কিতাপ পঢ়াৰ আনন্দ — প্ৰাণজ্যোতি নাথ

কিতাপ পঢ়াৰ আনন্দ
— প্ৰাণজ্যোতি নাথ

ভয়, ক্ৰোধ আৰু হিংসাই কেৱল অন্ধকাৰ আৰু হতাশাহে কঢ়িয়াই আনে। এই অন্ধকাৰ আৰু হতাশা দূৰ কৰে কিতাপ পঢ়াৰ আনন্দই। কিন্তু নামধৰি কিতাপৰ কথা ক’বলৈ বৰ অসুবিধা। পঢ়োতাজন যেতিয়া আমাৰ দৰে সাধাৰণ পঢ়ুৱৈ হয়, তেতিয়া এইখন বা সেইখন বুলি আঙুলিয়াই দিবলৈ আৰু অসুবিধা হয়। ভাললগা কিতাপৰো সীমা-সংখ্যা নাই। তথাপি অস্থিৰ সামাজিক অৱস্থা, বানপানী, ৰাজহুৱা বিতৰ্কৰ মাজত পুনৰ্পঠনেৰে মনত ইতিবাচক চিন্তাৰ ঢৌ তোলা দুখনমান সুখপাঠ্য কিতাপৰ নাম ল’লোঁ।

এতিয়াও গাৰুৰ তলত লৈ শোও আৰু বাৰে বাৰে আওৰাওঁ যি কবিতাপুথিৰ কবিতা, সেয়া নিশ্চয়েই ‘সুগন্ধি পখিলা’। প্ৰিয় গল্পপুথি বুলি এতিয়াও উলিয়াই পঢ়োঁ… ‘এই বন্দৰৰ আবেলি’। বয়সে পূৰঠ কৰি ৰুচিবোধ সলনি কৰিলে বুলি বাৰে, বাৰে দাবী কৰাৰ পাছতো উপন্যাস বুলিলে ‘মহাশ্বেতা’ৰ ফেন্টাছী বা ‘নহন্যতে’, ‘লা নুই বেংগলী’ৰ অধ্যয়নসুখতে বুৰি থাকোঁ এতিয়াও…… সৰহ সময়। এয়া বোধহয় অধিকাংশ অসমীয়া পাঠকৰে মনৰ কথা।

সাধাৰণ পঢ়ুৱৈৰ আৱেগে এৰা নিদিয়াৰ বাবে আমি কিতাপৰ, কাকতৰ, আলোচনীৰ উপন্যাসৰ, গল্পৰ, কবিতাৰ কল্পলোকৰ নায়ক-নায়িকাক বাস্তৱতো কাষৰপৰা বিচাৰি হাবাথুৰি খাওঁ। কবিক, গল্পকাৰক, ঔপন্যাসিকক, লেখকক, কেতিয়াবা কোনোবাখন কিতাপৰ পাঠককো স্বচক্ষে দেখাৰ হাবিয়াস কৰোঁ। এনে হাবিয়াস ৰখা পঢ়ুৱৈসকলৰ ভিতৰত আমি নিজেও এজন। ‘বুধবাৰ’ৰ পৰাগ দাসক বিচৰাৰ দৰে আমি অন্য কিছু বাস্তৱ চৰিত্ৰৰো সন্ধানত থাকোঁ। আৰু আমাক অহেতুক কৌতুহলেৰে ঘেৰি ৰখা প্ৰিয় এনে চৰিত্ৰবোৰৰ মাজৰে এটা চৰিত্ৰ হ’ল ১৯৯৭ চনৰ ৪ জুলাই তাৰিখে, আলফাৰ লগত আলোচনা কৰিবলৈ গৈ অসমৰ মাটিত নিখোঁজ হৈ পৰা সঞ্জয় ঘোষ। অসমৰ ৰাজনৈতিক আৰু আৰ্থসামাজিক গাঁথনি সন্ত্ৰাসবাদে থৰকবৰক কৰি তোলাৰ সময়তে মাজুলীৰ দৰে অনগ্ৰসৰ অঞ্চলত থাকি এই ৰাজ্যৰ উন্নতিৰ হকে, আৰ্তজনক সহায়ৰ অৰ্থে প্ৰতিকূল অৱস্থাৰ মাজতো অনেক গঠনমূলক কাম-কাজেৰে সামগ্ৰিক উন্নয়নৰ চিন্তা কৰা মানুহজন আছিল ‘সঞ্জয় ঘোষ।’ সঞ্জয়ৰ আদৰ্শ, জীৱনৰ উজ্জ্বল দিশটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবপৰা তেওঁৰ ক্ষমতা, জীৱনৰ সৌন্দৰ্যৰ প্ৰতি বোধশক্তি জগাই সুপ্ত প্ৰতিভা উদ্ভাসিত কৰি জৰ্জৰিত মানুহক আলোকৰ দিশে বাট বোলাই নিব পৰাৰ দৰে অনেক গুণে তেওঁৰ আশে-পাশে থকা বা তেওঁৰ মতাদৰ্শত বিশ্বাসী অনেক মানুহক প্ৰভাৱিত কৰিছিল আৰু হাতে-হাত ধৰি কাম কৰিবলৈ উৎসাহিত কৰিছিল। জন্মস্থান, স্ব-ৰাজ্য, আত্মীয়-কুটুমৰ মোহ এৰি সমাজৰ উন্নয়নকে জীৱনৰ ব্ৰত বুলি আগবঢ়া সঞ্জয়ে তেওঁৰ অভিজ্ঞতা, তেওঁৰ জনহিতকৰ কামবোৰৰ খটিয়ান লিখি উলিয়াইছিল। মাজুলীৰ বিষয়ে তেওঁৰ ৰচনাবোৰ প্ৰকাশ পাইছিল গুৱাহাটীৰ পৰা প্ৰকাশিত ‘দ্য ছেন্টিনেল’ কাকতত। বম্বেৰ ‘হিউমেনস্কেপ’ কাকতত ওলাইছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে তেওঁৰ লেখাবোৰ আৰু ৰাজস্থানৰ বিষয়ে লিখা ৰচনাবোৰ প্ৰকাশ পাইছিল নতুন দিল্লীৰ ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত। এই লেখাসমূহৰে কিছু লেখাৰে সঞ্জয় পত্নী সুমিতা ঘোষে সম্পাদনা কৰি উলিয়াইছে ‘সঞ্জয়ৰ ডায়েৰীৰ পাতৰপৰা’ গ্ৰন্থখন। অসমীয়া অনুবাদ পংকজ ঠাকুৰৰ আৰু প্ৰকাশ কৰিছে এন.বি.টিয়ে (নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া) । গ্ৰন্থখন পাঁচটা অধ্যায়ত ভাগ কৰা হৈছে__
১) এটি অপ্ৰত্যাশিত দিন
২) ‘ৰাষ্ট্ৰৰ ধাৰণা’
৩) বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপটো
৪) উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ অভিজ্ঞতা
৫) এটা পশ্চাৎচিন্তা

আজিৰ পৰিৱেশত য’ত বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগে অসমীয়াৰ জনজীৱনত এক উদ্বিগ্নতা, এক সংশয়, এক দুশ্চিন্তাৰ ৰূপ ধাৰণ কৰি সমাহিত, সুস্থিৰ জীৱন-প্ৰণালী ব্যাহত কৰিছে তেনেক্ষেত্ৰত এই দুৰ্বিষহ জীৱনক শৃংখলিত কৰিবলৈ আমাৰ মাজত হাজাৰজন সঞ্জয় ঘোষৰ প্ৰয়োজন। প্ৰয়োজন পানীফালি মৰণৰ ক্ষণ গণি থকা হাজাৰটা প্ৰাণক উদ্ধাৰ কৰা শটা মাটিৰ মানুহৰ। আমাক মৌনতা অৱলম্বন কৰা ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ৰ হাত নালাগে। আমাক স্বাধীন ৰাষ্ট্ৰ বিচৰা স্বাধীনতাকামী ভণ্ড প্ৰবাসী অসমীয়া বীৰো নালাগে। আমাক লাগে অসমতে থাকি অসমৰ হকে মাত মাতি অসমীয়াক তুলি ধৰা মানুহ। সঞ্জয়ৰ দৰে মানুহ।সঞ্জয় ঘোষ অসমীয়া যুৱক নাছিল। অথচ সঞ্জয় ঘোষক চিনি নোপোৱা অসমীয়া মানুহ নাছিল। সঞ্জয় ঘোষ পৰিচিত আছিল তেওঁ কৰা ভাল কামবোৰৰ বাবে। সঞ্জয়ৰ মৃত্যুৰ কাৰণো তেওঁ কৰা ভাল কামবোৰ। সঞ্জয় ঘোষ কেৱল এটা নাম হৈ থাকি নাযাওক। যদি ইতিবাচক চিন্তাৰ শাস্তি মৃত্যু, যদি সমাজক শৃংখলিত কৰাৰ শাস্তি মৃত্যু, যদি দুখীয়া-নিচলা-অৱহেলিতৰ হাত ধৰাৰ শাস্তি মৃত্যু তেন্তে তেনে হাজাৰ মৃত্যুকো স্বাগতম। মূৰ দাঙি আমি সেই মৃত্যুক গ্ৰহণ কৰিম বাৰ-বাৰ, হাজাৰবাৰ।আশাহত প্ৰাণবোৰত কিঞ্চিত প্ৰাণ সঞ্চাৰ কৰক এই গ্ৰন্থই, পুনৰবাৰ। সেই আগ্ৰহেৰে ‘সঞ্জয়ৰ ডায়েৰীৰ পাতৰপৰা’__এই কিতাপখনৰ নাম লৈ সুখী হ’লোঁ। নিজে পঢ়ি ভালপোৱা যিকোনো এখন কিতাপৰে নাম ল’ব পৰাটোৱেই আচলতে সুখ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক