কিতাপ, ঘৰ, বাৰ্দ্ধক্য আৰু অনুভৱৰ ত্ৰিল’জী (শান্তিছায়া শইকীয়া)

(সিদিনাৰ আঞ্জা-ভাতৰ জুতি মুখৰ পৰা যোৱাই নাই। পিচদিনালৈ পাকঘৰটো চৌকাৰ জুইৰ গোন্ধে উমাল কৰি থৈছিল। সিদিনাৰ বিপদৰ সাৰথি সেই ইটাকেইডোখৰ আৰু পুৰণি ষ্টীলৰ কাঁহীখন এতিয়াও পাকঘৰৰ এচুকত সামৰি থোৱা আছে।)
বৰ্তমান এই তিনিওটা বিষয়ে বাৰু আমাক ভবাই নোতোলেনে? কাৰণ এই তিনিটা এতিয়া সমস্যা। কিতাপ পঢ়া মানুহৰ কিছুমান পৰিয়ালত অভাৱ দেখা যায়। কিতাপ পঢ়ি সময় নষ্ট কৰাতকৈ টিভিত ছিৰিয়েল চোৱাই ভাল। গতিকে ছিৰিয়েল চাই চাই বহি বহি সময় কটোৱা মানুহৰ কিন্তু অভাৱ হোৱা নাই। মোৰ চিন্তা এই কিতাপবিলাক মোৰ অবৰ্তমানত কোনোবাই পঢ়িবনে? যতনে ৰাখিবনে ? মইতো লাৰি-জাৰি, ৰ’দাই কিতাপবিলাকক কিমান যে তালাপী কৰি ৰাখো। কিন্তু মই নাথাকিলে ? কেতিয়াবা ভাবো লাইব্ৰেৰীতে দি থৈ যামগৈ। পিছে মনটো মৰহি যায়। সৰুকালত মোৰ হাতত থকা ৫০খন শিশু কিতাপ লাইব্ৰেৰীত দি থৈ কৰ্মভূমিলৈ গৈছিলো। ক’তা সেই কিতাপৰ এখনোটো মাধৱদেৱ পুথিভঁড়ালত এতিয়া নাই। পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ কিতাপবিলাক জগন্নাথ বৰুৱা মহাবিদ্যালয়ত দান দিলে, ধূলি-মাকতিৰে পৰিপূৰ্ণ হৈ পৰি আছেচোন আলমাৰিতে, পঢ়িছেনে কোনোবাই? অলপতে ধূলিৰে ধূসৰিত হৈ থকা সেই দুৰ্লভ কিতাপবিলাক পঢ়িবলৈ গৈহে মোৰ এনে অনুভৱ হ’ল। ইমান গুৰুত্বপূৰ্ণ কিতাপবিলাকৰে আলাই- আথানি !! মোৰ দুখ হায়! মোৰ প্ৰাণৰ কিতাপবোৰ! ক’ত থৈ যাম তোমালোকক! তোমালোকৰ স’তে যে মোৰ আজন্ম প্ৰেম । তোমালোক যে মোৰ একান্ত বন্ধু, নিৰ্জনতাৰ লগৰী। বাটৰ বন্ধু, দুখৰ চকুপানী তোমালোকেইতো মচি দিয়া ! তোমালোক মোৰ খেলাৰ সংগী, মোৰ প্ৰেমিকো তোমোলোকেই কেতিয়াবা ভাবো ইমানবোৰ প্ৰেমিকেৰে মোৰ যে প্ৰেমৰ ভোগালী। শেতেলিৰো লগ তোমালোকেই। ইমান ঠাণ্ডা বা বৰষুণৰ বতৰত লেপৰ তলত মই তোমালোকৰ লগতেটো সহবাস কৰোঁ! মই নাথাকিলে তোমালোক কিমান নিসংগ পৰিত্যক্ত হ’বা, এয়া মই অনুভৱ কৰিছো তিলে তিলে।
ঘৰ মোৰ নাই। কিতাপ বন্ধুবোৰৰ বাবেই ঘৰ একোঠা সাজিব লাগিব। কোঠাটোত আলমিৰাত ভৰাই সজাই পৰাই ৰক্ষণাবেক্ষণ দি থৈ যাব পাৰিলে অন্ততঃ এক প্ৰশান্তিৰ ভাব আহিব যে মই কিতাপবোৰক দলিয়াই দিয়া নাই, মৰমেৰে, সযতনে সংৰক্ষণৰ দিহা কৰি গৈছো। মোৰ উত্তৰাধিকাৰী কোনোবাই হয়তো এদিন কাৰোবাক ক’ব কিতাপৰ স’তে থকা মোৰ প্ৰেমৰ কথা। ঘৰবোৰ মানুহে সাজে থাকিম একেলগে বুলি, ল’ৰা-বোৱাৰী একেলগে মাক-দেউতাকৰ লগত। কিন্তু বিদেশত কৰ্মৰত তথা স্বদেশত কৰ্মৰত সকলোৱেচোন কেৱল নিজৰ পৰিয়াললৈহে থাকিব বিচাৰে। ককা-আইতাৰ সাহচৰ্যত বোলে নাতিবোৰ বেয়া হয়। নম্বৰবোৰ টোপোলা টোপোলে গোটাব নোৱাৰে। পঢ়াৰ কথা ক’লে বোলে ককা-আইতাই সাধুকথাহে ক’ব খোজে। সেয়ে অকলে নগৰত পঢ়াৰ সুবিধাৰ বাবেই থাকিব বিচাৰে সন্তানবোৰে। বিদেশৰ মাল্টি-নেচনেল কোম্পানীবোৰৰ চাকৰিৰ বাবে দেশলৈ তথা ঘৰলৈ আহিবলৈ সময়ে নোযোৰে। আহিলেও চাকৰিবোৰ আনৰ হাতলৈ যোৱাৰ ভয়তে মাক-দেউতাকৰ মৃত্যু হ’লেও আহিব নোৱাৰে। তেনেক্ষেত্ৰত ইমান ডাঙৰ ঘৰনো কিয় লাগে? সাজি লোৱা আহল-বহল সকলো সুবিধাৰ ঘৰ এদিন কেৱল অট্টালিকাত পৰিণত হয়, ঘৰ ঘৰহৈ নাথাকে। ঘৰো সেয়ে এক আজিৰ যান্ত্ৰিক ভোগবাদী সমাজৰ বাবে এক সমস্যা নহয়নো কি ? ঘৰ! সিও একান্ত গহ্বৰ। সেয়ে ঘৰ এৰি পলাবৰ মন যায় বহুতৰ। ঘৰবোৰ বেচি দি বেঘৰ হ’ব লাগে পুত্ৰৰ মতে।
বাৰ্দ্ধক্য! এক সমস্যা । পুত্ৰ তথা পুত্ৰবধূবোৰে ভাবে যে তেওঁলোক কেতিয়াও বৃদ্ধ নহ’ব। সেয়ে বৃদ্ধ পিতৃ-মাতৃসকলক বাটে-পথে এৰি দায় সাৰে। যেন তেওঁলোকে অনিচ্ছাকৃতভাৱেহে বৃদ্ধসকলক এৰি দিছে। যিমানে মানুহে যান্ত্ৰিক সুবিধাবোৰ লাভ কৰি বিশ্বায়নৰ ফলত ভোগবাদী হৈ পৰিছে, সিমানেই মানুহৰ আৱেগ-অনুভূতিৰ কদৰ নোহোৱা হৈ পৰিছে। যান্ত্ৰিকতা ইমান ভয়াৱহ অথচ এই যান্ত্ৰিকতাই মানুহৰ সভ্যতাক উত্তৰণৰ দিশলৈ আগুৱাই নিছে। কিন্তু মানৱীয় প্ৰমূল্যৰাশিক ক্ৰমশঃ কুটি কুটি খাইছে। মানুহে মানুহক হত্যা কৰিবলৈ কুণ্ঠিত নহয়। হিংসা, হত্যা, অপৰাধৰ পৰিসীমা অতিক্ৰম কৰা মানৱৰ পৰা জন্তুও সাৰি যাব পৰা নাই। জীৱন্তে দগ্ধ কৰে মানুহে মানুহক। অংগ কাটি নিয়ে জন্তুৰ পৰা। মানুহ নৃশংস হৈ পৰিছে। বৃদ্ধসকল এতিয়া সকলোৰে বাবে বোজা মাথোঁ। মানুহ স্বাৰ্থপৰ হয়, কিন্তু ইমান মাত্ৰা চেৰাই যাব বুলি হয়তো ভবা নাযায়। স্বাৰ্থপূৰণ হ’লেই সন্তানসকলেও পিতৃ-মাতৃয়ে কৰিব লগাটোহে কৰা বুলি অকৃতজ্ঞাৰ চৰম নিদৰ্শন দাঙি দৰে। দেখা যায় বাৰ্দ্ধক্য আজি বিশ্বায়নৰ দ্ৰুত বিকাশৰ সময়ত এক সমস্যা। কোনো কাৰো যেন একো নহয়, কোনো কাৰো বাবে কিয় দায়বদ্ধ হ’ব? কাৰো বাবে কিয় ত্যাগ স্বীকাৰ কৰিব! এই মানসিকতাৰে সমাজত বৃদ্ধত্ব এক গধুৰ সমস্যা, কঢ়িয়াব নোৱাৰা বোজা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক