কাশ্মীৰৰ বাকচ [মূল বড়ো –বিজিত গয়াৰী, অনুবাদ – নিউটন কে. বসুমতাৰী]

কাশ্মীৰৰ বাকচ আনিছো মই উৰাজাহাজত
ধূপ-ধূনাৰে বতাহজাক সুগন্ধিৰে ভৰাই তুলিছে
মৃত শৰীৰবোৰ শুৱাই থৈছো…

নিশ্চিতভাৱে সোনকালে উভতিব লাগিব
সেয়েহে তীব্ৰ বেগেৰে আগুৱাইছো
হোঁহোৱাই বতাহত ভাঁহি আছে উৰাজাহাজ….
গাঁৱৰ ল’ৰা-ছোৱালীবোৰে ঘৰৰ ভিতৰৰ পৰা
বাহিৰলৈ জপিয়াই মূৰ তুলি চাইছে
উলাহত হৃদয় জুৰাইছে….

আস! সিহঁতে চিঞৰিছে৷ —
সৌৱা চোৱা উৰাজাহাজ…
আকাশত উৰাজাহাজ…

কোনো কোনোৱে
উমান নোপোৱা বন্ধুবোৰকো মাতিব ধৰিছে

(ঐ, ছানজাৰাং, চোৱাহিচোন উৰাজাহাজ…
ঐ বিবাৰি,চোৱাহিছোন আকাশলৈ…)

শিশুবোৰে ওপৰলৈ চাই চাই
উলাহত চিঞৰিছে
হাত বাউলি মাতিছে
কোনো কোনোৱে ‘টা টা, বাই বাই দিছে’

অ’ মই এই বাটেৰেই আহ-যাহৰ বাবে
অগণন সূতাৰে বাট পোনাই থব লাগিব
মৈনথি বায়ে মাৰ দিয়া সূতাৰে
তাঁত বাটি কৰাৰ দৰে…

এতিয়া মৈনাথি বায়েনো
আনন্দিত নহৈ পাৰেনে!
কোনোবা কবিৰ কবিতাত
ৰংচঙীয়া তাত বাটি কৰাৰ লগত তুলনা কৰিলে
লগৰীবোৰে চকু পুৰি নাভাৱিবনে
‘আমিনো কোন সতে আবিয়ৈ ছোৱালী হ’লো!’

এইখিনিতে, কাশ্মীৰৰ বাকচ আনিছো মই উৰাজাহাজত
ধূপ-ধূনাৰে বতাহজাক সুগন্ধিৰে ভৰাই তুলিছে
মৃত শৰীৰবোৰ শুৱাই থৈছো…

কিয়নো মোৰ হৃদয়ত এখন উৰাজাহাজ আছে

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক