কিছু বিক্ষিপ্ত চিন্তা, কিছু বিক্ষিপ্ত কথা আৰু কামেৰে শনি আৰু দেওবৰীয়া টাইমপাচ (সুৰজিত্‍ নেওগ)

কিছু বিক্ষিপ্ত চিন্তা, কিছু বিক্ষিপ্ত কথা আৰু কামেৰে শনি আৰু দেওবৰীয়া টাইমপাচ

সুৰজিত্‍ নেওগ

আমাৰ দৰে ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলৰ বাবে সপ্তাহৰ অন্তত শনিবাৰ আৰু দেওবাৰবোৰৰ আকৰ্ষণ তথা প্ৰয়োজন অপৰিসীম। আকৰ্ষণ এইবাবেই যে সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে পুৱা চাৰে আঠ বজাৰপৰা ৰাতি চাৰে আঠ বা ন বজালৈকে গেবাৰি (মানে গৰু খাটন বা গাধ খাটন !!) খটাৰ পিছত নিত্য নৈমিত্তিক কামখিনি বা দৈনিক অপৰিহাৰ্য্য কামখিনিৰ বাদে দিনটোৰ শেষত আন কিবা গঠনমুলক কাম কৰিবলৈ শক্তি, ইচ্ছা বা ধৈৰ্য্য একোৱেই নাথাকেগৈ। কেৱল শৰীৰটো চলাই ৰাখিবলৈ প্ৰয়োজন হোৱা খাদ্য গ্ৰহণৰ বাদে মানসিক পুষ্টিৰ বাবে কিতাপ এখন পঢ়া, নিজৰ প্ৰিয় গীতটো শুনা বা নিজে ভাল পোৱা বাদ্যযন্ত্ৰটো টুং-টুঙোৱা, টিভিত ভাল কিবা এটা অনুস্থান বা বোলছবি এখন চোৱাৰ আনকি নিকটাত্মীয় কাৰোবাৰ লগত দুৰভাষতে হওক, কথা এষাৰ পতাৰ বাবেও যেন সময়ৰ টনাটনি। নিজ পুত্ৰ-পৰিবাৰৰ লগতো কেইষাৰমান কথা (তাকো অতি প্ৰয়োজনীয়!!) ৰাতি শোৱাপাটিতহে হয়। সততে শুনি অহা ‘সময়ৰ সদব্যৱহাৰ’ৰ ওপৰত এতিয়ালৈকে ‘অৰ্জা’ সকলো জ্ঞান, প্ৰায় নিয়মীয়াকৈ (বছৰত এবাৰকে হলেও) উপস্থিত থকা ‘টাইম মেনেজমেন্টৰ’ ওপৰত বিভিন্ন অনুস্থান, বিজ্ঞজনৰ এইবিষয়ত দিয়া ভাষণ ইত্যাদিবোৰ সপ্তাহৰ এই পাঁচোটি দিনত অসাৰ যেন ভাৱ হয়…। আৰু এই পাঁচোটি দিনৰ শৃংখলৰপৰা ওলাই আহিবলৈ উদগ্ৰীৱ হৈ থকা মনটো বা শৰীৰটোৰ বাবে সেয়ে সপ্তাহান্তিকৰ এই দুটাদিন যেন জীৱনৰ আটাইতকৈ অমূল্য সময়বোৰ অন্যতম।

কিমান যে কাম? বাৰিষাৰ আগমনৰ লগে লগে ঘৰৰ বাৰীখনত চাৰিওফালে ঘাহ-বন এডাল এডাল কৈ হৈ আগুৰি ধৰিছে। চিকুনাব লাগে; এওঁক কলোঁ, এই শনিবাৰে তোমাৰ লগত এইবোৰ চাফা কৰিম। গেৰেজটোৰ ওপৰত মকৰাজালে আগুৰি ধৰিছে। এওঁ ঢুকি নোপোৱা, ঘৰটোৰ ওপৰৰ ফালে অলপ অলপ মকৰাজাল হৈছে, সেইবোৰ আঁতৰাব লাগে। এই শনিবাৰে কৰিম। ফুলৰ টাবথোৱা দীঘল লোহাৰ ৰেইলিংখন অলপ অলপ মামৰে ধৰিছে; বৰষুণ ভালকৈ অহাৰ আগেয়ে ক’লা ৰংটো দি দিব লাগিব। ৰঙৰ টেমা আৰু ব্ৰাছ দুডালমানো আনি থোৱা আছে। ৰং দিলেই হ’ল। এই শনিবাৰ আৰু দেওবাৰে ৰং মাৰিমেই। ঘৰৰ সন্মুখৰ কেঁচা বাটডোখৰ এইকেইদিন বৰষুণত একেবাৰে পথাৰৰ ঘেলঘেলীয়া বোকা হোৱা দৰে হৈছে। প্ৰতিবেশী শৰ্মা, দাস, দেৱদা, বলেনহঁতৰ লগত আলোচনা কৰি জামমাটি বা আন তেনে কিবা পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। গাইপতি পাঁচশ মানকে উঠালে হৈ যাব লাগে; অফিচতে বহি মনে মনে হিচাপ এটা কৰিলোঁ। নাই, এনেকৈ আৰু সেই লেতেৰা বাটটোৰে নোৱাৰি দেই; এই শনিবাৰে আলোচনা কৰি দেওবাৰে বাটটো ঠিক কৰিবই লাগিব। গাড়ীখনৰ তলৰফালটো চাব নোৱাৰা হৈছে; জি.এচ.ৰোডৰ ফিনফিনিয়া ৰাস্তাৰ ওপৰত মানুহবোৰে যেন মোৰ বোকাৰে পোতখোৱা গাড়ীখনলৈ চাই ফিচিঙা-ফিচিং কৰি কয় ‘এহ, গাড়ী চলাই হে, চাফা যে কৰিব লাগে তাকো নিশিকিলে!’ .. নাই নাই, এই শনিবাৰে শুই উঠি চাহ খাই প্ৰথম কাম গাড়ী ধুম। কিমান যে কাম? মনে মনে হিচাপ কৰি চাওঁ, এই দুটা দিনত হ’বগৈ নে বাৰু? হ’ব হ’ব, কিয় নহ’ব? কিনো ডাঙৰ কথা, সময়ৰ সদব্যৱহাৰ কৰিম আক’। টাইম মেনেজমেন্ট.. বছ। ইমান দিনৰ কাগজে-পত্ৰই শিকা কথাখিনি এইবাৰ ব্যৱহাৰিক দিশত সুপ্ৰয়োগ কৰাৰ সময় সমাগত। মাত্ৰ শনিবাৰ আৰু দেওবাৰৰ বাবে অপেক্ষা।

অলেখ কিবা কিবি কৰাৰ আশাৰে এটা ফৰকাল মন লৈ শুক্ৰবাৰে নিশা বিচনাত পৰিলো। চিৰাচৰিত অভ্যাসৰ তাগিদাত শনিবাৰেও পুৱা ঠিক ছয বজাত সাৰ পালোঁ। ইকাটি সিকাটি কৰি থাকোতে থাকোতে সাত বাজিবৰ হ’ল। বিচনাত মই আৰু ল’ৰাটো; এওঁ উঠি গ’লেই ইতিমধ্যে। কুকুৰ মেকুৰী কেইটাৰ বিননি, ভোক লাগিছে; আমি খাওঁ নাখাওঁ, সিহঁতকটো সময়মতে দিবই লাগিব। লেলাই ধেণ্ডাই উঠি, মুখ-হাত ধুই তলৰ খোৱা মেজ পাওঁগৈ মানে চাৰে আঠ বাজিলেই। আহ, আক’ সেই একে সময়। সদায় খোৱাৰ সময়। আজি কিবা অফিচ আছে নেকি? অলপ দেৰিকৈ চাহ জলপান খাম; এওঁক কলোঁ। ‘আমাৰ অসম’ খন মেলি ল’লোঁ, প্ৰথম পৃষ্ঠাত পঢ়িবলগীয়া একো খবৰ নায়েই। ট্ৰিবিউনখন ইতিমধ্যে ল’ৰাটোৱে কব্জা কৰিছেই। চাহ খাই থাকোতে আক’ এবাৰ নিজকে নিজে সোৱঁৰাই ললোঁ; আজিৰ কামৰ বিষয়ে। জলপান খাই উঠি টিভিটো লগালো ন’মান বজাত; আজিৰ ব্ৰেকিং নিউজকেইটা চাই লওঁ বুলি। মনৰ মতন (মানে গা ৰম ৰমাই যোৱা !) ব্ৰেকিং নিউজ নায়েই। গোটেই কিটা চেনেল লিৰিকি বিদাৰি চালোঁ; নাই কতো তেনে কোনো ভাগি চিগি যোৱা খবৰ নাই। এইবাৰ পকালোঁ ৰাষ্ট্ৰীয় (তথাকথিত !) চেনেল কেইটাত। আন খবৰ নাথাকিলেও, অন্তত দেশৰ বিভিন্ন প্ৰান্তত এটা হলেও ধৰ্ষন আৰু নৃশংস হত্যাৰ বাতৰি থাকেই…!!

ক্ৰিং ক্ৰিং ক্ৰিং… ‘হেৰা, তোমাৰ ফন হে… হুঁ লোৱা’ বুলি পৰিবাৰলৈ তেওঁৰ মোবাইলটো আগবঢ়াই দিলো। এওঁ লগে লগেই চিঞৰি উঠিল; “এহ মোৰ দুয়োখন হাত লেতেৰা, কঠালৰ আঠা লাগি আছে। তুমিয়েই ধৰাছোন।” মই ফ’নটো ধৰাত সিফালৰ পৰা ক’লে, মই ৰক্তিমৰ মাকক বিচাৰিছিলোঁ। মই বোলোঁ “মোক ক’ব পাৰে যদি কওকচোন, এওঁ এতিয়া ফ’ন ধৰিব পৰা অৱস্থাত নাই। মই স্পীকাৰ ম’ডত দি দিছো আপুনি কথা পাতক।” বুলি ফ’নটো এওঁৰ ওচৰত ধৰিলোঁ। কথা-বতৰাৰ সাৰাংশখিনি হ’ল – ল’ৰাটোৰ স্কুলৰ আগন্তুক বসন্ত উত্সৱত সি দুটা আধুনিক গীতত, এটা বিহুত তবলা বজাব আৰু এটা মিচিং বিহু নৃত্যত নাচিব। গতিকে প্ৰেক্টিচৰ বাবে তাক বিদ্যালয়লৈ লৈ যাব লাগে আজি…!! যি আজ্ঞা বুলি ওলালোঁ ল’ৰাটোক লৈ। ঘূৰি আহি পাওঁ মানে দুপৰীয়া ভাত পানী খাই এওঁলোকৰ আৰোহণলৈ যাবৰ হ’লেই। ময়ো কিনো কৰিম বুলি বিচনাখনতে বাগৰ এটা দিলোঁ। আজিৰ কামখিনি আবেলিকে কৰিম। হঠাৎ ক্ৰিং ক্ৰিং ক্ৰিং… ধৰমৰাই উঠি ফ’নটো ধৰিলোঁ .. ‘কি কৰিছা?” এওঁ সিফালৰ পৰা মাত লগালে। “এহ, শুই আছিলোঁ হে! ইমান দেৰি হ’ল গমকে নাপালো।” … এওঁ ধমকিৰ সুৰত ক’লে “আও, ইমান মেৰাই মেৰাই শুব লাগে নে? শুনা, বৰষুণ দিব, কাপোৰ খিনি আৰু আচাৰখিনি ভৰাই দিয়া। সোনকালে। আৰু শুনা, ইহঁতকেইটাক (মানে আমাৰ চাৰিঠেঙীয়া কেইটা) খোৱা দি বাহিৰত অলপ উলিয়াই দিবা প্ৰস্বাৱ পাইখানা কৰি ল’বলে। আমাৰ অলপ দেৰি হ’ব, থ্ৰেডিং কৰিম আৰু মাইনাৰ পেইন্টিঙৰ বস্তু কিনিব লাগিব।” মইও ‘ওঁ’ বুলি শলাগি ফ’নটো থৈ বাহিৰলৈ চাওঁতে দেখো আন্ধাৰেই হ’ল। হঠাৎ মনত পৰিল আজি ৰাতি ক্লাবো আছে, মনটো ভাল লাগি গ’ল।

এওঁ সোঁৱৰাই দিয়ামতে কামখিনি কৰি উঠো মানে মাক-পুতেক আহি পালে। চাহ একাপ কৰি আবেলিৰ জলপান আমি তিনিওটাই খাই উঠি দেখোঁ চাৰে সাত বাজো বাজো। ক’লা ডাড়ি বিচাৰি নোপোৱা মুখখন অলপ চিকুণাই লওঁ বুলি বাথৰুমত সোমালোঁ। ৰাতি বাৰ মান বজাত শুবলে লৈ মনত পৰিল, আজি দেখোন ৰুটিন মতে একো কামেই নহ’ল। হ’ব, অহা কালি আৰু এদিন আছে হাতত… একেদিনাই অলপ কষ্ট হ’ব, একো নাই। মাজত এওঁ মাত লগালে “কাইলৈ ৰ’দ দিলে ইহঁতকেইটাক (চাৰিঠেঙিয়া কেইটা) গা ধুৱাব লাগিব; দুসপ্তাহেই হ’ল গা নোধোৱা সিহঁতক।” মই হ’ব বুলি শলাগি শুবলৈ যো-জা কৰিলোঁ।

ছয়বজাত টোপনি ভাঙিল। আজি আৰু লিং লাং নকৰোঁ বুলি তুৰন্তে উঠি দেখো বাহিৰত ধাৰাষাৰ বৰষু্ণ। ভালেই হ’ল, কাম এটা কমিল বুলি গাড়ীখন গেৰেজৰ পৰা উলিয়াই বাহিৰত দিলো; বৰুণ দেৱতাৰ কৃপাত ফ্ৰি চাৰ্ভিচিং। “হেৰা, শুনাছোন, এই মকৰাজাল এৰোওৱা লাঠিডাল ক’ত হে?” বুলি সুধিছোহে, এওঁ মাত লগালে “আহাঁ চাহ খাই লোৱাহি।” চাহ জলপানখাই উঠি “এই বৰষুণত আজি আৰু ক’ত কুকুৰ মেকুৰী গা ধুৱাবা হে” বুলি পৰিবাৰক কম বুলি ভাবোঁতেই দেখোঁ ৰ’দটো টিক টিকাই ওলাই আহিছে। হ’ব হ’ব, চব কৰিম আজি…. ঘাহঁ-বন চিকুণাম, ৰং মাৰিম, মকৰাজাল এৰুৱাম, ঘৰৰ সন্মুখৰ বাট ঠিক কৰিম, কুকুৰ মেকুৰী গা ধুৱাম, টিভি চাম, পৰিবাৰৰ লগত কথা পাতিম…। সদ্যহতে বাতৰি কাকতখন চাই লওঁ বুলি আৰামেৰে বহিছোঁহে, ল’ৰাটোৱে মাত লগালে “দেউতা, তোমাক কালি ক’বলৈ পাহৰিলোঁ; আজি আকৌ প্ৰেকটিচ আছে নহয়..।” কি বুলি থৰ লাগিলোঁ… মানে পুনৰ যোৱাকালিৰ ৰুটিনৰ পুনৰাবৃত্তি..!! চেহ.. উপায় নাই।

আবেলি এওঁলোক যোৱাৰ পিছত টিভিটো মেলি বহিলোঁ. . . ৰাষ্ট্ৰীয় চেনেল কেইটাত গৰমা-গৰমি… আমাৰ শ্ৰেষ্ঠ অসমীয়া অৰ্ণৱে দেখোন একদম ফালি দিছে… ৰেলমন্ত্ৰীৰ ভাগিনীয়েকে ১ কোটি টকা ঘোচ লৈ চিবিআইৰ হাতত ধৰা পৰিল। ইতিমধ্যে চাকৰি কৰি সোঁৱে বাঁৱে টকা ঘটা এজনক আৰু বেছি টকা খোৱাৰ সুবিধা থকা পদোন্নতিৰ বিনিময়ত ২ কোটিৰ টকাৰ উত্কোচ! হিচাপ কৰিলোঁ, এক কোটি, মানে এশ লাখ টকা… ওৱা, ইমান টকাৰ ঘোচ দিয়েনে? আমাৰ ইয়াত দৰমহা নোপোৱা মাষ্টৰ চাকৰিৰ পৰা অসম লোক সেৱা আয়োগলৈ ৫০ হাজাৰৰ পৰা ২ লাখ বা অতি বেছি ২০ লাখ… হেৰৌ তোৰ যদি দুই কোটি টকাই আছেই চাকৰি কৰ কিয়? মজা পালি এতিয়া? … চেনেল পকাই গৈছোঁ… হঠাৎ আমাৰ লোকেল ব্ৰেকিং নিউজ এটাত চকু পৰিল…. তিনিচুকীয়াৰ শ্ৰীপুৰীয়া বিহু সমিতিৰ সোণালী জয়ন্তী উপলক্ষে এইবাৰ বিহু কমিটিৰ ফালৰ পৰা দান দক্ষিণাৰ পৰিমাণ ফিক্সড কৰা হৈছে। শ্ৰীপুৰীয়া অঞ্চলৰ প্ৰতি ঘৰৰ পৰা নুন্যতম এহাজাৰৰ পৰা দুহাজাৰ, প্ৰতিখন পাণ-তামোলৰ দোকান, সৰু সুৰা চাহ দোকান, ঠেলাৱালা, ৰিক্সাৱালা, কুহিয়াৰৱালাৰ পৰা এহাজাৰ টকা, দৰবৰ দোকানৰ পৰা দুহাজাৰ, কাপোৰ, হাৰ্ডৱেৰ বা তেনেজাতীয় দোকানৰ পৰা দুইৰ পৰা দহহাজাৰ, ব্যৱসায়ীৰ পৰা বিছ হাজাৰ টকাৰ নূন্যতম চান্দা ধাৰ্য্য কৰা হৈছে….!! বাহ..!! এয়া হে খাটি অসমীয়া বিহু…। তিনিচুকীয়াৰ স্থানীয় চেনেল এটাৰ লগত জড়িত মোৰ পৰিবাৰৰ বায়েকলৈ ফ’ন লগালোঁ কথাটো কনফাৰ্ম কৰিবলে। হয়, তেওঁ ক’লে। তেওঁলোকৰ চেনেলৰ মালিকৰ পৰাও হেনো ৫০ হাজাৰ টকা বিচাৰিছে… ভাল লাগিল শুনি !! অসমীয়াৰ বাপতি সাহোন বিহুটো যদি তুমি দকা হকা দাবী ধমকি দি চান্দা তুলি নাপাতিলাই তেন্তে কি অসমীয়া হে?? অসমীয়া বিহু জীয়াই থাকিব কেনেকে?? হুঁহ …!! তাৰোপৰি বিহুৰ নামত ইমান খটাৰ পিছত যদি নিজলৈ দুপইছা নাথাকে সেইয়া কেনেকৈ হ’ব…?? যিকি নহওক, বাতৰি আৰু নাচাওঁ বুলি ভাল একচন মুভি এখনকে লগাই বহি গলোঁ…!!

ইতিমধ্যে এওঁলোক আহি পাইছে… আহিয়েই এওঁ কলে.. “আজি ধ’কলা কে খাম দেই … লগত ম’ম’ .. ” .. শনিবাৰ, দেওবাৰৰ গধুলিৰ চাহ কাপ কৰাটো মোৰ কাম… খাই বৈ উঠি এওঁক ক’লোঁ.. “ব’লা ওপৰৰ বাৰাণ্ডাত অলপ বহোঁগৈ; কথা পাতিম।” … এওঁ খেং খেঙাই উঠিল “কি যে কোৱা? এতিয়া মই তোমাৰ লগত পেন পেনাই থাকিলে হ’ব নেকি? ভাত পানী কোনে ৰান্ধিব? কালিলৈ দেওবাৰ নহয়। ল’ৰাৰ স্কুল, তোমাৰ অফিচ নাই নেকি? সোনকালে খাই বৈ উঠি নুশুলে ৰাতিপুৱা কেনেকৈ উঠিম..?” মই লাহেকৈ নেগুৰডাল পেলাই আতৰি যোৱা মেকুৰীৰ দৰে চুচুক চামাককে আহি অকলেই বাৰাণ্ডাত বহি চিগাৰেট এটা জ্বলাই বহিলোঁহি …. ভাবিলোঁ, নাহ, এতিয়া মোৰ কিছু নিজস্বভাৱে সময় কটোৱা খুবেই প্ৰয়োজন… তললৈ নামি আহি কাটগ্লাচৰ চেটটোৰ পৰা মোৰ প্ৰিয় গ্লাচটো লৈ ফ্ৰিজটো খুলি বৰফ কেইটুকুৰা মান উলিয়াই লওঁতেই এওঁ মাত লগালে ..”যোৱা, মই চিকেন কেইটুকুৰা মান ফ্ৰাই কৰি লৈ গৈ আছোঁ”… মনটো ফৰকাল লাগি গ’ল…. এম্পলিফায়াৰ বক্সটোত গীটাৰখন লগাই লৈ টুং টুঙাইছো.. “যদি কাহানিবা সুৰবোৰ শেষ হয়, নাও মেলোতেই ভাৱ সাগৰত….” … হ’ব..বাকীখিনি কাম অহা শনিবাৰে আৰু দেওবাৰে কৰিম …কৰিমেই এইবাৰ..!!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments