কিডনী ৰোগৰ পৰা ৰক্ষা পোৱাৰ কিটিপ – ডাঃ মনোজ কুমাৰ শইকীয়া

 কঁকালৰ ওপৰ অংশত দুয়োকাষে দুটা কিডনী অৱস্থিত৷ কিডনী দেখাত উৰহি গুটিটোৰ দৰে৷ সোঁফালৰ কিডনী বাওঁফালৰ কিডনীতকৈ সামান্য তলত, ডাঠ আৰু সৰু৷ তন্তুকোষেৰে গঠিত খোলাৰ ভিতৰত কিডনী আৱদ্ধ হৈ থাকে৷ এজন প্ৰাপ্ত বয়সৰ ব্যক্তিৰ কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম, ১০-১৩ ছেঃমিঃ দীঘল আৰু প্ৰস্থ ৩-৪ছেঃমিঃ৷ তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১০ লাখ নেফ্ৰণ থাকে৷ অতি সূক্ষ্ম কেশিকাৰে গঠন হোৱা জালিকা সদৃশ নলীকাবোৰক গ্লমেৰুলাৰ নেফ্ৰণ বোলা হয়৷ গ্লমেৰুলাৰ নেফ্ৰণ প্ৰকৃতাৰ্থত এখন ছেকনী৷

কিডনীৰ মুখ্য কাম

আমাৰ শৰীৰত থকা কিডনী দুটাৰ মুখ্য কাম তেজ শোধন কৰি শৰীৰৰ বিষাক্ত আৰু অলাগতিয়াল পদাৰ্থ সমূহ পেচাবৰ সৈতে বাহিৰ কৰি শৰীৰ সুস্থ সবল আৰু নিৰোগী কৰি ৰখা৷ আমাৰ শৰীৰত দুই তৃতীয়াংশ পানী থাকে আৰু এই পানীৰ ভাৰসাম্যতা কিডনীয়ে নিয়ন্ত্ৰণ কৰে৷ তদুপৰি তেজ শোধন কৰি তেজত থকা লৱণৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰাখে৷ শৰীৰৰ বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লৱণ পেচাবৰ লগত বাহিৰ কৰে‌৷ তেজত থকা ক্ষাৰ আৰু অম্লৰ মাজত বিক্ৰিয়া ঘটায় ক্ষাৰ আৰ অম্লৰ সমতুল্যতা নিয়ন্ত্ৰণ কৰে৷ প্ৰতি মিনিটত গ্লমেৰুলাৰ মাজেৰে একলিটাৰ তেজ প্ৰবাহিত হয়৷ এই প্ৰবাহিত একলিটাৰ তেজৰ আধা অংশ (৫০০মিঃলিঃ) প্লাজমা৷ নানা প্ৰকাৰৰ লৱণ, গ্লুক’জ আৰু সূক্ষ্ম কণিকাৰে প্লাজমা গঠিত হয়৷ প্ৰতি মিনিটত নেফ্ৰণৰ মাজেৰে প্ৰবাহিত এক লিটাৰ তেজৰ প্ৰায় ১০০ মিঃলিঃতেজহে শোধন হয়৷ এইদৰে কিডনীয়ে প্ৰতিমুহূৰ্তত তেজ শোধন কৰি থকা বাবে আমি জীয়াই থাকিবলৈ সক্ষম হৈছো৷ সেয়েহে আমি সদায় কিডনী সুস্থ সবল কৰি ৰাখিব লাগিব৷ অন্যথা তেজ তথা শৰীৰত দূষিত পদাৰ্থ বৃদ্ধি হলে মৃত্যু অনিবাৰ্য্য৷ সেয়েহে কিডনী সুস্থ সবল কৰি ৰখাৰ কেটামান উপায় তলত উল্লেখ কৰা হল–

(১) জধেমধে বিষনাশক ঔষধ নাখাব৷ বিষনাশক ঔষধে কিডনী ক্ষতিসাধন কৰে৷ গেষ্ট্ৰিকৰ PPI ঔষধ যেনে পেণ্টোপ্ৰাজল আৰু ৰবিপ্ৰাজল বেছিদিন খালেও কিডনী ফেইলাৰকে আদি কৰি বিভিন্ন কিডনী ৰোগ হয়৷ ফাৰ্মাছীৰ ঔষধ বিক্ৰেতাৰ পৰামৰ্শ অনুসৰি ঔষধ নাখাব

(২) মাদক দ্ৰব্য বৰ্জন কৰিব৷ আজিকালি ভেজাল মাদকদ্ৰব্যৰ কাৰণেও কিডনী বিকল হয়৷

(৩) চালানী মাছ ফৰ্মেলডিহাইদ দি সং‌ৰক্ষন কৰা হয়৷ সেয়েহে চালানী মাছ খালে কিডনীৰ অপকাৰ
হোৱাৰ উপৰিও কেঞ্চাৰ পৰ্যন্ত হয়৷

(৪) বিলাহী, ফুলকবি, উৰহি, বেঙেনা আদি পাচলিত বহুত বেছি ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে‌৷ এই ধৰণৰ পাচলি খালে কিডনীৰ ক্ষতি হয়৷ অৱশ্যে নিমখ পানীত কেবাঘণ্টা ডুবাই ৰাখি খালে অপকাৰ কমকৈ হয়৷

(৫) চীনা বাদাম, ক’লা আঙুৰ, বীট, তিয়হ, পালেঙ শাকত কেলচিয়াম থাকে বাবে বেছিকৈ নাখাব‌৷ ৰঙালাওত পিউৰিণৰ পৰিমাণ বেছি থাকে বাবে কমকৈ খাব, অন্যথা পিউৰিণৰ কাৰণে বাতৰক্ত বা গাউট নামৰ বিষ বেমাৰৰ উপৰিও কিডনী ৰোগ হব

(৬) গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যত কেলচিয়াম বেছিকৈ থকা বা বাবে কমকৈ খাব৷ অন্যথা কিডনী ষ্টন হোৱাৰ সম্ভাৱনা

(৭) আজিকালি ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা খাদ্যৰ বাবেও কিডনীৰ নানানটা ৰোগ হয়৷

(৮) ডায়েবেটিচ, তেজত ইউৰিক এচিড বঢ়া আদি ৰোগত কিডনী আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা৷ সেয়েহে মাজে সময়ে ইউৰিক এচিড, ব্লাড চুগাৰ, ইউৰীয়া, ক্ৰিয়েটিনিন আদি পৰীক্ষা কৰিব লাগে৷ ব্যতিক্ৰম দেখা পালে চিকিৎসা গ্ৰহণ কৰিব‌৷

(৯)তেতেলি খালে তেজত থকা বিষাক্ত পদাৰ্থ পেচাবৰ লগত বাহিৰ হয় আৰু কিডনীক সুৰক্ষিত কৰি ৰাখে ‌৷ তেতেলি ত টাৰটাৰিক এচিড থাকে‌

(১০) কলত যথেষ্ট পৰিমাণে ভিটামিন বি-কমপ্লেক থাকে৷ ই তেজত থকা অতিৰিক্ত কেলচিয়াম, মেগনেছিয়াম, ফচফেট, অক্জেলেট পেচাবৰ সৈতে বাহিৰ কৰি কিডনী সুৰক্ষিত কৰি ৰাখে ‌৷

(১১) নেমুটেঙাত চাইট্ৰিক এচিড থকা বাবে নেমুটেঙা বা নেমূচৰ্বত খাব৷ নেমুটেঙাৰ ৰসে কিডনীত জমা হোৱা কেলচিয়াম অক্জেলেট, ফছফেট আদি গেদবোৰ গলায় পেচাবৰ সৈতে বাহিৰ কৰি কিডনী পৰিষ্কাৰ কৰে৷ সেয়েহে নেমুটেঙা খালে কিডনী ৰোগৰ পৰা হাতসাৰিব পাৰি৷

(১২) অসমীয়াত এষাৰ কথা আছে “ পানীয়েই প্ৰাণ, পানী বিনে নাই আন ৷“ কিমান বিজ্ঞান সন্মত এই বাক্যশাৰী ভাবি চাইছেনে? আমাৰ শৰীৰত দুই তৃতীয়াংশ পানীৰে পৰিপূৰ্ণ৷ সেয়েহে আমাৰ শৰীৰটো ভালদৰে শোধন হোৱাৰ বাবে চাৰি-পাছ লিটাৰ পানীৰ প্ৰয়োজন৷ সেয়েহে আমাৰ কিডনী ৰোগমুক্ত কৰি ৰাখিবলৈ প্ৰতিদিনে চাৰিলিটাৰ পানী খাওক৷

(১৩) পনৌনোৱা শাকৰ আঞ্জা খালে যিকোনো ধৰণৰ কিডনী ৰোগ হব নোৱাৰে৷

(১৪)পূনৰ্ণৱাৰ ৰস, ভাজী বা তৰ্কাৰী খালে কিডনী ৰোগ সহজে হব নোৱাৰে৷

(১৫) দূপৰটেঙা পাতৰ ৰস দুচামুচৰ লগত অলপ মিছিৰি মিহলাই দিনে তিনিবাৰ খালে সকলো প্ৰকাৰ কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয়৷ তদুপৰি আন কিডনী ৰোগ সমূহ ভাল হয়৷

(১৬) এক কেজি বৰুণ গছৰ বাকলি চাৰি-পাছ লিটাৰ পানীত সিজাব৷ পানীৰ পৰিমাণ এক-ডেৰ লিটাৰ থকা অৱস্থাত নমাই ঠাণ্ডা হবলৈ দিব৷ পিছত ভালদৰে ছেকি পানীখিনি ৰাখিব৷ ইয়াক ক্বাথ বোলা হয়৷ এই বৰুণৰ ক্বাথ চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্টন বাহিৰ হোৱাৰ উপৰিও সকলো প্ৰকাৰৰ কিডনী ৰোগ ভাল হয়৷

(১৭) মূলাপাতৰ ৰস খালে কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয়৷ সেয়েহে মূলাপাত খাব লাগে৷

(১৮) সকলো ধৰণৰ কিডনী ৰোগৰ পৰা ৰক্ষা পাবলৈ মাজেসময়ে পূনৰ্ণৱাৰিষ্ট চাৰিচামুচকৈ দিনে তিনিবাৰ আৰু চন্দ্ৰ প্ৰভাবটী দূটাকৈ দিনে তিনিবাৰ খাব লাগে৷

(১৯) চন্দনাসৱ নামৰ আয়ুৰ্বেদিক ঔষধ চাৰিচামুচকৈ দিনে তিনিবাৰ মাজেসময়ে খাই থাকিলে কিডনী ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে৷

(২০) কিডনী ৰোগ উপশমৰ শাস্ত্ৰীয় আয়ুৰ্বেদিক ঔষধ সমূহঃ- চন্দনাসৱ, পূনৰ্ণৱাৰিষ্ট, গোক্ষুৰাদি গুগুলু, বৰুনাদ্য লৌহ, এলাদি চূৰ্ণ, গোক্ষুৰ ঢূৰ্ণ, বঙ্গেশ্বৰ ৰস, বৃহৎ বঙ্গেশ্বৰ, পূনৰ্ণৱা মণ্ডুৰ, স্বেতপৰ্পটী ইত্যাদি৷

(২১) আয়ুৰ্বেদিক পেটেণ্ট ঔষধ সমূহ; – cystone, Calcury, Niree, U flow, Nilstone, Green punarnawa ইত্যাদি৷

আমি এই উপদেশ মানিব পাৰিলে কমেও ৮০% কিডনী ৰোগ অসমত কমিব৷ বাকী ২০% ৰোগীৰ বাবে আয়ুৰ্বেদিক চিকিৎসা প্ৰয়োজন হব৷ প্ৰয়োজন নহব ডায়েলাইছিচ; ধনৰ টোপোলা লৈ ঢাপলি মেলিব নালাগিব চেন্নাই, ভেলোৰ কিম্বা দিল্লীলৈ উন্নত চিকিৎসাৰ বাবে৷ মনকৰিবলগীয়া যে কিডনী বেয়া কৰিব পৰা আয়ুৰ্বেদিক ঔষধ এটাও নাই, বৰং কিডনী ৰোগ ভাল কৰিব পৰা আয়ুৰ্বেদিক ঔষধ বহুত আছে৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক