কাৰবি জনগোষ্ঠী সকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰ (মংগল সিং ৰংফাৰ)

Karbi Janagosthi_Mangal Singh Ramphar

কাৰবি সকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ কথা ক’বলৈ যোৱাৰ আগতে পোন প্ৰথমে কেইটামান কথা কৈ থোৱাটো উচিত হ’ব। কাৰবি সকলৰ পৰম্পৰাগত ৰন্ধন প্ৰণালীত তেল বা মা-মচলাৰ ব্যৱহাৰ প্ৰায় নাই বুলিয়েই ক’ব পাৰি।তেলৰ সলনি কাৰবি সকলে তিলৰ গুড়ি প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰে আৰু মা-মচলাৰ পৰিবৰ্তে প্ৰাকৃতিক পৰিবেশত পোৱা বিভিন্ন উদ্ভিদৰ যেনে ল’পং পাত(মদিনা পাত), জিৰলাং নামৰ পাহাৰীয়া নহৰু, তিহাছ’ নামৰ পাহাৰীয়া হালধি,ৱৰেক জকাছু(মান ধনিয়া) পাত আদি মচলা হিচাপে ব্যৱহাৰ কৰে।

কাৰবি সকলৰ ৰন্ধন প্ৰণালীত সাধাৰণতে ছয়বিধ পদ্ধতিৰে খাদ্য সমূহ তৈয়াৰ কৰা হয়।এই পদ্ধতি বোৰক কালাংদাং বা কি-উপ, কাংমই, কিফি, কাংথু, কিমুং আৰু কাৰ্নু পাক্ৰেং বুলি কোৱা হয়।তিতা আৰু টেঙাৰ ব্যৱহাৰ কাৰবি ৰন্ধনত প্ৰায়েই দেখা যায়। মাংস আৰু শুকান মাছ কাৰবি সকলৰ প্ৰিয়।কেচাঁ মাছ ৰান্ধি খোৱাতকৈ শুকান কৰি ‘তুমান’ খোৱাহে তেওঁলোকে অধিক পছন্দ কৰে। ঠিক তেনেদৰে কিছুমান মাংস বিশেষকৈ হৰিণাৰ মাংস, চাই নামৰ বনৰীয়া মিথুনৰ মাংস তেওঁলোকে ৰ’দত বা ধোঁৱাছাঙত শুকুৱাই সংৰক্ষণ কৰি থয় আৰু পিছত বিভিন্ন পাছলিৰ লগত খাৰ দি বনাই খায়।গাহৰি মাংস ৰ’দত বা ধোঁৱাছাঙত দি শুকুৱাই লৈ দুদিন মানৰ পিছত ৰান্ধিলে খুব সোৱাদ লগা হয়-যিটো কাৰবি সকলে প্ৰায়ে ৰান্ধে।
কালাংদাং:-কোনো তেল ব্যৱহাৰ নকৰাকৈ মাছ-মাংস, শাক-পাচলি আদি সিজোৱাকে কালাংদাং বুলি কোৱা হয়।এই পদ্ধতিত শাক-পাচলি ,মাছ বা মাংস আদা-নহৰু, জলকীয়া, নিমখ, তিলৰ গুড়ি বা হালধীৰ মিশ্ৰণেৰে সৈতে পাত্ৰ এটাত জোখ মতে পানী দি সিজোৱা হয়।গাহৰিৰ মাংস, মুৰ্গীৰ মাংস আৰু মাছ কাৰবি সকলে প্ৰায়ে কালাংদাং পদ্ধতিৰে ৰন্ধা দেখা যায়।
গাহৰিৰ মাংস বাঁহৰ টেঙা গাজেৰে ৰন্ধা কালাংদং কাৰবি সকলৰ এবিধ প্ৰিয় খাদ্য।এটা পাত্ৰত জোখ মতে পানী লৈ গাহৰি মাংসৰ সৈতে বাঁহৰ টেঙা গাঁজৰ লগত আদা,নহৰু বা জিৰলাং, জলকীয়া, নিমখ আৰু লপং পাত দি সিজোৱা হয়।হালধি আৰু লপং পাতৰ পৰিবৰ্তে তিলৰ গুড়ি দিও গাহৰি আৰু বাহৰ টেঙা গাজেৰে কালাংদাং ৰান্ধিব পাৰি।
ঠিক তেনেকৈ মুৰ্গীৰ মাংসৰো কাৰবি সকলে আদা নহৰু আৰু তিলৰ গুড়িৰে কালাংদাং বনায়।মাংসৰ লগত কিছুমান পাচলি দিয়ো মুৰ্গীৰ কালাংদাং ৰন্ধা হয়।মাছ আৰু বাঁহৰ টেঙা গাজেৰে আদা-নহৰু, নিমখ-জলকীয়া আৰু লপং পাত দি মাছৰ টেঙা জোলৰ কালাংদাং ৰন্ধা হয়।
কাংমই:-খাৰ দি প্ৰস্তুত কৰা খাদ্য প্ৰণালীকে ‘কাংমই’ বুলি কোৱা হয়।কাৰবি সকলে কচু, ৰঙালাউ,বেঙেনা অমিতা আদি খাৰ দি ৰান্ধি খায়।খাৰৰ আঞ্জাত সাধাৰণতে সৰু শুকান মাছ আৰু তিলৰ গুড়ি দিয়া হয়। শুকান হৰিণা মাংসৰে বেঙেনা বা অমিতাৰ খাৰৰ আঞ্জা কাৰবি সকলৰ এবিধ প্ৰিয় খাদ্য।গাহৰি মাংস আৰু মাটি মাহৰ খাৰৰ আঞ্জাও ৰন্ধা হয়।
কিমুং:-বাঁহৰ চুঙাত মাছ-মাংস বা শাক আদি আদা-নহৰু, হালধী,জলকীয়া-নিমখ দি জুইত সিজোৱাকে ‘কিমুং’ বুলি কোৱা হয়।কাৰবি সকলে গাহৰিৰ মাংস,মুৰ্গীৰ মাংস আৰু মাছ বাঁহৰ চুঙাত সিজাই খায়।কলৰ পাত নতুবা ল’ৰো পাতত মেৰিয়াই মাংস বা মাছ আদা-নহৰু,হালধী-জলকীয়া আৰু নিমখ মিহলাই কেঁচা কোমল বাঁহৰ চুঙাত ভৰোৱা হয় আৰু জুইত দি সিজোৱা হয়। কাৰবি সকলে চাউলো কলপাত বা ল’ৰো পাতেৰে মেৰিয়াই জোখ মতে পানী দি বাহৰ চুঙাত সিজাই খায়। বাহৰ চুঙাত দাইল আৰু ৰঙা চাহো সিজাই খাব পাৰি।
কাংথু:-কলপাত বা হালধী পাতত মাছ-মাংস আৰু শাক আদি আদা-নহৰু হালধী-জলকীয়া, লপং আৰু নিমখ দি জুইৰ অঙঠাৰ মাজত থৈ ভাপত সিজোৱাকে কাংথু বুলি কোৱা হয়।কাৰবি সকলে সৰু মাছবোৰ সাধাৰণতে কলৰ পাতত দি ‘কাংথু’ কৰি খায় ভাল পায়।‘মুছি’ নামৰ কাঠফুলাৰ ‘কাংথু’ এবিধ জনপ্ৰিয় খাদ্য।

কিফি:-মাছ বা মাংসৰ টুকুৰা জুইৰ অঙঠাত সিজোৱাকে কিফি বুলি কোৱা হয়।পাহাৰীয়া নদীৰ ডাঙৰ মাছ আৰু গাহৰি মাংস কাৰবি সকলে ‘কিফি’ কৰি খায় ভাল পায়।
কাৰনু পাক্ৰেং:-কোনো তেল ব্যৱহাৰ নকৰাকৈ কেৰাহিত শুকানকৈ ভাজি সিজোৱাকে কাৰনু পাক্ৰেং বুলি কোৱা হয়। কিছুমান শাকৰ পাত নিমখ আৰু নহৰু দি কেৰাহীত শুকানকৈ ভজা হয়।
কাৰবি সকলৰ খাদ্য তালিকাত প্ৰায়েই টেঙা বা তিতা আঞ্জা থাকে।টেঙাৰ ভিতৰত হানচেৰং(টেঙামৰা),দেলাপ(মধুশুলেং) আৰু হানচে শাকৰ টেঙা আঞ্জা কাৰবি সকলৰ মাজত বৰ প্ৰিয়। হানচেৰং টেঙা বিশেষকৈ শুকান মাছ নতুবা কেঁচা মাছ আৰু গাহৰিৰ মাংসৰ লগতো ৰন্ধা হয়।হানচে টেঙাৰ শাক তাৰাৰ লগত (তৰা গছৰ ভিতৰৰ কোমল অংশ) শুকান মাছ দি ৰন্ধা হয় তাৰোপৰি মাছ আৰু গাহৰিৰ মাংসৰ লগতো হানচে টেঙা আঞ্জা ৰন্ধা হয়।তিতা আঞ্জাৰ ভিতৰত জক আন(তিতা ফুল), ৰিহ’, থেচ’কেহ’(তিতা ভেকুৰি) আৰু থেচ’ৰংমান(ভিত তিতা) কাৰবি সকলৰ প্ৰিয়।থেচ’ৰংমান,হানচেৰং আৰু বেঙেনাৰ লগত শুকান মাছ দিয়া কালাংদাং তেওঁলোকে খায় ভাল পায়।

কাৰবি সকলে পৰম্পৰাগত খাদ্যৰ শাক-পাচঁলি পাহাৰৰ হাবি জংঘলৰ প্ৰাকৃতিক পৰিবেশৰ পৰা সংগ্ৰহ কৰে।বিশেষকৈ দুনকেক(ঢেঁকীয়া), লাংদুং(কল ডিল), তাৰা, হানথু(ভজাগুটি), মেহেক, ফি কাংনেক(বগী তৰা), ফি লাংদুং(ৰামছৰ), ৱ’ছ’পিবন, হান ৱ’অক, চ’ছত, হান ছাংবি, হান ৰিছাং, হানথাই, হান বিপ’, ফ্লেৰক্লুং(নেফাফু) আদি শাকবোৰ।তাৰে ভিতৰত তিতা জাতীয় শাক-পাচলি-জক আন,ৰিহ’(কাউৰি কেৰেলা) আৰু টেঙা জাতীয় শাক-পাচলি হানচে, দেলাপ, হানচেৰং আদি শাকবোৰ আজি কালি বাৰিতে ৰোৱাৰ ব্যৱস্থা কৰিছে।
কাৰবি সমাজত বনৰীয়া কাঠফুলা বৰ প্ৰিয়। খোৱাৰ উপযোগী বনৰীয়া কাঠফুলা কাৰবি সকলে অতীজৰে পৰা নামাকৰণ কৰি চিনাক্ত কৰি আহিছে।সেই কাৰণে বনৰীয়া কাঠফুলা খাই মৃত্যু হোৱাৰ ঘটনা খুব কম।মু-চকপুন, মুপ্লং, মুলকচ’,মুৰিক, মো-আৰনান, মো ফ্লাকফ্লাক,মুচি আৰু মুফাং আদিয়েই হ’ল কাৰবি সকলে খোৱা কাঠফুলা।কাঠফুলা কাৰবি সকলে কাংমই নতুবা কাংথু কৰি খায়।

কাৰবি সকলে কচু আৰু আলু জাতীয় খাদ্য পাচলিৰ ওপৰিও কিফি বা কিউপ পদ্ধতিৰে সিজাই ৰঙা চাহৰ লগত পৰিবেশন কৰা হয়।ৰুই ফাৰকং,ৰুইদক,ৰুই চেলং,ৰুই ছুদ’,ৰুই ল’ৰু,ৰুই পাতম,ৰুই ল’বং আদি আলুবোৰ কাৰবি সকলে ঝুম খেতি পথাৰত খেতি কৰি অহিছে। হেনতং,হেন দংদাৰ,হেনচেক মেক আং,হেঞ্ছেক মেকলক,হেন কেমে,হেন পংছি,হেন ক’ৱে আৰু থাবেনাই আহেন আদিয়েই হ’ল কাৰবি সকলে ঝুম খেতিত কৰা কচু।
কাৰবি সকলে এৰি পোকৰ লেটা, ইংকেত, মৌ পোৱালি, আৰ্তি আতি(আমৰলি টোপ) আদি বিভিন্ন কীট-পতংগ খাদ্য হিচাপে খায়।

কাৰবি সকলৰ কেইটামান পৰম্পৰাগত জনপ্ৰিয় খাদ্য হ’ল-চাউলৰ পিঠা গুড়িৰ লগত ৰন্ধা মুৰ্গীৰ মাংসৰ আঞ্জা, বিশেষকৈ ই পূজাৰ সময়ত ৰন্ধা হয় আৰু পূজাৰ প্ৰসাদ হিচাপে খোৱা হয়।গাহৰি মাংসৰ লগত কচু আৰু গাজ টেঙাৰ আঞ্জা, মুৰ্গীৰ মাংসৰ লগত ৰঙালাও,কচু পাতৰ লগত গাহৰি মাংসৰ আঞ্জা, মাছৰ লগত হেন দংদাৰ আৰু বাহ গাজ টেঙাৰ আঞ্জা,গাহৰিৰ মাংসৰ লগত মাটি মাহৰ খাৰৰ আঞ্জা, হান্থু আৰু হেনচেক কচুৰ শুকান মাছ দিয়া খাৰৰ আঞ্জা ইত্যাদি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments