কাৰিকৰী অপভাষা (প্ৰতিম প্ৰতাপ বৰুৱা)

এজন মদাহী মানুহ আছিল। মদ নাখালে থাকিব নোৱাৰে। মদ খাই নিচাৰ কোবত ৰাস্তাই-ঘাটে পৰি থাকে। মানুহজনৰ পত্নী নিৰুপায়। এদিন পত্নীয়ে যেনেতেনে মানুহজনক সৈমান কৰিলে যে তেওঁ মাত্ৰ ঘৰতহে আৰু সন্ধিয়াহে দিনে মাত্ৰ এপেগকৈ মদ খাব। মদৰ বটলটো পত্নীগৰাকীৰ জিম্মাত থাকিব আৰু পত্নীয়ে নিজে দিনে এপেগ মদ তেওঁক বাকি দিব। যথাসময়ত সন্ধিয়া মানুহজন ঘৰত মদ খাবলৈ বহিল আৰু পত্নীগৰাকীয়ে মদৰ বটলটোৰ পৰা এগিলাচ মদ উলিয়াই মানুহজনক দি ক’লে – “সদায় এই এপেগ মদেই খাবলৈ দিম। ইয়াতকৈ বেছি খাব নোৱাৰিব।“ মানুহজনে আনন্দ মনেৰে মদৰ গিলাচটো হাত পাতি ললে। মানুহজনে পত্নীক পেগ মানে কি সেইটো কেতিয়াও জানিবলৈ নিদিলে। পত্নীগৰাকী সুখী হ’ল যে মানুহজনে দিনে মাত্ৰ এপেগহে মদ খায়, আৰু মানুহজন সুখী হ’ল যে তেওঁৰ প্ৰয়োজনীয় মদৰ পৰিমানটো একেই থাকিল।

এই পৰিস্থিতিটোক কি বুলি ক’ব পাৰি? মানুহজনে এটা বিশেষ তথ্য সহজ-সৰল পত্নীগৰাকীক সম্পূৰ্ণকৈ জানিবলৈ নিদিয়াকৈ ৰাখি নিজৰ মদ খোৱাৰ লোভটো পুৰা কৰি থাকিল আৰু একেসময়তে পত্নীগৰাকীয়ে বিশ্বাস কৰি থাকিল যে মানুহজনে তেওঁৰ কথামতে মদ খোৱাৰ পৰিমানটো কমাই পেলালে। এই পেগ শব্দটো মানুহগৰাকীৰ বাবে এটা কাৰিকৰী অপভাষা (technical jargon) হোৱাৰ কাৰনেই মানুহজনে নিজৰ কাম নিশ্চিন্তমনে কৰি যাব পাৰিলে।

এতিয়া এবাৰ চাৰিওফালে চকু ফুৰাই চাওক। দেখা পাব যে চাৰিওফালে কিছুমান কাৰিকৰী অপভাষা উপঙি ফুৰিছে। এই কাৰিকৰী অপভাষাবিলাকৰ প্ৰকৃত অৰ্থটো সাধাৰণ মানুহে সম্পূৰ্ণকৈ বুজি নোপোৱাৰ সুবিধাতে এচামে নিজৰ মতে কাম কৰি গৈছে। পেট্ৰ’ল আৰু ডিজেলৰ দাম বঢ়োৱা হ’ল। লগে লগে বাছ ভাড়া, ৰেল ভাড়াৰ পৰা আদি কৰি অত্যাৱশ্যকীয় প্ৰায় প্ৰতিটো বস্তুৰ দাম বাঢ়িল। এই মূল্যবৃদ্ধিৰ মূল কাৰণ পেট্ৰ’ল আৰু ডিজেলৰ চৰা দাম বুলি কোৱা হ’ল। এই মূল্যবৃদ্ধি সমাজৰ একেবাৰে ওপৰৰ মানুহজনৰ পৰা আৰম্ভ কৰি একেবাৰে তলৰ স্থানৰ মানুহজনলৈকে সকলোৰে বাবে সমানে হ’ল। পেট্ৰ’ল আৰু ডিজেলৰ দাম যিমান শতাংশ বাঢ়িল অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম তাতকৈ বহুগুণে বেছি শতাংশ বাঢ়িল। পেট্ৰ’ল আৰু ডিজেলৰ দাম কিয় বাঢ়িল, কি কি কাৰকে এই ক্ষেত্ৰত ক্ৰিয়া কৰে সেইবোৰ কথা কাৰিকৰী অপভাষা কিছুমানৰ সহায়ত মানুহক কোৱা হ’ল। আৰু সেই কাৰিকৰী অপভাষাখিনি আমি সেই পত্নীগৰাকীয়ে পেগ মানে কি বুজাৰ দৰে বুজি ললো।

অসম তথা উত্তৰ-পূবৰ কেইখনমান ৰাজ্যত চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ বাংলাদেশৰ পৰা প্ৰবজন কৰা মানুহ অবৈধভাৱে আছে। এই অবাধ প্ৰবজনে আৰু ইতিমধ্যে থিতাপি লোৱা এই অবৈধ নাগৰিকসকলৰ সতি-সন্ততিয়ে এটা সময়ত অসমৰ জনগাঁঠনিৰ পৰিবৰ্তন আনিব বা ইতিমধ্যে আনিবলৈ আৰম্ভ কৰিছেই। এইটো সহজ-সৰল, পোনপটীয়া সত্য কথা। এতিয়া কেইখনমান আইন, বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন ৰাজনীতিক, জাতীয়তাবাদী বুলি নিজৰ চিনাকী দিব বিচৰা স্থানীয় সংগঠনৰ নেতা, সশস্ত্ৰ বিপ্লৱত বিশ্বাসী বিভিন্ন উগ্ৰবাদী সংগঠন আদিয়ে নিজা নিজা স্বাৰ্থত এই অবৈধ প্ৰবজনকাৰীসকলৰ বিষয়ে আৰু তেওঁলোকৰ অসমৰ পৰা বহিষ্কৰণৰ বিষয়ে কাৰিকৰী অপভাষা কিছুমান প্ৰচাৰ কৰি আছে।

অসমৰ সকলো জনগোষ্ঠীকে সামৰি লৈ পাৰস্পৰিক বিশ্বাস, সমন্বয় আৰু সন্মানৰ আধাৰত এক বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠা উঠিত। এই কথাটোত কাৰো দ্বিমত নাই, থাকিব নালাগে। কিন্তু বিভিন্নজনে বিভিন্নসময়ত এই জনগোষ্ঠীসকলক লৈ আৰু অসমীয়া জাতি বিষয়ত কাৰিকৰী অপভাষা ব্যৱহাৰ কৰি নিজা ব্যক্তিগত স্বাৰ্থ পূৰণ কৰি আছে। ফলত তাহানি চুকাফাৰ দিনতে আৰম্ভ হোৱা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো এতিয়াও বিৰামহীনভাৱে চলিয়েই আছে। অসমীয়াৰ সংজ্ঞাটোকে আজি কাৰিকৰী অপভাষাই হেঁচা মাৰি ধৰি আছে।

বৃহৎ নদীবান্ধে বান্ধটোৰ নামনিত থকা অঞ্চলসমূহলৈ ভয়ানক বিপদ আনিব পাৰে আৰু লগতে এনে বান্ধে অসমৰ পৰিবেশ আৰু পাৰিপাৰ্শিকতাও সলনি কৰি দিব পাৰে। অসমৰ চাৰিসীমা এতিয়াও বিবাদৰ উৰ্ধত নহয়। হিন্দীবলয়ৰ ৰাজনীতিয়ে অসমৰ সমাজ-জীৱনৰ সিদ্ধান্তসমূহ লব পৰা মানুহবোৰক নিয়ন্ত্ৰণ কৰে। সাত দিন সাত ৰাতি মাইক লগাই ধৰ্মৰক্ষাৰ নামত চিঞৰ-বাখৰ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ অপূৰণীয় ক্ষতি কৰা হয়। স্বাধীনতাৰ এযুগ পিছতো অসমৰ চাহ-সম্পদৰ ওপৰত আৰু সেই সম্পদৰ উৎপাদনৰ আহিলাৰ ওপৰত অসম বা ভাৰতৰ সম্পূৰ্ণ অধিকাৰ নাই। ষ্টিলৱেল পথটোৰ সদব্যৱহাৰ আজিও নহ’ল, ভবিষ্যতে কেতিয়াবা হোৱাৰো আশা নাই। তথাকথিত বিপ্লৱৰ নামত ৰাজহুৱা স্থানত বোমা পাতি নিৰপৰাধ নাগৰিকক হত্যা কৰা হৈয়েই আছে। ইত্যাদি। এইবোৰ সত্য, পোনপটীয়া, সহজে সকলোৱে বুজি পোৱা কথা। এই কথাবোৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ বিভিন্ন মহলে কিছুমান কাৰিকৰী অপভাষা সৃষ্টি কৰি ব্যৱহাৰ কৰি আছে।

সমাজৰ অধিকাংশ লোকে সঠিককৈ বুজি নোপোৱা এই কাৰিকৰী অপভাষাসমূহৰ সৃষ্টি আৰু প্ৰয়োগ যিমানে কম হয় সিমানে মংগল।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments