কিতাপৰ গাঁও – সৌৰভ শৰ্মা

সৰুতে মাৰ মামাকৰ ঘৰত ফুৰিবলৈ গৈছিলো এবাৰ৷ গাঁও খনৰ বিষয়ে মায়ে সদায় কৈ অহাৰ দৰে সঁচাকৈ “কিতাপৰ গাঁও” আছিল৷ কিতাপৰ গাঁও মানে শুৱনি আমাৰ গাঁওখনি, গছৰ ডালত চৰায়ে শুৱলা গীত গাই ঠিক তেনেকুৱা৷

গৈ দুদিনমান থাকি ঘূৰি আহিছিলো৷ তাৰ দুবছৰ মান পিছত মামা এজনৰ সৈতে আকৌ গৈছিলো৷ ঘৰৰ পৰা যাবলৈ দিছিল কাৰণ কিছু ডাঙৰ হৈছিলো৷ যিহেতু মোক নিয়ন্ত্ৰণ কৰিব পৰা তাত কোনো নাছিল সেয়ে যি মন সেয়ে কৰিছিলো প্ৰায়েই৷

বালিতাৰা নামৰ নলবাৰীৰ এই গাঁও খনৰ এক যাদু আছে৷ ইয়াত মাৰ চাৰিওজন মোমায়েকৰ ঘৰ৷ আগতে তেওঁলোক বেলেগ ঠাইত আছিল বোলে, পিছত উঠি আহি ইয়াত পাম পাতি থাকিবলৈ লয়৷

চাৰিটা পৰিয়াল হোৱাৰ পিছত খেতিমাটি, বস্তিমাটি সকলো চাৰিভাগ হয় যদিও বৰ্তমানো বহু বিঘা মাটি আছে প্ৰত্যকৰে ভাগত৷ এতিয়া সেই আতা সকলৰ সন্তান বোৰৰ মাজতো ভাগ হৈছে৷

এতিয়া আহোঁ মূল কথালৈ, কিতাপৰ গাঁও, যি দিনা গৈ পাইছিলো সেইদিনা প্ৰায় আবেলি হৈছিল৷ সেয়া মামাহঁতৰ চাৰিওটা পৰিয়ালৰ ঘৰলৈ গৈ মাত দিছিলো৷ সন্ধিয়া ডাঙৰ আতাহতৰ ঘৰতে খোৱা-লোৱা কৰি শোৱাৰ ব্যৱস্থা কৰা হৈছিল৷ এতিয়া গলেও মই তেওঁ লোকৰ ঘৰতে থাকো৷

সেই দিনা নিশা যিমানেই বাঢ়ি আহিছিল জিলিৰ মাতে এক অবিৰত মূৰ্চনাৰ সৃষ্টি কৰিছিল৷ মাজে মাজে ভেকুলীৰ টোৰ্ টোৰনী, কুকুৰৰ ভুকনি আদি এক আচহুৱা পৰিবেশ আছিল মোৰ বাবে৷ কিন্তু ভাল লাগিছিল৷ নিশা কেতিয়া টোপনি আহিল গম নাপালোঁ৷ যিগৰাকী মামাৰ লগত শুইছিলো তেওঁ মোক পুৱতি নিশা জগাই দিলে, ক’লে আহা বাহিৰত পেছাৱ কৰিব যাওঁ৷ হয়ো মোৰো পেছাৱ কৰিব লাগিছিল৷ দুয়ো আহি পেছাৱ কৰিলো৷ দেখিলো এটা অলপ বেলেগ ধৰণৰ কুকুৰ বাৰীৰ পৰা দৌৰিছে৷ মামাই ক’লে “দেইখছ কি ধুমা শিয়াল৷“ সেয়া শিয়ালৰ সৈতে জীৱনত প্ৰথম সাক্ষাত৷

এইবাৰ আহি শুলো যদিও টোপনি নাহিল৷ বিছনাত ইফাল-সিফাল কৰি থাকোতে ডাঙৰ ঘৰৰ দৰ্জা খোলা শব্দ শুনি মামাক জগালো৷ মামাই কলে বৌ উঠিল চোতাল সাৰিব, দাদাও এতিয়া হাল লৈ যাব৷ সেই গাঁৱৰ প্ৰথমজন ব্যক্তি ডাঙৰ মামা, যি নিজে এগৰাকী বামুণ হৈয়ো হালৰ মুঠিত ধৰিছিল৷ যাৰ বাবেই ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হৈছিল৷ কিন্তু পিছত তেওঁৰ আদৰ্শকে সকলোৱে অনুসৰণ কৰে৷

যিয়েই নহওঁক সেই দোকমোকালিতে ময়ো উঠি আহিলো৷ মামীয়ে মাহীক চিঞৰিলে “ঐ ৰিতা উঠা, তুমাক লাজ দিব৷ গুয়েহটা এই পুৱাই উইঠছি৷“ মাহীও উঠি আহিল৷ এনেতে দেখিলো চোতালৰ অমিতা জোপাত এহাল টিয়া চৰাই পকা অমিতা এটা খুটিয়াই খাই আছে৷ এৰা কিতাপৰ গাঁও৷ কিবা মনটো ভাল লাগিল৷ মামীয়ে কলে এইহালক দফি মাৰি খেইদলু হৈ৷ কিন্তু তুমি ঠৌগাকে চাই আছ কাৰণে খেদা নাই৷ মামীলৈ বৰ মৰম লাগিল, ইমান বুজিছে৷

মাহীয়ে দুডাল সাউলাৰ ঠানি আনিলে এডাল মোক দিলে৷ মই ল’লো যদিও মামাই ক’লে “ভাগিনে আনা মোনাট টুথপেষ্ট ব্ৰাচ আছে সেই উলে দি৷“ তেতিয়া হে বুজিলো সাউলাগছৰ ঠাৰিৰে দাঁত মাজে৷ কিন্তু টুথপেষ্ট নল’লো ময়ো সাউলাৰে দাঁত মাজিলো৷ এক নতুন অভিজ্ঞতা তেতিয়া, আজি মিঠা সোঁৱৰণি৷
পুৱা আবুই চাহ আৰু ভোকা (টেকেলি মুখত দিয়া) পিঠা দিলে, গৰুৰ গাখীৰৰ লগত৷ খাই উঠি মোৰ অঘাইটং মনটোৱে বাৰীৰ ফালে লৈ গল৷ ইফাল-সিফাল কৰোঁতে এজোপা সৰু গছত এহাল কপৌ চৰাই আৰু বাঁহ এটা দেখিলো৷ ওচৰলৈ যাওঁতে সেই হাল উৰি গল৷ বাঁহটোৰ ভিতৰত দুটা পোৱালি৷ দুৰৰ পৰা মাহীৰ চিঞৰ “পাউছে আহা, তাটে চানা ফুকেচি৷ চৰে চক্ খাব৷“ মাহীৰ চিঞৰৰ তীব্ৰতাত আহিলো যদিও প্ৰথমবাৰ জীৱনত ইমান ওচৰৰ পৰা চৰাইৰ বাহ দেখিলোঁ, তাকো পোৱালি সহ৷ কিতাপৰ গাঁওখন চকুৰ আগত ধৰা পৰি আহিল লাহে লাহে৷

ইফালে মাজু মামা আৰু সৰু মামাও উঠিছিল৷ সৰু মামাই মোক লগ ধৰিলে পথাৰলৈ যাবলৈ, কাৰণ তেওঁ ডাঙৰ মামাৰ বাবে জলপান লৈ যাব৷

গাঁও খনৰ মূলপথটোৰে এফালে মানুহৰ ঘৰ আৰু সমুখফালে ৰাস্তা পাৰ হৈ পথাৰ৷ বাটত ওলাই চকুৰ সমূখত বিশাল পথাৰখন, ইফালে বেলি ওলাইছে৷ কি সপোন সপোন দৃশ্য৷ এজন ১২বছৰীয়া ল’ৰাৰ বাবে চাগৈ এনে দৃশ্য বৰ মূল্যৱান৷ কাৰণ আজিও পাহৰি যোৱা নাই৷

পথাৰৰ মাজে মাজে আধাকিলোমিটাৰ মান যোৱাৰ পিছত এখন সৰু নৈ পালো কিন্তু থিয় গঢ়াৰ গভীৰ৷ মামাই মূৰত বান্ধি নিয়া গামোচাখন পিন্ধি বাকী কাপোৰ মোক চাবলৈ দিলে৷ নিজে জলপানৰ টোপোলাটো মুৰত লৈ খোজদি নামি গ’ল যদিও মাজত দহফুটমান ঠাই থিয়সাঁতোৰ দি পাৰ হ’ল৷ মানে নৈ পাৰ হৈ কিছু দূৰত হাল বাই আছে ডাঙৰ মামাই৷ মই মন মনে চোলা সোলকাই হাফপেণ্ট সহ নৈ সাঁতুৰি পাৰ হ’লো৷ সিপাৰে গৈ দেখো বহুতে হাল বাইছে৷ সকলোৰে মূৰত জাপি, মানুহ চিনাই টান৷ সেয়ে সৰু মামাৰ নাম লৈ চিঞৰিলো৷ ৰাণ্টু মামা৷ এঠাইৰ পৰা তেওঁ উত্তৰ দিলে এইফালে৷ গ’লোগৈ তালৈ৷ প্ৰথম কথা মই নদী পাৰ হৈছো সেইটো অবিশ্বাস্য আৰু ডাঙৰ অঘটন কৰিছোঁ৷ দ্বিতীয়তে কাপোৰ বোৰ যে এৰি গৈছো সেই বোৰ গৰু ছাগলীয়ে গছকি নষ্ট কৰিব৷ ৰাণ্টু মামাৰ বকনি আৰম্ভ হৈছিল হে ডাঙৰ মামাই বোলে তই ভাগিনক লৈ ঘৰত যা৷ পিছত সাজ নিবি, মানে জলপান নিয়া বাচন বোৰ পিছত নিব কলে৷ পথাৰত ২০/২৫খন হাল চলি থকা নয়নাভিৰাম দৃশ্য ভালদৰে উপভোগ কৰিব নাপালো৷ পিছত বহু বাৰ দেখিছোঁ কিন্তু প্ৰথম দিনৰ স্মৃতি ভিন্ন৷

নৈ পাৰ হৈ ঘৰমুখে আহি আছো৷ এই ৰাণ্টু মামা বৰ খুহুতীয়া, কোনোবা এজনে পিছৰ পৰা চিঞৰি সুধিলে এইমাত্ৰ পথৰোত তোক আটাহপাৰাটো এও নেকি? ৰাণ্টু মামাৰ উত্তৰ আছিল আ এ কালি আইছি গুৱাহাটীৰ পে৷ অনীবাইৰ আপা, এনাইহান মাত টাউনৰ এলচিচিয়ানৰে হৈ দে৷

খঙত মূৰ গৰম হৈ গল৷ আহিয়েই মামী- আটা-আবু, মাহী, মাজুমামাজনৰ আগত অভিযোগ কৰিলো৷ এলচিচিয়ানৰ দৰে মাত বুলি কিয় কব৷ চবেই ৰাণ্টু মামাক গালি পাৰে যদিও হাঁহে৷ মোৰ আৰু বেছি খংহে উঠে হাঁহিলে৷ পিছত মাজুমামা গৰাকীয়ে কলে “খং নকৰিবা, তাক ঢেউক্ৰা (ঢেকুৰা) বুলি কবা৷ এতিয়াও গলে ৰাণ্টু মামাই দেখাৰ লগে লগে ও এল দেখোন হা৷ ময়ো ঢেকু ভালে আছানে বুলি কও৷

এনেদৰে দিন পাৰ হৈছিল, গৰমবন্ধত গৈছিলো বাবে ওভতাৰ চিন্তা কৰা নাই৷ এদিন পুৱা আবুই মোক সুধিলে তই ভাখ্ৰিৰ তলত সুৰকিবা পাইৰবিনা৷ মানে ভড়ালৰ চাং খনৰ তলত সুমাব পাৰিম নেকি সুধিছে৷ ময়ো পাৰিম বুলি সোমাই গ’লো৷ আবুই ক’লে কিবা দেখা পাইছানা গাটাটুত৷ মই ক’লো বহুত কণী আছে৷ এটা খৰাহি দিলে তাত কণী কেইটা লৈ ওলাই আহিলো৷ তেতিয়া আবুই কলে, সিহাতেও জানে আমি খাম, খালি সিহাতৰ বংশ নাব্ৰে বুলি৷ এটা নতুন কথা বুজিলো যে হাঁহে ভৰালৰ তলতো কণী পাৰে গৰাকীৰ পৰা সুৰক্ষা দিয়াৰ বাবে৷

সেই কেইদিনত মাহীৰ সৈতে সদায় পুৱা আম বুটলিছিলো৷ একখৰাহী আম পাওঁ৷ আবুই ধুই-পখালি আমবোৰৰ অপাৰেচন কৰে৷ মানে পোকধৰা অংশটো পেলাই দি ভাল অংশবোৰ ৰাখে এখন কাঁহীত৷ দহজোপামান গছৰ বিভিন্ন সোৱাদৰ আমবোৰত নিমখ দি খাবলৈ দিয়ে সকলোকে৷ সেই পকা তলসৰা পোকেধৰা আমৰ সোৱাদৰ দৰে সোৱাদ আজি এলফেনচো খালেও নাপাওঁ৷

এদিন পুখুৰীত বহু দেৰি থকা বাবে মাজুমামা গৰাকীয়ে চৰিয়াইছিল৷ পিছত ভাত খোৱা নাছিলো খঙত৷ মামী মাহী মিলি বহুত মৰম সাদৰ কৰি ফুচুলাই ভাত খুৱালে৷ মাহীয়ে ভাত খালে এখন সাধু কথাৰ কিতাপ পঢ়িবলৈ দিম বুলি ক’লে৷ বনেবনে নামৰ পাঠ্যক্ৰমৰ কিতাপখন পঢ়িবলৈ দিলে৷ তিনিজন বিখ্যাত চিকাৰীৰ তিনিটা বিখ্যাত চিকাৰ কাহিনী আছে৷ যিয়ে পঢ়িছে কিতাপখন তেওঁ লোকে বুজিব৷ কিমান আমেজপূৰ্ণ কিতাপ সেইখন সেই বয়সত৷

বহুবাৰ গৈছো মাৰ মোমায়েকৰ ঘৰলৈ৷ নিজৰ মামাৰ ঘৰতকৈও আপোন সেই গাঁও সেই পৰিয়াল৷ পিছে যোৱা দহবছৰমান যাব পৰা নাই৷ মনত পৰিলেই মনটো ভৰি আহে৷ ডাঙৰ মামা গৰাকী আজি নাই৷ কিন্তু তেওঁৰ শাসন মৰম আৰু বাকী মামা-মামী, মাহীহঁতৰ মৰম বোৰ আজিও অকৃত্ৰিম৷ কিতাপৰ গাওখনত হাট বহে৷ ঘৰে ঘৰে চালত লাউ-কোমোৰা৷ বাৰিত জিকা, ভোল, পটল, কেৰেলা, ভেন্দি বিলাহী৷ ঘৰুৱা শাকবোৰ, সঁচাকৈ এখন কিতাপত পঢ়া সুন্দৰ গাঁৱৰ দৰেই গাঁও৷ আৰু সৰল মনৰ গাঁৱৰ মানুহবোৰ৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নীলাক্ষি দেৱী ডেকা
9 months ago

এনে এটা পৰিৱেশৰ কাৰণে এতিয়াও মনে হাঁহাকাৰ কৰে। বৰ সুন্দৰ লিখনি দাদা।

Anonymous
9 months ago

বৰ ভাল লাগিল, শৈশৱৰ সোণোৱালী স্মৃতি।বনেবনে খন পঢ়িছো, খুব সম্ভৱ স্কুলৰ পাঠ্যক্ৰম আছিল,কোন শ্ৰেণীৰ পাহৰিছো।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক