কিতাপৰ ব্যৱসায়িক দিশ (টুৱাৰাম দত্ত)

(ইয়াৰ বাবে বিভিন্ন কাকত-আলোচনী আদিত নিয়মীয়াকৈ লিখাৰ অভ্যাস কৰাটো অতি প্রয়োজনীয়৷ ফে’চবুকৰ বিভিন্ন গোটত নিয়মীয়াকৈ লিখি থকাটোও বেয়া কথা নহয়৷ বিভিন্ন মাধ্যমত নিজৰ লেখা নিয়মীয়াকৈ প্রকাশ হৈ থাকিলেহে লেখকজন পাঠকৰ দৃষ্টিলৈ আহিব আৰু এটা নির্দিষ্ট “বজাৰ মূ্ল্য” গঢ়ি উঠিব৷)

আজি ভালেমান দিন ধৰি এটা কথা লক্ষ্য কৰি ভাল লাগিছে যে নতুন নতুন বহুত কিতাপ উন্মোচন হৈছে৷ নতুন নতুন লেখকৰ আত্মপ্রকাশ হৈছে৷ এইটো অসমীয়া ভাষা তথা সাহিত্যৰ বাবে সুখৰ খবৰ৷ ফে’চবুকৰ মজিয়াৰো কেইবাজনে একান্তমনে সাহিত্য-চৰ্চা কৰি ছপা আকাৰত পুথি প্ৰকাশ কৰি অসমীয়া সাহিত্য জগতখন সমৃদ্ধ কৰিবলৈ লৈছে৷ এই ধৰণৰ প্রচেষ্টাই ভাষা-সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ উপৰিও এক ধৰণৰ বৌদ্ধিক বিপ্লৱৰ সূচনা কৰা বুলিলেও ভুল কোৱা নহ’ব৷ এইখিনিতে আমাৰ মনলৈ অহা কিছু কথা আলোচনা কৰাৰ হাবিয়াস কৰিছোঁ।

লেখক এজনে কিতাপ এখন প্রকাশ কৰোতে ব্যৱসায়িক দিশটোৰ প্ৰতিও লক্ষ্য কৰা উচিত৷ যথেষ্ট শ্রম, সময় আৰু মগজুৰ খৰছৰ অন্তত জন্ম লাভ কৰা কিতাপৰ বাবে উচিত পাৰিশ্রমিক পোৱাটো লেখকজনৰ বাবে অতি প্রয়োজনীয় কথা৷ ভাত-কাপোৰৰ জোৰা নমৰাকৈ কোনোবাই ভাষা-সাহিত্যৰ চৰ্চা কৰিব সেইটো অন্ততঃ আজিৰ যুগত সম্ভৱপৰ নহয়৷ কাজেই এখন কিতাপ প্রকাশৰ পিছত তাৰপৰা দুপইছা অৰ্জনৰ আশা কৰাটো এজন লেখকৰ বাবে পাপৰ কথা হ’ব নোৱাৰে৷
সেই অৰ্থত বিচাৰ কৰিলে আজিৰ বজাৰকেন্দ্ৰিক অৰ্থনীতিত কিতাপো এক ধৰণৰ পণ্য৷ যিদৰে এবিধ পণ্য বজাৰত উলিয়াই দিয়াৰ আগতে বজাৰ বিশেষজ্ঞসকলে প্রথমে ব্যৱসায়িক সম্ভাৱনাৰ নানান দিশ চালিজাৰি চায়, সেইদৰে কিতাপ এখনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ দিশবোৰ চাই-চিতিহে পাঠকৰ বাবে বজাৰত মুকলি কৰি দিয়া উচিত৷ কিতাপ এখনৰ বিভিন্ন দিশ বুলিলে এটা নূন্যতম সাহিত্যিক মানৰ কথা নিশ্চিতভাবে আহিব৷ সেইটো সদ্যহতে পিচলৈ থৈ কিতাপৰ বাহ্যিক দিশটোৰ কথাও যদি ধৰা যায়, কিতাপ এখনৰ কাগজৰ গুণাগুণ, বেটুপাত, পৃষ্ঠাৰ সংখ্যা, বিষয়বস্তৰ লগত সংগতি থকা বিভিন্ন আলোকচিত্র বা ৰেখাচিত্র আদি নিশ্চিতভাবে বিচাৰ্যৰ বিষয়৷ বজাৰ অৰ্থনীতিত packagingৰ গুৰুত্ব অপৰিসীম৷ পণ্য এবিধ যিমানেই ৰংচঙীয়া হয় সিমানেই তাৰ বিক্ৰীও বাঢ়ি যায়৷ কিতাপ এখনৰ ক্ষেত্রতো মনোমোহা বেটুপাত, সুন্দৰ উচ্চ মানদণ্ডৰ কাগজ আদিয়ে বিক্ৰী বঢ়োৱাৰ ক্ষেত্রত সহায় কৰে৷ গতিকে নবীন লেখক এজনে নিজৰ কিতাপখনৰ ক্ষেত্রত সেই দিশবোৰত গুৰুত্ব দিবই লাগিব৷ সদ্যউন্মোচিত ভালেকেইখন কিতাপৰ ক্ষেত্রত সেই দিশবোৰ আওকাণ কৰা যেন ধাৰণা হয়৷ বিশেষকৈ নিম্ন মানদণ্ডৰ কাগজ আৰু সাধাৰণ পৰ্যায়ৰ বেটুপাত পাঠকৰ বাবে আকৰ্ষণীয় নহয়৷
ইয়াৰ পিছতে আহিল পণ্যবিধৰ, অৰ্থাৎ কিতাপ এখনৰ সম্ভাৱ্য বজাৰখনৰ কথা৷ বজাৰ অৰ্থনীতিত এবিধ পণ্যৰ বজাৰ অধ্যয়ন যথেষ্ট গুৰুত্বপূৰ্ণ৷ সম্ভাৱ্য কিতাপখনৰ বিক্ৰী কেনেকুৱা হ’ব, তাৰ এটা আগতীয়া ধাৰণা থকাটো মুঠেই বেয়া কথা নহয়৷ কিয়নো গাঁথিৰ ধন ভাঙি ছপা খৰচৰ যোগাৰ কৰা, অধ্যয়ন আৰু পৰিশ্রম জড়িত থকা কিতাপখনৰ পৰা এটা নির্দিষ্ট পৰিমাণৰ ধন লেখকজনৰ হাতলৈ আহিবই লাগিব৷ এতিয়া কিতাপখনৰ বজাৰ বু্লিলে পোন প্রথমেই আহিব লেখকজনৰ “বজাৰ মূ্ল্য” কিমান? যিসকল অতি জনপ্রিয় লেখক, সেইসকলৰ ইতিমধ্যেই এখন প্রতিষ্ঠিত বজাৰ থাকে৷ গতিকে তেওঁলোকৰ কিতাপৰ বিক্ৰী লৈ সিমান চিন্তা কৰিবলগীয়া নাথাকে৷ কিন্তু নবীন লেখকসকলৰ বেলিকা, যিসকলৰ “বজাৰ মূল্য” প্রায় শূন্য, তেওঁলোকে কিদৰে আগবাঢ়িব? যিহেতু তেওঁলোক নবীন, তেওঁলোকৰ বাবে পাঠক সমাজৰ আস্থাভাজন হোৱা, পাঠকৰ মন জয় কৰা সিমান সহজ নহয়৷
গতিকে এই ক্ষেত্রত এক নির্দিষ্ট পৰিমাণৰ বিজ্ঞাপনৰ কথা নিশ্চয় আহি পৰে৷ কিন্ত বিজ্ঞাপনৰ ক্ষেত্রতো যথেষ্ট টকা-সিকাৰ কথা জড়িত আছে৷ আৰু কেৱল বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰিয়েই কিতাপ এখনৰ বিক্ৰী বাঢ়িব বুলি আশা কৰি থকাটোও ভুল হব৷ গতিকে নবীন লেখক এজনে কিতাপ এখন বজাৰত উলিয়াই দিয়াৰ আগতে নিজৰ “বজাৰ মূল্য” বঢ়াবলৈ চেষ্টা কৰাটোহে উচিত কথা হব৷
ইয়াৰ বাবে বিভিন্ন কাকত-আলোচনী আদিত নিয়মীয়াকৈ লিখাৰ অভ্যাস কৰাটো অতি প্রয়োজনীয়৷ ফে’চবুকৰ বিভিন্ন গোটত নিয়মীয়াকৈ লিখি থকাটোও বেয়া কথা নহয়৷ বিভিন্ন মাধ্যমত নিজৰ লেখা নিয়মীয়াকৈ প্রকাশ হৈ থাকিলেহে লেখকজন পাঠকৰ দৃষ্টিলৈ আহিব আৰু এটা নির্দিষ্ট “বজাৰ মূ্ল্য” গঢ়ি উঠিব৷
অলপতে প্রকাশিত ভালেকেইখন কিতাপৰ ক্ষেত্রত লেখককেইজন সেই দিশটোৰ প্রতি সচেতন যেন অনুভৱ নহ’ল৷ যেনে-তেনে নিজৰ নামৰ লগত এখন কিতাপৰ নাম জড়িত হওক, নিজৰ চিনাকী, আত্মীয়-কুটুম্ব, বন্ধুবৰ্গই বাহ্‌বা দিয়ক, লেখক হিচাপে কোনো কোনো ক্ষেত্রত অহৈতুকী সুবিধা লাভ হওক ইত্যাদি কাৰকবোৰহে যেন কিতাপ প্রকাশৰ ক্ষেত্রত তেওঁলোকক আগ্রহী কৰি তুলিছিল৷ তেওঁলোকৰ কিতাপৰ সাহিত্যিক মান বিচাৰ কৰাৰ যোগ্যতা আমাৰ নাই৷ কিন্তু নিয়মীয়াকৈ কাকত-আলোচনী আদিত লিখিলে যিহেতু একোজন সম্পাদকৰ কলমৰ খোঁচৰ মাজেদিহে লেখাবোৰ প্রকাশ পায়, গতিকে তেনে এটা প্রক্রিয়াৰ মাজেৰে উঠি অহা লেখকসকলৰ বিশ্বাসযোগ্যতা নিশ্চয় সকলোৰে আগত হ’ব৷ লেখক হিচাপে কিতাপ প্রকাশ কৰি আত্মপ্রকাশৰ গ্লেমাৰ, আৱেগ আদিৰে হয়তো খন্তেকীয়া জনপ্রিয়তা পাব পৰা যায়, কিন্তু সি চিৰস্থায়ী নহয়৷
গতিকে আমাৰ সামান্য জ্ঞানেৰে অনুভৱ কৰা কথাবোৰ হ’ল কিতাপ এখন প্রকাশ কৰাৰ আগতে নিজকে কম-বেছি পৰিমাণে পাঠক সমাজৰ মাজত প্রতিষ্ঠা কৰাটো অতি প্রয়োজনীয়৷ কিতাপ এখনৰ কাগজৰ গুণাগুণ, বেটুপাত, পৃষ্ঠাৰ সংখ্যা আদিৰ এটা নির্দিষ্ট মান থকা উচিত৷ কম-বেছি পৰিমাণ বিজ্ঞাপনৰ ব্যৱস্থা কৰি বিক্ৰী বঢ়োৱাৰ চেষ্টাও বাঞ্ছনীয়৷ কিতাপ এখন প্রকাশ কৰোঁতে ব্যৱসায়িক সফলতাটো অতিশয় দৰকাৰী৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments