কিছু বিক্ষিপ্ত চিন্তা (ৰাজশ্ৰী বৰ্মন)

আজিৰ তাৰিখত চেতন ভগতক চিনি নোপোৱা মানুহ বোধহয় নাই৷ বিশেষকৈ যুব প্ৰজন্মৰ মাজত তেঁও এজন অতি জনপ্ৰিয় লেখক৷ তেঁওৰ প্ৰতিখন পুথিয়েই সমানেই জনপ্ৰিয়৷ তিনিখনৰ ওপৰত সিনেমা নিৰ্মাণ হৈছে ইতিমধ্যে৷ ইয়াৰে 3 idiots ৰ কাহিনীৰ স্বকীয়তা সকলোৰে জ্ঞাত৷ ছাত্ৰ জীৱনৰ ভয়াবহ মানসিক পীড়াক মূল বিষয়বস্তু হিছাপে লৈ নিৰ্মাণ কৰা এই চলছি্ছত্ৰ খন ব্যৱসায়িক ভাবেও অতি জনপ্ৰিয় হৈছিল৷ কিন্তুু, ব্যক্তি বিশেষৰ চিন্তাৰ পৰিবৰ্তনৰ ক্ষেত্ৰত কিমান প্ৰভাৱ পেলাব পাৰিছে, সেয়া এক প্ৰশ্নবোধক চিনৰ ভিতৰত থকা কথা৷ ঠিক তেনেকৈ 2 states ৰ কাহিনীভাগো সামাজিক বিষয় এটাৰ ভিত্তিত নিৰ্মিত৷
আন যি কি নহওক, ভাৰতবৰ্ষৰ সকলো ঠাইতে সামাজিক উপাদানবোৰে যে মানুহক মুকলিকৈ জীয়াই থকাত বাধা প্ৰদান কৰি আহিছে, চেতন ভগতৰ সেয়ে প্ৰধান কবলগীয়া৷ মাক দেউতাকৰ কথা মতে কাম কৰা মানুহ বোৰো দুখী কাৰণ মাক দেউতাকৰ মন ৰাখিবলৈ ভাল কেৰিয়াৰ বনাই ঠিকেই কিন্তুু মনে মনে পুহি ৰখা সপোনবোৰ পূৰ কৰিবলৈ নাপায়৷ ধন-সম্পত্তি, বিলাসী অট্টালিকা আদি মুখ্য উপাদান হয় জানো এজন সুখী মানুহৰ কাৰণে! ! !
#####
নাৰী বিষয়ক চিন্তাঃ যোৱা কেইমাহমান আগৰ এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে যে ভাৰতীয় নাৰীসকল আন দেশৰ নাৰীৰ তুলনাত দুখী৷ দুখৰ চিন্তা বা দুখৰ মনোভাবৰ বাবে এনে হয়৷ এই কথাটোত চেতন ভগত ডাঙৰীয়াই দুখ প্ৰকাশ কৰিছে৷ আমেৰিকা, জাৰ্মানী আদি ধনী দেশত বেছিভাগ নাৰীয়েই স্বাৱলম্বী৷ গতিকে কামৰ চাপৰ পৰাও তেঁওলোক মুক্ত নহ্য়৷ কিন্তুু ভাৰতৰ বেছি ভাগ নাৰীয়েই এতিয়াও গৃহিণী৷ কৰ্মক্ষেত্ৰৰ প্ৰেছাৰৰ পৰাও তেঁওলোক মুক্ত৷ কিন্তুু তেঁওলোকৰ বেছিভাগেই হতাশগ্ৰস্ততাত ভোগে৷ তেওঁৰ মতে ভাৰতীয় নাৰীসকল দুখী হোৱাৰ মূল কাৰণ সামাজিক৷ বহু নাৰীয়ে উপযুক্ত যোগ্যতা থকাৰ পাছতো সংসাৰ হোৱাৰ পাছত ছাকৰি এৰে৷ বা কৰি্লেও মানসিক চাপ পায়৷ বহুতেই সন্তান ডাঙৰ হোৱাৰ পিছত ছাকৰি-বাকৰি লোৱাৰ পিছত অকলশৰীয়া অনুভৱ কৰে৷ নিজৰ মতপ্ৰকাশৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাও এওঁলোকৰ উদাসীনতাৰ আন এক কাৰণ৷ অসমৰ ক্ষেত্ৰতো মানসিক বিষণ্ণতাত ভোগা মানুহ পুৰুষৰ তুলনাত নাৰীয়ে বেছি৷ এটা সৰু উদাহৰণ দিওঁ৷ মোৰ এগৰাকী বান্ধবী৷ তাই ঘৰৰপৰা ৩০ কিঃ মিঃ বাট অহা যোৱা কৰি ছাকৰি কৰে৷ দৈনিক৷ তাই এটা ৩ বছৰীয়া সন্তানৰ মাতৃ৷ তাইক এদিন মই সন্ধিয়া ফোন কৰিছিলো৷ ইমানবাৰ কল কৰিছোঁ, তাই নুঠাইহে নুঠায়৷ পিছ দিনা ৰাতিপুৱাই তাই মোক ৰাতিপুৱা ফোন কৰিছে৷ তেতিয়া তাই কৰ্মক্ষেত্ৰলৈ গৈ আছে৷ কৈছে যে ঘৰত তাই কাৰো লগত ফোনত কথা পাতিব নোৱাৰোঁ৷ মোৰ আচৰিত লাগিল৷ কলোঃ কিয়? ? ? তাই ক’লে যে নহয় মানে পাৰোঁ কিন্তুু খোলাকৈ কথা পাতিব নোৱাৰোঁ৷ মোৰ এইবাৰ খং উঠিল৷ ক’লো ঃ “মই তোৰ লগত কি কথা পাতিম বুলি ভাবিছিলি অ! ! ! তোৰ ভাল বেয়া হে সুধিলোঁহেতেন কিবা! ! ! আৰুনো কি পাতিম? ? ? ”
তাই ক’লে ঃ নহয়, নহয়, তই ভুল নুবুজিবি৷ সেইখিনিয়ে পতা দিগদাৰ ঘৰত! ! হাহিঁ কথা পাতিলে কব ইমান চঞ্চল ভাবে কাৰ লগত কথা পাতিছা, অলপ জোৰকৈ মাতটো ওলালে কব কথা পাতিলে ইমান চিঞৰিব লাগেনে, দুই এটা ইংৰাজী শব্দ ক’লে কব মেমচাহাব…… এ ঢেৰ কথা দে৷ কোনে কয় নুসুধিলোঁ৷ কেৱল মনলৈ আহিল এটা কথা যে তাই তো পঢ়ি থাকোঁতে বা বিয়া নাপাতোতে ঘৰৰ পৰাই কথা পাতিছিল! ! ! এইখন আচলতে তাইৰেই ঘৰ নে? ? ? এৰা, আজিও বহু নাৰীৰ “নিজৰ”ঘৰতেই উশাহ লোৱা কষ্ট, মুকলিকৈ জীয়াই থকা অসুবিধা৷
######
চেতন ভগতৰ কথালৈ আহো৷ তেঁও এগৰাকী গৃহ-স্বামী৷ হাঊচ হাচবেণ্ড৷ তেঁও যিহেতু লিখা মেলা কৰে, সেয়ে তেঁও বেছিভাগ সময় ঘৰতে থাকে বাবে সন্তানৰ সকলো দায়িত্ব তেঁও লয়৷ পৰিবাৰে ছাকৰি কৰে৷ এই “আচহূৱা” কথাটো হজম কৰিব নোৱাৰি সাংবদিকবোৰ এদিন তেঁওৰ কাষ চাপিল৷ তেতিয়া তেঁও ক’লে যে মই মোৰ পত্নীক ৰুটি বনাবলৈ ৰখা নাই৷ তেঁওৰ এক উচ্চ পদবীযুক্ত ছাকৰি আছে৷ তেঁও মোৰ ঘৰৰ মাহিলী আয় অৰ্জন কৰে৷ এইটো কাম কৰি তেঁও সুখী৷ সেয়ে আমাৰ পৰিয়ালো সুখত আছে৷
সচাঁই৷ নিজে সুখী হোৱাটো বহুত ডাঙৰ কথা৷ চেতন ভগতৰ সকলো কথাতে এই কথা ওলাই পৰে৷ প্ৰতিটো উৎসাহমূলক ভাষণতে তেওঁ এইটো কথা কয়৷ নিজৰ কৰ্ম কৰি যোৱা৷ কিন্তুু পৰিয়াল, পৰিজনৰ সুখৰ বাবেও সময় দিয়া৷ এইবোৰ জীৱনমুখী কথা কয় বা লিখে বাবেই হয়তো তেঁও ইমান জনপ্ৰিয়৷ তেঁওৰ জনপ্ৰিয়তাই এই কথাও আঙুলিয়াই যে মানুহে সদায় সুখহে বিচাৰে, জীৱনমুখী হবলৈহে আগ্ৰহ কৰে৷ তেঁও কয় যে জীৱনটো প্ৰত্যেক গৰাকী নাৰী বা পুৰুষৰ বাবেই অমূল্য৷ সুখ, আনন্দ হাহিঁৰে জীৱনটো বহু উন্নত কৰি তুলিব পাৰি৷ মানসিক চাপে কেতিয়াও মানুহক অসাধ্য সাধন কৰিবলৈ অনুপ্ৰেৰণা দিব নোৱাৰে৷
#####

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments