কিছুমান কথাত অজ্ঞ হোৱাটোও ভাল–পৰিস্মিতা বৰদলৈ

এবাৰ এগৰাকী বৃদ্ধাই বয়সৰ লগেলগে কাণেৰে নুশুনা হৈ আহিল আৰু এদিন একেবাৰেই নুশুনা হৈ থাকিল৷ পুৱা-গধূলি ওচৰতে ৰেডিঅ’টো বজাই বাতৰি,সংগীত আদি শুনি ভালপোৱা মানুহগৰাকীক এতিয়া বিমৰ্ষতাই আৱৰি ধৰিলে৷ কাৰো লগতে কথা পাতিব নোৱাৰা হ’ল, কিয়নো সন্মুখৰজনে কি কয় তাৰ তেওঁ অৰ্থোদ্ধাৰ কৰি উত্তৰ দিয়ালৈ সন্মুখৰজন ৰৈ নাথাকেগৈ৷ মুঠতে ক্ৰমান্বয়ে তেওঁ একেবাৰে ভাগি পৰিল ভিতৰি ভিতৰি৷ শুনিব নোৱৰা যন্ত্ৰণাই তেওঁক পিষ্ট কৰি আনিলে এফালৰপৰা৷ সেয়ে এদিন ভাবি গুণি পুতেকক এইবিষয়ে ক’লে৷ তেওঁ ক’লে যে -এনেকুৱা জীৱনতকৈ মৃত্যুৱেই শ্ৰেয়, কাৰো লগত কথা এষাৰ পাতিব নোৱাৰে, মন গ’লেই ৰেডিঅ’টো কাণত লগাই একো এটা অনুষ্ঠান শুনিব নোৱাৰে৷ মুঠতে তেওঁ বৰ কষ্ট পাইছে চৌপাশে কি হৈ আছে তাৰ খবৰ তেওঁ জানিব পৰা নাই৷ আন কালে নিজে কম কথা ক’লেও বেলেগৰ মুখৰপৰা শুনি শুনিয়েই বা-বাতৰিবোৰ পাই থাকে দেশ-দুনিয়াৰ, এতিয়া সেইফেৰাও নাই৷ গতিকে সাতেপাঁচে মিলি পুতেকে তেওঁক এতিয়া কাণত এটা যন্ত্ৰ লগোৱাই দিয়াব লাগে যাতে তেওঁৰ জীৱনটো আগৰদৰেই হৈ পৰে৷ মৃত্যুলৈ বাকী থকা দিনকেইটা তেওঁ সুন্দৰকৈ যাপন কৰিব পাৰে৷ মাকৰ কথা শুনি পুতেকে কথাটো দ কৈ গমি চালে আৰু তাৰপাছত ক’লে যে তেওঁ এইবিষয়ে ভাবি চাব৷

এদিন সেইমতেই বৃদ্ধাগৰাকীৰ কাণত শ্ৰৱণযন্ত্ৰ এটি সংযোগ কৰি দিয়া হ’ল আৰু সেইদিনা বৃদ্ধাৰ মনত অপাৰ আনন্দ৷ আবেলি কাণত যন্ত্ৰটো লগাই অনাৰ পাছত সেইদিনা গধূলিপৰত তেওঁ হেঁপাহ পলুৱাই ৰেডিঅ’ৰ অনুষ্ঠান শুনিলে,নাতিয়েকহঁতৰ চিঞৰি চিঞৰি আওঁৰাই থকা পাঠবোৰ শুনিলে৷ মুঠতে তেওঁৰ আগৰ দিনবোৰ ঘূৰাই পোৱাৰ দৰেই লাগিল৷ সেইনিশাই ভাতপানী খাই উঠি বিচনাত পৰাৰ আগে আগে তেওঁ বাহিৰ ফুৰিবলৈ বুলি এখোজ দুখোজকৈ কোঠাৰ দুৱাৰখন খুলি দীঘল বাৰাণ্ডাখনেদি আগবাঢ়িল, কিন্তু ঠিক তেনেতেই পুতেক-বোৱাৰীয়েকৰ কোঠাৰপৰা উফৰি অহা কিছুমান শব্দই তেওঁৰ কাণত যেন বিহহে ঢালিলে৷ বোৱাৰীয়েকে ফুচ-ফুচোৱাৰ দৰেই পুতেকক কৈ আছিল,“মাৰাৰ কাণৰ যন্ত্ৰটো যে লগাই দিলা, মোৰ সোণৰ খাৰুযোৰৰ কথা একা?” এইবাৰ পুতেকে দিয়া উত্তৰত বৃদ্ধাগৰাকী শিলপৰা কপৌৰ দৰে থৰ লাগি ৰ’ল৷ পুতেকে কৈছিল,“ৰ’বাহে সব হৈ যাব৷ মাক দিয়া বিনিময়ত লোৱা চহীটোৰেই সব হাচিল হ’ব৷ মা পাছে এইবিষয়ে অজ্ঞাত দেই৷ তুমিও সাৱধান হ’বা৷” তাৰপাছৰ পুতেক বোৱাৰীয়েক হাঁহিৰ টুকুৰাবোৰে যেন বৃদ্ধাৰ কাণত অট্টহাস্যহে কৰি উঠিল৷ পাছদিনাখন কাণৰ যন্ত্ৰটো পুতেকৰ হাতত দি বৃদ্ধাগৰাকীয়ে কৈ উঠিল,“বোপা যন্ত্ৰটো লগাই দিগদাৰহে পাইছো অ’ মই৷ এতিয়া আৰু ইয়াৰ প্ৰয়োজন নাই৷ মই এনেকৈয়ে সুখী দে৷”

ওপৰৰ বৃদ্ধাগৰাকীৰ কাহিনীটোৱে আমাক এটা কথাই শিকায় যে ‘কিছুমান কথা সম্পৰ্কে আমি অজ্ঞ হৈ থকাটোৱেই শ্ৰেয়’৷ বিশেষকৈ যিবোৰ কথা নাজানিলেও আমাৰ চলি যায়, তেনেবোৰ কথা আমাৰপৰা গোপন হৈ থকাত একো আপত্তি নাই৷ ধৰা হওক আপোনাৰ আপোন বুলি ভবা কোনোবা এজন বন্ধু নাইবা বান্ধৱীয়ে কাৰোবাৰ আগত আপোনাৰ বিপক্ষে কিবাকিবি কৈছে বা আপোনাক অপবাদ দিছে, পাছে আপুনি এইবিষয়ে একেবাৰে অজ্ঞ, আপত্তি নাই এনে অজ্ঞতাৰ, যি অজ্ঞতাই আপোনাক কষ্ট দিয়ে, হলাহল পান কৰিবলৈ বাধ্য কৰোৱায়৷ কেৱল নিজৰ ক্ষেত্ৰতেই নহয় কেতিয়াবা আনৰ কিছুমান কথাও নজনাকৈ থকাই মংগল৷ যেনে আপোনাৰ দৃষ্টিত এগৰাকী খুব সুখী,হাঁহিমুখীয়া ব্যক্তিৰ অন্তৰালত থকা দুখবোধ তথা কষ্টকৰ জীৱনৰ বিষয়ে আপুনি অকস্মাৎ গম পালে, কেনে লাগিব আপোনাৰ? নিশ্চয় ভাল নালাগিব, নহয় জানো? এখন হাঁহিমুখীয়া মুখ, অলপমান সুখ আৰু এটা বৰ্ণিল জীৱন সকলোৰে কাম্য নহ’বও পাৰে কিন্তু সেইবুলি আপাতদৃষ্টিত এটি বৰ্ণিল জীৱনৰ অধিকাৰী বুলি ভবাৰ কাৰোবাৰ জীৱনৰ দুখময় দস্তাবেজে কিন্তু আমাক আঘাতহে দিয়ে, তাতকৈ নজনাই ভাল, অজ্ঞ হোৱাই ভাল৷ অৱশ্যে দুখৰ গৰল পি ও জীৱনৰ মধুৰস পান কৰিবলৈ পিছ হুঁহকি নোযোৱা এনে ব্যক্তিৰ জীৱনদৰ্শনক ধনাত্মক দৃষ্টিৰে গ্ৰহণ কৰিব পৰা কথাটোত আপত্তি নৰজে, পাছে কিমান জনেনো কথাবোৰ ধনাত্মক দৃষ্টিৰে চায়? চাবলৈ সক্ষম হয়?

আজিৰপৰা কেইবছৰমান আগত যেতিয়া মোবাইল ফোনৰ আৱিষ্কাৰেই হোৱা নাছিল, কাৰোবাৰ ঘৰত লেণ্ডলাইন দুটামান আছিল বা পি চি অ’ ৰে কাম চলিছিল, চিঠিপত্ৰৰ আদানপ্ৰদান চলিছিল,তেতিয়া মানুহৰ মাজত বহুত কথাই অজ্ঞ হৈ ৰৈছিল৷ কিয়নো চিঠিতেই সকলো খতিয়ান দাঙি ধৰাটো সম্ভৱপৰ নাছিল বা টেলিফোনতো আজিৰ মোবাইলৰ তুলনাত সুবিধাবোৰ কম আছিল, টকাপইচাৰ কথাও ভাবিবলগীয়া হৈছিল৷ সেই অনুপাতে জোখৰ কথাকেইটাৰহে বিনিময় হৈছিল মাত্ৰ৷ এতিয়া স্মাৰ্টফোন আহিল,চাবলৈ মন গ’লেই কাৰোবাক VDO CALL কৰিব পৰা হ’ল৷ হোৱাটচএপ,ফেচবুকে সকলো সহজ কৰি তুলিলে৷ অজ্ঞতাৰ সুৰুঙা প্ৰায় নোহোৱা হৈ থাকিল৷ আনকি কাৰোবাৰ অতি গোপন তথা বিশ্বাসৰ আৱৰ্তত আবদ্ধ কথাবোৰো Screenshot ৰ ৰূপত ৰাজহুৱা হৈ পৰিল৷ একো অজানা হৈ নাথাকিল৷ এনেকৈয়ে বিষবাষ্প কিছুমান বিয়পি পৰিল অজ্ঞতাৰ বিপক্ষে আমাৰ অজ্ঞাতেই৷ ফলস্বৰূপে বাকবিতণ্ডা হ’ল, ফেচবুকৰ মজিয়া গৰম হ’ল৷ আৱেগিক কিছু লোকৰ টোপনিও হৰণ হ’ল৷ কিন্তু ইয়াত লাভনো কাৰ কিমান হ’ল সেয়া বিশ্বাৰ্যৰ বিষয় সঁচাকৈ৷

আপুনি কাৰোবাৰ কিছু কথা নাজানে, নজনাৰ বাবে আপোনাৰ ক্ষতি একো হোৱা নাই, দিনপঞ্জী আপোনাৰ সঠিককৈয়ে আগবাঢ়িছে৷ এইক্ষেত্ৰত আপুনি অজানা হৈয়ে ৰওকচোন৷ কাকো খোচামতি নধৰিব ক’বলৈ অজ্ঞাত হৈ ৰোৱা কথাবোৰ, আপুনি অন্ততঃ শান্তিত থাকিব পাৰিব৷ ঠিক একেদৰেই যদিহে কাৰোবাৰ বিষয়ে কোনোবাই কিবা কৈছে আপুনি কিছুপৰৰ বাবে বধিৰ হৈ পৰক চোন৷ আপত্তিতো নাই৷ অঁ যদিহে কোনোবাই কাৰোবাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে আৰু তাৰ যথোচিত প্ৰমাণো আছে নিঃসন্দেহে আপুনি চকু কাণ খোলা ৰাখি সেয়া পোহৰলৈ আনক৷ সেয়া আপোনাৰ নৈতিক দায়িত্ব৷ আনহাতে কাৰোবাৰ কথা কাৰোবাক লগাই, অনুভূতিৰ বিষক্ৰিয়াত অনুঘটক হিচাপে কৰা ক্ৰিয়া কেৱল অনৈতিকেই নহয়, একপ্ৰকাৰ অপৰাধ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক