কাহানিও বুঢ়া হ’ব নোখোজা মানুহজনৰ সান্নিধ্য সুঁৱৰি – পাৰ্থ জ্যোতি বৰুৱা

১৯৯৭চন৷ যোৰহাট৷ হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দি কোম্পানী এটাৰ অধীনত ঘৰে ঘৰে বিস্কুট,ভূজিয়া, গেছ ষ্ট’ভৰ বাৰ্ণাৰ বিক্ৰী কৰা কাম এটাত সোমাইছোঁ৷ এঘৰত গিৰিহঁতে সুধিছে মোক– ‘এই ৰ’দে ৰ’দে ইমান কষ্টেৰে এই কাম কিয় কৰিবলগীয়া হৈছে তুমি? ’
মই কলো– ‘মই অভাৱত পৰি কৰিবলগীয়া হোৱা নাই৷ মোৰ দেউতা অসম কৃষি বিশ্ববিদ্যালয়ৰ ভাল চাকৰিয়াল৷ পৰীক্ষাৰ পাছত এনেয়ে থকাতকৈ কিবা এটা কৰি চাইছোঁ৷
’মানুহজনে মিচিকিয়া এটাৰে মোক সুধিলে– ‘মোৰ অফিচত কাম কৰিবা? মৌজাদাৰৰ অফিচ এইটো৷ বহি বহি আৰামত খাজনা ল’ব লাগে৷ ’ মানুহজন গহীন যদিও কথা বতৰাতেই গম পালোঁ যে তেওঁ বৰ মৰমীয়াল৷ একো নভবাকৈয়ে সন্মতি জনালোঁ৷ পিছদিনা ৰাতিপুৱা দহ বজাত কামত ধৰিমহি বুলি কথা দি বিদায় ল’লো৷

পিছদিনা মানুহজনে তেওঁৰ নিজৰ টেবুলখনৰ কাষতে থকা টেবুল এখন মোৰ বুলি আঙুলিয়াই দিলে৷ প্লাষ্টিক টেবুলক্লথ এখনেৰে ঢাকি থোৱা আহল বহল টেবুলখনত জলফাই বৰণীয়া টেলিফোন এটাও আছে৷ টেলিফোন থকা টেবুলখন মোৰ টেবুল বুলি জানি ভাল লাগিল, গপতে দুহাতমান ডাঠ হৈ আহিল বুকুখন৷ সেই সময়ত টেলিফোন এটাৰ সন্মুখত দিনটো বহি থাকিবলৈ পোৱাটো কম সৌভাগ্যৰ কথানে? কিছুসময়ৰ পাছতেই শকত আবত দাদা এজন আহি মোক মোৰ কাম বুজাই দিলেহি৷ বিজয়দা তেওঁ৷ অন্যএখন টেবুলত মিতালীবা বহে৷ মিতালী ফুকন৷ গোলাঘাটৰ৷ দিনটোৰ শেষত গম পালোঁ, মানুহজন, বিজয়দা আৰু মিতালীবা এই তিনিজনেই মানুহ এই ইলি চিনেমা হ’লৰ পিছফালে থকা ১ নং যোৰহাট টাউন মৌজাৰ মৌজাদাৰৰ কাৰ্যালয়টোত৷ মই শেহতীয়া সংযোজন৷ মুঠ চাৰিজন এতিয়া৷

প্ৰথম দিনটো পাৰ কৰি দিয়াৰ পাছতো মানুহজনৰ নামটো নাজানিলোঁ৷ একোবত বিজয়দাকে সুধিলোঁ… কি নাম তেওঁৰ?
—- ৰাজকুমাৰ অজিত নাৰায়ণ সিংহ
—- কি? ….আচৰিত হৈ সুধিলোঁ বিজয়দাক৷
—- আচৰিত হ’লা কিয়?
—- নহয় মানে, ‘দৈনিক জনমভূমি’ত যে ‘বিবিধা’ লিখে, সেই অজিত নাৰায়ণ সিংহ নে?
—- হয় হয় সেইজনেই…বিজয়দাই হাঁহি হাঁহি উত্তৰ দিলে৷

তাৰপাছত আৰু মোৰ মনত গোপন অহংকাৰ গদ গদ হৈ পৰিল৷ যিগৰাকী লেখকৰ লেখনি ‘বিবিধা’ৰ বাবে আমি প্ৰতি সপ্তাহে অধীৰ আগ্ৰহেৰে বাট চাওঁ, যিগৰাকী লেখকৰ লেখনিয়ে ল’ৰা-বুঢ়া সকলোৰে মন চুই যায়, সেইগৰাকী লেখকৰ অফিচত কাম কৰাৰ অহংকাৰ নহ’বই বা কিয় মোৰ? মানুহজনৰ হেঁপাহতে বৰ মনপুতি কাম কৰিছিলোঁ৷ অফিচ চুটিৰ পাছত অজিতদাৰ কোঠাত অজিতদা, মই আৰু মিতালীবাই কথাৰ মহলা মাৰিছিলোঁ৷ নিজৰ কোঠাৰ বিছনাত পৰি অজিতদাই চাহৰ লগত তেলত ভজা পাউৰুটি খায়৷ আমাকো খুৱায়৷ টেলিগ্ৰাফ, এছিয়ান এ’জ ইত্যাদি কাকতৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ মোক পঢ়িবলৈ দিয়ে৷ পেপাৰ কাট কৰি ফাইলত থ’বলৈ শিকায়৷ বিভিন্ন বিষয়বস্তুৰ ওপৰত জ্ঞান আহৰণ কৰি কাকত-আলোচনীলৈ প্ৰবন্ধ লিখিবলৈ শিকায়৷ শব্দ, বাক্য ইত্যাদি কিদৰে গাঁঠিলে লেখা একোটাহঁত সুখপাঠ্য হয় সেয়াও শিকায়৷ অফিচ চুটিৰ পাছৰ আৰু আজিতদা সান্ধ্য আড্ডালৈ ওলাই যোৱাৰ আগৰ এই এক ডেৰঘণ্টা সময় মোৰ বাবে মহামূল্যবান আছিল৷ মিতালীবাৰ বাবেও হয়তো৷

প্ৰথমে অজিত খুড়া বুলি মাতিছিলোঁ৷ সেইবুলি মাতিলে হেনো তেওঁৰ নিজকে বুঢ়া বুঢ়া লাগে৷ বাৰে বাৰে কয়…’তহঁতৰ লগত থাকি ডেকা হৈ থাকিবলৈ দিবি মোক৷ ’ সেয়ে ‘অজিতদা’ বুলি মাতিবলৈ ক’লে৷ তেতিয়াৰ পৰা অজিতদা৷ আজিতদা বৰ চৌখিন আছিল৷ টিপটপ পোছাক, কাঢ়া ইস্ত্ৰি, চামৰাৰ চেণ্ডেলত পলিচৰ চিকমিক, মূৰত প্ৰায়ে আছিল এটা গ’লফ কেপ৷ সাজি-কাচি প্ৰতি সন্ধ্যা ওলাই যায় যোৰহাট গড়আলিৰ এখন নিৰ্দিষ্ট কিতাপৰ দোকানলৈ৷ তেওঁৰ দুজনমান ঘনিষ্ঠ বন্ধুৰ সৈতে নিতৌ আড্ডা দিয়ে তাত৷ দোকানখনৰ নাম পাহৰিলোঁ মই৷ তাতেই বোলে তেওঁ ‘বিবিধা’ৰ বাবে প্লট বিচাৰি পায়৷ কলেজীয়া ল’ৰা ছোৱালীৰ সংগ খুব ভাল পোৱা মানুহজনে আমাৰ লগত আমাৰ বয়সৰ কথাবোৰেই পাতিছিল৷ প্ৰেমৰ কথা পাতিছিল, প্ৰেমত প্ৰতাৰিত হোৱাৰ কথা পাতিছিল, প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা পাতিছিল৷ কেৱল যে পাতিছিল তেনেকুৱা নহয়, এই বিষয়বোৰত পৰামৰ্শ বিচাৰিও ডেকা ডেকেৰীবোৰ প্ৰায়ে আহিছিল তেওঁৰ ওচৰলৈ৷ কোনোবাই চিগাৰেট হুপাৰ অভ্যাস বাদ দিব পৰা উপায় বিচাৰি আহিছিল৷ বহু চেঙেলীয়াক তেওঁ মৰমেৰে নিচামুক্ত কৰিছিল৷ চৰম হতাশাৰ পৰা তুলি আনিছিল বহুতকে৷ মুঠতে ডেকা ডেকেৰিহঁতৰ প্ৰতিটো সমস্যাৰ গঠনমূলক সমাধান আছিল অজিতদাৰ হাতত৷

শনিবাৰে দুপৰীয়া ‘দৈনিক জনমভূমি’ কাকতৰ পৰা মানুহ এজন আহি আমাৰ অফিচত বহি থাকেহি দেওবাৰে প্ৰকাশ পাবলগীয়া ‘বিবিধা’ নিবলৈ৷ অজিতদাৰ লেখাটো সম্পূৰ্ণ হৈ নাথাকে প্ৰায়েই৷ কাকতৰ মানুহজনক অলপ সময় বহুৱাই থৈ অজিতদাই ‘বিবিধা’ৰ শেষৰ দুটামান পেৰাগ্ৰাফ ল’ৰালৰিকৈ লিখে৷ লিখি উঠি কেতিয়াবা মোক আৰু কেতিয়াবা মিতালীবাক মাতি আনি পঢ়িবলৈ দিয়ে৷ হাতৰ আখৰ বেয়া আছিল অজিতদাৰ৷ সেয়ে প্ৰায়েই ঘেহাঁই ঘেহাঁই পঢ়িছিলোঁ৷ পঢ়ি উঠি ‘ঠিকেই আছে’ বুলি কৈ দিলেই তেওঁ লেখাটো খাম এটাত ভৰাই মানুহজনৰ হাতত দি দিবলৈ কয়৷ কেতিয়াবা মানুহজনক বহুৱাই থবলৈ বেয়া পাই ‘দৈনিক জনমভূমি’ক ফ’ন কৰি কয়— ‘আহিব নালাগে আজি৷ মই ল’ৰা এটাৰ হাতত পঠিয়াই দিছোঁ৷ ’ তেতিয়া চাইকেল মাৰি গৈ মই লেখাটো প্ৰেছত দি আহোঁ৷ কাইলৈ প্ৰকাশ পাবলগীয়া ‘বিবিধা’টো আজি প্ৰেছত দি অহাৰ অহংকাৰত কিমান আত্মসন্তুষ্টি ওলমি থাকে সেয়া মইহে বুজিছিলোঁ৷ ‘কাইলৈ বিবিধাত অমুক বিষয়টো ওলাব, পঢ়িবি’….সন্ধ্যা ঘনিষ্ঠ বন্ধু তমিজুৰ আৰু পদুমৰ আগত বাহাদুৰি মাৰিও যে কিমান ভাল লাগিছিল বুজাব নোৱাৰোঁ৷

এবাৰ অজিতদাৰ লগত মই আৰু মিতালীবাই যোৰহাটৰ ‘স্মৃতিগোপাল’ত কিবা এখন চিনেমা চাইছিলোঁ৷ পিছৰ দেওবাৰৰ ‘বিবিধা’ত অজিতদাই আমাৰ চিনেমা চোৱাৰ কথাটো লিখিছিল৷ মোৰ আৰু মিতালীবাৰ নামো ওলাইছিল৷ ‘বিবিধা’ৰ দৰে লেখনিত মোৰ নাম ওলাওঁতে মইতো আনন্দত ক’ব নোৱাৰা হৈ পৰিছিলোঁ৷

মিতালীবাই তেতিয়াৰ পৰাই খুব ভাল লিখিছিল৷ অজিতদাই শিকাইছিল লিখিবলৈ৷ প্ৰবন্ধৰ লগতে সুন্দৰ গল্প লিখিছিল মিতালীবাই৷ আৰু সেই মিতালীবাই শেষত ‘আইদেউ’ আৰু ‘লাইপম’ ৰচনা কৰি অসমৰ সাহিত্য জগতলৈ উল্লেখনীয় বৰঙনি আগবঢ়াইছে৷ মিতালিবাক লৈও মোৰ অহংকাৰৰ অন্ত নাই৷

ডেৰমাহ কাম কৰিলোঁ অজিতদাৰ অফিচত৷ হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ওলাল৷ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত পঢ়িবলৈ যাবলৈ ওলালোঁ৷ অফিচৰ পৰা বিদায় ল’বৰ দিনা অজিতদাই মোক দামী কলা চামৰাৰ জোতা এযোৰ উপহাৰ দি কৈছিল….’জোতা দিয়াৰ বাবে বেয়া নাপাবি৷ গুৱাহাটীত পঢ়িবি যেতিয়া টিপটপকৈ থাকিবি, টিপটপকৈ পঢ়িবি৷ ঘৰলৈ আহিলে নাইট চুপাৰৰ পৰা নামি চিধা আমাৰ ঘৰলৈকে আহিবি৷ লেখা-মেলা কৰি থাকিবি৷ ’
তাৰপাছত গুৱাহাটীৰ পৰা আহি দুবাৰমান গৈছিলোঁ আজিতদা, মিতালীবা, বিজয়দাহঁতক লগ কৰিবলৈ৷ পৰৱৰ্তী সময়ত বিভিন্ন ব্যস্ততা আৰু অসুবিধাৰ বাবে অজিতদাক লগ পোৱা নহ’ল৷ কিন্তু অজিতদাৰ সৈতে কটোৱা সেই ডেৰমাহে মোৰ জীৱনক বহু কিবা কিবি দি গ’ল৷

২০ আগষ্টৰ পুৱা লেখক, সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ জৰিয়তে পালোঁ এটা ডিজিটেল খবৰ……’আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ আজোনাতিৰ দেহাৱসান৷ ’ অজিতদাৰ কথা কৈছে নেকি? বাতৰিটোৰ ভিতৰলৈ সোমাই গ’লো৷ ফ’টখন চালোঁ৷ হয়, এয়া দেখোন আজিতদা৷ আজিতদা নাই৷ খবৰটোকে বিশ্বাস কৰিব পৰা নাই৷ মিতালীবাক মেছেজ কৰিলোঁ…..হয়নে মিতালীবা? ….উম, হয়…..কি হৈছিলনো? ….অসুখ হৈ আছিল এবছৰমান ….অহ, বৰ বেয়া লাগিছে পাই …..কি কৰিবা আৰু……

অজিতদাক পাহৰিব নোৱাৰোঁ কেতিয়াও৷ লেখা-মেলা প্ৰায় নকৰাই হ’লো আজিকালি৷ কাইলৈৰ পৰা আৰম্ভ কৰিম বুলি সদায় ভাবোঁ৷ প্ৰতিবাৰতে অজিতদাৰ কথা মনত পৰে৷ এবাৰ যদি লগ পালোঁহেঁতেন আজিতদাক কেনেবাকৈ! মাত্ৰ এবাৰ৷ অজিতদা য’তেই নাথাকক কুশলে থাকক৷ কাহানিও বুঢ়া হ’ব নোখোজা মানুহজন সদায়েই দুৰন্ত তৰুণ হৈ থাকক তেওঁৰ পৃথিৱীত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক