কিছু অনন্য অভিজ্ঞতা: ৰাণা গগৈ

ধৰাৰ দিহিঙে-দিপাঙে : অন্য এখন পৃথিৱীৰ কিছু অনন্য অভিজ্ঞতা

নতুন বছৰৰ আৰম্ভণি৷ অনাগত দিনৰ মধুৰ স্বপ্নই উদ্দীপ্ত কৰি ৰাখিছে আমাৰ মন৷ অনেক আশা-আকাংক্ষাৰ আবিৰ দুনয়নত সানি লৈ আমি আগবাঢ়িব খুজিছোঁ নতুন দিনবোৰৰ অভিমুখে৷ এই কথাৰ প্ৰতি কিছু লক্ষ্য ৰাখি, সন্মোহিত এনে মধুৰ ক্ষণত আজিৰ মোৰ এই লেখা — যি এক অবিশ্বাস‍্য, অকল্পনীয় আৰু এক অবিস্মৰণীয় অভিজ্ঞতা৷ এই অবিস্মৰণীয় অভিজ্ঞতাৰ মই সন্মুখীন হৈছিলোঁ সিদিনা — হায়দৰাবাদ চহৰত৷ হায়দৰাবাদ চহৰত প্ৰাপ্তি হোৱা এই চিৰস্মৰণীয় অভিজ্ঞতাই মোক বাৰম্বাৰ ভবাই তুলিছে৷ তিতা-মিঠা বিচিত্ৰ অভিজ্ঞতাৰ বৰ্ণ-সুষমাৰে ৰঞ্জিত কৰা মোৰ জীৱনটোক দুনাই ভূমুকি মাৰি চাবলৈ বাধ্য কৰাইছে৷ মোৰ চৌপাশে অবিৰাম চলি থকা হাজাৰ হাজাৰ ঘটনাৰ উপৰ্যুপৰি প্ৰশ্নই মোক বাৰুকৈ আমনি কৰিছে৷ আমি বাৰু প্ৰয়োজনতকৈ বেছি বৈষয়িক হৈ পৰিছোঁ নেকি? প্ৰয়োজনতকৈ বহুগুণে বেছি পাৰ্থিৱ সুখ-সম্ভোগৰ প্ৰতি আসক্তি হৈ পৰিছোঁ নেকি? বিজ্ঞান-প্ৰযুক্তিবিদ্যাই দ্ৰুত গতিত প্ৰদান কৰি অহা সুখ-স্বাচ্ছন্দ্য যি সম্পূৰ্ণ ‘বাহ‍্যিক’ আৰু ‘কৃত্ৰিম’ — ইয়াৰ প্ৰতি বাৰু আমি অত‍্যধিক লিপ্সিত হৈ পৰিছোঁ নেকি? এনে বৈষয়িক সুখ-স্বাচ্ছন্দ্য অথবা কৃত্ৰিম আনন্দ-তৃপ্তিৰ লিপ্সা চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে পম খেদি খেদি আমাৰ নিজস্ব ‘সঁচা’ জীৱনটোক আভুৱা ভাঁৰিছোঁ নেকি? পোৱাটোক আওহেলা কৰি নোপোৱাটোৰ পিছে পিছে মৰীচিকা খেদাৰ দৰেই খেদি ফুৰোঁতে আমাৰ জীৱনৰ প্ৰতিটো অমূল্য আৰু অমৃতময় মুহূৰ্তবোৰ অহৈতুক অপচয় কৰিছোঁ নেকি? উপৰ্যুপৰি এনে ধৰণৰ অজস্ৰ প্ৰশ্নই মোৰ মন, হায়দৰাবাদৰ ঘটনাটোৰ পাছৰ পৰা, বিহ্বল কৰি তুলিছে৷

হাইদৰাবাদৰ ‘হাইটেক চিটি’ অঞ্চলত আছে ‘ইনৰবীট মল’ (Inorbit Mall)৷ এই ইনৰবীট মলৰ একেবাৰে ওপৰ মহলাত আছে “ডাইলগ ইন দ‍্যা ডাৰ্ক“ (Dialogue in the Dark)৷ যদিও এই ঠাই আধুনিক ‘মল’ এটাত অৱস্থিত আৰু প্ৰৱেশৰ বাবে প্ৰৱেশ মাচুল লাগে তথাপিও ইয়াক কোনো বিপণি বা দোকান-পোহাৰ অথবা ব‍্যৱসায় প্ৰতিষ্ঠান বুলি ক’লে হয়তো ভুল হ’ব৷ মোৰ ভাষাত এই স্থানক মই এক ’বিশেষ অভিজ্ঞতাৰ আলয়’ বুলিহে কৈ ভাল পাম৷ এই অভিজ্ঞতাৰ আলয় ’ডাইলগ ইন দ‍্যা ডাৰ্ক’ৰ বিশেষত্বনো কি? অন্তৰ আত্মা কঁপাই যোৱা ইয়াত আছেনো কি?

নিৰ্ধাৰিত মাচুল আদায় দি মূল গৃহীত প্ৰৱেশ কৰাৰ লগে লগেই হঠাতে উপস্থিত হোৱা যায় — অত্যন্ত গাঢ় ক’লা, উৱাদিহ নোপোৱা ঘোপমৰা অন্ধকাৰৰ মাজত৷ ঘৰটোৰ ভিতৰভাগ ঘোপমৰা ইমানেই অন্ধকাৰ যে পোহৰৰ কিঞ্চৎ বিন্দু এটাও দেখিবলৈ পোৱা নাযায়৷ কিন্তু এনে এন্ধাৰতেই মৃদু স্বৰত বাজি আছিল মনপৰশা ধুনীয়া ধুনীয়া হিন্দী গীত৷ একমাত্ৰ এনে হিন্দী গীতৰ শ্ৰৱণানুভূতি লৈ, বুকু কঁপাই যোৱা ঘোপমৰা অন্ধকাৰৰ মাজত আপুনি অভিজ্ঞতা ল’ব লাগিব; আৰু সেই অভিজ্ঞতাসমূহ হ’ল — কুলুকুলুকৈ বৈ যোৱা জান-জুৰিৰ এখন (কৃত্ৰিম) পাৰ্ক৷ পাৰ্কখনত থকা এখন সৰু দলং আৰু এই দলঙৰ ওপৰেদি খোজ কাঢ়ি পাৰ হোৱাৰ অভিজ্ঞতা৷ পাৰ্কখনত থকা গছ-লতা-ফুলৰ স্পৰ্শৰ অনুভূতি৷ জান-জুৰিয়েদি বৈ যোৱা শীতল পানীৰ মৃদু স্পৰ্শানুভুতি৷ আনকি তিমিৰাচ্ছন্ন এই পাৰ্কৰ দাঁতিত ক্ৰিকেট খেলো খেলা যায়৷ সিমানেই নহয়; আনকি উদৰ ভৰাই তৃপ্তিৰে এসাঁঁজ আহাৰ খোৱা যায়৷ কি যে আচৰিত! পিছে উৱাদিহ নোপোৱা ঘন ক’লা ঘোপমৰা এন্ধাৰত ইমানবোৰ কাৰুকাৰ্য‍্য কেনেকৈ সম্ভৱ হ’ব পাৰে? ই সত্যনে? নে ই এক স্বপ্ন? নহয়, ই কোনো কল্পনা বা স্বপ্ন নহয়৷ ই সম্পূৰ্ণ সত্য৷ যিহেতু হলঘৰটোৰ ভিতৰৰ এই সমস্ত কাৰ্য‍্যাৱলীবোৰৰ (activities) পৰিচালনা কৰা লোকসকল হ’ল দৃষ্টিহীন কেইজনমান অন্ধলোক৷ এৰা, আপুনি ঠিকেই পঢ়িছে — পৰিচালনা কৰা ব‍্য‍ক্তি কেইগৰাকী দৃষ্টিশক্তিৰ পৰা বঞ্চিত সম্পূৰ্ণ অন্ধ ব‍্যক্তি৷ আৰু এনে ’দৃষ্টিহীনতাৰ’ বিশেষ অভিজ্ঞতা আহৰণ কৰিবলৈ যায় আপোনাৰ-মোৰ দৰে দৃষ্টিশক্তিৰ আশীৰ্বাদেৰে আশীৰ্বাদপুষ্ট সক্ষম লোকসকল৷ আহক, এই বিষয়ে অলপ বহলাই কওঁ৷

কোম্পানীৰ কামৰ বাবে জাৰ্মানীলৈ যাওঁতে দুবাৰমান ’ফ্ৰেঙ্কফাৰ্ট’ (Frankfurt) চহৰত আছিলোঁ৷ জাৰ্মানীৰেই নিবাসী মোৰ বন্ধু ৰবাৰ্টে এবাৰ, ফ্ৰেঙ্কফাৰ্ট চহৰত থকা ’ডাইলগ ইন দ‍্যা ডাৰ্ক’ৰ বিষয়ে এক থূলমূল আভাস দি পাৰিলে ইয়াৰ অভিজ্ঞতা ল’বলৈ মোক কৈছিল৷ কিন্তু মই মোৰ আজৰি সময়খিনি ঐতিহাসিক ঠাইসমূহ দৰ্শন কৰা আৰু ফ্ৰেঙ্কফাৰ্ট চহৰত অনুষ্ঠিত হোৱা বিশ্বৰ বৃহত্তম গ্ৰন্থমেলাত ফুৰি ফুৰোঁতেই এই কাম হৈ নুঠিল৷ ওভতনিৰ পৰত ৰবাৰ্টে যেতিয়া জানিব বিচাৰিছিল মই কি এই অভিজ্ঞতা ললোঁ নে নাই আৰু মোৰ উত্তৰ আছিল নেতিবাচক, তেতিয়া ৰবাৰ্টে মোক কৈছিল — you are missing something! যা হওক, ডাইলগ ইন দ‍্যা ডাৰ্কৰ বিষয়ে সৰ্বপ্ৰথমে মই ৰবাৰ্ট মুখেৰে জাৰ্মানীতেই জানিব পাৰিছিলোঁ৷ ’something missing’ কথাটোৰ প্ৰতি অকণমান অনুশোচনাও মনলৈ আহিছিল অৱশ্যে৷

২০১৮ বৰ্ষৰ বিদায় বেলাত আৰু ২০১৯ বৰ্ষৰ আগমনৰ প্ৰাকক্ষণত সপৰিয়ালে কেৰেলালৈ এসপ্তাহৰ বাবে ফুৰিবলৈ যোৱাৰ মন মেলিলোঁ৷ কিন্তু মোৰ ডাঙৰ ল’ৰাই হাইদৰাবাদ চহৰৰ সমীপত থকা বিশ্বৰ বৃহত্তম ’ষ্টুডিঅ’ কম্প্লেক্স’ হিচাপে ’গিনিচ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড’ত লিপিবদ্ধ হোৱা “ৰাম’জী ফ্লিম চিটি“ (Ramoji Film City) চোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলে৷ এই বিষয়ে মই আগতীয়াকৈ কিছু জানিবলৈ ইণ্টাৰনেটত বিচাৰ-খোঁচাৰ কৰিলোঁ৷ ঠিক তেনেতে হাইদৰাবাদত ’ডাইলগ ইন দ‍্যা ডাৰ্ক’ৰ শাখা এটা থকাৰ কথা চকুত পৰিল৷ ইয়াৰ আগে এই কথা মই জনা নাছিলোঁ৷ গতিকে কেৰেলাৰ সলনি হাইদৰাবাদলৈ যোৱাৰ মোৰ ’প্লেন’ সলাবলৈ বেছি পৰ নালাগিল৷

যথাসময়ত হাইদৰাবাদ চহৰত উপস্থিত হৈ, ’হাইটেক চিটি’ অঞ্চলত অৱস্থিত ’ইনৰবীট মল’ৰ ওপৰ মহলাত এদিন হাজিৰ হ’লোঁ৷ টিকট কাউণ্টাৰত থকা যুৱকজনক সুধি গোটেই কাৰ্য‍্যসূচী অৰ্থাৎ ’প্ৰগ্ৰেম’টোৰ কথাখিনি মোটামুটিকৈ বুজি উঠিলোঁ৷ গোটেই প্ৰগ্ৰেমটো দুটা ভাগত বিভক্ত কৰা হৈছে৷ এক — অন্ধকাৰময় ৰেস্তোৰাঁখনত খাদ্য খোৱাৰ অভিজ্ঞতা৷ অন্ধকাৰাচ্ছন্ন মূল হলঘৰটোৰ ভিতৰত একাষে খাদ্য পৰিৱেশন কৰা ৰেস্তোৰাঁখন আছে৷ দুই — হলঘৰটোৰ বাকীখিনি ঠাই হ’ল ’এক্টিভিটি এৰিয়া’ য’ত এখন কৃত্ৰিম পাৰ্ক আছে৷ পৰিসৰত সৰু যদিও কৃত্ৰিম পাৰ্কখনত ব‍্যৱহাৰ কৰা সামগ্ৰীবোৰ যেনে জান-জুৰিত বৈ থকা পানী, ফুল ফুলি থকা ফুলগছসমূহ, বগাই থকা লতাবোৰ, খৰাহিত সজাই থোৱা শাক-পাচলি আৰু ফল-মূলবোৰ কিন্তু সঁচা হয়, কৃত্ৰিম নহয়৷ কৃত্ৰিম যদি আছিল সেয়া হ’ল চৰাইৰ কোমল আৰু শুৱলা কল-কাকলিবোৰ৷

এটা কাৰ্য্যক্ৰম অৰ্থাৎ প্ৰগ্ৰেম শেষ কৰি আনটো প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব লাগে৷ কিন্তু নিৰ্দিষ্ট এটা কাৰ্য্যক্ৰম প্ৰথমে আৰু পৰৱৰ্তীটো দ্বিতীয় তেনে কোনো নিয়ম নাই৷ যিকোনো এটাৰে আৰম্ভ কৰিব পাৰি৷ ঠিক তেনেকৈ দুয়োটা কাৰ্য্যক্ৰমত অংশগ্ৰহণ কৰিবই লাগিব তেনে কোনো ধৰাবন্ধা কথা নাই৷ ইচ্ছা অনুসৰি দুয়োটাতে বা এটাত অংশগ্ৰহণ কৰিব পাৰি৷ একোটা প্ৰগ্ৰেমৰ মাচুল গাইপতি ৬৩০ টকা৷ অৰ্থাৎ দুয়োটা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবৰ বাবে মুঠ মাচুল হ’ব গাইপতি ১২৬০ টকা আৰু এই ধন আগতীয়াকৈ কাউণ্টাৰত আদায় দিব লাগে৷

ঘোপমৰা অন্ধকাৰময় হলঘৰটোত প্ৰৱেশ কৰাৰ আগতে হাতত থকা টালি-টোপোলা, মোনা, ফোন, পিন্ধি থকা হাত-ঘড়ী, চছমা আৰু পকেটত থকা ’মানি পাৰ্ছ’, ৰুমাল, ফণি আদি বাহিৰত থৈ যাব লাগে, ভিতৰলৈ লৈ যোৱা নিষেধ৷ এই বস্তুসমূহ নিৰাপদে থ’বলৈ কিছুমান ’লকাৰ’ (locker) আছে৷ বস্তুবোৰ ভৰাই থোৱাৰ পাছত সিদিনা মোৰ পকেটত কেৱল ’লকাৰ’ৰ চাবিটোহে আছিল৷

সিদিনা মই দুয়োটা কাৰ্য‍্যক্ৰমত অংশগ্ৰহণ কৰাৰ ইচ্ছাৰে প্ৰয়োজনীয় মাচুল কাউণ্টাৰত জমা দিছিলোঁ৷ প্ৰথমে মই ’খাদ্য গ্ৰহণ’ৰ অভিজ্ঞতা ল’ব বিচাৰিছিলোঁ৷ ইয়াৰ কাৰণটো হ’ল — আনটো প্ৰগ্ৰেম অৰ্থাৎ পাৰ্কত ফুৰা-চকা, ক্ৰিকেট খেলা প্ৰগ্ৰেমটো দলীয় কাৰ্য‍্যক্ৰম মানে ’গ্ৰুপ এক্টিভিটি’ হয়৷ ইয়াৰ বাবে আন তেনে লোক আহি যোগদান নকৰালৈকে (অতি কমেও চাৰিজন) কিছু সময় অপেক্ষা কৰিবলগীয়া হয়৷ কিন্তু ৰেস্তোৰাঁখনৰ ক্ষেত্ৰত তেনে কোনো কথা নাই৷ সেয়ে মই অপেক্ষা নকৰি প্ৰথমে ৰেস্তোৰাঁখনত প্ৰৱেশ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ৷

অৱশেষত হলঘৰটোত মোৰ প্ৰৱেশ কৰাৰ সময় আহি পৰিল৷ সেই অনুসৰি মুখ্য প্ৰৱেশদ্বাৰৰ সম্মুখত মই থিয় হ’লোঁ৷ মই অনুভৱ কৰিছিলোঁ এক অনামী উত্তেজনা আৰু অনুভৱ কৰিছিলোঁ মৃদু ভয় যিহেতু খন্তেক পাছত মই অন্ধকাৰত সোমাই পৰিম৷ কাউণ্টাৰৰ যুৱকজন আহি দুৱাৰখন খুলি দিলে আৰু মোক ভিতৰলৈ সোমাই যাবলৈ নিৰ্দেশ দিলে৷ সেই নিৰ্দেশ অনুসৰি মই ভিতৰলৈ সোমাই গ’লোঁ৷ যুৱকজনে তুৰন্তে দুৱাৰখন জপাই বাহিৰফালৰ পৰা চাবি মাৰি দিলে৷ মই হঠাৎ অন্ধকাৰৰ মাজত সোমাই পৰিলোঁ৷ আগতীয়াকৈ প্ৰগ্ৰেমটোৰ কথাখিনি থূলমূলকৈ জানি লৈ মই ইতিমধ্যে মানসিকভাৱে প্ৰস্তুত আছিলোঁ যদিও ঘোপমৰা ইমান অন্ধকাৰ হ’ব বুলি মই আগে কল্পনা কৰা নাছিলোঁ৷ চোৰে চৰ মাৰি গ’লেও দেখি নোপোৱা, অত্যন্ত গাঢ় ক’লা আৰু কোনো উৱাদিহ নোপোৱা ঘোপমৰা আন্ধাৰ! এনে অন্ধকাৰত মই খোজ কাঢ়ি আগবাঢ়ি যোৱাটো মস্কিল হৈ পৰিল৷ সেই মুহূৰ্তত তাৎক্ষণিকভাৱে যিটো কথা মোৰ মনলৈ আহিছিল সেইটো হ’ল — সন্মুখত যেন অত্যন্ত দ কুঁৱা এটাহে আছে৷ মই আগুৱাই গৈ ভৰি দিলেই যেন মই কোনো পাতাল গহ্বৰত সোমাই পৰিম৷ সাধাৰণতে অন্ধ ব‍্যক্তিসকলৰ হাতত এডাল মাৰি থাকে৷ মোক তেনে এডাল মাৰি দিয়া হোৱা নাছিল যিহেতু এই প্ৰগ্ৰেমটোত ইয়াৰ কোনো প্ৰয়োজন নাছিল৷ সেয়ে মই আগনাবাঢ়ি সেই ঠাইতেই স্থিৰ হৈ ৰ’লোঁ৷ ঠিক তেনেতে প্ৰায় দহ ফুটমান দূৰৈৰ পৰা এষাৰ মাত ভাঁহি আহিল –“আপুনি আগবাঢ়ি আহক … মই ৰৈ আছোঁ …. ভয় খাব নালাগে … আগ বাঢ়ি আহক ..৷ “ এই কথাত ভৰসা পাই মই অতি সাৱধানে আৰু লাহে লাহে ভিতৰলৈ সোমাই গ’লোঁ৷

সাধাৰণ পৰিস্থিতিত দৃষ্টিশক্তিহীন ব‍্যক্তি এজনক সাধাৰণতে আন এজন সক্ষম ব‍্যক্তিৰ দ্বাৰা সহায় কৰা হয়, বিশেষকৈ ৰাস্তা-ঘাট পাৰ হোৱাৰ ক্ষেত্ৰত৷ কিন্তু এনে পৰিস্থিতিত কথাটো সম্পূৰ্ণ ওলোটা হৈছিল, আৰু মই এজন অন্ধ ব‍্যক্তিৰ কান্ধত ভালকৈ খামোচ মাৰি ধৰি প্ৰায় ১০ – ১২ ফুটমান দূৰত্ব হলঘৰৰ ভিতৰলৈ সোমাই গৈছিলোঁ৷ ইমানখিনি দূৰত্ব আনৰ কান্ধত ধৰি অতিক্ৰম কৰাৰ পাছত মোৰ কাষত এখন টেবুল আৰু চকী থকাৰ কথা কোৱাত মই আন্ধাৰতে খেপিয়াই সেই কথা অনুভৱ কৰিছিলোঁ আৰু চকীখনত বহি পৰিছিলোঁ৷ টেবুলখনত ইতিমধ্যে ৰখা হৈছিল এখন খালী ট্ৰে’, এখন চামুচ আৰু কিছু টিছু কাগজ যি মই হাতেৰে চুই অনুভৱ কৰিছিলোঁ৷

মোক প্ৰায় দুৱাৰমুখৰ পৰা সহায় কৰি ভিতৰলৈ লৈ অনা দৃষ্টিশক্তি-বঞ্চিত ব‍্যক্তিজনৰ নাম আছিল ৰাজেশ্বৰ৷ ৰাজেশ্বৰে বৰ সুন্দৰ ইংৰাজী আৰু শুদ্ধকৈ হিন্দী ক’ব পাৰে৷ নিজ মাতৃ ভাষা তেলেগু জানেই৷ ৰাজেশ্বৰে মোক জনালে যে মোৰ আহাৰৰ থালীখন তৈয়াৰ হ’বলৈ প্ৰায় দহ মিনিট সময় লাগিব৷ অৰ্থাৎ মই এই দহ মিনিট সময় নীৰৱে অপেক্ষা কৰিব লাগিব৷ এই সময়ছোৱাত যদি মোক কিবা সহায় লাগে তেন্তে ৰাজেশ্বৰক নাম কাঢ়ি মাতিলেই হ’ল৷ অতি জৰুৰী কথাটো হ’ল যে — ৰাজেশ্বৰক মতাৰ আগতে, প্ৰথমে মোৰ নিজৰ নামটো কৈ ল’ব লাগিব আৰু তেতিয়াহে ৰাজেশ্বৰ মোৰ ওচৰত হাজিৰ হ’ব পাৰিব৷ এনেধৰণৰ কিছু নিৰ্দেশনা আছে যি সেই ঠাইত মানি চলাটো নিতান্তই প্ৰয়োজন৷

মোৰ টেবুললৈ খাদ্যৰ থালী এখন অনা হ’ল৷ দহ মিনিট বুলি কৈ তিনি বা চাৰি মিনিটত খাদ্যৰ থালীখন পৰিৱেশন কৰাত মই আচৰিত হ’লোঁ আৰু এই কথা মই ৰাজেশ্বৰক ব‍্যক্ত কৰিলোঁ৷ তেতিয়া ৰাজেশ্বৰে মোক জানিবলৈ দিলে যে খাদ্যৰ থালীখন দৰাচলতে মোৰ বাবে নহয় বৰং একেখন টেবুলত আৰু মোৰ নিচেই কাষত আন এজন ব‍্যক্তি বহি আছে, এই খাদ্য তেওঁৰ বাবেহে৷ মোৰ কাষত যে আন এজন ব্যক্তি বহি আছে ইমান পৰে মই এই কথাৰ একেবাৰেই উমান পোৱা নাছিলোঁ৷ কিঞ্চিৎ শব্দ নকৰাকৈ ইমান নিমাওমাও হৈ ব‍্যক্তিজন যে মোৰ নিচেই কাষত বহি আছিল এই কথা ভাবি আচৰিত লাগিল৷ মোৰ এই অনুভৱ, নিমাওমাও হৈ বহি থকা এই ব‍্যক্তিজনক কৈ পেলালোঁ৷ মানুহজনে মৃদু স্বৰত হাঁহি এটা মাৰি ক’লে –“Hi, I am Naveen৷ “ গাঢ় ক’লা অন্ধকাৰত আমাৰ দুয়োৰে মাজত চিনাকি পৰ্ব এনেদৰেই চলিছিল৷

আমি দুয়োজনৰ বাদে আন লোকৰ উপস্থিত সেই সময়ত অনুভৱ কৰা নাছিলোঁ৷

অৱশেষত মোৰ খাদ্যৰ থালীখন মোৰ সন্মুখত পৰিৱেশন কৰা হ’ল৷ ইতিমধ্যে থকা খালী ট্ৰে’খনত ওপৰত খাদ্যৰ থালীখন থৈ ৰাজেশ্বৰে মোক বুজাই দিলে যে থালীখনত মুঠ ৬টা ভাগ আছে আৰু প্ৰতিটো ভাগতেই আছে বিভিন্ন খাদ্য৷ মই আন্ধাৰত হাত ফুৰাই, স্পৰ্শ কৰি খাদ্যবোৰ বুজিবলৈ চেষ্টা কৰিলোঁ৷ এভাগত আছিল নিৰামিষ পোলাও৷ আন এভাগত আছিল পনীৰৰ জুলীয়া আঞ্জা৷ ঠিক তেনেকৈ আছিল নানান শাক-পাচলিৰ এখন মিশ্ৰিত শুকান আঞ্জা, ৰাইটা, আলুৰ শুকান ’ফ্ৰাই’ আৰু অলপ মিঠাই৷ ৰূপোৱালি ’ফইল’ কাগজৰে মেৰিয়াই সুকীয়াকৈ দিয়া হৈছিল মাখনী ৰুটী৷ খাদ্যবোৰ তপত আছিল যদিও হাত পুৰি যোৱাকৈ গৰম নাছিল৷ হয়তো এই কথাৰ যত্ন লোৱা হৈছিল যাতে এন্ধাৰত খাৱৈয়াৰ হাত নোপোৰে৷

আমি ভোজন কৰি থকা সময়ছোৱাত এজন-দুজনকৈ লাহে লাহে আৰু লোকৰ সমাৱেশ হৈছিল আৰু পৰিৱেশটো অলপ-অচৰপ কোলাহলময় হৈ পৰিছিল৷

পৰিৱেশিত খাদ্যসমূহ বৰ সুস্বাদু আছিল, বৰ তৃপ্তিকৰ! কিন্তু সঁচা অৰ্থত ই মূল কথা নহয়; নাছিল ই মোৰ মূল উদ্দেশ্য৷

স্বদেশ আৰু বিদেশত নামী-দামী বহুতো ৰেস্তোৰাঁত বহুজনৰ সৈতে কুন্দতকটা চকী-মেজত বহি মই বহু মহাৰ্ঘ খাদ্য বহুবাৰ খাইছোঁ৷ কিন্তু ঘন ক’লা ঘোপমৰা আন্ধাৰত বহি, দৃষ্টিশক্তি-বঞ্চিত ’স্মাৰ্ট’ পেছাদাৰীয়ে অতি আদৰৰে পৰিৱেশন কৰা খাদ্য সম্ভাৰৰ সোৱাদ সম্পূৰ্ণ সুকীয়া আছিল৷ শব্দৰে বুজাব নোৱাৰা এক অনামী তৃপ্তি আছিল৷ চিৰস্মৰণীয় এখন অচিন পৃথিৱীৰ এক বিৰল অভিজ্ঞতা আছিল, যি অভিজ্ঞতা আছিল সম্পূৰ্ণ অনন্য! ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক