটো কৰিবলৈও তাইৰ লগ এটা হ’ল। তোমাৰো চলিবলৈ দুই এপইছা যোগাৰ হ’ল।”
-বোলো মিছাটো ক’ব নাপায়, চহৰতেই ডাঙৰ-দীঘল হোৱা যদিও আমাৰ বোৱাৰী বৰ সাদৰী। ৰূপ যেনে, গুনো তেনে। চকীত বহি ঠেং জোঁকাৰি নিগৰাই নিগৰাই কথা কোৱা বৰলোকৰ ঢং অকণো নাই। আকাল নোহোৱা ঘৰৰ ছোৱালী যেতিয়া তোমাৰ আনন্দিক আকালত পৰিবলৈ নিদিয়ে।
চাওচোন বাৰু বুলি কণকলি ঘৰ সোমাইছিলহি। এজনীয়েই জীয়েক। লোকৰ ঘৰৰ জা-জঞ্জাল মাৰিবলৈ এৰি দি নিজ ঘৰৰ বাহিৰ কৰিবলৈ মনটোৱে বিচৰা নাছিল। তাতে তাই ঘৰ এৰিলে সাতবছৰীয়া পেন্দুকণা পুতেকটোৰ সৈতে তেওঁৰ নিজৰে জানো কম পয়মালখন হব ? কেৰাচিন তেলৰ চাকি নুমুৱাই ৰাতি শেতেলীত পৰাৰ পৰত আনন্দিজনীক লৈ বুকুখনে জানো ধৰফৰাই নাথাকিব ? কিন্তু নিমখ-দাইল কণ যোগাৰ কৰিবলৈকেও দেখোন মাহটোত দুটামান পইচা নহ’লেই নহয়। এনেয়েও কণকলি মানুহটো বৰ এলেহুৱা। তাতে ঘৈণীয়েক সিফলীয়া হোৱাৰ পৰা এলাহটোৱে যেন মনৰ মাজত বৰপীৰা পাৰি বহিলেহি। হেন জানি এটা খাৱৰীয়া কমিলে কোনোমতে কলহ-টেকেলী জোঁকাৰি সংসাৰখন চলাব পৰা যায়।
কণকলিয়ে নভবাকৈ থকা নাছিল। ভাবিছিল। নৰেন গাওঁখনৰ ভিতৰৰে গুণী ডেকা। এইখন গাৱঁৰ কলেজ গৰকা সিয়েই প্ৰথম। এতিয়া টাউনত প্ৰফেছৰ কৰি গাঁৱৰ নাম জিলিকাইছে। ঘৈণীয়েকজনীও ধনী-মানি, গুণী পৰিয়ালৰ। তেনেহেন এখন ঘৰত আনন্দিয়ে ৰাজকুমাৰীৰ দৰে ৰাজ কৰিব পাৰিব। ইচৰে মিলালে কোনে জানে ভায়েক সাতবছৰীয়া পেন্দুকণাটোৰো কপাল খন কিজানি মুকলি হয়।
নৰেনৰ বাপেক মানে ঘন মহৰীৰ ঘৰটো গাৱঁৰ এমূৰে। কেঁচা ঘৰ হ’লেও তেওঁৰ ঘৰটো ডাঙৰ, ওপৰত টিনপাত, ইকৰাৰ মাটি লিপা ‘চিলিঙি’। তেওঁৰ খেতি-মাটি প্ৰচুৰ, দুহাল ম’হ আৰু মানুহ ৰাখি খেতি কৰে। গছি ধানৰ দুটা, গুটিৰ এটা ভঁৰালৰ উপৰিও পিছফালৰ বাৰাণ্ডাৰ চাঙত, বৰঘৰৰ চালপীৰাত মাহ, সৰিয়হৰ বস্তাৰ দ’ম। ঘৰৰ লগতে পাণ-তামোলৰ ডাঙৰ বাৰী।
পৰিবহনৰ আধা পুৰণা ৰঙা বাছখনত উঠাই আহতগুৰি তিনি আলিৰ পৰা নৰেনৰ সৈতে এদিন আনন্দিক কণকলিয়ে বিদায় দি আহিছিল। বাটকুৰি বাই লগত নিয়া মোনাটোত আছিল অলপমান জহা চাউল, পিঠা-কেইটামান, দুটামান হাঁহকণী, মাকৰ ভাগৰ দুখনমান ফিছিকি যোৱা চাদৰ, মুখত ঘঁহা, চুলিত ঘঁহা, কিবাকিবি দুটামান।
জীৱনত প্ৰথম বাৰৰ বাবে যেতিয়া নৰেনৰ টাউনৰ ফুলনি থকা চৌহদটোলৈ আনন্দি সোমাই গৈছিল বাৰাণ্ডাত এখন ডাঙৰ হেলনীয়া চকীত নৰেনৰ ঘৈনীয়েক বহি আছিল। ইমান ধুনীয়া, বগা মানুহ তাই আগতে দেখা নাছিল। বাৰাণ্ডাৰ পৰাই তাইৰ পৰিচয় সুধিছিল। মূঢ়া এটাত বহি নাল ভঙা কাপত চাহ পানী খাই থকাৰ পৰতো আঁৰ চকুৰে তাই ধুনীয়া মানুহজনীকেই চাই আছিল। নৰেনৰ টাউনীয়া ঘৰৰ চিকমিকনিৰ মাজত তাইৰ মুখলৈ বাৰে বাৰে আহি আছিল জলহু চেহেৰাৰ, বেমাৰী বাপেকৰ চেহেৰাটো। শেঙুননকা, খীনমীন ভায়েকটো।
নৰেনৰ ধুনীয়া, বগা ঘৈণীজনী যাক তাই খুড়ী বুলি মাতিছিল। দেখাত তেনেই সংসাৰৰ আওভাও নোপোৱা চহকীৰ জী। সেই প্ৰথম দিনটোৰ কথা মনত পৰিল তাইৰ। আনলৈ আহে কাল সন্ধিয়া, তাইলৈ আহিছিল কাল ৰাতিপুৱা। সেইদিনা বেলি উঠাৰ আগতেই তাইৰ কপালৰ বেলি বুৰ গৈছিল। “ খুড়ী।” বুলি ছিঞৰ এটা মাৰি লৰি আহি তাই গবা মাৰি ধৰিছিল নৰেনৰ ঘৈণীয়েকক।
আচৰিত হৈ তেওঁ সুধিছিল – “ কি হ’ল তোৰ ? কান্দিছ কিয় ?”
উচুপি উচুপিয়েই তাই ক’লে – “ দাদা ইমান নিলাজ। ইমান অসভ্য। মোক গবা মাৰি ধৰি মোৰ ফ্ৰকটো ……।
মই তোমাক ক’ব নোৱাৰো খুড়ী। মই কোনোমতে আজোঁৰমাৰি এৰাই আহিছো। কথা শেষ কৰি তাই হুৰাৱৰাৱে কান্দিছিল।
‘কি’ বুলি গুলী খোৱা বাঘিনীৰ দৰে গৰ্জি উঠিছিল তেওঁ। তোৰ ইমান সাহ। মোৰ ঘৰত খাবলৈ আহি মোৰেই বুকুত কামোৰ দিয়। তোক ইয়ালৈ অনাটোৱেই ভুল আছিল। তোৰ মই দিহা লগাম ৰহ।
…. থানাখনৰ মহিলাৰ লক্ আপত আনন্দিয়ে নিজকে আৱিস্কাৰ কৰিছিল। তাইৰ বিৰুদ্ধে আছিল ধন-ৰূপ, অলংকাৰ চুৰিৰ এটা ওজন থকা গোচৰ। কি কৰিব তাই। কপালৰ আঁক মচিব নোৱাৰি। তাই বুজি পায়। দুখীয়াক আটায়ে কলা দি ভুৰুকিয়ায়।
আচলতে তাইৰ বুকুখনত কিবা দুখ এসোপাই ৰমৰমনি তুলিছিল। তাই বুজি পায়। বাপেকটোৱে আতুৰত পৰি খেৰকুটাডাল সাবটাৰ লেখীয়াকৈ ভালক চিন্তিহে নৰেনৰ লগত তাইক পঠাইছিল।বাপেকে তাইৰ অহিত নিচিন্তে। মনে মনে সেৱা এটা কৰিলে কলীয়া গোসাঁইক। তাই বহি থাকিল। তাই ভাবি থাকিল। লাজ, অপমান আৰু পৰাজয়ৰ গ্লানিয়ে তাইক হেচা মাৰি ধৰিছিল।
চতিয়না জোপাৰ তলৰ ফুটুকানীডৰাত হেনো জুপুকা মাৰি ভূত পোৱালি এটা বহি থাকে। কেচ্ কেচ্ কৈ ক’লা, গাটোত দীঘল দীঘল নোম, উজ্বল চকু দুটাই গাঁত একোটাৰ পৰা চাই থকাৰ নিচিনা লাগে। বাটেদি অকলশৰীয়াকৈ যোৱা মানুহৰ ফালে চাই ভূত পোৱালিটোৱে হেনো খুক্ খুক্ কৈ হাহেঁ আৰু খেদি আহে।
নিশালৈ আনন্দিয়ে এটা সপোন দেখিছিল। সপোনত চতিয়নাজোপাৰ তলৰ ফুটুকানিডৰাৰ ভূত পোৱালিটো আহিছিল। …..আৰু লাহে লাহে সি হাহিঁছিল। তাৰ হাহিটো নৰেনৰ দৰে লাগিছিল। হাত দীঘল বাপেকৰ একমাত্ৰ পো, গুৰু গোসাই নমনা নৰেন॥

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক