কাহিনী এটা মনত পৰি গ’ল (২) ( অনুপম দাস বাবকন )

এদিন নাৰদে বিষ্ণুক সুধিলে, প্ৰভু আপোনাৰ পৰম ভক্ত কোন বাৰু?

নাৰদে ভাবিছিল বিষ্ণুৱে তেওঁৰ নামেই ক’ব৷ কিন্তু বিষ্ণুৱে ক’লে: পৰম ভক্ত বুলিলে জনকপুৰৰ তেলী জনৰ নামেই লব লাগিব৷

নাৰদে মনতে বেয়া পালে৷ তেলীয়েনো কেইবাৰ ঈশ্বৰৰ নাম লয় তাকে চাবলৈ নাৰদ তেলীৰ ঘৰ পালেগৈ৷

তুমি ভগবানৰ নাম কেইবাৰ লোৱা? নাৰদে সুধিলে তেলীক৷

তেল পেৰি পেৰি তেলীয়ে ক’লে: কেইবাৰনো ল’ব পাৰো, ঢেৰ কাম আমাৰ৷ কামৰ মাজতে দুই এবাৰ ঈশ্বৰৰ নাম লওঁ আৰু মই৷

নাৰদে গৈ বিষ্ণুক ক’লে: প্ৰভু, তেলীয়ে দুই এবাৰ নামলৈয়ে আপোনাৰ সৰ্বোত্তম ভক্ত হ’ল? বেয়া পাইছো প্ৰভু!

নাৰায়নে ক’লে, নাৰদ তেল পেৰা কামটো বৰ টান৷ সাৱধানে সৰিয়হ ঘানীত দিয়া, তেল নষ্ট নোহোৱাকৈ সংগ্ৰহ কৰা, চপচপীয়া হৈ থকা তেলৰ পাত্ৰ এটোপালো নপৰাকৈ সংগ্ৰহ কৰা সহজ কাম নহয়৷ তাৰ মাজতে মোৰো নাম লয় তেওঁ৷

এহ্ কিদালনো টান কাম সেইটো? ময়ো আয়াসতে পাৰিম৷

হয় নে? যোৱাচোন কৰি চোৱাগৈ৷

নাৰদ ফোঁফোৱাই তেলীৰ ঘৰ পালেগৈ৷

তেলীয়ে সঁজুলি যতনাই দিলে৷ নাৰদ কামত লাগি গ’ল৷ তেল পেৰিলে, সাৱধানে তেল সংগ্ৰহ কৰিলে আৰু তেলৰ চপচপীয়া পাত্ৰটো এটোপালো নপৰাকৈ কঢ়িয়াই নি মূলঘৰত থলেগৈ৷

লৰালৰিকৈ বিষ্ণুৰ ওচৰ পাই নাৰদে গৰ্বৰে ক’লে: : প্ৰভূ তেলীৰ কাম কিনো টান? মই এবাৰতে কৰিলো৷ অকমান সাৱধান হব লাগে বাৰু৷

বিষ্ণুয়ে হাঁহি এটা মাৰি ক’লে, বাহ নাৰদ উত্তম কাৰ্য কৰিছা দেই৷ পিছে তেল পেৰাৰ সময়ত তুমি মোৰ নাম কেইবাৰ ল’লা বাৰু? মই এবাৰো নুশুনিলো দেখোন৷

নাৰদৰ তেতিয়াহে মনত পৰিল, ব্যস্ততাৰ সময়ত তেওঁ নাৰায়ণৰ নাম লবলৈ পাহৰিয়েই গ’ল৷

মোক বুজাব নালাগে প্ৰভূ, বুজি পালো৷

সেৱা এটি জনাই নাৰদ ওলাই গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments