কাৰ্বিসকলৰ মুখে-মুখে চলি অহা কাহিনী: (সংগ্ৰাহকঃ দেৱেন চন্দ্ৰ গগৈ৷ ইউনিক’ডলৈ ৰূপান্তৰ:ঋতুমনি দত্ত)

বিনংৱপু নামৰ এটা ল’ৰা আৰু কাচেই নামৰ এজনী ছোৱালী অকলে বাস কৰিছিল৷ কাচেই আছিল ডাঙৰ৷ কাচেইয়ে ঘৰৰ সকলো কাম আৰু খেতিও কৰে৷ ভায়েকক কামত লগাব নোৱাৰি বায়েকে তাক ভাত পানী খাবলৈ নিদি এদিন ঘৰৰ পৰা খেদি দিলে৷ তেতিয়া সি বায়েকক ক’লে, চা বাইদেউ মই এই মুৰ্গীটো, দাখন আৰু এই জুইবাহটো সহায় হিচাপে লৈ ঘৰৰ পৰা ওলালো মোক আৰু নিবিচাৰিবি৷

সি গৈ কুলেং উপত্যকা পালেগৈ৷ মনৰ দুখত লাংকুমফাং নদীৰ পাৰত বহি বায়েকৰ ব্যৱহাৰ মনত পেলাই কান্দি কান্দি ভগৱানক প্ৰাৰ্থনা কৰি ক’লে__হে’প্ৰভু তুমি বিচাৰ কৰা৷ কেইবাদিনো ফলমূল খাই পাৰ কৰি সি খেতি কৰাৰ কথা ভাবি হাবি জংঘল কাটি মাটি উলিয়ালে৷ কিন্ত কঠিয়া যে নাই৷ কেবাখনো গাৱত কঠিয়া নাপায় সি ৰংচপ নামৰ গাঁৱৰ এঘৰত সোমাই মুৰ্গীটোৰ কাৰণে ধান খুজিলে৷ গিৰিহঁতে ঘৰ ক’ত বুলি সোধাত হাবিখনতে তাৰ ঘৰ বুলি ক’লে৷

ঘৰলৈ গৈ সি মুৰ্গীটোৰ টোটোলা ফালি সি ধান খিনি উলিয়াই কঠিয়া কৰিলে৷ তাৰপৰাবহুত ধান পালে৷ এইদৰে দুই তিনি বছৰ খেতি কৰি সি বহুত চহকী হ’ল৷
হাবিৰ মাজত ঘূৰি ফুৰোতে ভাগৰ লগাত জীয়েক আনঙে মাকক ক’লে, “মোৰ ভৰি আৰু আগবঢ়াব নোৱাৰা হৈছো, তোৰো জানো ভাগৰ লগা নাই?” তাকে শুনি মাকে ক’লে মোৰ ভোক আৰু ভাগৰ দুয়োটাই লাগিছে৷ সৌটো কাৰ ঘৰ জানো? তাতে থাকিবলৈ দিবনেকি৷ তেওঁ লোকৰ কথা বতৰা শুনি বিনংৱপুৱে ক’ৰ পৰা আহিছে শুধিলে আৰু ঘৰলৈ মাতি নি ৰাখি থলে৷

এদিন দুটা কেৰ্কেটুৱাই কিছুমান গছৰ গুটি লৈবৰগছৰ তলত পূজা কৰি আছিল৷ তাকে দেখি কাচেইয়ে কি কৰিছনো বুলি সোধাত সিহঁতে জীয়েকৰ বেমাৰ ভাল হবলেপূজা কৰিছে বুলি ক’লে৷ তেতিয়া কাচেইয়ে সিহঁতৰ সৰু ছোৱালী জনীৰো বেমাৰ বৰ গছৰ তলত পূজা কৰিলে ভাল হবনে বুলি সুধিলে৷ কেৰ্কেটুৱাই ক’লে যে সিহঁতৰ মোমাই নাই বাবে হে বৰগছৰ তলত পূজা কৰিছে মোমাই থকা হ’লে মোমাই পূজা কৰিলেহেঁতেন৷ কাচেই ক’লে সিহঁতৰ মোমায়েক বহুত দিনৰ আগতে ঘৰৰ পৰা গুচি গ’ল ক’ত আছে নাজানে৷ এই কথা শুনি কেৰ্কেটুৱাই মোমায়েকক বিচাৰি দিবলে গাত ল’লে৷ আৰু তেওঁলোকৰ নিয়ম মতে পূজাৰ সকলো বস্তু গোটাবলে ক’লে৷ কাচেইয়ে ঘৰলৈ গৈ পূজাৰ সামগ্ৰী যোগাৰ কৰিলে কিন্তু কেৰ্কেটুৱাৰ দেখা দেখি নাই৷ ইফালে ছোৱালীৰ অসুখ বেছি হৈছে৷ তেনেতে এদিন দুটা কেৰ্কেটুৱাই সিহঁতৰ পথাৰত ধান খাই থকা দেখি কাচেই য়ে ক’লে আমাৰ খেতি এনেয়ে কম তাতে তহঁতে খাই দিছ৷ উত্তৰত সিহঁতে মোমাই বিচাৰি পোৱা খবৰ দিবলে আহিছে বুলি ক’লে৷
কাচেই সেইদিনা ই এটা খাঙত পূজাৰ সামগ্ৰী লৈ গিৰিয়েকৰ সৈতে যাবলৈ ওলাল৷ কেৰ্কেটুৱাই গছে গছে আৰু কাচেইহঁত পিছে পিছে গৈ কেবাদিনৰ পিছত মোমায়েকৰ ঘৰ পালেগৈ৷ কেৰ্কেটুৱা দুটাই বিনংৱপুৰ ঘৰটো দেখুৱাই হাবিলৈ গুচি গ’ল৷
বিনংৱপু ওলাই আহি বায়েকক চিনি নাপায় ক’ৰ পৰা আহিছে সুধিলে৷ কাচেইয়ে পৰিচয় দিয়াত ঘৈণীয়েক আনঙে পূজাৰ খাং টো লৈ বায়েকহঁতক ভিতৰলৈ মাতি নিলে৷ ভাগিনীয়েকৰ অসুখ বুলি শুনি মোমায়েকে বৰ দুখ পালে আৰু পূজাৰ বস্তু গ্ৰহণ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে৷ ভাগিনীয়েকৰ কেবা বছৰীয়া অসুখ ভাল হ’ল৷ তেতিয়াৰ পৰাই কাৰ্বি সমাজত মোমাই পূজা চলিবলৈ ধৰিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক