কিতাপ, পুৰস্কাৰ আৰু পঢ়ুৱৈ

দেবব্ৰত গগৈৰ মূল পোষ্ট:

কোনো এখন কিতাপে পুৰস্কাৰ পালেহে অসমীয়া মানুহে কিতাপ পঢ়ে । নহলেনো দুবছৰৰ আগতে প্ৰকাশ হোৱা ” পাটকাইৰ ইপাৰে মোৰ দেশ”ৰ সমালোচনা আৰু কিতাপখনৰ ভুল-ভান্ত্ৰিবোৰ এতিয়াহে পঢ়ুৱৈৰ চকুত পৰাৰ কাৰণ কি বাৰু ? এবছৰৰ পাছত যেতিয়া কিতাপখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিলে তেতিয়াহে মানুহে কিতাপখন পঢ়িলে আৰু ভুল তথা বিভ্ৰান্ত্ৰিকৰ তথ্যবোৰ আঙুলিয়াই দেখুৱালে । যদিহে কিতাপখনে পুৰস্কাৰ নাপালেহেঁতেন তেতিয়াহলে এই ভুলবোৰ কাৰো চকুত নপৰিলহেঁতেন আৰু এসময়ত গৈ ভুল তথ্যবোৰকে সঁচা বুলি নতুন প্ৰজন্মই ভাবিলেহেঁতেন । অতিকৈ আচৰিত হৈছো সেইসকলক লৈ যিসকলে এই ভুল তথ্যৰে ভৰা উপন্যাসখনক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰিলে । শেষত এটা প্ৰশ্ন পুৰস্কাৰে টকা আনে নে টকাই পুৰস্কাৰ আনে ?

(দুবছৰৰ আগতে এইখন কিতাপৰ বিজ্ঞাপন কিতাপৰ মালিকে গুৱাহাটীৰ এটা পেট্ৰল পাম্পৰ সন্মুখত আঁৰি দিছিল আৰু এবছৰৰ পাছত পুৰস্কাৰ পোৱা বাবে খাৰখোৱা অসমীয়াই কিতাপখন গোগ্ৰাসে গিলিলে , এতিয়া পুনৰ গিলিব বিৰ্তকিত কিতাপ বুলি ।)

মন্তব্য সমুহ………………………

বৰা নিতুল– ও ঠিকেইতো, এনেকুৱাই কৰো আমি অসমীয়া মখাই। আগপিছ নাভাবি ধনবান সকলে হয় হয় কলে আমিও হয় হয়, নিজৰ বিচাৰ বিবেক সকলো ধোঁৱাচাঙত তুলি।।

ৰাজীৱ ৰঞ্জন– কিতাপখনত লিখা কথাখিনি ভুল বুলি প্ৰমাণিত হৈছে নেকি? মানে তথ্য সহকাৰে প্ৰমাণৰ কথা কৈছোঁ। মই যিমানদূৰ বুজোঁ, এখন উপন্যাস যেতিয়া ইতিহাসৰ ওপৰত ভিত্তি কৰি লিখা হয়, তাৰ অৰ্থ এইটো নহয় যে ই এখন বুৰঞ্জী বা সম্পূৰ্ণ সত্য ঘটনা প্ৰতিফলিত কৰিবই লাগিব। একে সময়তে যি দ’ৰে লিখকে লিখা কথাখিনি সত্য বুলি ধৰিব নোৱাৰি, ঠিক তেনেদ’ৰেই অন্য কোনো এজনে সেইখিনি লিখা ভুল বুলি কওঁতেই মানি ল’ব নোৱাৰি। বাতৰি কাকতত দুদিনমান পঢ়িছিলোঁ। কিবা ব্যক্তিগত আক্ৰমণ যেন হে লাগিছিল দুয়োফালৰ লিখাখিনি। কিন্তু এটা কথা মানি লোৱাটো হয়তো উচিত যে উপন্যাস হিচাপে ‘পাটকাইৰ সিপাৰে মোৰ দেশ’ এখন সফল উপন্যাস। কাৰণ উপন্যাস মানেই এজন লিখকৰ কল্পনাৰ জগত। লাগিলে যিমানেই বাস্তবৰ ওপৰত ভিত্তি কৰি লিখা নহওক কিয়।

আদিত্য ৰঞ্জন দত্ত– ই কিতাপখন চোৱা নাই এতিয়ালৈ৷কিন্তু খুদুৱনি দুটামান আছে৷মই জনামতে কিতাপখন উপন্যাস আকাৰে প্ৰকাশ পাইছে আৰু উপন্যাস এখনৰ কাহিনীটো কাল্পনিক বুলিয়েই ধৰা হ’ব নিশ্চয়৷কিতাপখন সত্য ঘটনাৰ ওপৰত আধাৰিত হ’লেও তথ্যবোৰ কল্পনাপ্ৰসুতও হ’ব পাৰে৷গতিকে কিতাপখনক বুৰঞ্জীৰ আধাৰ বা তথ্যবোৰ সত্য বুলি ভবাতো ভুল হ’ব নেকি!

দেবব্ৰত গগৈ– কিতাপখনৰ বিৰ্তকক লৈ এয়া আৰম্ভণিহে আৰু বহুত কিবা-কিবি হবলৈ আছে বুলি শংকা হয় ( আশাকৰো নহওক ) । দুটামান অসম বন্ধও হৈ যাব পাৰে । এইবাৰৰ “সাতসৰীখন” পঢ়ি তেনে এটা ভাবেই হৈছে । ঘটনাবোৰে বৰ্ণবাদী বিদ্বেষৰ ৰূপ নললেই হ’ল ।

উপন্যাস এখন লিখোতে লিখকে নিজৰ স্বাধীনতা উপভোগ কৰি লিখিব পাৰে কিন্ত সেইবুলি 1947 চনত মবাইল ফোনৰ কথা উপস্থাপন কৰিব নিশ্চয় নোৱাৰিব । চুকাফাৰ পৰা ৰুদ্ৰসিংহলৈকে আহোম ৰাজত্বই এক দীঘলীয়া সময় অতিক্ৰম কৰিছিল , কিন্ত সেইবুলি কাহীনীক গতি দিব লাগে বুলিয়েই ৰুদ্ৰসিংহৰ দিনত হোৱা কিছুমান পৰিঘটনাক চুকাফাৰ দিনলৈ নিশ্চয় টানি নিব নোৱাৰি । কাৰণ চুকাফা আৰু ৰুদ্ৰসিংহৰ মাজৰ সময়ৰ ব্যৱধান প্ৰায় চাৰিশ বছৰ ।

ৰাজীৱ ৰঞ্জন- [email protected]দেবব্ৰত গগৈ দা। আৰু তাতেই লুকাই থাকে লিখকৰ সফলতা বা বিফলতা। বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি লিখা উপন্যাস বা তৈয়াৰ কৰা চিনেমা এখনৰ ক্ষেত্ৰত সৰ্বজন গৃহীত তথ্য এটা বিকৃত ৰূপত দেখুৱালে বিফল হোৱাটো প্ৰায় নিশ্চিত। কিন্তু এইখিনিতে সত্য বুলি কোনটো মানি ল’ম বা লোৱাটো উচিত আৰু কিহৰ ওপৰত ভিত্তি কৰি, সেইটো আহি পৰে। মাজতে গোটত আলোচনা হোৱা মনত পৰে যে ফুলেশ্বৰী কুঁৱৰী বোলে বাস্তৱত নাছিলেই। কিন্তু বুৰঞ্জীত আছে। কোনটো সত্য কি দ’ৰে মনা যাব?

দেবব্ৰত গগৈ – -ৰাজীৱ, কথাবোৰ নিশ্চয়কৈ অলপ দিঘলীয়া হবগৈ আৰু ইয়াৰ মাজতে তোমাৰ আৰু মোৰ মতৰ অমিল হবগৈও পাৰে । তাৰ বাবে যাতে বেয়া নোপোৱা সেয়ে এতিয়াই কৈ থলো ।
আচলতে ফুলেশ্বৰী কুঁৱৰী , সতী জয়মতী এইবোৰ আহোম ৰাজত্বৰ পাছৰ কালত সৃষ্ট চৰিত্ৰ বুলি আজি লাহে লাহে প্ৰমাণিত হবলৈ লৈছে । প্ৰথমে যদি চাও “সতী”ৰ ধাৰণাটো সেইসময়ৰ আহোম সমাজত নাছিল , তেনেহলে জয়মতী সতী হল কেনেকৈ ? ফুলেশ্বৰী কুঁৱৰী বা জয়মতীক লৈ যি পাৰ্শ্ব কাহিনী গঢ়ি উঠিছে সেইবোৰলৈ মন কৰিলে দেখিম যে কাহিনীবোৰত আহোম শাসক বৰ্গক নাৰী বিদ্ধেষীৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে । জয়মতী কাহিনীটোক লক্ষ্মীনাথ বেজবৰুৱা আৰু ফুলেশ্বৰী কুঁৱৰীৰ কাহিনীটোক পদ্ম বৰকটকীয়ে ( উপন্যাস : কাপুৰুষ-মহাপুৰুষ ) গুৰুত্ব দিছিল আৰু দুয়োজনেই আছিল বৰ্ণহিন্দু অসমীয়া । কাহিনীটোক গতি দিবলৈ তাৰ সমসাময়িক ইতিহাসক অলপ ইফাল সিফাল কৰি লৈছিল নিশ্চয় । শুনিবলৈ অপ্ৰিয় যদিও বৃটিছৰ শাসনৰ আৰম্ভণিৰে পৰা উজনি অসমত আহোম আৰু বৰ্ণহিন্দুৰ মাজত তীব্ৰ বৰ্ণ বিদ্ধেষে দেখা দিছিল আৰু সেইবোৰৰে ফলশ্ৰুতি আছিল জয়মতী বা ফুলেশ্বৰীৰ দৰে পাৰ্শ্ব চৰিত্ৰ । আনকি কাশীনাথ তামুলী ফুকনৰ দৰে বৰ্ণ হিন্দু অসমীয়া লেখকে গদাধৰ সিংহই মানুহৰ মাংস খাইছিল বুলি লিখি থৈ গৈছে ।
এনেকৈয়ে আহোম ইতিহাসৰ বহু বিকৃতি ঘটিছে । সেয়ে এনে বিকৃত তথ্যৰ আশ্ৰয় লোৱাৰ বিপৰীতে কোনো লেখকৰ প্ৰধান কাম হৈছে প্ৰকৃত তথ্যৰ উদঘাটন কৰাটোহে । উপন্যাস এখনত কাহিনীটোৱে নিজস্ব গতি লব পাৰে কিন্ত কাহিনীৰ খাতিৰত ভুল তথ্য ব্যৱহাৰ কৰাটো বা মনেসজা তথ্য ব্যৱহাৰ কৰাটো বা তথ্যত কল্পনাৰ ৰহন সানিবলৈ চেষ্টা কৰাটো অতিকৈ বিপদজনক আৰু জাতিটোৰ বাবেও ক্ষতিকাৰক ।
আজিৰ তাৰিখৰ অসমীয়া সমাজখন বহু পৰিমাণে উদাৰ হ’ল । আগৰ বৰ্ণ বা সম্প্ৰদায়িক বিদ্ধেষ নাই কিন্ত সমাজখনত ভজা মাছৰ সোৱাদ লবলৈ বিচাৰি ফুৰা মানুহ আছে । ঘটনাক্ৰমে “পাটকাই ইপাৰে মোৰ দেশ”ৰ লেখিকাও বৰ্ণহিন্দু অসমীয়া । সেয়ে আমি নিবিচাৰো কোনোবাই কাৰোবাক উচতাই জোল খাবলৈ সুযোগ পাওক বা অসমখন আন এটা অদৰকাৰী ইছ্যু লৈ কিছুদিনৰ বাবে পুনৰ জ্বলক । ইয়াৰ বাবে সকলো পক্ষই সচেতন হোৱাটো খুবেই জৰুৰী ।

ৰাজীৱ ৰঞ্জন- [email protected]দেবব্ৰত গগৈ  দা, প্ৰথম কথা, কিবা এটা ক’বলৈ যোৱাৰ আগতে এটা কথা কওঁ, মই বৰ্ণহিন্দু মানে কি নাজানোঁ। মোৰ কোনো ধাৰণা নাই। দ্বিতীয়তে, মই বুজিব খোজোঁ এই যে ইতিহাস বিকৃত কৰাৰ কথা আজিকালি পঢ়িবলৈ পাওঁ, এইটো সঁচা বুলি মানি ল’বলৈ যাওঁতে আমি কিহৰ ওপৰত ভিত্তি কৰোঁ

ৰাজীৱ ৰঞ্জন- – দেৱদা, মতৰ অমিল হ’ব পাৰে, মনৰ অমিল নহয় দিয়ক, মই ১০০% নিশ্চিত  ।

দেবব্ৰত গগৈ  — ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত যি এক পদ্ধতিগত নিয়ম আছে সেইখিনিক আলম কৰি ৰচনা কৰা বুৰঞ্জীৰ গ্ৰহণযোগ্যতা থাকিব , কিন্ত নিজৰ উদ্দেশ্যে সিদ্ধিৰ বাবে ইতিহাসক ব্যৱহাৰ কৰিলে সেই ইতিহাসে বিকৃত ৰূপ লোৱাৰ শংকা থাকিব পাৰে ।

হেমন্ত দুৱৰা- -হ্য়,বিস্ৱজিত আৰু দেবব্ৰত..ইতিহাসৰ ওপৰত ভিত্তি কৰি যদি উপন্যাস লিখা হয় তেন্তে কোনেও চৰিত্ৰ,সময়, চৰিত্ৰৰ ভুমিকা..আদি সলনি কৰিব নোৱৰিব..যদি কৰে বুজিব লাগিব লিখক/লেখিকাই নিজৰ কাৰনেহে লিখিছে..এইতোও হয় যে কল্পনা নহলে উপন্যাসে গতি নাপায়..ইতিহাসৰ তথ্য বিকৃত নকৰাকৈ সজাই-পৰাই ,শব্দক জীৱন্ত কৰি দিব পৰাতো কিন্ত কম কথা নহয়..লিখক/লেখিকাৰ সেই পৰিশ্ৰম কো কিন্ত বিত্ৰেই কৰিলেও নহব..

স্যামন্ত কুমাৰ গোস্বামী–@দেবব্ৰত গগৈ  দা, মূল পোষ্টৰ পৰা আঁতৰি সৰু কথা দুটামান সুধিছোঁ, বেয়া নাপাব।
প্ৰথমটো ৰাজীবদাই সোধা কথাটোৱেই – হয়তো মই আগতেও কোনোবা এটা পোষ্টত সুধিছিলো, “বৰ্ণহিন্দু অসমীয়া মানে কি বাৰু? যদি বেয়া নাপায়, পোনপটীয়াকৈ ক’ব নেকি? মানে মোৰ বুৰঞ্জীৰ জ্ঞান তেনেই তাকৰ বাবে সহজকৈ ক’লেহে ভালদৰে বুজি পাম। মানে যিদৰে আহোম বুলি ক’লে বুজো, তেনেকৈ বৰ্ণহিন্দু মানে অমুক – এনেদৰে ।

দ্বিতীয়তে, “সতীৰ ধাৰণাটো আহোম সমাজত নাছিল” মানে? মানে বিয়াৰ পিছত পৰপুৰুষৰ লগত থকা কথাটো কোৱা হৈছে নেকি? যদি তেনেকুৱা হয়, বৰ এটা ভাল নালাগিব যদিও সঁচা কথাটো জানিব বিচাৰিছোঁ।

 

দেবব্ৰত গগৈ – -সামন্ত্য প্ৰথম প্ৰশ্নটোৰ উত্তৰ নিদিও , তাৰ বাবে তোমাক অধ্যয়ন কৰিবলৈ অনুৰোধ কৰিলো ।

পুৰণি আহোম সমাজত “সতী” ধাৰণা নথকা কথাটো তুমি যি ভাবে সুধিছা মই তেনে ভাবে লিখা নাই । সতীৰ সামগ্ৰিক ধাৰণা তথা তাৰ আভিধানিক অৰ্থটো আৰ্যমুলীয় হয় । মংগোলীয়মুলৰ আহোম সমাজখনত জয়মতী নামৰ চৰিত্ৰটো যিটো কালত সৃষ্টি কৰা হৈছে সেই কাল অধ্যয়ন কৰিলে দেখা যায় যে সেই সময়লৈকে আহোম সমাজত আৰ্য পৰম্পৰাই ইমান দলৈকে শিপোৱা নাছিল । আনকি জয়মতীৰ স্বামী বুলি যিজন ৰজাক দেখুৱা হৈছে সেইজন গদাধৰ সিংহ হিন্দুধৰ্ম আৰু ইয়াৰ অনুগামীসকলৰ ঘোৰ বিৰোধী আছিল বুলি জনা যায় । সেয়ে এগৰকী আহোম নাৰীক সেইসময়ত “সতী” উপাধিৰে বিভুষিত কৰাটোত কিমানখিনি ঐতিহাসিক সত্যতা লুকাই আছে তাক বিচাৰ কৰিবলগীয়া ।

আহোম সমাজত সতীৰ ধাৰণা নাছিল — এইটো কথা কৈ মই পুৰণি আহোম নাৰী বা ৰমণীসকলৰ চাৰিত্ৰিক দোষ খুচৰিবলৈ যোৱা নাই । যেনেকৈ “শ্বহীদ” শব্দ বা ধাৰণাটো আহোম সমাজ বা অসমৰ আন পুৰণি সমাজত নাছিল বুলিয়েই সেইসময়ত কোনো ব্যক্তিয়ে মাতৃভুমিৰ নামত নিজৰ প্ৰাণ উতৰ্সগা দিয়া নাছিল বা দিবলৈ ইচ্ছা কৰা নাছিল বুলি কব নিশ্চয় নোৱাৰো ।

বিকাশ শইকীয়া– পাটকাইৰ ইপাৰে মোৰ দেশ এখন কাল্পনিক উপন্যাস (Fiction ৰ প্ৰতিশব্দ কি হব নাজানো) , বুৰঞ্জী বা ইতিহাস নহয়…………. যত বুৰঞ্জীৰ কিছুমান চৰিত্ৰ আৰু লেখিকাৰ কল্পনাৰ বা চিন্তাধাৰাৰ সংমিশ্ৰন ঘটিছে………. এইখনক প্ৰকৃত বুৰঞ্জী বুলিব নোৱাৰি……….
আৰু বুৰঞ্জী নো কি……. যিয়ে যেনেকৈ বিচাৰে তেনেকৈ লিখিছে…. কোনোবাই ৰজাক তোষামোদ কৰিছে, কোনোবাই বেয়া বুলিছে….. পাছৰজন ৰজাই আগৰজনে লিখোৱাখিনি বেয়া পালে আকৌ বেলেগকৈ লিখোৱাইছে…… এনোকৈয়ে চলি আহি আহি লিখিত তথ্য যিখিনি বাচি থাকিলেগৈ সেইখিনিকে আধুনিক যুগৰ পন্ডিতসকলে গৱেষণা কৰিছে ……….নিজৰ থিয়ৰী খটুৱাই আকৌ লিখিছে………….. লিখিয়েই আছে……
উদাহৰনস্বৰুপে ৰাহুল সাংকৃত্যয়নৰ “ফ্ৰম ভলগা টু গংগা” কিতাপখনৰ কথা কব পাৰি………. এইখনত বৰ্নিত চৰিত্ৰৰ নাম আৰু সময় বুৰঞ্জীৰ পাতৰ পৰা আহিছে……. কিন্ত কিতাপখনত বৰ্ণিত ঘটনাবোৰত লেখকৰ মতাদৰ্শ আৰু কল্পনাৰ প্ৰভাৱ পৰিছে……………

গীতাৰ্থ বৰদলৈ- -“শুনিবলৈ অপ্ৰিয় যদিও বৃটিছৰ শাসনৰ আৰম্ভণিৰে পৰা উজনি অসমত আহোম আৰু বৰ্ণহিন্দুৰ মাজত তীব্ৰ বৰ্ণ বিদ্ধেষে দেখা দিছিল আৰু সেইবোৰৰে ফলশ্ৰুতি আছিল জয়মতী বা ফুলেশ্বৰীৰ দৰে পাৰ্শ্ব চৰিত্ৰ।”
এই কথাখিনিৰ উৎস কি?

অলকেশ কলিতা–বৰ্ণ হিন্দু মানে কি ? যি আহোম নহয় তেওঁ সকল নেকি !

ধ্ৰুৱজ্যোতি শৰ্মা–প্ৰথম কথা পুৰস্কাৰ পোৱাৰ পিছতহে কিতাপৰ বিক্ৰী বাঢ়ে কিয়-সেয়া নিশ্চয় পাঠকৰ ঔৎসুকতা বঢ়াৰ বাবে ৷ প্ৰকাশকে পুৰস্কাৰবোৰক বিজ্ঞাপনৰ ঢাল হিচাপে ব্যৱহাৰ কৰাও দেখা যায় ৷ দ্বিতীয়তে, তথ্যৰ বিকৃতকৰণ সন্দৰ্ভত কাৰণ বহুকেইটা থাকিব পাৰে৷ উপন্যাসখন লিখাৰ সময়ত লেখিকাই কি তথ্য সংগ্ৰহ কৰিছে আৰু সেই তথ্য কিমান বিসংগতিমুক্ত সেয়া ঠাৱৰ কৰা ইমান সহজ নহয় ৷ তাতে অসম বুৰঞ্জীত প্ৰতিজন লেখকৰ প্ৰতিখন কিতাপতে কথাবোৰ বেলেগ বেলেগকৈ থাকে ৷ সেই ফালৰ পৰা কথাবোৰ বৰ জটিল হৈ পৰে ৷ বুৰঞ্জীৰ সমল কৰি লিখা উপন্যাসৰ আন এটা অসুবিধা হৈছে কোনোবাখিনি ঠাইত গোটাব নোৱাৰা তথ্য ৷ তেনে ক্ষেত্ৰত লেখকে এই ব্যৱধানখিনি কেনেকৈ মিলাই নিব পাৰে সেয়াও লক্ষণীয় হয় ৷ মুঠৰ ওপৰত বুৰঞ্জীক সমল কৰি লিখা উপন্যাস এখনত কল্পনাৰ আশ্ৰয় লব লগা হবই আৰু কেতিয়াবা তাতেই কেৰোণ লাগে ৷ উল্লেখিত উপন্যাসখনৰ পাতনিত লেখিকাই কৈছে যে তথ্যৰ বিচিত্ৰতাত, পৰস্পৰ বিৰোধী তথ্যৰ বাবে থমকি ৰব লগা হোৱা অৱস্থাত তেওঁ তুলনামূলকভাৱে বেছি গ্ৰহণযোগ্য তথ্যখিনি লৈহে উপন্যাসখনৰ কাম কৰিছে ৷ তেওঁ লগতে কৈছে যে এইখন উপন্যাসৰ উদ্দেশ্য কোনো বুৰঞ্জীমূলক তথ্য উদ্ধাৰ বা প্ৰতিষ্ঠাৰ নহয়,সকলোৱে জনা-বুজা কথাখিনিকে কাহিনীৰ আকাৰত প্ৰতিষ্ঠা কৰাহে ৷ কল্পনা আৰু বাস্তৱ সম্পূৰ্ণ বিপৰীত হলেও এই উপন্যাসখন দুয়োৰে মিশ্ৰিত ফল বুলিহে লেখিকাই কব বিচাৰিছে ৷ গতিকে তথ্যগত কাৰণত হোৱা বিতৰ্ক অমূলক ৷ বাকী উপন্যাসখনত যে মানুহে সোমাই যাব পাৰিব সেয়া এশ শতাংশই খাটাং ৷ কোনোবাই যদি বৰ্ণহিন্দুত্বৰ প্ৰতিনিধিত্ব কৰি লেখিকাই কিতাপখন লিখা বুলি কবও খোজে, সেয়া চৰম ধৃষ্টতাৰ বাহিৰে একো নহব ৷

 

অলকেশ কলিতা- -বৰ্ণ হিন্দু মানে কি ? @ধ্ৰুৱজ্যোতি শৰ্মা

 

দেবব্ৰত গগৈ–@গীতাৰ্থ বৰদলৈ “শুনিবলৈ অপ্ৰিয় যদিও বৃটিছৰ শাসনৰ …………………… ফলশ্ৰুতি আছিল জয়মতী বা ফুলেশ্বৰীৰ দৰে পাৰ্শ্ব চৰিত্ৰ।” ————- এই কথাখিনি কোনো কিতাপৰ উতস নহয় । ইতিহাস আৰু অসমীয়া সমাজ জীৱনৰ বিষয়ে যিখিনি অধ্যয়ন কৰিছো সেইখিনিক বিশ্লেষণ কৰি কথাখিনি লিখিছো । এইয়া মোৰ সৰ্ম্পূণ ব্যক্তিগত মতামত ।

 

গীতাৰ্থ বৰদলৈ- – তেন্তে মোৰ ব্যক্তিগৰ মত এয়ে যে বুৰঞ্জীমূলক গল্প/উপন্যাসৰ তথ্যগত ভুলৰ বাবে, জয়মতী-ফুলেশ্বৰীৰ কাহিনীৰ উৎপত্তিত বাবে লেখক-লেখিকাৰ বৰ্ণহিন্দুত্বক জগৰীয়া কৰাটো অলীক ধাৰণাৰ বাদে আন একো নহয়। আগৰ বৰ্ণ বা সাম্প্ৰদায়িক বিদ্বেষ আজিকালি নাই বুলি ক’লেও ইয়াত বহু আহোম-অনাআহোমে পৰস্পৰে-পৰস্পৰৰ প্ৰতি এতিয়াও পুহি ৰখা ক্ষীণ বিৰোধ ভাৱে ক্ৰিয়া কৰা যেন লাগে।

দেবব্ৰত গগৈ- -উপন্যাসৰ তথ্যগত ভুলৰ বাবে লেখকৰ নিৰ্দিষ্ট সম্প্ৰদায়টো জগৰীয়া নিশ্চয় নহয় এইক্ষেত্ৰত লেখকৰ পৰিশ্ৰমবিমুখিতাহে বহু পৰিমাণে দায়ী ।

কিন্ত জয়মতী–ফুলেশ্বৰীৰ দৰে চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত বা পুৰ্ণানন্দ বুঢ়াগোঁহাইক বদনতকৈ বেছি দোষী সাবস্ত্য কৰি লিখা প্ৰৱন্ধৰ ক্ষেত্ৰত লেখকৰ বৰ্ণহিন্দুত্বই বহু পৰিমাণে ক্ৰিয়া কৰে । শৰ্ম্মা উপাধিৰ ( এই মুৰ্হুতত নামটো পাহৰিছো ) এজন ব্যক্তিয়ে বৃটিছে অসম অধিকাৰ কৰাৰ পাছত ঘোষণা কৰিছিল যে তেওঁ এতিয়াহে নিজ বাসভুমিত বাস কৰা যেন লাগিছে আৰু নিজকে স্বাধীন বুলি অনুভৱ কৰিছে । ( উতস গ্ৰন্থ : অসমীয়া জাতি গঠন প্ৰক্ৰিয়া — লেখক দেৱব্ৰত শৰ্মা ) । এতিয়া সেই ঘোষণাটোত বৰ্ণহিন্দুত্বই ক্ৰিয়া কৰা নাই বুলি কব পাৰিমনে ?

এই কাণ্ডটোত আহোম-অনাআহোম বিৰোধে ক্ৰিয়া কৰি থকা নাই কৰিছে জাতিগত উচ্চ-নীচ বিষয়টোৱেহে আৰু সেয়ে আজিও কোনো বৰ্ণহিন্দুৰ পৰিয়ালে অসমৰ আন জনজাতীয় পৰিয়াললৈ পাৰিবাৰিক সম্বন্ধৰ জৰীডাল স্বাচ্ছন্দ্য আগুৱাই দিব পৰা নাই । এইবাবেই কোনোবা লেখিকাৰ কলমে কৰবাত পিছল খোৱাত আমি আচৰিতো হোৱা নাই ।

শান্তিছায়া শইকীয়া– ইতিহাস আৰু ঐতিহাসিক উপন্যাসৰ পাৰ্থক্য মূলতঃ ইতিহাসৰ সত্যক বিকৃত নকৰাকৈয়ে ইতিহাসিক চৰিত্ৰ তথা কাহিনীৰ সুৰুঙাৰে লেখকে নিজস্ব কল্পনা আৰু যুক্তিনিষ্টতা ৰক্ষা কৰি নিৰ্জীব বুৰঞ্জীৰ সমলক প্ৰাণৱন্ত কৰিলেই সি বুৰঞ্জীমূলক উপন্যাস হৈ পৰে। মনোমতী এটা তেনে উদাহৰণ। লেখকৰ অৱশ্যেই বুৰঞ্জীক বিকৃত কৰাৰ অধিকাৰ নাথাকে।

ধ্ৰুৱজ্যোতি শৰ্মা –বৰ্ণহিন্দু অৰ্থাৎ সমাজ বিভাজন কৰা উচ্চ বৰ্ণ – নীচ বৰ্ণৰ এই ধাৰণাটো এইখন উপন্যাসৰ ক্ষেত্ৰত কিয় আহিল, সেয়াহে বুজি নাপালোঁ ৷ অসম বুৰঞ্জীত অৱহেলিত কেইটামান চৰিত্ৰক যদি উপন্যাস এখনৰ কাহিনীৰ মাজেৰে পোহৰলৈ অনাটোৱেই আৰু তাৰে মাজত যদিহে কোনোবাটোৱে এটা উচ্চ বৰ্ণৰ চৰিত্ৰক প্ৰতিনিধিত্ব কৰাটোৱেই লেখিকাৰ বৰ্ণহিন্দুত্বক প্ৰতিনিধিত্ব কৰা বুজায়, তেন্তে হয়তো উপন্যাসৰ সংজ্ঞায়ে সলনি কৰিব লাগিব ৷ নহ’লে তথাকথিত এই উচ্চ বৰ্ণৰ লেখক-লেখিকাসকলে লিখা-মেলা বাদ দিব লাগিব

দেবব্ৰত গগৈ–ধ্ৰুৱ , তুমি কিন্ত বাদ নিদিবা দেই , তোমাৰ হীতেন শৰ্ম্মা মোৰ অতিকৈ প্ৰিয় ।

প্ৰতিম প্ৰতাপ বৰুৱা- আজিৰ প্ৰজন্ময়ো উচ্চ বৰ্ণ – নিম্ন বৰ্ণৰ কথাৰে ভাৰতীয় সভ্যতাৰ কলংক এই জাতিভেদৰ কথা কোৱাটো দূৰ্ভাগ্যজনক।

https://www.facebook.com/groups/axomiyakothabotora/permalink/539319359453898/?comment_id=539609549424879&offset=0&total_comments=29

সুব্ৰ্ত গগৈ–@ দেবব্ৰত গগৈ- “কাশীনাথ তামুলী ফুকনৰ দৰে বৰ্ণ হিন্দু অসমীয়া লেখকে গদাধৰ সিংহই মানুহৰ মাংস খাইছিল বুলি লিখি থৈ গৈছে ।”

” শৰ্ম্মা উপাধিৰ ( এই মুৰ্হুতত নামটো পাহৰিছো ) এজন ব্যক্তিয়ে বৃটিছে অসম অধিকাৰ কৰাৰ পাছত ঘোষণা কৰিছিল যে তেওঁ এতিয়াহে নিজ বাসভুমিত বাস কৰা যেন লাগিছে আৰু নিজকে স্বাধীন বুলি অনুভৱ কৰিছে । ( উতস গ্ৰন্থ : অসমীয়া জাতি গঠন প্ৰক্ৰিয়া — লেখক দেৱব্ৰত শৰ্মা ) । ”

আপোনাৰ ওপৰৰ উদ্ধৃতি দুটাৰ আঁত ধৰি কওঁ যে এনেধৰণৰ আহোম বিদ্বেষী বক্তব্য দেধাৰ। কিন্তু কথা হ’ল মানুহে ফল লাগি থকা গছলৈহে ফর্মুঠি মাৰে। কাশীনাথ তামুলী ফুকনে ক’লেই স্বর্গদেও গদাধৰ সিংহ নৰভক্ষী হৈ নাযায়। শগুণৰ শাওত বুঢ়া গৰু নমৰাৰ দৰে কাশীনাথ তামুলী ফুকনৰ নিচিনা পণ্ডিতৰ চক্রান্তই আহোমৰ বেলি মাৰ নিয়াব নোৱাৰে !

ধ্ৰুৱজ্যোতি শৰ্মা- – দেবুদা, আপোনাৰ এই প’ষ্টৰ পিছতহে চালোঁ বৰ্ণহিন্দু কি আৰু কি এই বৰ্ণবৈষম্য ৷ কিন্তু অৰ্থটো পাই মানি লব নোৱাৰিলোঁ যে উপন্যাসখনৰ কৰবাত কিবা বৈষম্য আছে ৷ সেই বাবেহে যুক্তি দৰ্শাইছোঁ৷ প্ৰতীম দাই কোৱা ধৰণে, আজিৰ দিনতো এই বৰ্ণ বৈষম্যৰ ধাৰণা আৰু উপস্থাপন সঁচাকৈয়ে দুৰ্ভাগ্যজনক ৷ মই নিজকে এটা বৰ্ণত ৰাখি আনসকলৰ পৰা বিচ্ছিন্ন হব নিবিছাৰোঁ তথা প্ৰয়োজনো অনুভৱ নকৰোঁ ৷ গতিকে হিতেন শৰ্ম্মা ৰৈ নাথাকে, চিন্তা নকৰিব ৷

অজয় লাল দত্ত- -কণী আগত নে মুৰ্গী টাইপ প্ৰশ্ন হে দাদাৰ…..

উচ্চজিৎ কলিতা— উপন্যাসৰ কথাখিনিত এতিয়াই মন্তব্য নিদিওঁ । পঢ়ি উঠি ক’ব পাৰিম । Debabrot Gogoi দেবুদাৰ এটা কথা মই সমৰ্থন কৰোঁ ৷ অসমত যেতিয়ালৈকে Arrange Marriage-ৰ সময়ত বামুণৰ বা গোঁসাইৰ বা কলিতাৰ ছোৱালী এজনী মাক-দেউতাকে স্ব-ইচ্ছাৰে বসুমতাৰী বা ফুকনৰ ঘৰলৈ বিয়া দিবলৈ প্ৰস্তুত নহয় বা ওলোটাকৈ বামুণ-গোঁসাই-কলিতাৰ ঘৰৰ ল’ৰাই দৈমাৰী-গগৈ উপাধিৰ ছোৱালী বিয়া কৰাই নানে, তেতিয়ালৈকে মই মানি নলওঁ যে অসমৰ মানুহ জাতিভেদৰ ওপৰত উঠিছে ৷ বৃহৎ মোগল সাম্ৰাজ্য গঢ়ি তোলাৰ বাবে আকবৰে যোধাবাইক বিয়া কৰাই সম্পূৰ্ণ সন্মানেৰে পত্নীৰ মৰ্যাদা দিছিল ৷ জাতিভেদৰ ঊৰ্দ্ধত উঠাৰ মানসিকতা সেয়াহে হ’ব ৷ কিয় ঘৰৰ পৰা চাই বিয়া কোৰোৱাৰ সময়ত (প্ৰেম বিবাহৰ কথা কোৱা নাই) জাতি আৰু উপাধিয়ে এতিয়াও আগস্থান পায়, কিহৰ বাবে বিবাহৰ বিজ্ঞাপন দিয়া ৱেবছাইটত জাতি-বৰ্ণৰ কথা উল্লেখ কৰা হয় ৷ মোৰ দুজন বামুণ বন্ধুৱে কলিতা ছোৱালী বিয়া কোৰোৱা বাবে পৰিয়ালৰে এচামে তেওঁলোকক সমৰ্থন কৰিব নোৱাৰিলে মনেৰে এতিয়ালৈকে ৷

গতিকে মই আহ্বান জনাওঁ, আগতে যি হ’ল হ’ল, এতিয়াৰ প্ৰজন্মই যাতে নিজৰ ল’ৰা বা ছোৱালী জনীৰ বিয়াৰ সময়ত পাত্ৰ-পাত্ৰীৰ সন্ধান কৰোঁতে কেতিয়াও জাতি বা উপাধিৰ কথা নাভাবে ৷ এটা জাতি গঠন তেনেকৈহে হয় ৷ ইতিহাস অধ্যয়নেও কয় আৰু আজিৰ সৰ্বশ্ৰেষ্ঠ (?) জাতি আমেৰিকান সকললৈ চালেও কয় ৷
হিটলাৰে বিশুদ্ধ আৰ্য-সাম্ৰাজ্য গঢ়িবলৈ গৈ ইতিহাসত সৰ্বশ্ৰেষ্ঠ খলনায়ক হৈছে ৷

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক