কিছু নকবলগীয়া কথা – কবিতা ডেকা

দেওবৰীয়া কিবা কিবি: :
_____________________

Learning without thought is labour lost;
Thought without learning is perilous.

নতুন বছৰ আৰম্ভ হ’ল৷ সকলোৰে নতুন নতুন পৰিকল্পনা৷ আমাৰ দৰে চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলৰ বাবে এই বছৰৰ আৰম্ভণিৰ দিন কেইটা বৰ অন্তৰ্দ্বন্দ্বত ভুগিব লগীয়া দিন৷ শিক্ষাৰ অধিকাৰ আইনে এতিয়া ১৬ বছৰলৈকে ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ সেই আইন অনুসৰি আমাৰ বিদ্যালয়বোৰলৈ অহা সকলো ছাত্ৰ ছাত্ৰীকে নামভৰ্তি কৰিবলৈ দিয়াটো আমাৰ বাবেও বাধ্যতামূলক৷ কিন্তু আমি তেতিয়াহে সমস্যাৰ সন্মুখীন হওঁ যেতিয়া আমি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, ইংৰাজীৰ সৰু ফলা, ডাঙৰ ফলা, ভাৱেল, যোগ বিয়োগ, পূৰণ নেওঁতা আৰম্ভ কৰিব লগীয়া হয়৷ তেতিয়াই মনলৈ আহে, তেওঁলোক সচাঁকৈয়ে যোগ্য নে নৱম শ্ৰেণীত নামভৰ্তিৰ বাবে? কিয় এই দশা হ’ল তেওঁলোকৰ? ইয়াৰ বাবে জগৰীয়া কোন? এনে এশ এবুৰি প্ৰশ্নৰে ভাৰাক্ৰান্ত আমাৰ মন!
আমাৰ ওপৰত অহৰহ চাপ৷ সকলো লৰা ছোৱালীয়েই দুবছৰত সকলোবোৰ শিকি বুজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হবই লাগিব৷ অৰ্থাৎ ১০০%উত্তীৰ্ণৰ হাৰ! মই কেতিয়াবা ভাবো, যদি আলাউদ্দিনৰ চাকিটো আমাৰ হাতত থাকিলহেঁতেন! !

অলপ ওভতি চাওঁ
******************
“সোণাময় ল’ৰা কাল
শিক্ষাৰ সময় ভাল
শিকে যেয়ে মন পাৰি
উঠে সেয়ে ঘোঁৰা গাড়ী
যতে ততে মান পায়
সদায় সুখত খায়৷”

এই যে একেবাৰে একো নজনা ল’ৰা ছোৱালীবোৰ আমাৰ হাতত পৰিলহি সিহঁত ক’ৰ ফচল৷ আমাৰ দৰে ভিতৰুৱা অঞ্চলবোৰৰ ৰ’দ, বৰষুণ, বতাহৰ পৰা নিৰাপদ নোহোৱা একোটা বিদ্যালয় নামৰ ঘৰত এজন বা দুজন শিক্ষক তত্ত্বাৱধানত ডাঙৰ দীঘল হোৱা কিছু দূৰ্ভগীয়া শিশু৷ কেৱল সিহঁতেই দূৰ্ভগীয়া নহয়, দূৰ্ভগীয়া সেই শিক্ষক সকলো (অৱশ্যে দুই এজনৰ বাবে এনে এটা ব্যৱস্থাই সুবিধাহে কঢ়িয়াই আনিছে)! এজন বা দুজন শিক্ষকে শিক্ষা প্ৰদান কৰা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা এতিয়াও কম নহয়৷ যিমানেই সুপৰিকল্পিত ভাৱে ৰুটিন বনোৱা নহওকঁ লাগে, শিক্ষকজন যিমানেই দক্ষ নহওঁক লাগে, একে সময়তে পাঁচটা শ্ৰেনীত পাঠদান কৰাটো সম্ভৱনে? কিন্তু আমাৰ শিক্ষক সকলে এই অসম্ভৱকো সম্ভৱ কৰিব লগা হৈছে৷ আৰু, ইয়াৰ পৰিণাম ভূগিব লগীয়া হৈছে আমাৰ দেশৰ পিছপৰা সম্প্ৰদায়ৰ লোকসকলৰ সন্তানে৷ আৰ্থিক দৈন্যই কোঙা কৰা অভিভাৱকৰ সন্তান সকল যেতিয়া অভাৱ অনাটনৰ মাজেৰে তথা অনুকূল পৰিস্থিতিৰ মাজেৰে আহি যুজি যুজি হাৰি যায় তেতিয়া নিজকে পৰাজিত নায়ক যেন লাগে৷ কিন্তু পৰিতাপৰ কথা যে তেনে শিশুৰ মুখৰ মধ্যাহ্ন ভোজন কাঢ়ি খাব পৰা দানবো আমাৰ সমাজতেই আছে৷ কেতিয়াবা আমি নিজকে সভ্য বুলি চিনাকি দি মুখাৰ আঁৰত লুকাই থওঁ আন এক পৰিচয়! গতিকে য’ত দেশৰ ৭০% শিশুৱে এনে পৰিস্থিতিৰ বলি তেনে এখন দেশৰ সৰ্বাংগীণ উন্নতি সম্ভৱনে?

আগুৱাই যাওঁ
***************
আধুনিক মানুহ সৰ্বদা সচেতন৷ কিন্তু দেশৰ এইচাম হতভগীয়া মানুহৰ কথা ভবা মানুহৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা৷ নিতৌ উৎযাপিত উৎসৱ, পাৰ্বণ, মেলা, সমাৰোহ, সন্মিলন, আলোচনা চক্ৰ ইত্যাদি ইত্যাদিৰ সীমা সংখ্যা নাই৷ কিন্তু দেশৰ শিক্ষাৰ এই দুৰ্দিনত খুব কমেইহে এই বিষয়ত চৰ্চা হোৱা দেখা যায়৷ এয়া জানো পৰিতাপৰ কথা নহয় আমাৰ বাবে?

সমাজ ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি৷ সততে শুনা যায়, শিক্ষাৰ জৰিয়তে সমাজৰ বৈষম্য, দুৰ্নীতি, ব্যভিচাৰ, কুসংস্কাৰ আতৰাব পৰা যায়৷ কিন্তু কাৰ্য্যক্ষেত্ৰত অন্ততঃ আমাৰ দেশত এয়া দেখা পোৱা নাই৷ দিনে দিনে শিক্ষিত লোকৰ হাৰ বাঢ়ি গৈছে, লগতে বাঢ়ি গৈছে সমাজ বিৰোধী কামকাজৰো হাৰ৷ গতিতে আপাত দৃষ্টিত শিক্ষাৰ মূল উদ্দেশ্য সাধনত ব্যৰ্থ হৈছে যেন লাগে৷ সেয়ে আমাৰ শিক্ষা ব্যৱস্থাৰ খুত সমূহ বিচাৰি উলিয়াই উচিত সংশোধনৰ অতীৱ প্ৰয়োজন হৈছে৷ ইয়াৰ বাবে কেৱল উৰ্ধতম কৰ্তৃপক্ষক বা ‘পলিচি মেকাৰ’ সকললৈ ধিয়াই নাথাকি আমি তৃণমূল কৰ্মী (শিক্ষক) সকলেই মাৰ বান্ধি থিয় দিব লাগিব৷ আৰু, সাহসেৰে আগবাঢ়ি যাব লাগিব৷

##

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments