কা মেইখাৰ ঘৰ আৰু ঘৰৰ দাৰ্শনিক মৰ্ম (সমুদ্ৰ কাজল শইকীয়া)

সামুদৰা

“উদ্বাস্তু? উদ্বাস্তু কোন নহয়? আমি বায়ুভূত, নিৰালম্ব।”
ঋত্বিক ঘটকৰ “সুবৰ্ণৰেখা”

“Those in power have made it so we have to pay simply to exist on the planet. We have to pay for a place to sleep, and we have to pay for food”
― Derrick Jensen, Endgame, Vol. 1: The Problem of Civilization

: ‘কা মেইখাৰ ঘৰ’ৰ পৰা আধুনিক অসমীয়া সমাজ বীক্ষণ

তিলোত্তমা মিশ্ৰৰ ‘কা মেইখাৰ ঘৰ’ সম্পৰ্কে কোনো আলোচনা আজিৰ তাৰিখলৈকে চকুত পৰা নাই। অসমীয়া জাতীয়তাবাদেৰে আছন্ন অথবা অসমীয়াত্বৰে আপ্লুত কোনোবা লেখকৰ পক্ষে অৱশ্যে ই সম্ভৱো নহ’ব যেন লাগে। কাৰণ অসমীয়া মানুহৰ ইতিহাস বুলিলে সাধাৰণতে আমি যেনেকুৱা (অ’ল্ড ইজ গ’ল্ড বিলাসী) এখন ছবি সততে দেখি থাকোঁ, ইয়াত এখন অন্য ছবিহে দেখিবলৈ পাওঁ। এই কথা সত্য যে আমি ইতিহাসক সচৰাচৰ তেনেকৈয়ে দেখা পাওঁ ঠিক যেনেকৈ আমি আচলতে আজিৰ তাৰিখত চাবলৈ বিচাৰোঁ। ইতিহাসৰ ক্ষেত্ৰত পৰম সত্য বুলি একো নাই। একেদৰেই ইতিহাস বুলিলে সাধাৰণতে যাক বুজা যায়, সি সদায়েই শ্ৰেণীগতভাবে বৈষম্যৰে ভৰা।

ইতিহাস নিৰপেক্ষ হ’ব পাৰেনে? উত্তৰটো হ’ল নোৱাৰে। যি ঠাইৰ, যি সময়ৰ ইতিহাসেই নহওক কিয়, ই সদায়েই পক্ষপাতদুষ্ট। কোনো পক্ষ নোলোৱা বুলি দাবী কৰা ইতিহাসো আচলতে কোনোবা এটা পক্ষতেই অৱস্থান কৰে। এটা ৰিজনি হয়তো এনেকুৱা হ’ব পাৰে যে, ‘এপলিটিকেল’ বা ‘পলিটিকেল নহয়’ বুলি কোৱা কথা এষাৰ আচলতে মজ্জাগতভাবেই পলিটিকেল। আনহাতে পক্ষপাতে যদি ইতিহাস প্ৰণেতাৰ এটা সচেতন ৰাজনৈতিক আৰু সামাজিক অৱস্থানক প্ৰতিপন্ন কৰে, তেনেহ’লে কিছুমান ক্ষেত্ৰৰ এই পক্ষপাত আদৰণীয়। এই অৱস্থান গ্ৰহণ এহাতে যেনেকৈ প্ৰণেতাৰ চাব্‌জেক্টিভ বা ব্যক্তি-বিশিষ্টতাৰ সূচক আনহাতে ই আইডেন্টিটি পলিটিক্সৰো ধাৰক। আধুনিক অসমীয়া সমাজৰ উত্থান আৰু গঠণৰ এক জীৱন্ত দলিল স্বৰূপ তিলোত্তমা মিশ্ৰৰ ‘কা মেইখাৰ ঘৰ’ উপন্যাসখনে ইতিহাসৰ ফালে নতুন দৃষ্টিভঙ্গীৰে এবাৰ চাবলৈকে আমাক অণুপ্ৰাণিত কৰে। ইতিহাস বীক্ষণৰ সৰলৰৈখিক বা ক্ৰমবিৱৰ্তনৰ পদ্ধতিটোৰ বিপৰীতে ই এক বহুধা বিভক্ত সঞ্চাৰৰ কথা হে উনুকিয়ায়।

তিলোত্তমা মিশ্ৰৰ ‘কা মেইখাৰ ঘৰ’ মই পঢ়া দ্বিতীয়খন উপন্যাস। ‘স্বৰ্ণলতা’ পঢ়া নাই। ‘লৌহিত্য সিন্ধু’ পঢ়ি ইমানেই আপ্লুত হৈছিলোঁ যে এটা সময়ত য’লৈকে গৈছিলোঁ সেইখন লগত লৈ ফুৰিছিলোঁ। লগৰ বন্ধু বান্ধৱ বহুতকে পঢ়িবলৈ উদগনি জনাইছিলোঁ। ‘কা মেইখাৰ ঘৰ’-খন মেলি লৈয়েই আদয়োপান্ত গোটেইখন প্ৰায় গো গ্ৰাসে গিলিলোঁ বুলিয়েই ক’ব লাগিব। অসমীয়া কিতাপ আজিকালি বৰকৈ পঢ়া নহয়। উপন্যাস বা গল্প আৰু বেছি পঢ়া নহয়। সেয়েহে কোনো তুলনামূলক কথা আমি ক’ব নোৱাৰিম। কিন্তু উপন্যাসখনে যেনেকৈ এই আমাক ভিতৰৰ পৰা জোকাৰি থৈ গ’ল সেই কথাখিনি নিশ্চয়কৈ ক’ব পাৰিম।

প্ৰায় দুশ পৃষ্ঠাৰ এই উপন্যাসখনৰ কলেৱৰটোলৈ চাই, কলেৱৰতকৈ যেন বহু বেছি সমল আমি হাততে পালোঁ। প্ৰায় তিনিটা প্ৰজন্মৰ কাহিনী সাঙুৰি ই এক মহাকাব্যিক বা এপিক গুণ গ্ৰহণ কৰিছে, কিন্তু কথন ভংগী যথেষ্ঠ খৰতকীয়া। কিছুমান পুংখানুপুংখ ডিটেইলৰ ব্যৱহাৰলৈ চাই আৰু সেইবোৰৰ ঐতিহাসিক সত্যতা সাব্যস্ত কৰিব পৰা তথ্যাৱলীলৈ চাই যেনেকৈ আশ্চৰ্য অনুভৱ কৰোঁ, তেনেকৈয়ে মুগ্ধ হৈ ৰওঁ সেইবোৰৰ সাৱলীল উপন্যাসোপম অভিব্যক্তিলৈ চাই। বোধকৰোঁ এই তথ্য আৰু মানৱীয় আবেদনৰ সুষম সামঞ্জস্য তিলোত্তমা মিশ্ৰৰ অন্যতম কৃত্বিত্ব।

জনজাতীয় সমাজ খন, বিশেষকৈ শ্বিলঙৰ পাহাৰীয়া মানুহখিনিৰ বৰ্ণনা কৰোতে অলপ অধিক ৰোমান্টিক হোৱা বুলি ভাবিবৰ থল আছে। হয়তোবা কিছু মাত্ৰাত সাধাৰণীকৰণৰ দোষেৰেও দোষী। কিন্তু আমি আৰম্ভণীতে কৈ অহাৰ দৰে সেয়া উদ্দেশ্যপ্ৰণোদিত আৰু এটা বিশেষ চাবজেক্টিভ্ অৱস্থান দৰ্শাবৰ বাবে প্ৰয়োজনীয় বুলিও গ্ৰহণ কৰি লোৱা উচিত।

বিষয়বস্তু? বিষয়বস্তুৰ ফালৰ পৰা উপন্যাসখনৰ পৰিধি ইমানেই বিশাল যে ই সাঙুৰি লোৱা প্ৰসঙ্গবোৰৰেই এখন দীঘল তালিকা হয়। একে সময়তেই ই অসমীয়া মানুহৰ সংজ্ঞা নিৰূপনৰ দলিল, আধুনিক অসমীয়া সমাজৰ উত্থান আৰু বিৱৰ্তনৰ ইতিহাস, উত্তৰ স্বাধীনতা কালৰ দেশৰ ৰাজনৈতিক ৰেহৰূপ, অসমীয়া সাংষ্কৃতিক আৰু বৌদ্ধিক সমাজৰ ইতিহাস – এণ্ড হোৱাট নট। জনগোষ্ঠীয় সংঘাতৰ কাৰণ বিশ্লেষণ, ভাষিক প্ৰভূত্ব বিস্তাৰ আৰু তাৰ পৰিণতি, আত্ম পৰিচয়ৰ সন্ধান বা আইডেন্টিটি পলিটিক্সৰ উন্মেষ – এনে বহুখিনি প্ৰসঙ্গৰ বাবে এক উপযুক্ত সমল পুথি ‘কা মেইখাৰ ঘৰ’। কিন্তু ইমানবোৰ কথা ক’লোঁ যদিও লেখিকাই অত্যন্ত বুদ্ধিমত্তাৰে এটা নিৰ্দিষ্ট প্ৰসঙ্গৰে উপন্যাসখন আৰম্ভ কৰি এটা বিশেষ দৃষ্টিকোণ দাঙি ধৰি এই আটাইবোৰ প্ৰসংগ – প্ৰসঙ্গান্তৰৰ মাজত পাঠকক হেৰাই যাবলৈ নিদি ধৰি ৰাখিলে। সেয়া হ’ল, লিখিত ইতিহাসৰ প্ৰভূত্বৰ বিপৰীতে মৌখিক সাহিত্যৰ গুৰুত্বৰ প্ৰতি মনোযোগ আকৰ্ষণ। উপন্যাসখনৰ ‘দুৱাৰ-মুখ’তে ৰবীন্দ্ৰ সিংহা নামৰ ইতিহাসৰ ছাত্ৰ এজনৰ মুখেদি এই খিনি কথা কোৱাইছে –

“মৌখিক আৰু লিখিত সাহিত্যক ইমানদিনে পশ্চিমৰ পণ্ডিতসকলে ‘হায়াৰকিকেল’ দৃষ্টিভংগীৰে চাইছিল। কিন্তু সংষ্কৃত ভাষাটোৰ ইতিহাস বিশ্লেষণ কৰিলেই আমি দেখিবলৈ পাওঁ যে এই ভাষাটোক যেতিয়া খৃষ্টপূৰ্ব তৃতীয় শতিকামানত এক লিখিত কাব্যিক ভাষা বুলি গ্ৰহণ কৰা হ’ল তেতিয়াও কিন্তু সেই যুগৰ কবি সকলে ভাষাটোৰ মৌখিক ৰূপটোক অগ্ৰাহ্য কৰা নাছিল। বৰঞ্চ ইয়াক এক সন্মানীয় স্থানহে দিছিল। বাল্মীকি ৰামায়ণৰ প্ৰস্তাৱনা অংশটো পঢ়িলেই বুজা যায় যে যদিও সেইটো এখন লিখিত মহাকাব্যৰে ভূমিকা, তথাপি লৱ-কুশৰ মাধ্যমেৰে গোটেই ৰামায়ণখন মৌখিক ভাবে উপস্থাপন কৰাৰ যি প্ৰয়াস কৰা হৈছে সেই কথাই প্ৰমাণ কৰে সে সেই কালত কথিত আৰু লিখিতৰ মাজত কোনো ধৰণৰ অলংঘ্য প্ৰাচীৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলা নাছিল। কিন্তু আজিকালি যুগৰ সাহিত্যৰ ইতিহাস লিখোঁতাসকলে সাহিত্যক জাতীয়তাবাদৰ আহিলা হিচাপে লৈ মৌখিকতাক হেয় জ্ঞান কৰে আৰু সন্মানীয় স্থান দিব নোখোজে। ফলত জাতীয় সংষ্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ সাহিত্যৰ ইতিহাসৰ বাহিৰত থাকি যায়। স্বাভাৱিকতেই, মৌখিক সভ্যতাৰ মাজৰ পৰা ওলোৱা শিক্ষিত লোকসকলে লিখিত সাহিত্যৰ জাত্যাভিমানক সন্দেহৰ চকুৰে চায়, হয়তো ঘৃণাও কৰে।”

উপন্যাসখনৰ আৰম্ভণীখিনি বৰ্ণিত হয় জিউমন নামৰ এটি চৰিত্ৰৰ পৰিপ্ৰেক্ষিতত। কিন্তু ফ্লেছবেকে তিনিটা প্ৰজন্মক যেতিয়া সাঙুৰি আনে অৱলীলা ক্ৰমেই বৰ্ণনাৰ কেন্দ্ৰীয় চৰিত্ৰবোৰৰ সালসলনি ঘটি গৈ থাকে। জীউমনৰ ককাৱক বনমালী পঞ্চতীৰ্থৰ জীৱন যাত্ৰাৰ কাহিনীয়েই উপন্যাসৰ বুজন অংশ আগুৰি আছে। একালৰ সংষ্কৃত সাহিত্যৰ পণ্ডিত পঞ্চতীৰ্থই ঘৰৰ অমতত উজনিৰ ছোৱালী হৈমৱতীক বিয়া পাতিবলৈ এবাৰ যি ওলাই গ’ল, গলেই আৰু। গোটেই জীৱন আৰু তেওঁ নামনিৰ নিজৰ ঘৰমুৱা নহ’ল। পৰিৱৰ্তিত সময়ৰ লগত, বৃটিছ শাসনাধীন অসমত সংষ্কৃত পণ্ডিত এজনৰ সংগ্ৰামৰ উত্থান পতনৰ মাজেৰে কাহিনী আগবাঢ়ে, আৰু এদিন ঘটনাক্ৰমে, কিছু পুৰণি ঐতিহাসিক সমলৰ পাঠোদ্ধাৰৰ কাৰণত পঞ্চতীৰ্থ চিলঙলৈ আহিবলগীয়া হয়। পঞ্চতীৰ্থৰ শ্বিলং যাত্ৰাৰ বিৱৰণ যথেষ্ঠ দিঘলীয়া আৰু বুজিবই পাৰি যে কাহিনীৰ আচল মোৰটো এইখিনিতেই আছে। শ্বিলং যাত্ৰাত লগ পোৱা এজন খাচীয়া লোক ৰাবন ৰায়ৰ কথা বতৰাত তেওঁৰ বুদ্ধিমত্তাৰ প্ৰমাণ পোৱা যায় আৰু কেনেকৈ জনজাতীয় লোক সকলে নিজৰ বুদ্ধিমত্তাৰে কথাবোৰ অলপ বেলেগকৈ ভাবিব পাৰে তাৰ উমান পোৱা যায়। ৰাবন ৰয়ে কয়-
“এতিয়া মিশ্যনেৰী সকলে আমাৰ মাজত নতুন বৰ্ণমালা মেলি দিছে। কিন্তু আমাৰ মানুহে কাগজত লিখি থোৱা কথাবোৰতকৈ মুখৰ কথাতহে বেছি গুৰুত্ব দিয়ে। মুখৰ কথাত ভুল হ’লে আন এজনে শুধৰাই দিব পাৰে। লিখা কথাত ভুল থাকিলে ভুলটোকে চলি থাকিব, নহয় জানোঁ?”

পঞ্চতীৰ্থৰ শ্বিলং প্ৰৱেশৰ লগে লগেই তদানীন্তন তাৰ জনজাতীয় সমাজখনৰ কথা আৰম্ভ হয়। আমি শুনিবলৈ পাওঁ কেনেকৈ জনজাতীয় মানুহখিনিয়ে সকলো সামাজিক সিদ্ধান্তই গণতান্ত্ৰিক পদ্ধতিৰে সমাপণ কৰিছিল। আমি দেখিবলৈ পাওঁ সভ্যতাৰ আন এখন সততে নেদেখা ছবি – কেনেকৈ প্ৰত্যেকজন মানুহৰে বক্তব্য প্ৰত্যেকেই মনযোগেৰে শুনিছিল। জনজাতীয় এই পৰম্পৰা দেখি ইংৰাজ সকলেও এসময়ত তবধ মানিছিল।

“এজন খাচী ৰজাই মাটি হস্তান্তৰৰ দৰে ডাঙৰ সিদ্ধান্ত এটা নিজাববীয়াকৈ কেতিয়াও ল’ব নোৱাৰে, কাৰণ আমাৰ সমাজত মাটি হ’ল এক সামূহিক সম্পত্তি। ৰজা এজনেও নিজকে একচেটিয়াভাবে মাটিৰ গৰাকী বুলি নাভাবে।”

পঞ্চতীৰ্থ ক্ৰমান্বয়ে আচৰিত হবলৈ আৰম্ভ কৰে আৰু জনজাতীয় সমাজখনৰ প্ৰতি থকা ভ্ৰান্ত ধাৰণাবোৰ লাহে লাহে মুকলি হ’বলৈ আৰম্ভ কৰে। এই যি পঞ্চতীৰ্থৰ অণুধাৱণৰ পৰ্ব আৰম্ভ হ’ল, সেয়াই আচলতে প্ৰকাৰান্তৰে ভৈয়ামৰ অসমীয়া মানুহৰ দৃষ্টিৰ পৰা বিভিন্ন দিশৰ প্ৰতি অভিজ্ঞান উন্মেষৰ প্ৰক্রিয়াৰ আৰম্ভণী। উদাহৰণ স্বৰূপে,

“সুদুৰ ইংলেণ্ডৰ পৰা আহি এই ইংৰাজসকলে কি প্ৰয়োজনতনো আমাৰ প্ৰাচীণ বস্তুবোৰক ইমান মূল্যৱান বুলি গুৰুত্ব দিছে সেইকথা বুজিবলৈ পঞ্চতীৰ্থৰ বহুত সময় লাগিছিল। বহুদিনৰ মূৰত তেওঁ যেতিয়া আৰ্নল্ড চাহাবে লিখি উলিওৱা ৰিপ’ৰ্টখন কিতাপৰ আকাৰত পঢ়িবলৈ পালে তেতিয়াহে তেওঁ উপলব্ধি কৰিলে যে এই বুৰঞ্জীৰ সমলবোৰে আচলতে দেশখন শাসন কৰিবৰ বাবে নতুন নতুন নীতি নিৰ্ধাৰণ কৰাত ইংৰাজ চৰকাৰক প্ৰচুৰ সহায় কৰিছিল।”

শ্বিলঙৰ খাচীয়া সমাজখনৰ লগতে তাত থকা বঙ্গীয় সমাজ আৰু নিশ্যনেৰী সমাজ- এই আটাইবোৰৰ সম্প্ৰীতি আৰু সমন্বয়ৰ ছবিখনে পাঠকক মুগ্ধ কৰে। প্ৰকৃতিৰ নিৰূপম বৰ্ণনাৰ লগতে সেই সময়ৰ মানুহৰ সৰলতা আৰু সৌহাৰ্দ্য – ইটো সিটোৰ পৰিপূৰক যেন লাগি পৰে।

তাৰ বিপৰীতে গোটেই গ্ৰন্থখনিৰ আঁহে আঁহে সোমাই আছে তৎকালীন তথাকথিত অসমীয়া বা ‘মূলসূতি’ৰ অসমীয়া সমাজখনৰ কিছুমান নঞৰ্থক প্ৰতিচ্ছবি। যেতিয়াই “নিগনি ভেকুলীৰ যুঁজেৰে” ভৰা অসমীয়া সমাজৰ কোনোবা নহয় কোনবা প্ৰসংগ আহিছে তেতিয়াই আমি দেখিবলৈ পাইছোঁ মাথোঁ বৌদ্ধিক দৈন্য, এলান্ধুকলীয়া সংস্কাৰৰ দাসত্ব, ৰাজনৈতিক চেতনাৰ অভাৱ, সম্প্ৰীতিৰ প্ৰতি বিৰাগ, ন্যস্ত্যস্বাৰ্থজনিত কাণ্ড কাৰখানা, অনাহক উন্নাসিকতা, অনৈতিক প্ৰভূত্ব বিস্তাৰৰ প্ৰৱণতা, ব্যক্তিৰ পৰ্যায়ত বা পৰিয়ালৰ পৰ্যায়ত পাৰস্পৰিক দন খৰিয়াল, শৈল্পীক আৰু সাংষ্কৃতিক দীনতা – এইবোৰেই।

প্ৰথমৰ ফালে পঞ্চতীৰ্থৰ পত্নী হৈমৱতীৰ পৰিপ্ৰেক্ষিতত বহুত বেছি কথা নাই, কিন্তু উপন্যাসৰ অন্তত এই চৰিত্ৰটোৰ অপৰিসীম গুৰুত্বৰ কথা আমি অনুধাৱণ কৰিব পাৰোঁ। বাহুল্যৰ পৰিৱৰ্তে মূলগত বিষয়বস্তুৰ চাট্‌ল (subtle) উপস্থাপন এই উপন্যাস খনৰ এক বৈশিষ্ট বুলিব লাগিব। জীউমন নামৰ চৰিত্ৰটোবে নিজৰ পূৰ্বজ প্ৰজন্মৰ ইতিহাস আৰম্ভ কৰাতেই উপন্যাসখনৰ আৰম্ভণী যদিও, জীউমনৰ নিজৰ উপস্থিতি উপন্যাসখনত নাই। সেয়া বিচাৰি উলিউৱাৰ দায়িত্ব পাঠকৰ। এনেধৰণেৰেই উপন্যাসখনে পাঠকৰ সক্ৰিয় সহযোগিতা (active reader) কামনা কৰে।

: অসমীয়া তথা ভৈয়ামৰ মানুহৰ বাবে আত্মসমালোচনাৰ থল

পঞ্চতীৰ্থই পত্নী হৈমৱতীকো শ্বিলঙলৈ লৈ আনে। হৈমৱতীৰ কিতাপ পঢ়াৰ অভ্যাস এটা আছিল। কিন্তু শ্বিলঙত থকা অসমীয়া মানুহৰ ঘৰত মহিলাই কিতাপ পঢ়াৰ কোনো সংষ্কৃতিয়েই নাছিল, গতিকে অসমীয়াৰ ঘৰলৈ গৈ কিতাপ খুজিবলৈ গৈ তেওঁ লাজ কৰা হ’ল। তাৰ পিছত “পঞ্চতীৰ্থই তেওঁৰ চিনাকি বঙালী মানুহৰ পৰা শৰৎ চন্দ্ৰ আৰু বঙ্কিমচন্দ্ৰৰ কিতাপবোৰ” আনি দিয়া কৰিলে। এনে ধৰণৰ তুলনামূলক বৰ্ণনা দেধাৰ আছে আছে য’ত সেই সময়ৰ বঙালী মানুহখিনীৰ বিপৰীতে অসমীয়া পৰিয়ালবোৰৰ সাংষ্কৃতিক দৈন্য প্ৰকাশ পাইছে। আৰু কেইটিমান অংশ এইখিনিতে উনুকিয়াব পাৰি-

সাংষ্কৃতিক অনগ্ৰসৰতাৰ কথা ক’বলৈ হ’লে, হৈমৱতীয়ে উদ্যোগ লৈ আগবাঢ়ি আহোতেও যেতিয়া কোনো অসমীয়া পৰিয়ালে নিজৰ ছোৱালীবোৰক আগবাঢ়িবলৈ দিয়া নাছিল, অন্য সম্প্ৰদায়ৰ ছোৱালীক শিকাই বুজাই অসমীয়া গীত পৰিবেশন কৰিব লগাত পৰিছিল। জীয়েক ভৱানীক জোৰ কৰি বিয়া দিবলৈ গৈ এটা ডাঙৰ অথন্তৰ ঘটিছিল। পাছত তাইক কবিগুৰুৰ শান্তিনিকেতনলৈ সঙ্গীত সাধনাৰ বাবে পঠাবৰ পৰতো হৈমৰ মুখেদি কোৱাইছে,
“আৰু অসমীয়া সমাজখনে কি ক’ব সেইটো ভাবিবলৈ আমাৰ সকাম নাই। তাইক সেইখন সমাজৰ পৰা আঁতৰাই পঠালেহে ভাল হ’ব।”

আনহাতে, আৰ্থ-সামাজিক পৰিকাঠামোৰ কথালৈ চালেও, ভৈয়ামৰ শৰতে পাহাৰৰ লিচিমনক কৈছে,
“তোমালোকৰ সমাজখন বৰ ভাল। নিজৰ ইচ্ছামতে মানুহে কিবা এটা কাম কৰিব পাৰে। আমাৰ নিচিনা সমাজত কাম কৰাৰ সুযোগবোৰ বৰ সীমিত। হয় চৰকাৰী অফিচত কেৰাণীৰ কাম কৰা, নহয় স্কুলত মাষ্টৰ হোৱা।”
আটাইতকৈ বেছি পৰিহাসৰ কথা হয়তো এয়ে যে, এয়া স্বাধীনতাৰ আগৰ কাহিনী। কিন্তু আজিও, স্বাধীনতাৰ পিছতো, ইমানবোৰ ৰাজনৈতিক অৰ্থনৈতিক ঘটনাৰ পিছতো, বিশ্বায়নৰ পিছতো এই কথাষাৰ অসমৰ ক্ষেত্ৰত সমানেই প্ৰযোজ্য হৈ আছে।

পাৰিপাৰ্শ্বিকতাৰ প্ৰতি অসংবেদনশীলতাৰ ক্ষেত্ৰত এইখিনি কথা শুনক- “আমাৰ এইটোৱেই বৰ ডাঙৰ দোষ। সমাজখনৰ ভৱিষ্যতৰ কথা আমি একেবাৰে চিন্তা নকৰোঁ। অকল নিজৰ পৰিয়ালটোৰ ভৱিষ্যতৰ কথাহে ভাবোঁ। চোৱাচোন, ভৈয়ামৰ পৰা ইমানবোৰ অসমীয়া মানুহ ইয়ালৈ চৰকাৰী চাকৰী কৰিবলৈ আহিছে। ইয়াত ঘৰ বাৰীও কৰিছে। অথচ ইয়াৰ অপূৰ্ব প্ৰাকৃতিক পৰিবেশে তেওঁলোকৰ বেছিভাগৰে মনত কোনো প্ৰভাৱ পেলাব পৰা নাই…। এই ঠাইখনৰ যিখিনি পুৰণি ন্যায্য বাসিন্দা আমি তেওঁলোককে উচিত সন্মান দিব পৰা নাই।”…

“…হৈমই বঙালী মানুহবোৰৰ কথা উলিয়ালে। ব্ৰাহ্মপল্লীত থকাৰ সময়ত তেওঁ দেখিছিল যে বহুতো পুৰুষ মহিলাই সলসলীয়াকৈ খাচীয়া ভাষাটো ক’ব পাৰে। কিন্তু লাবানৰ অসমীয়া বাসিন্দাসকলে বজাৰত প্ৰয়োজন হোৱা দুই-এটা শব্দহে জানে।”

“… বঙালী ব্ৰাহ্মসকলে খাচীয়া মানুহক ইমান আপোন কৰি ল’ব পাৰিছে, আমি বাৰু কিয় পৰা নাই? সিদিনা কং কেলিয়ানে ক’লে বোলে আমাৰ ওচৰতে যে মৌখাৰত ব্ৰাহ্ম মন্দিৰটো আছে, সেইটোৰ উপাসনা কাৰ্য চলাইছিল এজন খাচীয়া ভদ্ৰলোকে। বাৰু, আমাৰ অসমৰ কোনো এটা ধৰ্মীয় অনুষ্ঠানে ইয়াৰ খাচীয়া মানুহখিনিৰ মাজত কিয় ভাল কাম কৰিব পৰা নাই?”

“…আচলতে আমাৰ অসমীয়া মানুহখিনিয়ে নিজৰ থকাখিনি আনৰ মাজত বিলাই দিব নোখোজে…। যদি আমাৰ কোনোবাই নতুন কিবা এট কৰিবৰ বাবে নিজৰ মতে আগবাঢ়ি যায়, তেওঁক ততালিকে ঠাট্টা-বিদ্ৰূপ কৰি বাধা দিয়ে, আগবাঢ়ি যাবলৈ নিদিয়ে…”

আকৌ শেহৰ ফালে শৰত ভৈয়ামলৈ যাবলৈ ওলোৱাৰ আগে আগে মহেশ্বৰ গোস্বামীয়ে কয়,
“ইয়াত তুমি একো একোখন ক্ষুদ্ৰ লণ্ডন, কলিকতা, ঢাকা, শ্ৰীহট্ট, শিৱসাগৰ বা বৰপেটা দেখিলা। কিন্তু সকলোবোৰ একাকাৰ হৈ এক মিশ্ৰ সংষ্কৃতি গঢ় লোৱাও দেখিলা। ক’বলৈ গ’লে এই চহৰখনৰ বৈশিষ্ট্য এইটোৱেই। ভৈয়ামত তুমি সেইটো নাপাবা। তাত তুমি নিগনি-ভেকুলীৰ যুঁজত ক্ষত বিক্ষত হোৱাৰ পৰা নিজকে সাৱধানে বচাই ৰাখিব লাগিব।”

ভৈয়ামৰ বা অসমৰ মানুহৰ অসংবেদনশীলতাৰ বিৰূপ প্ৰভাবে কালক্ৰমত কেনেকৈ শ্বিলঙৰ পৰিবেশ কলুষিত কৰি তুলিলে তাৰ ছবি এখন কিতাপখনৰ কাহিনী আগবঢ়াৰ লগে লগে আমি দেখিবলৈ পাওঁ, “কিন্তু ভৈয়ামৰ পৰা জাকে জাকে মানুহবোৰ শ্বিলঙলৈ আহিবলৈ লোৱাৰ পৰা তাত থকা পুৰণি সমাজবোৰ যেন ভাগি ছিগি গৈছে। নতুন মানুহবোৰে ভৈয়ামৰ পৰা লৈ অহা ধৰ্মীয় গোড়ামী আৰু জাত-পাতৰ ভেদভাবৰ প্ৰাচীৰবোৰ গঢ়ি তুলি, তাৰ মাজত সোমাই পৰিছে।”

“ইফালে আন এমুঠি শাসক আহিও শ্বিলঙত খুঁটি পুতিছিলহি। ১৯৩৭ চনৰ নিৰ্বাচনৰ পাছত নতুনকৈ নিৰ্বাচিত হোৱা অসম লেজিছলেটিভ এছেমব্লিৰ ভাৰতীয় সদস্যসকল আহি শ্বিলঙত বাহৰ পাতিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ মাজত মূৰ দাঙি উঠা ক্ষমতাৰ ৰাজনীতিয়ে আন এক ধৰণৰ পৰিবেশ সৃষ্টি কৰিছে।”

৩: স্বাধীনতাৰ সংজ্ঞা

“পিছত অৱশ্যে হৈমই বুজি উঠিছিল যে সকলো ধৰণৰ কাম কৰাৰ অধিকাৰ থকাৰ বাবেহে খাচীয়া মহিলাসকল স্বাধীন, আৰু তেওঁলোকৰ সমাজখনত পুৰুষসকলৰ মৰ্যাদাও কোনোগুণে কম নহয়।”
মন কৰিবলগীয়া যে এইখিনি কথাতে স্বাধীনতা সম্পৰ্কীয় এটা ব্যাখ্যাও সোমাই আছে। স্বাধীনতাৰ সংজ্ঞা নিৰূপনৰ বাবেও এইখিনি কথা কামত আহিব।

তিলোত্তমা মিশ্ৰৰ আন এক কৃতিত্ব এয়ে যে এক সাৰগ্ৰাহী বিশ্লেষণৰ পথ তেখেতে গ্ৰহণ কৰিছে। যদি স্বাধীনতাৰ সংজ্ঞা নিৰূপনৰ ফালৰ পৰাও বিচাৰ কৰা যায়, তেনেহ’লে দেখা পাম, সমাজত নাৰীৰ অৱস্থান, ব্যক্তি স্বাধীনতাৰ বিকাশ আৰু প্ৰয়োজনীয়তা আদিৰ লগত ভৌগলিক আৰু ৰাজনৈতিক স্বাধীনতাৰ মৰ্মগত সম্পৰ্কখিনি তেখেতে ধৰিব পাৰিছে। ভাষিক স্বাধীনতা বা শাসনৰ স্বাধীনতাৰ কথা আমি পাতি থাকো, কিন্তু স্বাধীনতাৰ লগত লিংগৰ পাৰস্পৰিক সম্পৰ্ক আৰু শ্ৰদ্ধাৰ সম্পৰ্ক কি? স্বাধীনতাৰ লগত কৰ্মৰ কিবা সম্পৰ্ক থাকে নেকি?

“শৰতৰো তাইৰ প্ৰতি সন্মান বাঢ়ি যায়। নিজতকৈ বয়সত সৰু এজনী ছোৱালীক সন্মান কৰাটো তাৰ কাৰণে এক অভিনৱ অভিজ্ঞতা।”
এয়া এজন ভৈয়ামৰ অসমীয়াৰ অনুভৱ। কাম কৰাৰ অধিকাৰে দিয়া স্বাধীনতাৰ কথা ক’লোবেই। সেই প্ৰসঙ্গতে আৰু আছে, যেতিয়া হৈমই এগৰাকী খাচীয়া মহিলাক দেখি অনুভৱ কৰে-
“ইমান অভিজাত পৰিয়ালৰ এগৰাকী ভদ্ৰমহিলা হৈয়ো তেওঁ বৰবজাৰত সপ্তাহত এদিন ৰাবন ৰয়ৰ চেৰাপুঞ্জীত থকা কমলাবাৰীৰ পৰা অনা কমলাটেঙা বেচাকামটোতো তদাৰক কৰে।”

এই সকলোবোৰ মিলিয়েই চিত্ৰিত কৰিছে ভাৰতবৰ্ষৰ স্বাধীনতাৰ আচল ছবিখন। সেই সময়ৰ কম্যুনিষ্ট পাৰ্টিৰ পূৰ্বানুমান-
“কিন্তু দেশ স্বাধীন হোৱা মানে যদি শাসনভাৰ এচাম সাম্ৰাজ্যবাদীৰ হাতৰ পৰা আন এচাম পুঁজিবাদীৰ হাতলৈ যায় তেতিয়াহ’লে দেশৰ সৰ্বহাৰা জনগণৰ বাবে স্বাধীনতাৰ কোনো অৰ্থ নাথাকিব।”

“এই যে বৃটিছৰ অধীনত কংগ্ৰেছী মন্ত্ৰীসভাখন ইয়াত হৈছে তাৰ নেতাবোৰলৈ চাচোন! আটাইবোৰেই দেখোন ভৈয়ামৰ অৰা অহা জমিদাৰ, বাগিচাৰ মালিক। এই নতুন পুঁজিপতিবিলাকে ইয়াত বহি ভৱিষ্যতে ৰজা হোৱাৰ সপোন দেখিছে… এই খাচীয়া পাহাৰৰ দুখীয়া ৰাইজৰ বিষয়েও তেওঁলোকৰ কোনো চিন্তা নাই”।

পঞ্চতীৰ্থ, হৈমৱতী, শৰত, বিজয় আৰু ভৱানী এই কেইটা চৰিত্ৰৰ পৰিপ্ৰেক্ষিততে বহুখিনি কথা বৰ্ণিত হৈছে যদিও হৈমৰ কথা বতৰা আৰু ধ্যান ধাৰণাতেই উপন্যাসিকৰ আচল বক্তব্যখিনি নিহিত আছে। শেষলৈ আমি গম পাওঁ হৈমই কা মেই খা। স্বাধীনতাৰ পিছত এদিন স্বাধীনতা দিৱসৰ দিনা হৈমই দেখে এইসকল (শ্বিলঙৰ বাসিন্দাসকল) মানুহৰ বাবে ‘স্বাধীনতা দিৱস’ৰ একমাত্ৰ তাৎপৰ্য হ’ল এই যে সিদিনা স্কুল-অফিচ সকলো বন্ধ থকাৰ বাবে কাপোৰ ধোৱাৰ অবাধ স্বাধীনতা বিৰাজ কৰিছে। য়আৰু তেওঁ বুজি পায়,
“যিসকল মানুহক দেশৰ স্বাধীনতা আন্দোলনে বিন্দুমাত্ৰও স্পৰ্শ নকৰিলে সেইসকলৰ বাবে ‘স্বাধীনতা’ৰ তাৎপৰ্য সুকীয়া হোৱাটো নিচেই স্বাভাৱিক।”

“কিন্তু সেই সাধাৰণ মহিলাসকলৰ বাবে এচাম বিদেশী শাসকৰ ঠাইত আন এচাম অচিনাকি শাসকে আহি ক্ষমতা দখল কৰা কাৰ্যই কেনে ধৰণৰ ‘স্বাধীনতা’ৰ বাৰ্তা বহন কৰিছিল? হৈমৰ এতিয়া ধাৰণা হয় যে এই খিলঞ্জীয়া মানুহখিনিৰ বাবে অফুৰন্ত ৰ’দ, বতাহ, নিজৰাৰ নিৰ্মল পানী আৰু সেউজীয়া মুকলি ঠাইবোৰ বাধাহীনভাবে উপভোগ কৰাৰ স্বাধীনতাতকৈ আন স্বাধীনতাৰ প্ৰয়োজনেই বা ক’ত?”

“…ৰ’দ, বতাহ, নৈৰ পানীৰ দৰে মাটিও সকলোৰে সমূহীয়া সম্পত্তি। এই সাধাৰণ কথাটোকে বুজিবলৈ ইমান টান। এদিন হয়তো নতুন সভ্যতাৰ ধুমুহাজাকে এনেবোৰ সহজ-সৰল ধ্যান-ধাৰণা ক’ৰবালৈ উৰুৱাই লৈ যাব আৰু তেতিয়া কেলিয়ানহঁতে নিজৰ মাটিখিনিকে চিনি পাবলৈ টান হ’ব।”

৪: বিভ্ৰান্তিকৰ স্বাধীনতা আৰু অসংবেদনশীলতাৰ পৰিণতি

ভাৰতবৰ্ষৰ ৰাজনৈতিক স্বাধীনতাই কিমানখিনি পৰিৱৰ্তন আনিলে তাৰ পুংখানুপুংখ বৰ্ণনা উপন্যাসখনত আছে। শিলঙৰ এটা পৰিয়ালক কেন্দ্ৰ কৰি আগ বঢ়া কাহিনীটোতে যেনেকৈ কংগ্ৰেছৰ কৰ্মৰাজিৰ খতিয়ন আছে, তেনেকৈ কম্যুনিষ্ট পাৰ্টিৰ উত্থান পতন কাৰণ সহকাৰে বৰ্ণনা আছে। বুদ্ধিদীপ্ত ব্যক্তিণ-মানসৰ অন্দৰমহলৰ সংঘাতৰ লগতে সাংগঠনিক অৰ্হতাৰ অভাৱৰ কথাওঁ আছে, পুঁজিবাদী আগ্ৰাসনৰ কথাও আছে।

তিনি পুৰুষৰ কথা থকা এইখন উপন্যাসত, প্ৰাক্‌ স্বাধীনতা আৰু উত্তৰ-স্বাধীনতা কালৰ দলিল হিচাপে সততে আমি শুনিবলৈ নোপোৱা বহুখিনি কথাই আছে। আছে মহাত্মা গান্ধীয়ে চলাই যোৱা আন্দোলনটোৰ সৈতে আয়াৰলেণ্ডৰ সংগ্ৰামী নেতা দি-ভেলেৰাৰ মতৰ মিল অমিলৰ কথা। কংগ্ৰেছৰ সভাপতি ৰূপে সুভাষচন্দ্ৰ বসু শ্বিলং লৈ আহি লে’কৰ পাৰত ‘এশ্বলী হল’ত থাকি বহুতো মেল-মিটিঙত ভাষণ দিয়াৰ কথা, হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাৰ কথা, কবিগুৰু ৰবীন্দ্ৰনাথৰ কথা, বিশ্বযুদ্ধত কমুনিষ্টে কিয় বৃটিছক সমৰ্থন দিছিল তাৰ কথা, স্বামী বিবেকানন্দই আহি কুইন্টন হলত বক্তৃতা দিয়াৰ কথা, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা, জৱাহৰলাল নেহেৰু ‘আসাম ক্লাব’লৈ অহাৰ কথা, ডিব্ৰুগড় মেডিকেল কলেজ আৰু গুৱাহাটীত নতুনকৈ পতা প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ কথা, গোপীনাথ বৰদলৈৰ কথা, খাচীয়া মুক্তিযোদ্ধা বীৰ তীৰৎ সিংৰ জীৱনৰ ওপৰত ভিত্তি কৰি হেমাঙ্গ বিশ্বাসে যুগুত কৰি উলিওৱা ‘শ্বেদো প্লে’ৰ কথা, বাবু জীবন ৰয়ে পাতি থৈ যোৱা ‘ৰী খাচী’ প্ৰেছ আৰু সেই প্ৰেছটোৰ পৰাই ওলোৱা প্ৰথম খাচী ভাষাৰ বাতৰি কাকতখন ‘উ খাচী মিন্তা’ৰ কথা – আৰু বহুতো।

এসময়ত বঙালী সমাজখনৰ অৱদানৰ কথা কোৱা হৈছিল যদিও প্ৰাক্‌ স্বাধীনতা কালত “হাজাৰ হাজাৰ হিন্দু-বঙালী শৰণাৰ্থীয়ে নিজৰ মাটি-ভেটি এৰি থৈ উদ্দাস্তুৰূপে শ্বিলঙলৈ আহিব ধৰিলে”। তাৰ পিছৰ পৰিবেশটোৰ সাক্ষী হৈ ৰ’ল হৈমৱতী-
“চৰকাৰে দিয়া ভূমিত এইসকলে নিজ নিজ বংশ পৰিয়াল গোটাই লৈ থেপাথেপিকৈ ঘৰবোৰ সাজি একো একোখন নতুন উদ্দাস্তুপাৰা গঢ়ি তুলিলে। পৰিস্থিতিয়ে সৃষ্টি কৰা ‘ঘেটো’ মনোবৃতিৰ দ্বাৰা পৰিচালিত সেই সমাজখনৰ সৈতে অসমীয়া বা খাচীয়া মানুহৰ সামাজিক আদান-প্ৰদান হোৱাটো সম্ভৱপৰ নাছিল।”

আটাইতকৈ মর্মান্তিক মুহূৰ্ত সেইটো যেতিয়া হৈমই মাথোঁ নীৰৱ দৰ্শক হৈ প্ৰত্যক্ষ কৰি যায় খিলঞ্জীয়া জনজাতি সকলৰ বিবর্তিত অৱস্থা-
“এই কোলাহলৰ মাজেৰে স্থানীয় খাচীয়া লোকসকলে খোজকাঢ়ি যাওতে এক অস্বাভাৱিক নীৰৱতা অৱলম্বন কৰে, যেন এই নতুন জনকলৰৱত তেওঁলোকে নিজৰ কণ্ঠস্বৰো হেৰুৱাই পেলাইছে।”

এই সকলোবোৰৰ মাজত ভৈয়ামৰ অসমীয়া সমাজৰ অৱহেলা আৰু অদূৰদৰ্শিতাৰ চৰম পৰিণতিখিনি আহি পৰে যেতিয়া অসমীয়া ভাষাটো ৰাজ্যভাষা কৰি খাচীয়া মানুহখিনিৰ ওপৰতো জাপি দিবলৈ চেষ্টা কৰা হয়। কথাখিনি উপৰুৱাকৈ নাচাই ফঁহিয়াই চোৱা হৈছে। যেনে, কেনেকৈ সৰু কালতে এজনে খাচীয়া, হিন্দী, ইংৰাজী আৰু অসমীয়া আটাইকেইটা ভাষাকেই বাধ্যতামূলক শিকিব লগীয়া হোৱাটো কষ্টকৰ হৈ উঠিব পাৰে সেইটোও। পিছপৰি থকা জনজাতি সকলে নিজৰ প্ৰাপ্য সন্মান আদায় কৰিবৰ বাবে পৃথিবীৰ ক’ত কেনেকৈ ৰাজনৈতিক আন্দোলন গঢ় লৈ উঠিছে, সেইবোৰৰ বিষয়ে আলোচনা আৰম্ভ কৰিলে। নিজৰ সুকীয়া অস্তিত্ব ৰক্ষাৰ হকে সংগ্ৰাম আৰম্ভ আৰম্ভ হ’ল। নেহেৰুবাদী ভাবধাৰাৰ সমসাময়িক সমালোচনাও বুদ্ধিমত্তাৰে তুলি ধৰা আছে।

“কিন্তু এতিয়া লাহে লাহে বহুতৰে মোহভংগ হৈছে। ‘এখন দেশ, এটা জাতি, এটা সংষ্কৃতি’ৰ আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ় দিয়া জাতীয়তাবাদৰ দিন এতিয়া উকলিছে। নতুনকৈ সাৰ পাই উঠা জনগোষ্ঠী সমূহৰ ডেকাচামে আন ধৰণৰ জাতীয়তাবাদৰ কথা ভাবিছে। নেহৰুৰ বিচাৰৰধাৰাক এতিয়া বহুতেই নাকচ কৰিবলৈ ধৰিছে।”

৫: কা মেইখাৰ ঘৰৰ নাৰী

‘কা মেইখাৰ ঘৰ’ উপন্যাসখনত থকা নাৰী চৰিত্ৰ সমূহ বহিৰ্মুখী বা তেনেকৈ সৰৱ নহয়। কোনো নাৰী ইয়াত নিৰ্যাতনেৰে বিধ্বস্ত হৈ পৰা নাই, কোনো নাৰীয়ে ইয়াত কান্দি কাটি আষ্ফালন কৰা নাই, বা প্ৰচণ্ড প্ৰতিবাদেৰে কোনো নাৰী ইয়াত মুখৰিত হৈ উঠা নাই। কিন্তু আটাইখিনি গুৰুত্বপূৰ্ণ চৰিত্ৰই প্ৰজ্ঞা আৰু চেতনাৰ সত্বাৰে উদ্ভাসিত। প্ৰগতিশীল নাৰীসত্বাক এক অন্য ধৰণেৰে চোৱা হৈছে। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে চৰিত্ৰৰ কথা মাথোঁ উনুকিউৱাহে হৈছে, বিশদ বিৱৰণ নাই। বিশদ বিৱৰণ যাৰ আছে সেই সকল হ’ল লিচিমনৰ, ভৱানী বা হৈমৱতীৰ দৰে আপাত দৃষ্টিৰে সাধাৰণ মহিলাসকল।

লিচিমনে নিৰৱে নিৰ্বিবাদে শৰতৰ প্ৰতি থকা ভালপোৱাৰ বাবে কেৱল ত্যাগেই কৰি গৈছে। কিন্তু তাৰ মানে লিচিমন অপ্রতিভ নহয়। লিচিমন নিৰ্ভিক, দূৰদৰ্শী আৰু নিজস্ব ব্যক্তিত্বৰে সপ্ৰতিভ পাহাৰীয়া ছোৱালী। খাচীয়া পৰিয়ালৰ সৰু ছোৱালী হিচাপে তাই জানে ঘৰৰ সমস্ত দায়িত্ব- যিটো সেই মাতৃতান্ত্ৰিক সমাজখনৰ অৱধাৰিত। শৰতেও জীৱনত প্ৰথমবাৰৰ বাবে তাইৰ প্ৰতি শ্ৰদ্ধা অনুভৱ কৰি বুজি উঠিছে শ্ৰদ্ধাৰ মৰ্ম কি। আনহাতে হৈমৰ জী ভৱানী পৰিস্থিতিৰ হেঁচাত পৰি হৈ উঠা আটাইতকৈ বেছি দুঃখদায়ক চৰিত্ৰ। কিন্তু ইমানেই কুশলতাৰে ভৱানীৰ জীৱনৰ বহুখিনি ডিটেইল্ড কথা উল্লেখ থকাৰ পিছতো পাঠকৰ মনত পুতৌৰ জন্ম হ’বলৈ দিয়া হোৱা নাই। নাই, আটাইবোৰ দুৰ্যোগৰ পিছতো কোনো মুহূৰ্ততেই ভৱানীৰ প্ৰতি পুতৌ নহয়। ভৱানী সুন্দৰৰ সাধনাত মগ্ন, সৃষ্টিৰ বাটত তাই কেতিয়াও ইতঃস্তত কৰা নাই আৰু কেতিয়াও কোনো মুহূৰ্ততে পিছ পৰি থকা নাই। হৈমৰ কথা নক’লোৱেই বা। তাইৰ প্ৰগতিশীল চিন্তা ভাৱনা দেখি এসময়ত পঞ্চৰত্নই ভাবিবলৈ বাধ্য হৈছিল, ৰিহা মেখেলাৰ মাজত সোমাই থকা এই সহজ সৰল মানুহজনীও ‘কম্যুনিষ্ট’ হ’লগৈ নেকি!

“বিজয়ৰ কেনভাচত থকা গছজোপাৰ দৰেই তেওঁ হাজাৰ ধুমুহাত বিদ্ধস্ত হৈও স্থিতপ্ৰজ্ঞ হৈ থাকিব লাগিব। এয়ে জীয়াই থকাৰ একমাত্ৰ নিয়ম” বুলি বুজি উঠা হৈমৱতীৰ প্ৰজ্ঞা আৰু অভিজ্ঞানেৰেই আচলতে সিঁচি ৰখা হৈছে সকলো তুমুল বিপৰ্যয়ৰ অন্তৰালত থাকিব পৰা সম্ভাব্য সমাধানৰ সঁচ।

নাৰীৰ স্বাধীনতাৰ লগৰ কর্মৰ স্বাধীনতাৰ কথা আগতে উল্লেখ কৰিছোঁ। একেটা প্ৰসংগই বাৰে বাৰে বিভিন্ন ধৰণেৰে উত্থাপিত হৈছে।
“কেতিয়াবা হৈমই উভটি যাওতে সেই বজাৰখনত মাছ বেচা ‘বী’ নামৰ ধুনীয়া খাচীয়া ছোৱালীজনীৰ পৰা মাছ কিনি নিয়ে। বীয়ে দিনৰ বেলিকা চৰকাৰী অফিচ এটাত কাম কৰে। গধূলি আহি ভায়েকৰ সৈতে এই বজাৰখনত বহি মাছ বেচে। তাইৰ সুন্দৰ পৰিপাটি পোছাকযোৰ আৰু চিক্চিকীয়া জোতাযোৰ দেখিলে হৈমৰ তাইৰ প্ৰতি সন্মান বাঢ়ি যায়।”

এনেকুৱা লাগিব পাৰে যে মাতৃতান্ত্ৰিক বুলি খ্যাত মেঘালয়ৰ শ্বিলং সম্পৰ্কীয় উপন্যাস এখনত এইখিনি কথা খুবেই স্বাভাৱিক। কিন্তু কথাখিনি এইবাবেই গুৰুত্বপূৰ্ণ যে, কৰ্ম আৰু লগতে জীৱনৰ সংগ্ৰামৰ মুহূৰ্তখিনিক একান্তই শ্ৰদ্ধাৰ সৈতে চোৱাৰ যি মানসিক স্থিতি সেয়া সামগ্ৰিক অসমীয়া চিন্তনত তেনেই অনুপস্থিত। আমাৰ ধাৰণাৰে অন্য অসমীয়া সাহিত্য-ৰূপবোৰতো সংগ্রাম আৰু কৰ্মক আজিও নঞৰ্থক একোটা ব্যঞ্জণাৰেই চোৱা হৈ আহিছে। কৰ্ম মানেই কেৱল যেন বাধ্য-বাধকতা আৰু ‘কষ্ট কৰা’, সংগ্ৰাম মানেই যেন কেৱল দুৰ্দশা তেনে এখন ধাৰণাই আমাৰ মনত আছে। কৰ্ম যে এক উপভোগ্য বিষয় হ’ব পাৰে, জীৱনৰ সংগ্ৰাম যে এক অপ্ৰতিৰোধ্য আৰু অৱশ্যাম্ভাবী হোৱাৰ পিছতো কোনোবাই তাক উদাৰচিত্তে আহবান কৰি ল’ব পাৰে সেই বোধৰ উন্মেষ অসমীয়া চিন্তন-মননত আজিও বিৰল।

এইখিনি কথাতেই কা মেইখাৰ ঘৰৰ নাৰী চৰিত্ৰখিনিক অলপ নিলগাই চোৱা উচিত। কোনোবাই নাৰীবাদী বিশ্লেষণ কৰিব খুজিলেও এইখিনি কথা সহায়ক হ’ব।

: কা মেইখাৰ ঘৰৰ দাৰ্শনিক দিশটো- ঘৰ দৰ্শন

ঘৰ মানে কি? ঘৰ বুলিলে আচলতে আমি কি বুজোঁ? ‘ঘৰ এটা’ আৰু ‘ঘৰ এখন’ – এই দুষাৰ কথাৰ মাজত প্ৰভেদটো কি? সম্ভৱ এইখিনিতেই সোমাই আছে উপন্যাসখনৰ দাৰ্শনিক শাহটো।

পঞ্চতীৰ্থৰ ঘৈনীয়েক বুলি পাঠকৰ লগত চিনাকি হৈ কেন্দ্ৰীয় চৰিত্ৰ হৈ উঠা হৈমৱতী বা হৈমই হ’ল হ’ল কা মেইখা। মানে দেউতাকৰ ফালৰ আইতাক। কাহিনীটো কৈ আছে জিউমনে। নিজৰ অস্তিত্ব আৰু পৰিচয়ৰ সংজ্ঞা বিচাৰি কাহিনী আৰম্ভ কৰিছে দেউতাক শৰতৰো দেউতাক, মানে ককাৱক পঞ্চতীৰ্থই ঘৰ এৰি অহাৰ পৰা। সেই যে পঞ্চতীৰ্তই ঘৰ এৰি আহি নিজৰ আকোৰগোঁজালি স্বভাৱৰ বাবেই নহওক কিয় গোটেই জীৱনত ঘৰলৈ আৰু উভটি নগ’ল, তেতিয়াৰে পৰাই বিভিন্ন সময়ত “ঘৰ” শব্দটোৰ বহুমাত্ৰিক অৰ্থ আৰু ব্যঞ্জনা লেখিকাই আঁহে আঁহে সিঁচৰতি কৰি ৰাখিছে।

নামনি অসমৰ পঞ্চতীৰ্থই উজনিলৈ গৈ তাত তিস্থিব নোৱাৰি শেষত শ্বিলঙত নিজাকৈ ঘৰ এখন কৰাৰ পিছত, সেই ঘৰখনৰ মানুহখিনিৰ পৰিপ্ৰেক্ষিততে এখিলা দুখিলা কৈ উন্মোচিত হৈ থাকিল সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ইতিহাস। উপন্যাসখন আচলতে ঘৰ কৰা, ঘৰ হেৰুওৱা আৰু উদ্বাস্তু-মানসিকতাৰ কথা। বিভিন্ন ঠাইৰ মানুহ আহি উদ্বাস্তু হৈ থকাৰ বৰ্ণনাখিনিৰ এক বিশেষ গুৰুত্ব আছে।

‘ঘৰহীনতা’ এটা মানসিক অৱস্থানো। এইখিনিতে এয়া “সুবৰ্ণৰেখা” চিনেমাখনৰ সম্পৰ্কত ঋত্বিক ঘটকে কোৱা কথা এষাৰ মনলৈ আহে,
“ছবিখনত প্ৰথমতঃ পূৰ্ববংগৰ পৰা খেদাই দিয়া সকলকেই বুজোৱা নাই… আমি সকলোৱেই কোনোবা নহয় কোনোবা প্ৰকাৰে জীৱনৰ পৰা উদ্বাস্তু হৈ পৰিছোঁ। এটা ভৌগোলিক অৱস্থানতকৈ এয়া বহুত ওপৰৰ সমস্যা। এই ছবিত আদৰ্শবাদী হৰপ্ৰসাদৰ সংলাপত এই ধাৰণাৰ প্ৰতিধ্বনি শুনোঁ _ আমি বায়ুভূত, নিৰালম্ব _ অথবা ছবিৰ আৰম্ভণীতে যেতিয়া প্ৰেছ কৰ্মীয়ে কয়, উদ্বাস্তু? কোন উদ্বাস্তু নহয়?”

পঞ্চতীৰ্থই শ্বিলঙত ঘৰ সজাৰ প্রক্রিয়াটোৰ বৰ্ণনা আছে, কেনেকৈ ‘চিমেন্টৰ বিশেষ প্ৰয়োজনেই নাছিল আৰু ইটা এচপৰাও নালাগিল’। তাৰ পিছত স্বাধীনতাৰ পিছৰ কালত ‘থেপাথেপিকৈ’ সজা ঘৰবোৰে লেণ্ডস্কেপটোক কেনেকৈ সলনি কৰিবলৈ লৈছিল সেইখিনি কথাও আছে।

পঞ্চতীৰ্থৰ দ্বিতীয় ল’ৰা বিজয়ৰ মনত পৰে, সৰুতে লাবানৰ অসমীয়া এল-পি স্কুলখনত পঢ়োঁতে তাক লগৰ লগৰীয়াবোৰে প্ৰায়ে সোধে – “তোমাৰ আচল ঘৰ ক’ত?” আৰু এইটোৱেই এটা কেন্দ্ৰীয় প্ৰশ্ন হৈ থাকিল আৰম্ভণিৰ পৰা শেষলৈকে। নামনিৰ পঞ্চতীৰ্থই বহু কষ্টৰে আয়ত্ব কৰাৰ পিছত উজনি অসমৰ মাত কথাৰেই গোটেই জীৱন পাৰ কৰি দিছিল। কিন্তু তেওঁ ঢুকাবৰ পৰত তেওঁৰ কামৰূপীয়া জিভাখনক প্ৰশ্ৰয় দি কয়, “মাই, এক পিয়ালা চাহ দিয়াচোন। বৰ ভাগৰ লাগছে দেখোন।” এইখিনি কথাতো আমি ঘৰ আৰু আচল ঘৰ সম্পৰ্কে এবাৰ ভাবিবলৈ বাধ্য হৈ পৰোঁ-
“জীৱনৰ শেষ বাক্যটোতো তেনেহ’লে বনমালী পঞ্চতীৰ্থই নিজৰ ‘পৰগনা’ৰ প্ৰতি হৃদয়ত পুঁহি ৰখা আকুলতাখিনি প্ৰকাশ কৰি থৈ গ’ল।”

শৰতে নিজৰ মানসিক দোমোজাৰ মাজতে আয়াৰলেণ্ডৰ পৰা আহি শ্বিলঙত থকাহি ব্ৰাদাৰ মেব্ৰাইদক এদিন লগ পাবলৈ গ’ল। আয়াৰলেণ্ডৰ স্বাধীনতাৰ প্ৰসংগ উঠোতেই শৰতে কৈছিল,
“আপোনাৰ গৃহভূমিলৈকে ধুমুহা আহি আছে। সেই ধুমুহা অনুভৱ কৰিবলৈ আপুনি তালৈ নাযায় নে?” উত্তৰত মেকব্ৰাইদে মিচিকিয়া হাঁহি মাৰি ক’লে – “মোৰ বাবে কৰ্মভূমিয়েই হ’ল গৃহভূমি। য’ত আছোঁ সেইখন ঠাইক মই কেতিয়াও পৰ বুলি ভাবিব নোৱাৰোঁ।”
সম্ভবতঃ লেখিকাই সমস্যা কিছুমান অংকিত কৰোতে তাৰ লগে লগে সম্ভাব্য কিছুমান সমাধানৰ পথো বিচাৰি ফুৰিছে।

সঁচেতন ভাবেই হওক বা অলক্ষিতেই হওক, “ঘৰ” শব্দটোৰ অনুষংগ আহিছে বাৰে বাৰে, বিভিন্ন ধৰণেৰে। অসমীয়া আৰু খাচীয়া সৰু ছোৱালীহঁতে যেতিয়া একেলগে খেলে তেতিয়াও দেখোঁ-
“দুটা ডাঙৰ আকাৰৰ ক’লা ছাতিৰ তলত ছোৱালী দুজনীয়ে “ঘৰ” পাতিছে। সোণামনে দৌৰি ভিতৰলৈ গৈ আৰু এটা ছাতি লৈ আহিল। “এইটোৰ তলত সৌখিনিতে তোমাৰ ঘৰ হ’ব”, সোণামনে ছাতিটো নেন্সীৰ হাতত দিলে।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক