কিছুমান অনাথ শব্দ : মনোজ মন কলিতা

সন্ধিয়া নামিবলৈ দিয়া,
তৰাবোৰো আহিবলৈ দিয়া,
খামুচি থকা মোৰ চকুলোবোৰ
জোনাকৰ পোহৰ অলপ সিঁচি বৈ যাবলৈ দিয়া |
নিশাবোৰত আপোন হওঁতে সাৱটি ধৰা মোৰ উশাহবোৰ
পাখী লগাই উৰি যাবলৈ দিয়া,
ডোখৰ ডোখৰ কৈ ভাঙি পেলোৱা মোৰ সপোনবোৰ
কেঁচা তেজ হৈ বৈ যাবলৈ দিয়া।
এইয়া নিথৰুৱা হোৱাৰ বতৰ,
আঁহা আৰু আনন্দ লোৱা মোৰ কবিতাৰ।
চিগাৰেটৰ ধোঁৱাবোৰ নুমুৱাই তুমিয়েই কৈছিলা,
তোমাৰ বাবেহে হেনো এই ওঁঠযুৰি!
সিদিনা সন্ধিয়া তুমিয়েই আছিলা নেকি,
মোৰ বুকুত যে আঁচোৰ মাৰিছিল কোনোবাই!
চকুপানীবোৰৰ কথাটো বাদেই দিয়া,
তেজবোৰেও বাট বিচাৰি হাবাথুৰি খাইছিল |
আজি ম‍ই শূন্য,
উকা সময়বোৰক দেৱালত ওলমাই ৰাখিছোঁ,
ঘনে ঘনে উশাহ সলাইছে সময়ে।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments