কাহিনী নহয়, সঁচা কথা ( জয়ন্ত আকাশ বৰ্মন )

আমাৰ চেক্চনত নতুন সহকৰ্মী এজন আহিছে৷ নাম এড্মাণ্ড৷ মিজো সম্প্ৰদায়ৰ তেখেতৰ ঘৰ মিজোৰামত৷ এতিয়া গুৱাহাটীতেই থাকে৷ সিদিনা এড্মাণ্ডে অফিছ ছুটীৰ পিছত চাহ-চিংৰাৰ পাৰ্টী দিছিল৷ গৰম চিংৰা আৰু ৰঙা চাহৰ চুমুকৰ মাজে মাজে আমি আড্ডা মাৰি আছিলো আটায়ে৷ কথাৰ মাজতে এড্মাণ্ডে ক’লে- মোৰ ‘ঘৈণীয়াৰাৰ’ বহুত খং ৰে! অ’ফিছৰ পৰা দেৰিকে ‘যালে’ ইমান খং কৰে! আটায়ে গিৰ্জনি মাৰি হাঁহি উঠিল৷ এজনে ক’লে-তই অসমীয়া ভাষাৰ মান-ইজ্জত খাই দিলি৷ এড্মাণ্ডে একো বুজি নাপাই মোৰ মুখৰ ফালে চালে৷ এজনে ৰিপিট কৰিলে- মোৰ ঘৈনীয়াৰাৰো বহুত খং ৰে৷ দেৰিকে যালে তায়ো বহুত খং কৰে৷ আৰু আটায়ে হাঁহি দিলে৷ বেচেৰা এড্মাণ্ডৰ মুখখন ৰঙা পৰি গ’ল৷ ‘আৰ্ ৰেই, গলতি হ’লে বুজাই তো দিবি৷ অখমীয়া হিকিব মই কিমান চেষ্টা কৰি আছো! মোৰ স্কুলত তো অখমীয়া নাছিলেই৷ মোৰ বাচ্চাৰ স্কুলততো অখমীয়া ক’লে মিছে পানিছমেণ্ট দিয়ে৷ কিবা গলতি হ’লে তহঁতে নিহিকালে কোনে হিকাব? তহঁতৰ পৰা হিকিয়েই মই মোৰ বাচ্চাকো অখমীয়া হিকাই আছু৷ মই ভুলকে ক’লে সিও ভুল কে কব৷

হয়৷ আমি ভুলকৈ ক’লে, এড্মাণ্ডেও ভুল কৈ শিকিব৷ এড্মাণ্ডৰ সন্তানেও ভুলকৈ শিকিব৷ আৰু এড্মাণ্ডক যদি নিশিকাই বেছিকৈ হাঁহি থাকোঁ তাৰ অসমীয়াক লৈ, সি আমাকেই ভুলকৈ শিকাই নেপেলাব নে?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments