কাৰপুংপুলিৰ জন্ম কাহিনী (মিচিং সাধু) – মৌচুমী মৌমন

এসময়ত খুব ধুনীয়া দুগৰাকী বাই ভনী আছিল৷ নাম আছিল কাৰপুন আৰু পুলি৷ দেখাট বিৰাট ধুনীয়া আছিল সিহঁত৷ এদিন সিহঁত দুজনী এখন হাবিলৈ খৰি, ঢেঁকীয়া বুটলি আনিবলৈ গল৷

কাৰপুন আৰু পুলিয়ে খৰি ঢেঁকীয়া বুটলি কিমান সময় পাৰ কৰিলে গমকে নেপালে৷ ঐনিতম গাই ধেমালি কৰি থাকোতে বেলি লহিয়াবলৈ ধৰিলে৷ সিহঁতি হাবিখনৰ পৰা ওলোৱা মানে এন্ধাৰ হৈ আহিল৷

সেই হাবিতেই এটি ৰাক্ষস আছিল৷ সি কাৰপুন আৰু পুলিৰ গাৰ গোন্ধ পাই সিহঁতক খেদি আহিবলৈ ধৰিলে আৰু সিহঁত দুজনীয়ে পলাবলৈ ধৰিলে৷ গৈ গৈ এজোপা বৰগছৰ আৰত সিহঁতে মিচিং সকলৰ আৰাধ্য দেৱতা আবুতানিক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে৷ সিহঁত দুজনীৰ কাতৰ প্ৰাৰ্থনা শুনি পাঁচগৰাকী আকাশৰ পৰী সিহঁতৰ কাষলৈ পঠিয়াই দিয়ে আৰু কাৰপুন আৰু পুলিক আকাশলৈ উৰুৱাই লৈ ডাৱৰৰ মাজত লুকুৱাই থলে৷

সেই হাবিত থকা ৰাক্ষসটোৱেও সিহঁতৰ পিছে পিছে গৈ আকাশ পালে গৈ৷ আৰু আকাশতো সিহঁতক খেদিবলৈ ধৰিলে৷ আকাশৰ পৰ পাঁচজনীয়ে মিলি কাৰপুন আৰু পুলিক য’ত ত’ত লুকুৱাবলৈ ধৰিলে৷ পৰীৰে সৈতে সিহঁত সাতগৰাকী আকাশত তৰা হৈ জিলিকিবলৈ ধৰিলে৷ সাতভনী হৈ৷ আৰু ৰাক্ষসে খেদাৰ বাবই সিহঁতক হেনো জোনাক ৰাতি কাৰপুনপুলিক (সাতভনীক) একে ঠাইত দেখাপোৱা নেযায় বুলি মিচিং সমাজত ভাবে৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক