কাহিনীৰ কাহিনী (তুলিকা নিৰ্মলীয়া)

লিখোঁ বুলিলেই লিখি দিব পাৰি নে তোৰ কথাবোৰ, মোৰ কথাবোৰ, মোৰ পৰিচিত সকলোৰে কথাবোৰ? সকলোৰেইতো থাকে একো একোটা গল্প, একো একোটা কবিতা। ওহোঁ কেৱল এটাই নহয়, কিমানটা গল্প-কবিতাৰে চাগে’ ঠাহ খাই থাকে বুকুৰ ভিতৰখন। অলিখিত, অকথিত কথাবোৰে চাগে’ কিমান খুন্দিয়াই থাকে বুকুৰ চাৰিবেৰত! এই যে চাৰিবেৰৰ ডায়েৰীখন, সকলোৰেইতো আছে। লিখিবলৈ জনা নজনা সকলোৱেইতো লিখে এইখন ডায়েৰী। কোনে জানে কাৰ খন কেই পৃষ্ঠাৰ; কিমান অশ্রুৰ টোপালেৰে সেমেকা, কিমান হাঁহিৰ বাখৰ খটোৱা। লিখি শেষ হয় জানো কথাবোৰ? জীৱনৰ অন্তিম দিনলৈকে লিখিবলৈ বাকী থাকি যায় চাগে’ বহু কিবাকিবি। তই বা মই মানি নল’লেও এই কথা সঁচা যে তোৰখনৰো বহু পৃষ্ঠা কেৱল তোৰেই হৈ আছে, মোৰখনৰো মোৰ, আৰু সকলোৰে। সবেই জানে অলপ কিছু লুকুৱাই থোৱাৰ কিটিপ, অভিনয় কৰাৰ কৌশল। যিখিনিৰ ভাগ কেৱল নিজৰ চিতাৰ জুইকুঁৰাইহে পায় কিজানি।
বাৰু বাদ দিছোঁ এইবোৰ। আচলতে তোৰ কথাবোৰ, মোৰ কথাবোৰ লৈ গল্প এটা লিখিম বুলি ভাবিছিলোঁ। নাহাঁহিবি ৰহ। কাহিনীৰ দাবীত ৰং তুলিকা বুলালে তোৰ কথাবোৰ তোৰ হৈ নাথাকিব আৰু মোৰখিনিও মোৰ হৈ নাথাকিব। আৰু কি জান’ কথাবোৰ প্রথম পুৰুষত লিখিলে সুবিধা হয়। কিন্তু কথা হ’ল পাঠকে কোনখিনিক সঁচা (মানে লিখোঁতাজনৰ নিজৰ) বুলি ধৰি ল’ব আৰু কোনখিনিক কাহিনী (মানে লিখোঁতাজনৰ কাল্পনিক চৰিত্র) বুলি ধৰি পঢ়িব, সেইখিনি ভাবিলেই মোৰ অলপ খেলিমেলি লাগে। কাৰণ পঢ়োঁতাসকলৰ স্বভাৱেই এইটো যে লেখাবোৰত হয় নিজক বিচাৰি পাব নহয় লিখোঁতা গৰাকীক বিচাৰি পাব। পঢ়ি উঠি যদি কোনোবাই সোধে এইয়া আপোনাৰ কাহিনী নেকি তেতিয়া কি ক’ম? মই নহয় বুলিলেও মানি নল’ব। এনেকুৱা ধৰণৰ কৈফিয়ৎ দিবলৈ মই খুবেই বেয়া পাওঁ।

: ক চোন বিপৰীত লিংগৰ মাজতহে আকর্ষণ কিয় বেছি হয়? সেয়া লাগিলে বন্ধুত্বই হওঁক, প্রেমেই হওঁক।
: আজিকালি দেখোন সমলিংগৰ মাজতো প্রেম হয়, বন্ধুত্ব হয়, বিয়াও হয়। কিয় তহঁতি ছোৱালীবোৰ এজনী আনজনীৰ ভাল বান্ধৱী নহৱ নেকি? আমি ল’ৰাবোৰতো ইটো সিটোৰ বেচ ভাল বন্ধু হ’ব পাৰোঁ।
: ধেত ৰহ। আজিকালি বুলি নাভাবি এনেই সাধাৰণভাৱে ক চোন। হয়, আমিও ভাল বান্ধৱী হ’ব পাৰোঁ এজনী আনজনীৰ। কিন্তু গুৰুত্ব কোনে বেছি পায়? ল’ৰাৰ আগত ছোৱালীজনীয়েই পাব আৰু ছোৱালীৰ আগত ল’ৰাটোৱে। হয় নে নহয়?
: জানো পাই তই কিবোৰ সুধি আছ’!
: আৰে বাবা কি নো টান কথা এটা সুধিছোঁ? ধৰি ল তই উখোৱা চাউলৰ ভাত খাই ভাল পাৱ। যদি জহা চাউলৰ মলমলীয়া গোন্ধ এটা আহি নাকত লাগেহি, উখোৱা এৰি জহা খাবি নে নাখাৱ?
: খাবলৈতো মন যাবই আৰু দেচোন।
: ঠিক ঠিক, সেইটোকে সুধি আছিলোঁ তোক। নিশ্চয় তোৰ খাবলৈ মন যাব।
: কি? উখোৱা জহাৰ লগত আক’ সম্পর্কৰ মাজত থকা লিংগভেদৰ কি সম্বন্ধ?
: হাঃ হাঃ তয়ো যে! উখোৱাতকৈ জহাৰ প্রতি তোৰ টান অলপ হ’লেও বেছি। জহাৰ যি হে গোন্ধ! খাবলৈ মন যোৱাটোৱেই স্বাভাৱিক। বুজিলিনে?
: ধুৰৰ… একো বুজি পোৱা নাই মই।
: নহয় অ’ মই ক’ব খুজিছোঁ যে আমাৰ ইন্দ্রিয়বোৰে যিটোক বেছি ভাল পায় সেইটোৰ প্রতি আমাৰ আসক্তি বেছি। যেনে ধৰ তোৰ উখোৱা জহা। নাকটোৱে গোন্ধটো ভাল পায়, জিভাখনেও সোৱাদটো ভাল পায়। চকুৱে ধুনীয়া বস্তুবোৰহে চাব খোজে বাৰে বাৰে; লাগিলে ফুলেই হওক, পখিলাই হওক, মানুহেই হওক বা আন কিবাই হওক। শৰীৰটোক ভালখিনিহে পিন্ধাবৰ মন যায়। কাণেৰে ভালবোৰহে শুনিব খোজোঁ। অৱশ্যে তহঁতি আড্ডাবোৰত যে বেয়া কথাও পাত’ সেইটো খাটাং। সেইখিনিয়েও তহঁতক দিয়ে ভাল লগা কিছু উত্তেজনা, কাণ দুখনৰ মাজেৰে গৈ গাটোত কিবা ভাল লগা শিহৰণ অলপ বগাই যায়। ভাল লাগে বাবেই সেই বেয়াখিনিও শুন। হয় নে নহয়? ছোৱালীৰ মাজতো চলে দে। হোষ্টেলৰ বিয়নি মেলবোৰৰ ফিচফিচনি(?), নতুনকৈ বিয়া হোৱাজনীক ঘেৰি ধৰি লগৰবোৰে যিবোৰ কথাৰ বকলা মেলে… মোৰ জনা আছে। সেইবুলি সেইখিনিক বেয়া বুলি তয়ো নাভাৱ, ময়ো নাভাৱোঁ।

: হয় হয়। ধুনীয়া ছোৱালী এজনী দেখিলে ল’ৰা এটাৰ ভাল লগাটো স্বাভাবিক। ভাল নলগাটোহে অস্বাভাৱিক। এজুম ছোৱালী চকুৰ আগেদি পাৰ হৈ যাব আৰু বহি থকা ল’ৰাবোৰৰ ওঁঠেৰে সুহুৰি এটা নাবাজিব, মুখেৰে চিনেমাৰ ডায়েলগ এটা বাহিৰ নহ’ব সেইটো কেনেকুৱা কথা! তই যদি এতিয়া কৱ যে তেনেকুৱা সময়ত মনে মনে বহি থকাটো ভদ্র ল’ৰা তেন্তে ময়ো ক’ম যে আমিবোৰো কোনোমতেই অভদ্র ল’ৰা নহয়।
: বুজিছোঁ অ’, ধুনীয়া ছোৱালী এজনী দেখি যদি ডেকা এটাৰ বুকুৱে ধান নাবানে সেইটো কিবা ডেকা ল’ৰা হ’ল নেকি ন’? হাঃ হাঃ… আৰু ছোৱালীৰ মুখৰপৰা বাগৰি গৈ ডেকাটোৰ দুচকু ক’ত ৰ’ব সেইটোও মোৰ জনা আছে। সেইটোৱেই স্বাভাবিক দে চোন। বুজোঁ মই।
: ঠিকেই বুজিছ। সেইবুলি পৰৰ ঘৈণীয়েকৰ ওপৰত চকু দিয়াটোৰ কথা কোৱা নাই। নিজৰ ল’ৰা-ছোৱালী এৰি কোনোবা উদঙীয়া ডেকালৈ পলাই যোৱা তিৰোতাৰ কথা কোৱা নাই।
: উমম। কিন্তু স্বাভাৱিক বোৰকেই আমি মানি ল’বলৈ টান পাওঁ বহু ক্ষেত্রত। এতিয়া যদি মই কওঁ যে আমাৰ যিবোৰ সম্পর্ক সেইবোৰ সব দৈহিক তই মানি ল’বিনে? দৈহিক বাবেই বিপৰীত লিংগৰ প্রতিহে আমি বেছি আসক্ত হৈ পৰোঁ, কথাটো হয়নে? কথাটো কিন্তু স্বাভাৱিক আৰু তইযে মানিবলৈ অলপ ইতস্ততঃ বোধ কৰিবি সেইটোও স্বাভাৱিক।
: হুমম… মানি ললোঁ বাৰু। কিন্তু যুক্তি?
: তইতো জানই মই তোৰ দৰে অকাট্য যুক্তি দিব নোৱাৰোঁ। তথাপি তোক দুটামান কাহিনী ক’ম। তাতেই তই তোৰ লগাখিনি বিচাৰি ল’বি। কাহিনীবোৰত বেলেগ বেলেগ চৰিত্র সৃষ্টি কৰাতকৈ মই নিজেই কাহিনীৰ মূল চৰিত্র হ’ম। তেতিয়া কথাবোৰ ক’বলৈ মোৰ সুবিধা হ’ব। প্রয়োজন হ’লে তোকো টানি আনিম।
: ঠিক আছে আৰম্ভ কৰ।
: বাৰু

(১)
তেতিয়া মই স্কুল যাবলৈ আৰম্ভ কৰিছোঁহে মাত্র। আমাৰ ঘৰৰ পিছফালে দুটা ডাঙৰ ডাঙৰ পুখুৰী আছিল। দেতাই কিনি আনি মাছৰ পোনা মেলে। সেইবোৰৰ লগতে পথাৰত পোৱা গৰৈ-চেঙেলী, পুঠি-শিঙৰাৰ পোৱালিও মেলি দিয়ে। এটা পুখুৰীত সৰু সৰু জোক বহুত হৈছিল। দেতাই তিয়ঁহ কাটি তাৰ বাকলিবোৰ পুখুৰীত দি দিছিল। তেতিয়া হেনো জোকবোৰ মৰি যায়। কেতিয়াবা দেতাই মাছ ধৰিলে মই পিছে পিছে খালৈটো লৈ ঘূৰি ফুৰোঁ। পানী কম থকাৰ দিনত পুখুৰীত নমাৰ অনুমতি পাওঁ। তেতিয়া অইন ধৰণে মাছ ধৰে দেতাই। মা আহে, এখন পাতল কাপোৰৰ এটা মূৰত দেতাই ধৰে আনটো মূৰত মায়ে ধৰে, দুয়োখন হাত দুটা আগত ধৰি পুখুৰীৰ তলিৰ মাটিত লগাই কাপোৰখন চোঁচৰাই আনি তুলি ধৰে আৰু মাছবোৰ কাপোৰখনৰ ওপৰত উঠি আহে। মোৱা মাছ নে কি বোৰ বহুত আছিল তেতিয়া। সেইবোৰ পাতত দি খাবলৈ বৰ মজা। লগতে যদি গোলনেমু এটা চেপি মাছখিনি পিটিকি লোৱা হয় আৰু মজা হয়। টিকাত দুই গোৰ লগালেও খাবলৈ নেৰিবি বুজিছ। অ’ কি কৈ আছিলোঁ, পুখুৰী। তেতিয়াৰে কথা। সাঁতুৰিব পাৰোঁ অলপ অলপ। পানী ভর্তি পুখুৰীত নামিবলৈ নিদিয়ে অৱশ্যে। পানী কমি থাকিলে গৰমৰ দিনত নামিবলৈ পাওঁ। আমাৰ পৰিয়ালৰে আছিল দুটামান অঘাইটং, বয়সৰ হিচাপত মোৰ জন্মৰ চাৰি পাঁচ বছৰৰ আগতে তাহাঁতি জন্মিল। অঘাইটং হ’লেও মোক মৰম কৰে। কেতিয়াবা তাহাঁতিও আহি পুখুৰীত নামেহি। আৰু কি জাননে তাহাঁতৰ মাজৰে যি মোক গোটেই কেইটাতকৈ বেছি মৰম কৰিছিল সিয়েই পানীৰ তলত, মোৰ গাৰ নুচুবলগীয়া ঠাইবোৰত চিকুটি দিছিল। মই একো বুজি নাপায় দৰক লাগি ৰৈছিলোঁ। গাত জোক লগাৰ দৰে ভয় খাই খৰকৈ পানীৰপৰা উঠি আহিছিলোঁ। এতিয়াও তাৰ সন্মুখত মই সহজ হ’ব নোৱাৰোঁ। তাৰ চকুলৈ চাবলৈকে মোৰ অহেতুক ভয় এটা লাগে।
: কিবা বুজিলিনে?
: বাকী কাহিনীবোৰ কৈ ল।

(২)
আমাৰ ব পাইৰ সৰুজনী ছোৱালী, মানে মোৰ বাইদেউ দেখিবলৈ বৰ ধুনীয়া আছিল। পঢ়িবলৈও খুউব মন আছিল তাইৰ। কিন্তু মদাহী বাপেকটোৱে সেইবোৰলৈ কাণেই নিদিছিল। মদ খাই হুলস্থূল কৰে, বৰমাক ঔ-কিল দিয়ে। কাম বুলিবলৈ গেলা মালৰ দোকানখনতে দিনটো বহি থাকিছিল তাচপাত খেলি খেলি। আৰু দিনত কিল ভুকু দিয়া মানুহজনীক ৰাতি মৰম কৰিছিল! মুঠতে পঢ়াৰ পৰিবেশ অকণোৱেই নাছিল। তথাপি তাই পঢ়িছিল। হাইস্কুল তেনেকৈয়ে পাৰ হ’ল। কলেজতো নাম লিখোৱালে। কিন্তু নগৰৰ কলেজলৈ সদায় অহা যোৱা কৰিবলৈ টকা-পইচা নাছিল। তেতিয়া আমাৰ ওচৰৰে সম্পর্কীয় দদাইদেউ এজনে তাইক সহায় কৰিছিল। ওপৰে ওপৰে চাবলৈ গ’লে একো নাছিল, যিহেতু সম্পর্কত তাহাঁতি দদাই-ভতিজী আছিল। পিছে লাহে লাহে এনেকুৱা হৈছিল ঘৰত বাইদেউ অকলে থকা গম পালেই সেইজন আহি বহি থাকিছিল। মানুহবোৰেও বু বু বা বা আৰম্ভ কৰিছিল। এদিন হায়াৰ চেকেণ্ডেৰীৰ ফাইনেল পৰীক্ষা নিদিয়াকৈয়ে তাই সেইজন মানুহৰ লগত মনে মনে গুচি গৈছিল। তয়ে কচোন তাইৰ পঢ়াৰ মন আছিল বাবেই মানুহজনে তাইক সহায় কৰিছিল নে তাইক নিজৰ কৰি পাবলৈ প্রথমে সহানুভূতি দেখুৱাই পা-পইচা কিছু দি সহায় কৰিছিল?
: সেইটো কেনেকৈ ক’বি! হয়তো প্রথমে মানুহজনে তাইৰ অৱস্থাটো দেখিয়েই সহায় কৰিছিল। পিছত তাইলৈ মৰম ওপজিল।
: ইমানেই যদি সহানুভূতি আছিল তাইক পঢ়িবলৈ নিদিলে কিয় তেওঁ? আৰু মই এতিয়া শুনা মতে তাহাঁতৰ সংসাৰ মুঠেও সুখৰ নহয়। মানুহটোৱে তাইক যাৰে তাৰে লগত সন্দেহ কৰে।

(৩)
এবাৰ মই গৰমৰ বন্ধত লগৰ এজনীৰ মোমায়েকৰ ঘৰত দুদিনমান থাকিবলৈ গৈছিলোঁ তাইৰ লগত। মোমায়েক দুটা, মাহীয়েক এজনী। ডাঙৰটোৱে নতুনকৈ বিয়া পাতিছে। সৰুটো মোমায়েক বাহিৰত থাকি কিবা চাকৰি কৰে। স্কুলত তাই খুউব কৈ থাকে মোমায়েকৰ ঘৰখনৰ কথা। আম, কঁঠাল, কমলা, লেতেকু, জামুক, পনিয়ল, লিচু,  মধুৰিআম সবেই আছিল সেইখন ঘৰৰ চৌহদত। ডাঙৰ পুখুৰী, ঘৰটোৰ সমানেই ডাঙৰ ভঁৰাল, হাঁহ-কুকুৰা, গৰু-ছাগলী… মুঠতে সকলোফালে উভৈনদী। কথাবোৰ শুনি শুনি মোৰ বৰকৈ সেইখন ঘৰলৈ যাবলৈ মন গৈ আছিল। গৈ যি দেখিলোঁ একেষাৰেই ক’ব পাৰি যে তাই এচিকুট মানো মিছা কথা কোৱা নাছিল। কেৱল বস্তু-বাহানিৰ কথা ক’লে ভুল হ’ব, ঘৰৰ মানুহকেইটাৰ মাজতো যি মিলা-প্রীতি আছিল নেদেখিলে তই বুজিব নোৱাৰিবি। ভাতৰ পাতত বহি আটায়ে ইমান ধুনীয়াকৈ কথা পাতে নহয়, এদিনীয়া মানুহৰ খেলি মেলি লাগিব আচলতে কথা পাতি থকা কেইজন ঘৰৰ মানুহ নে আলহী ফুৰিবলৈ অহা কোনোবা। নেদেখিলে অনুমান কৰিব নোৱাৰি ইটোৰ সিটোলৈ থকা মৰমৰ কথা। বৌয়েকজনীয়ে দেওৰেকক নিজৰ সৰু ভায়েকৰ দৰে মৰম কৰিছিল। দেওৰেকেও ধুনীয়া বৌয়েকজনীক ধেৰ কিবাকিবি বস্তু আনি দিছিল। ককায়েকটো আছিল অলপ অজলা। ঘৰৰ খেতি পথাৰ তেওঁৱেই চম্ভালিছিল। পৰিশ্রম কৰিব পাৰিছিল বহুত। এইখিনিলৈকে ঠিকেই আছিল। পিছৰ কথাবোৰেহে মোক আচৰিত কৰিছিল। দুবছৰৰ পিছত শুনিলোঁ মোৰ লগৰজনীৰ মামীয়েক দেওৰেকৰ লগত পলাই গ’ল নিজৰ মানুহটোক এৰি!

: তই কৈ থকা কাহিনীবোৰ সঁচা নে মিছা ঔ? মই ততকে ধৰিব পৰা নাই।
: যি ধৰিবলৈ আছে পিছত ধৰি থাকিবি। চিনেমা এখনৰ শেষটো যদি তোক কোনোবাই কৈয়েই দিয়ে চিনেমা চোৱাৰ মজাটো ক’ত থাকিব?
: বাৰু বাৰু।
: আচলতে আমি মানুহবোৰ খুউব স্বার্থপৰ, মিছলীয়া, মুখা পিন্ধা। হয়নে নহয় তই ক?
: তই হয় বুলি ক’লেই যে ময়ো ক’ম, তাৰ কিবা মানে আছে নেকি?
: হাঃ হাঃ হাঃ । ঠিক ঠিক। দস্তুৰমত তোৰ বিবেক বুদ্ধি আছে। কথাবোৰ জুকিয়াই মেলি ভালকৈ চালি-জাৰি ক।
: চালি-জাৰি চাবলৈ কি আছে! কিছু কিছু ক্ষেত্রত সবেই স্বার্থপৰ, মিছলীয়া। কেতিয়াবা মুখা এখন পিন্ধাটো জৰুৰী হৈ পৰে। সেইটো কথা তয়ো নুই কৰিব নোৱাৰ’, দুখ লাগিছে বুলিয়েইতো আৰু তই অনবৰতে হায়ৈ-বিয়ৈ কৰি বিনাই থাকিলে নহ’ব। দুখ কাৰ নাথাকে? সেইবোৰ সব ক্ষন্তেকীয়া। এই ক্ষন্তেকীয়া খিনিকে কেতিয়াবা লুকুৱাই ৰাখিবলৈ মুখা এখন দৰকাৰী হৈ পৰে। ধৰি ল’ তোৰ ঘৰত চাউল নাই, নাই মানে তই যে এসাঁজ ভাতলৈ চাউল যোগাৰ কৰিব পাৰিবি তাতো সন্দেহ আছে। সেইখিনি সময়তে আহিল এদিনীয়া মানুহ এজন তোৰ ঘৰলৈ বহু দূৰৰপৰা ৰাতিটো থকাকৈ। কি কৰিবি তই?
: কি কৰিম মানে? যেনেকৈ হ’লেও চাউল মুঠি যোগাৰ কৰাৰ চেষ্টা কৰিম আক’।
: আলহী অহাৰ বাবে খং কৰি আলহীৰ কাণ চুব পৰাকৈ কিবাকিবি নক’বলগীয়া ক’বি নেকি যাতে আলহী গুচি গ’লেও যাওক? নে আলহী শুশ্রূষা কৰিবলৈ নোৱাৰিছোঁ বুলি তই আলহীৰ আগত দুখ কৰিবি? নে আলহীক তোৰ অভাৱী জীৱনৰ কথা অকণো ভূ নিদিয়াকৈ তই যেনেকৈয়ে হওঁক ভাত সাজ যোগাৰ কৰি আলহীৰ আল-পৈচান ধৰিবি? ধৰি ল’ এই এসাঁজ ভাত যোগাৰ কৰিবৰ বাবে তই আপদে বিপদে লাগে বুলি বহুদিনৰেপৰা সাঁচি থোৱা খুচুৰা পইচাৰ টেকেলিটো ভাঙিব লগা হ’ল। আলহী আহিছে বুলি দাইল এপোৱা, মিঠাতেল দুটকাৰ, আলু পাঁচ টকাৰ, পিয়াজ তিনি টকাৰ, কণী দুটা; এইকণটো তোৰ যোগাৰ কৰিবৰ মন যাবই! তেতিয়া? এতিয়া তই নিজে ভাবি ল’ কোনখিনিত স্বার্থপৰ হৈ মিছলীয়াৰ মুখা এখন পিন্ধিবি! কাৰো ক্ষতি নকৰাকৈ অলপ অভিনয় কৰিব পাৰি মুখা এখন পিন্ধি লৈ, দুই এটা মিছা কথা ক’ব পাৰি কাৰোবাৰ ভালৰ কাৰণে, অলপ স্বার্থপৰ হ’বই লাগিব নিজক ভাল পাবলৈ হ’লে। সব বস্তুৰে অতি বেছি ভাল নহয় বুলি কয় যে, ইয়াতো সেইটোৱেই কথা।
: হুমম… কথাবোৰ বৰ খেলিমেলি। আচ্ছা বাৰু ক চোন এইযে তই মোৰ ওচৰলৈ আহ’, কিয় আহ’? তই জান’ মই তোক ভাল পাওঁ আৰু ময়ো জানো তই মোক ভাল নাপাৱ! তথাপি তোৰ ওঁঠে চিনি পায় মোৰ ওঁঠৰ উষ্ণতাক। না তই মোক কিবা প্রতিশ্রুতি দিছ না মই কিবা চুক্তি কৰিছোঁ তোৰ স’তে। তেন্তে?
: চা, তই বিচাৰিছ বাবেই মই তোৰ ওচৰলৈ আহিছোঁ। তয়ো মানা কৰা নাই মোক। এতিয়া নক’বি যে মই কিবা দোষ কৰিছোঁ। ইচ্ছা কৰিলে বহুত কিবাকিবি কৰিব পাৰোঁ, কিন্তু নাই কৰা। কিছুমান বস্তু কিছুমানক দিব পাৰি। সেয়ে দিছোঁ। নিজক এবাৰ সুধি চা। তয়ো জানো নিবিচাৰ মোক ওচৰৰ পৰা। নিজক ফাঁকি নিদিবি বুজিছ।
: বুজিছোঁ। তই ভালপোৱা ছোৱালীজনী যদি তোৰপৰা আঁতৰি নগৈ এতিয়াও তোৰ হৈ থাকিলেহেঁতেন, তেতিয়াও কথাবোৰ এনেকৈ ভাবিব পাৰিলিহেঁতেন নে? তেতিয়াওঁ তই এনেকৈ মোৰ ওচৰলৈ আহিলিহেঁতেন নে? এতিয়াৰ দৰে বুকু ফিন্দাই ক’ব পাৰিলিহেঁতেন নে আন দহজনী ছোৱালীক নিচেই ওচৰৰপৰা পোৱাৰ কথা?
: যিবোৰ নাই সেইবোৰক মাজলৈ নাটানিবি।
: হাঃ হাঃ হাঃ। কিয়? তোৰ বেয়া লাগিছে? এটা কথা তই মানি ল’বি নে নাই নাজানো। কিন্তু মই মানো, বিশ্বাস কৰোঁ। তহঁত ল’ৰাবোৰৰ হয়তো কোনোবা ছোৱালীৰ লগত এদিন কটোৱাটো তেনেই সাধাৰণ কথা কিন্তু ছোৱালীবোৰে নোৱাৰে ইমান সহজে। ল’ৰা ছোৱালী বোলোতে মই সবকে সাঙুৰি লোৱা নাই সেইটোও জানিবি। সব একে কেতিয়াও হ’ব নোৱাৰে। তই কোৱা কথাবোৰৰ ওপৰত ভেজা দি হে মই তেনেকৈ ভাৱিছোঁ। এইযে তই মোক ভাল নোপোৱাকৈয়ে আহিছ মোৰ ওচৰলৈ, তোৰ বাবে চাগৈ ইয়াত ভাবিব লগীয়া একো নাই। কিন্তু মই? মই ভাল নোপোৱা এজনৰ হাতত নিজক সঁপি দিব নোৱাৰোঁ। আৰু তোক মোৰ কাষ চাপিবলৈ দিছোঁ মাত্র তোক মই ভাল পাওঁ বাবেই। তই ভবাৰ দৰে মই কেৱল তোৰ শৰীৰী সান্নিধ্য কেতিয়াও বিচৰা নাই।
: হুঁহ তহঁতি ছোৱালীবোৰে ভাব’ কি নিজক? আহি গ’লি না নিজৰ জেগাত! মানে দোষ মই কৰিছোঁ? তই অবলা নাৰী, একো নাজান’! তহঁত ধুৱা তুলসীৰ পাত? কিয় তহঁতৰ মন নাযায় নেকি কাৰোবাৰ দুবাহুত সোমাই টোপনি যাবলৈ? সপোনতে মনে মনে ভাল লগা কাৰোবাৰ বিচনাত নিজক কল্পনা কৰি ৰোমাঞ্চিত হৈ পোৱা নাই নে আজিলৈকে? মিছা কথা নক’বি। তহঁতি তেনেকুৱা সপোন দেখা আৰু আমি ল’ৰাবোৰে নীলা চিনেমা চোৱাৰ মাজত কোনো পার্থক্য নাই। ছোৱালীবোৰ সঁচায়ে আচৰিত!
: ৰহচোন খং নকৰিবি। মই ল’ৰাৰো বদনাম গোৱা নাই ছোৱালীৰো প্রশংসা কৰা নাই। তইতো কৱ প্রেম, ভালপোৱা এইবোৰৰ লগত তোৰ সম্পর্ক নাই। ইম’চন-চেন্টিমেন্ট এইবোৰ অদৰকাৰী তোৰ বাবে। ঠিক আছে মানি ল’লোঁ তোৰ কথাবোৰ। মানে তোৰ আৰু এটা মেচিনৰ মাজত কোনো পার্থক্য নাই!
: মই সেইবুলি কোৱা নাই। মানুহ মানুহেই। ঈশ্বৰ হ’ব নোৱাৰে। মানুহ যেতিয়া, মানুহৰ আৱেগ-অনুভূতি থাকিবই। মানুহ হৈ মই মানুহৰপৰা বেলেগ কেনেকৈ হ’ম?
: ময়োতো সেইটোৱেই বুজাব খুজিছোঁ তোক। তয়োতো মানুহ। তেন্তে তই কেনেকৈ পাৰ নিজক ইমান লুকুৱাই থ’বলৈ?
: নাই লুকুওৱা মই। লুকুৱাবলৈ কি আছে। মই যি হয় সেয়াই। তই দেখোন কৈয়েই আছ’ সব মানুহ একে নহয়। সেইটোৱেই কথা। মই তোৰ দৰে নহয়। হ’ব নোৱাৰোঁ। তই ভবাৰ দৰে মই নাভাবোঁ। তোৰ ফিল’চফি আৰু মোৰ ফিল’চফি ৰে’লৰ চিৰিৰ দৰে। ক’ৰবাত কটাকটি কৰিব পাৰে কিন্তু একেলগ কেতিয়াও হ’ব নোৱাৰে।
: আৰু সেয়ে তই মোক ভাল পাব নোৱাৰ’।

: বাজে কথাবোৰ সুধি নাথাক।
: হাঃ হাঃ হাঃ । সোধা নাই তোক। মই নিজকে নিজে কৈছোঁ। জাননে মই তোক ভালপাওঁ বুলি ক’বলৈ অলপো সংকোচ নকৰোঁ। সেয়ে কৈয়ো দিছোঁ তোক আগতেও বহুবাৰ। তোৰপৰা মই কেতিয়াও ইয়াৰ উত্তৰ বিচৰা নাই। প্রেম ভালপোৱা মানে কেৱল শৰীৰী সান্নিধ্য নিশ্চয় নহয়। একেদৰে কেৱল আৱেগৰ জখলাৰে বগাই গৈয়ো প্রেমৰ ঘৰ পাতিব নোৱাৰি। এতিয়া তয়ে ক’চোন প্রেম তই কৰিছ’ নে মই কৰিছোঁ? তোক মই আহিবলৈ মানা কৰা নাই কেতিয়াও আৰু তয়ো মোক ভাল নোপোৱাকৈয়ে চুই চাবলৈ অলপো কুণ্ঠাবোধ কৰা নাই। মই যিদৰে আৱেগৰ পিঠিত উঠি কল্পনাৰ আকাশত ঘূৰি ফুৰোঁ, একেদৰে তই প্রেকটিকেল হৈ জীৱনৰ খলাবমা বাটত সাহসেৰে খোজ দিয় যুক্তিৰ হাতত ধৰি। এতিয়া তয়ে ক এই সম্পর্কটোক তই কি বুলি ক’বি? কিছুমান কথাৰ উত্তৰ নাই বুজিছ’, সেইবোৰ বিচাৰি ফুৰাটোও মুর্খামিহে হ’ব। বাদ দে এইবোৰ।
কি অ’ মোৰ কাহিনীবোৰ ক’ৰবাতে থাকিল দেখোন। নহ’ব বুজিছ এনেকৈ কাহিনী লিখা নহ’ব মোৰ। এতিয়া পঢ়োঁতাসকলে ভাৱিব কোনখিনি মোৰ নিজৰ কথা। কোনখিনি তোৰ কথা। কোনখিনি আমাৰ কথা। তোৰ আচলতে অস্তিত্ব আছেনে নাই। নে তয়ো মোৰ কাল্পনিক চৰিত্র। আৰু মই যদি কওঁ এইখিনি মোৰ নহয়, মাত্র কাহিনীৰ খাতিৰত ৰহণ লগাই বেছি বেছি কৰি লিখিছোঁ, তোকো মোৰ কাহিনীবোৰ শুনাবলৈকে কল্পনাৰ চিৰিয়েদি নমাই আনিছোঁ; তেতিয়া ৯৯% পাঠকেই ভাবিব যে মই মিছা কৈছোঁ আৰু ভাবিব আচলতে মই যিখিনি নহয় বুলি কৈছোঁ সেইখিনিহে মোৰ নিজৰ কথা। তেনেকৈ ভবাটোৱেই স্বাভাৱিক! আমাৰ মানুহৰ স্বভাৱেই যে সেইটো। ছোৱালীজনীতকৈ ল’ৰাটোলৈ মাক বাপেকৰ মৰম বেছি হয়, দুজনী ছোৱালীৰ ধুনীয়াজনীলৈ মৰম বেছি হয়, অলপ দেখনিয়াৰ হ’লে ছোৱালীবোৰৰ কামবোৰ সোনকালে হৈ যায়, কলেজৰ প্রেক্টিকেলৰ বহীত দুটা নম্বৰ বেছিকৈ পায়। যদি তোৰ বাহ্যিক সৌন্দর্য্য নাই তই ভিতৰি যিমানেই ধুনীয়া নহৱ কি সেইখিনি দেখুৱাবলৈ তই সুবিধাই নাপাবি। এনেকুৱা হাজাৰটা উদাহৰণ ওলাব যিবোৰ স্বাভাৱিক কিন্তু আমি মানি নলওঁ। আৰু আমি মানি নোলোৱাটোও স্বাভাৱিক!
এদিন লিখিম এটা সঁচা কাহিনী। তোৰ আৰু মোৰ। সেইটো হ’ব মোৰ জীৱনৰ শ্রেষ্ঠ কাহিনী! তইতো জান’ নিজৰ শ্রেষ্ঠখিনি উজাৰি দিয়া মানেই শেষ! তাৰ পিছত ক’বলৈ লিখিবলৈ আৰু একো নাথাকে। কিন্তু কাহিনীৰ জানো শেষ হয় এনেকৈ? এটা জীৱনৰ মাত্র এটাই কাহিনী কেতিয়াও হ’ব নোৱাৰে। কাহিনীবোৰ কৈ শেষ নকৰালৈকে শেষ কাহিনীটো কেনেকৈ লিখিম? শেষটো উশাহে লগ এৰি যাবলৈ লোৱাৰ সময়তো মানুহৰ ক’বলৈ থাকে বহুত কিবাকিবি। কামনা কৰে আৰু অলপ সময় জীয়াই থাকিবলৈ! ডায়েৰী সদায় আধৰুৱাকৈয়ে লিখা হয়। গতিকে… …।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments