কাৰ্পেটৰ সপোন- অভিজিত দত্ত

কাৰ্পেট এখন সাৰসুৰ নোহোৱাকৈ পৰি আছিল৷ বিশাল ঘৰটোৰ প্ৰথম কোঠাটোৱেই চ’ৰাঘৰ৷ তাতেই মজিয়াত গাটো পেলাই কাৰ্পেটখনে জীৱন নিৰ্বাহ কৰিছিল৷ হওঁতে তাইৰ বিশেষ এটা দুখ নাছিল৷ ঘৰৰ মালিকৰ ভেকুৱাম ক্লিনাৰ এটাই মাজে মাজে তাইৰ গাটোত ভাকুটকুটাই দিছিল৷ তায়ো হাঁহি এটা মাৰি তাইৰ গাটো ক্লিনাৰটোলৈ সানন্দে আগবঢ়াই দিছিল৷ সেই যে গৰু এটাই তাইৰ গাত বগলীটো পৰি গাত থকা পোক খালে এক স্বৰ্গীয় সুখ অনুভৱ কৰি চকুদুটা মুদি দিয়ে, তেনেধৰণৰ সুখ এটা কাৰ্পেটখনে অনুভৱ কৰিছিল৷ পিছে বগলীয়ে গাৰ পোক নিৰিখি নিৰিখি খাই আঁতৰি যোৱাৰ পিছত গৰুটো আকৌ বিশাল পথাৰখনত অকলশৰীয়া হৈ পৰাৰ দৰেই ভেকুৱাম ক্লিনাৰটো আঁতৰি যোৱাৰ পিছত কাৰ্পেটখন আকৌ নিসংগতাত ভুগিছিল৷

পিছে কাৰ্পেটখনৰ বাবে সকলোতকৈ ভয়াবহ আছিল নিশাৰ নীৰৱতা৷ ঘৰটোৰ মালিকে মাজে মাজে মদ খাই তাইৰ নানাৰঙী গাটোৰ ওপৰত হলাহলে বমি কৰে৷ কিবা এক অকটা গোন্ধত কাৰ্পেটখনৰ ওকালি ওলাই আহে৷ অন্ততঃ পিছদিনাখনলৈ গাত বমিসোপা লৈয়েই তাই নিশাটো পাৰ কৰিবলগীয়া হয়৷

এনেদৰেই দিনবোৰ অতিবাহিত হয়৷ একাকী কাৰ্পেটখন আৰু অধিক নিসংগ হৈ পৰিছে৷ ঘৰখনত থকা সৰু লৰা-ছোৱালীহাল এতিয়া এহাল যুৱক-যুৱতীলৈ সলনি হৈছে৷ তাইৰ দেহৰ যৌৱনমতী ভাবটো আজিকালি নোহোৱা হৈ পৰিছে৷ চ’ৰাঘৰৰ পৰা তাইক স্থানান্তৰিত কৰা হৈছে৷ ঘৰটোৰ ষ্টৰ ৰুমৰ একোণত তাই সময়বোৰ কটাইছে৷ বহুদিন তাইক ঘৰৰ পৰা বাহিৰ কৰিব লাগে বুলি পৰিয়ালটোৱে আলোচনা কৰিছে৷ তেনে আলোচনাৰ সময়ত তাইক আজি এটা দশকৰ আগতে বজাৰৰ পৰা ক্ৰয় কৰা মানুহজনৰ নুমলীয়া জীয়েকে উচুপি উঠিছে৷ সেই জীয়েকগৰাকী অৰ্থাৎ ঘৰখনৰ মানুহজনৰ পত্নী আৰু দুটা সন্তানৰ মাতৃগৰাকী বাউলি হৈ পৰিছে৷ বিয়াৰ সময়ত অন্যান্য সামগ্ৰীৰ লগতেই মানুহগৰাকীক বাপেকে কাৰ্পেটখন দিছিল৷ মানুহগৰাকীৰ মৃদু আপত্তিত সাময়িক ভাবে কাৰ্পেটখন পৰিত্যাগ কৰা কথাটো তল পৰি আহিছে৷

এই যে মানুহজনৰ নুমলীয়া জীয়েকজনী, তায়েই বিয়া হৈ অহাৰ সময়ত এই কাৰ্পেটখন লগত লৈ আহিছিল৷ সেইবাবেই কাৰ্পেটখনৰ বাবে তাই আছিল এক সঞ্জীৱনী সুধাৰ আকৰ৷ আনহাতে তাই কাৰ্পেটখনক যে ঘৰখনৰ পৰা আঁতৰ কৰাৰ ক্ষেত্ৰত কান্দি কাটি প্ৰায়েই বাধাৰ সৃষ্টি কৰে, সেই কথাত কাৰ্পেটখন সদায়েই আনন্দিত হয়৷ হয় দেই, এইয়াহে বাপেক চাই জীয়েক! কাৰ্পেটখনৰ মনত পৰে সেই বিশেষ দিনটোলৈ৷

“হেৰি, এইখননো আমাক কিয় লাগে?“

“এ নহয় হে৷ তাইৰ বাকী বস্তুৰ সতে কাৰ্পেটখনো বিয়াত দিম বুলি ভাবিছো৷“

“এহ, জোঁৱায়ে বা আকৌ কি ভাবে?“

“যি ভাবে ভাবক দিয়া৷ তাইক মোৰ কাৰ্পেটখন দিবলৈ মন গৈছে, মই দিম৷ কথা সিমানেই৷ কথা নবঢ়াবা আৰু৷“

মানুহগৰাকী মনে মনে থাকে৷ বাপেকটোৰ জীয়েকৰ প্ৰতি থকা স্নেহকণক তেওঁ যে সদায়েই গুৰুত্ব দিয়ে!

আজি এমাহমান হল৷ সেই মানুহজনৰ নুমলীয়া জীৰ মৃত্যু ঘটিল৷ ঘৰখনৰ লাম-লাকটুসোপা স্থানান্তৰ কৰা হল৷ তাইৰ গাত যে দৌৰি-ঢাপৰি খেলা কৰা সৰু ল’ৰা-ছোৱালীহাল, সিহঁতৰ মাকৰ মৃত্যুৰ খবৰ লবলৈ আহৰি নহল৷ মাকজনী মৰাৰ এসপ্তাহমান পিছত ছোৱালীজনী এবাৰ ঘৰলৈ আহিছিল বুলি কাৰ্পেটখনে জানিব পাৰিলে৷ আচলতে কিবা এপদ সামগ্ৰী ষ্ট’ৰ ৰূমত থবলৈ আহোঁতে তাইক কাৰ্পেটখনে দেখিছিল‌৷ ছোৱালীজনীক দেখি তাইৰ উথপথপ লাগিছিল৷ অন্ততঃ এবাৰৰ বাবে হ’লেও তাই তাইৰ হাতৰ পৰশেৰে কাৰ্পেটখনক ধন্য কৰিব বুলি তাই এটা আশা পুহি ৰাখিছিল৷

এইজনী ছোৱালীয়ে তাইৰ গাত সৰু থাকোঁতে কতবাৰ অজানিতে মল-মুত্ৰ ত্যাগ কৰিছিল৷ তাই সেই সময়তো তাইক আদৰেৰে আবৃত কৰি ৰাখিছিল৷

এখন কেঠা আৰু কাপোৰ লগ হৈ উম দিব পৰা এখন কাপোৰ হৈছেগৈ৷ দুয়োখনক একেলগে চিলাই কৰি থোৱা আছে৷ তাৰ ওপৰত মানুহৰ ঘৰে ঘৰে কাম কৰি ফুৰা তিৰোতাগৰাকী শুই আছে৷ সেই কেথা আৰু কাপোৰ লগ হৈ চিলাই থোৱা কাপোৰখনৰ তলত বৰ আদৰেৰে কাৰ্পেটখনক স্থান দিয়া হৈছে৷ তাই আজি সুখী হৈ পৰিছে৷ তায়ো পুনৰ কাৰোবাক সুখ অলপ দিব পাৰিছে৷ কাৰ্পেটখনৰ চকুলো বৈ আহিছে৷ এক আৱেগক সামৰি সুতৰি তাই বুকুখনত সোমাই থলে৷ কালি মানুহজনে এই কাম কৰা তিৰোতাগৰাকীক কাৰ্পেটখন দান দিলে৷

এটা বছৰ পাৰ হৈ যোৱাৰ পৰৰ কথা৷ এসোপামান মানুহ আহি এদিন সেই তিৰোতাগৰাকীক সাক্ষাৎ কৰিলে৷ তেওঁলোকৰ মতে মানুহগৰাকীয়ে চৰকাৰী মাটিত তাইৰ ঘৰটো সাজিছে৷ মানুহকেইজনে তাইক চৰকাৰী নিৰ্দেশমতে তাই এতিয়া ঠাইটুকুৰা পৰিত্যাগ কৰিব লাগিব জাতীয় এক নটিচ দিলে৷

কাৰ্পেটখনে সকলো শুনিলে৷ তায়ো প্ৰমাদ গণিলে৷ তাইক আশ্ৰয় দিয়া মানুহগৰাকী নিৰাশ্ৰয় হবলৈ ওলোৱা ঘটনাটোত তাইক শোকে খুন্দা মাৰি ধৰিলে৷

অৱশেষত সেই ঘটনাটো ঘটিল৷ মানুহগৰাকীক তাই বাস কৰা স্থানৰ পৰা খেদি পঠিওৱা হল৷ আজিকালি মানুহৰ ঘৰে ঘৰে কামবন কৰিব নোৱৰা তাই মানে বৃদ্ধাগৰাকীয়ে কাৰ্পেটখন লৈয়েই পদপথত আশ্ৰয় ললে৷

কাৰ্পেটখন এটি নিঃসহায় দেহৰ অভিভাৱকলৈ সলনি হোৱাৰ এক আমোঘ ক্ষণ পৰিস্ফূট হল৷

লাহে লাহে চহৰখনলৈ শীত নামি আহিল৷ মানুহগৰাকীৰ গাটোলৈও জঠৰতা নামিল৷ জুই একুৰা জলাই লাহে লাহে মানুহগৰাকীয়ে কাৰ্পেটখনেৰে নিজকে ঢাকি ৰখা কৰিলে৷ কাৰ্পেটখনৰ ভিতৰত তাই টোপনি মৰা আৰম্ভ কৰিলে৷ কাৰ্পেটখনে মাতৃত্বৰ মমতাৰে তাইক সাৱটি ধৰি এক সুকীয়া আমেজ অনুভৱ কৰিলে৷

এদিনৰ কথা৷ সেইয়া শীতৰ সেমেকা পুৱা এটাৰ ঘটনা৷ কাৰ্পেটখনে মানুহগৰাকীক বুকুত সাৱটি লৈ চিলমিল টোপনিত পৰিছিল৷ হঠাৎ তাই যেন এটা গেঙনিৰ শব্দ শুনিলে৷ তাই উচপ খাই উঠিল৷ হয়, গেঙনিটো মানুহগৰাকীৰ পৰা ভাঁহি আহিছে৷ কাৰ্পেটখনে উৎকৰ্ণ হৈ গেঙনিটো আকৌ শুনিবলৈ মন কৰিলে৷ নাই, তাই একো শব্দ নুশুনিলে৷

দুঘণ্টামান পিছৰ কথা৷ চহৰখনত হাহাকাৰ লাগিছে৷ কোনোবা মন্ত্ৰী নে কোনোবা ভব্যগব্য মানুহ চহৰখনলৈ আহিব৷ পৌৰ নিগমত কাম কৰা কৰ্মচাৰীসকলৰ হাহাকাৰ লাগিছে৷ হঠাৎ তেওঁলোকে পদপথত এটা মৃতদেহ আৱিষ্কাৰ কৰিলে৷ কাৰ্পেট এখনত লেটি লৈ থকা মৃতদেহটো দেখি তেওঁলোক বিবুধিত পৰিল৷ অলপ সময় গুণাগথা কৰি তেওঁলোকে মৃতদেহটো নদীখনত পেলাই দিয়াৰ সিদ্ধান্ত ললে৷

এইয়া নদীখনৰ কোবাল সোতত মৃতদেহটো ওপঙি গৈ আছে৷ এখন কাৰ্পেটে মৃতদেহটো সাৱটি ধৰি আছে৷

কাৰ্পেটখনে তাইৰ জীৱনটোৰ পৰিসমাপ্তিৰ বিষয়ে অনুধাৱন কৰিবলৈ সক্ষম হৈছে৷ তাই মানুহগৰাকীৰ দেহটোক নিকপকপীয়াকৈ সাৱটি ধৰিছে৷

এটা যাত্ৰাৰ সাক্ষী হৈ নদীখন প্ৰৱাহিত হৈ আছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments