কিছু চিন্তা (ৰুমা হাজৰিকা)

মোৰ কিছু চিন্তা (১):
**************
কাতি বিহুৰ দিনা সন্ধিয়া তুলসী পুলি প্ৰতিষ্ঠা কৰি পৰম্পৰাগত ভাৱে মাহ প্ৰসাদৰ শৰাই এখন আগবঢ়াই নিয়ম টো পালন কৰিবলৈ বুলি স্থিৰ কৰিলো৷ সৰুৰে পৰা এনে পৰম্পৰা দেখিছো সেয়ে ময়ো যথা ৰীতি অনুসৰি সম্পন্ন কৰিব চেষ্টা কৰি আহিছো৷ আছলতে আমাৰ সন্তানে যাতে আমাৰ পাছত এই পৰম্পৰা সমূহ পালন কৰে সেয়া মোৰ একান্ত বাঞ্চা৷ ঘৰৰ পৰম্পৰা তথা সংস্কাৰে সন্তানৰ ওপৰত গভীৰ প্ৰভাৱ পেলাই সেয়া এক চিৰন্তন সত্য, তাৰ বাবে সিহঁতক যোৰ কৰি অনুসৰণ কৰিবলৈ কবৰ প্ৰয়োজন নাই৷ যেতিয়াই আমি যোৰ কৰি কিবা এটা অনুসৰণ কৰিব চেষ্টা কৰো সেই বিষয়টোৰ প্ৰতি স্প্ৃহা নাইকিয়া হয়, সেইয়া পঢ়াশুনাই হওক বা ৰীতি নীতি পৰম্পৰা৷
পঢ়াশুনাৰ দ্বাৰা স্বাৱলম্বি ও মগজুৰ প্ৰখৰতা বাঢ়ে৷ কোনো ঘৰুৱা কামবনৰ অভ্যাস নথকা স্বত্বেও অনেক ব্যক্তিয়ে পিছৰ জীৱনত সুচাৰু ভাৱে সকলো কাম চলাই নিয়াত সক্ষম হয়৷ আচলতে এই সফলতাৰ আৰত থাকে ঘৰুৱা সংস্কাৰ তথা শিক্ষা৷ পুৱাৰ পৰা নিশালৈকে পিতৃ মাতৃৰ সকলো কামকাজ তথা আচাৰ ব্যৱহাৰ আমি অজানিতে নিৰীক্ষণ কৰি যাওঁ আৰু তৰপে তৰপে আমাৰ মস্তিস্কত সংৰক্ষিত হৈ যায়৷ আৰু আজীৱন আমি তাকেই অনুসৰণ কৰি যাওঁ৷ এজন সুস্থ সুখী তথা সফল আদৰ্শবান ব্যক্তি শক্তিশালী সংস্কাৰ আৰু বিদ্যা দুয়োটা বিষয়ৰ সৌভাগ্য হ’ব লাগিব৷ সংস্কাৰ অবিহনে তেওঁ যিমানেই বাহ্যিক ৰূপে সফল নহওক কিয় সুখী তথা সমাজৰ আদৰ্শ ৰূপে প্ৰতিষ্ঠা নাপায়৷
আমি যি পৰিবেশত নাথাকো কিয় আমাৰ সংস্কাৰ প্ৰতিফলিত হ’বই৷
আমি প্ৰায়ে দেখো কিছু অশিক্ষিত লোকৰ ঘৰটো মেধা সম্পন্ন ব্যক্তিৰ জন্ম হয়, সেয়া কেনেকৈ সম্ভৱ৷ ভালকৈ নিৰীক্ষণ কৰিলে দেখা পাব, সেই ব্যক্তি জনে উপযুক্ত অনুপ্ৰেৰণা বা সংস্কাৰ পায় মানসিক ৰূপে৷
আমাৰ মগুজুক উপযুক্ত অনুপ্ৰেৰণাৰ প্ৰয়োজন সফলতা প্ৰাপ্তিৰ বাবে৷ তাৰ বাবে আমাক সুস্থ ঘৰুৱা পৰিবেশৰ অতি প্ৰয়োজন৷ সৎ সাহস, সততা, স্পষ্ট ভাষীক আদি গুণ সমূহ সবল প্ৰতিপালন অৱিহনে কেতিয়াও প্ৰতিফলন নহয়৷ বহু বিদ্বান লোকৰও দুৰ্নীতি, অসৎ চৰিত্ৰ, অভদ্ৰ আচৰণ, মিথ্যাচাৰ, অহং ভাৱনা, সংকীৰ্ণ চিন্তা আদি অৱগুন তেওঁলোকৰ দেখা যায়৷ এই সকলো পৰিবেশ আৰু প্ৰতিপালনৰেই দুস্প্ৰভাৱ৷ বিদ্যা অৰ্জনৰ দ্বাৰা স্বাৱলম্বি তথা বিদ্বান হ’ব পাৰি কিন্তুু জ্ঞানী হ’বলৈ হ’লে উপযুক্ত সংস্কাৰৰ প্ৰয়োজন৷
এই বিষয়ৰ ওপৰত আজিৰ সমাজ বিজ্ঞানে যথেষ্ট গবেষণামুলক তথ্যৰে শিশু প্ৰতিপালনৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব দিছে৷ বিশ্বৰ উন্নত দেশ সমূহত বিভিন্ন প্ৰকাৰৰ আইন প্ৰণয়ন কৰে৷ আমাৰ দেশৰ আধ্যাত্মিক চিন্তক বিখ্যাত আৰ্ট অৱ লিৱিং বিষয়ৰ প্ৰণোদয়ক শ্ৰী শ্ৰী ৰৱি শংকৰদেৱেও শিশুৰ সবল মানসিকতা গঠনত বিভিন্ন প্ৰয়োগিক তথ্য ভিত্তিত অনুষ্ঠান প্ৰচাৰ কৰি আছে৷ নাপায়, নকৰিবা আদি নকৰাত্মক শব্দৰ প্ৰয়োগ নকৰি আহা এনেদৰে কৰো আদি সকৰাত্মক শব্দৰ প্ৰয়োগ কৰি শিশুৰ কোমল মনৰ লগত আদান প্ৰদান কৰাটো উচিৎ বুলি দৰ্শাইছে৷ ৰূঢ় কঠোৰ আদান প্ৰদানে ঠিক তেনে ব্যক্তিত্ব গঢ় লৈ উঠে৷ সকৰাত্মক দৃষ্টি ভংগীৰ দ্বাৰা এখন সমাজক শুদ্ধ পথে আগবাঢ়ি যোৱাত সহায়ক হয় আৰু এক সৱল সম্প্ৰদায় ৰূপে প্ৰতিষ্ঠিত হয়৷ আজি বিশ্বৰ সকলো সমস্যা আলাপ আলোচনাৰ দ্বাৰা নিৰ্মুল কৰিবলৈ চেষ্টা কৰা হৈছে কাৰণ বৈজ্ঞানিক দৃষ্টিৰে ভাৱৰ আদান প্ৰদানৰ দ্বাৰা বিশ্ব শান্তি সম্ভৱ সেয়া সকলোৱে বুজি উঠিছে৷ বাৰুদৰ গুলীত কৈ মানৱৰ মৌখিক বাণী অতি শক্তিশালী! অনেক সমস্যা ইয়াৰ দ্বাৰা সম্ভৱ৷ সেয়েহে বিশ্বৰ নমনিয় নেতা সকলৰ ভিতৰতে মহাত্মা গান্ধী এজন৷
*

মোৰ কিছু চিন্তা (২)
**************
আমাৰ সাহিত্য আৰু সংস্কৃতিক কিমান সুন্দৰ ৰূপত বিশ্বৰ সমুখত প্ৰদৰ্শন কৰিব পৰা যায় সেয়া মোৰ এক বিশেষ হাবিয়াস৷ তাৰ বাবে বিশ্ব সাহিত্য আৰু সংস্কৃতিক ও অধ্যয়নৰ অতি প্ৰয়োজন৷ বিবিধ সংস্কৃতি আৰু ভাষাৰ আমাৰ দেশ, ৰাষ্ট্ৰ ভাষা হিন্দীৰ দ্বাৰা দেশৰ এটা প্ৰান্তৰ পৰা অন্য প্ৰান্তৰ লোকৰ সৈতে কোনোমতে নিজৰ ভাৱ বিনিময় কৰো৷ এই সংযোগ কাৰি ভাষাটো নথকা হ’লে কিমান যে সমস্যা হ’লহেতেন, ঠিক তেনেকৈ বিশ্বৰ অধিকাংশ অঞ্চলত ইংৰাজী মাধ্যম হিচাপে কাম কাজ সম্পন্ন হয়৷ বিশ্বৰ ২৯ খন দেশত ফৰাচী ভাষাক সংযোগি তথা চৰকাৰী ভাষা হিচাবে মান্যতা প্ৰাপ্ত৷ ফৰাচী ভাষাত বাৰ্তালাপ কৰাটো এটা আভিজাত্য সুচক বুলিও গৰ্ব কৰে৷ তেওঁলোকৰ আহাৰ, সাজপাৰ, সাহিত্য, সংস্কৃতিক এক আভিজাত্য সম্পন্ন বুলি বিশ্ব বাসীৰ অনুভৱ৷ ধনী শ্ৰেণীৰ লোকসকলে এই সভ্যতাৰ লগত নিজকে সাঙুৰি অতি গৌৰৱ অনুভৱ কৰে৷ এনে নহয় যে ফৰাচী দেশত দুখীয়া মানুহ নাই, দুৰ্নীতিপৰায়ণ ৰাজনৈতিক নেতা নাই, সামাজিক সমস্যা নাই আদি৷
আমাৰ দেশত যি সমূহ সমস্যা আছে তাতো আছে৷ এতিয়া স্বাভাৱিকতে এটা প্ৰশ্ন উদয় হয় তেন্তে তেওঁলোকৰ সভ্যতা ইমান উচ্চ স্বীকৃত কিয়!
গভীৰ ভাৱে চিন্তা কৰিলে দেখা পোৱা যায় ইয়াৰ একমাত্ৰ কাৰণ তেওঁলোকৰ সবল জনমানসিকতা৷ সাংঘাতিক ধৰণৰ তেওঁলোকৰ এক সৃষ্টিশীল মানসিকতা আছে, সেইয়া তেওঁলোকৰ সাহিত্য সংস্কৃতি, ৰাজনৈতিক চেতনা বা আন বিষয়৷ যেতিয়ালৈকে কোনো শক্তিশালী জনমানসিকতা নাথাকে তেতিয়া কোনো ৰজা বা ৰাজনৈতিক নেতাই এখন দেশ, এটা জাতি বা এটা সভ্যতা সমৃদ্ধিশালী কৰি তুলিব নোৱাৰে৷ আমি সদায় সুবিধাৰ বাঞ্চা কৰি কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰো, একান্ত চেষ্টা কঠোৰ পৰিশ্ৰম, শক্তিশালী জাতিয়তাবোধ তথা প্ৰগতিশীল চিন্তাৰ হ’ব লাগিব৷ আমাৰ দেশত জাতীয় উন্নয়নৰ বাবে অনেক আচনি যেনে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, স্বচ্ছ পৰিবেশ, মহিলা সবলিকৰণ, ৰোগ নিবাৰণ আদি৷ কিন্তুু আমি কিমান জনে বাৰো এই আচনি সমূহৰ গুৰুত্ব উপলব্ধি কৰো৷ শাসক বৰ্গক আমি দুষাৰোপ কৰো কিন্তুু এই শাসক শ্ৰেণী আমাৰ মাজৰেই একোজন আৰু আমিয়েই নিৰ্বাচন কৰো৷ আৰু প্ৰতি শাসনৰ দেখো পৰিবৰ্তন হয়েই তেনে কিয় অৱস্থাৰ নাই পৰিবৰ্তন৷
এক নৱ জাগৰণৰ প্ৰয়োজন আহি পৰিছে, আমাৰ কঠোৰ পৰিশ্ৰম তথা সবল জাতীয় চেতনাৰ এই সময়ত খুবেই প্ৰয়োজন হৈ পৰিছে
বিশেষকৈ আমি বিশ্বৰ কথা বাদ দি নিজৰ দেশতেই অনান্য প্ৰান্তৰতকৈ বহু পিছ পৰি আছো৷ সামাজিক সচেতনতা আৰু পৰিশ্ৰমৰ বলত ঝাৰখণ্ডৰ দৰে পিছপৰা অঞ্চল কেনেদৰে প্ৰগতিশীল ৰাজ্য ৰূপে প্ৰতিষ্ঠিত হৈছে সেয়া এক মনকৰিব লগিয়া উদাহৰণ৷ বেপাৰ বানিজ্য, উদ্যোগ আদিয়ে সমৃদ্ধি আনে তাৰবাবে উপযুক্ত পৰিবেশ আৰু মানসিকতা গঢ়ি তুলিব লাগিব৷ সময়ৰ সদব্যৱাৰ অতি প্ৰয়োজন৷ এই বিষয় সমূহ আমি গুৰুত্ব দিলে নিশ্চয় আভ্যন্তৰিন সমস্যা সমূহ বহু পৰিমাণে সমাধান হ’ব৷
শেষত জাতিৰ পিতা মহাত্মা গান্ধীৰ বিশ্ববিখ্যাত “ “Seven Social Sins “ সাতটা সামাজিক অপৰাধৰ কথা উল্লেখ কৰিবলৈ হাবিয়াস কৰিলো, সেয়া হ’ল:
1. Wealth without work.
2.Pleasure without conscience.
3.Knowledge without character.
4.Commerce without morality.
5.Science without humanity.
6.Worship without sacrifice.
7.Politics without principle.
অতি তত্ত্ব গধুৰ তেওঁৰ এই সামাজিক বিশ্লেষণ আমি চিন্তা চৰ্চা কৰি বহু সমস্যাৰ সমাধান পাম নিশ্চয়!
****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments