কিবা এটা [ World Happiness Report 2017 মিক্স ] (বিপ্লৱ বৰা)

আদিকথা – ইউৰেকা, ইউৰেকা!  ’কিবা এটা’ পাই গ’লো লিখিবলৈ৷

দিনাংকঃ ৮–৫-২০১৭, সময়ঃ ৩ বাজি ৩৪ মিনিট৷

প্ৰস্তাৱনা – অ.ক.ব.ৰ অনলাইন আলোচনী ‘সাহিত্য’ৰ এই সংখ্যাটোৰ বাবে কিবা এটা লিখিবলৈ বহি ল’লো৷ এনেকুৱা কথা ভাবিলেই সদায় মই নিজকে ’লেখক’ প্ৰাণী বুলি নিজে নিজেই ’জেক’ এটা খাই মনত ফুৰ্তিয়েই পাওঁ ( লিখা নিলিখাটো বাৰু পিছৰ কথা) যদিও এইবাৰ এইটো মোৰ কাৰণে বাউঞ্চাৰ বল আছিল৷ কাৰণ এইবাৰৰ ’সাহিত্য’ৰ মূল বিষয় ’অনুবাদ সাহিত্য’ আৰু মই সাহিত্যৰ ছাত্ৰটো নহয়েই, বৰ্তমান সাহিত্যৰ (ঘৰচীয়া অসমীয়া ভাষাৰ বা আন কোনো ভাষাৰ পৰা ঘৰচীয়ালৈ অনুবাদ কৰা, দুয়োবিধৰ) লগত মোৰ পঢ়ুৱৈ সম্পৰ্ক শীতনিদ্ৰাত থকাৰ এক দশকৰো অধিক সময় হ’ল৷ তথাপিও কিবা এটা লিখিম বুলি বহি ল’লো৷

প্ৰসংগ: এতিয়া সেই ’কিবা এটা’টোকে লিখিম বুলি বহি লৈ কি লিখিম কি লিখিম বুলি ভাৱি মুৰ খজুৱাই থাকোতেই টেবুলৰ একোণত ফেনৰ বতাহত হালিজালি নাচি থকা পুৰণি বাতৰি কাকতৰ এটুকুৰাত (চানাচুৰ বেপাৰীয়ে বান্ধি দিয়া ’চব মিছল’খিনি খাই পৰিপাতি চিকুণ মানুহে টেবুলতে সজাই থোৱা বাতৰি কাকতৰ টুকুৰাবোৰ যে, তেনেকুৱা এটুকুৰাত) এনেই চকু পৰাত এটা শিৰোনাম দেখিলো যে ’বিশ্ব সুখ প্ৰতিবেদন – ২০১৭’ ( World Happiness Report – 2017 ) মতে ভাৰতৰ স্থান বিশ্বৰ ভিতৰত ১২২ নম্বৰত৷ লগে লগে মূৰত মোৰ লাইট জ্বলি গ’ল – ইউৰেকা, ইউৰেকা, ’কিবা এটা ’ পাই গ’লো লিখিবলৈ৷

তেন্তে আৰম্ভ কৰিছো আৰু লিখিবলৈ – “কিবা এটা (World Happiness Report 2017 মিক্স)“৷

জয়জয়তে ’হেপী অমুক ডে’, ’হেপী তমুক ডে’ আদি বাচকবনীয়া লোকেল-বিলাতী ’ডে’বোৰৰ শুভেচ্ছামূলক আপডে’ট দি ফে’চবুকত লাইক অৰ্জনৰ চুনামী আনি দিয়া সকলৰ গাত এটা ’বিনা মেঘৰ বজ্ৰপাত’ গিৰাই লওঁ৷ ২০ মাৰ্চৰ দিনা আপোনালোকৰ যিসকলে ’হেপী হেপীনেছ ডে’ (Happy Happiness Day) বুলি মাৰ্কেটত তীৰ, আই মিন ফে’চবুকত আপডে’ট এৰি নিদিলে, আপোনালোকৰ হাতৰ পৰা এফ.আৰ.পি. (FRP – Facebook Rating Point) ফালি দিয়াৰ এটা ভাল ’মৌকা’ ওলাই গ’ল দেই৷ সেইদিনা International Day of Happiness আছিল৷ আই এম ছ’ ছ’ৰী ফৰ ইউ গাইজ৷ অহাবাৰলৈ সেইদিনা পাহৰা ধানৰ ভাত নাখাব৷ অল দ্য বেষ্ট!

বাকী যিসকলে এইটো দিৱসৰ বিষয়ে নাজানে, তেওঁলোকে নিজৰ জেনেৰেল ন’লেজ বেয়া বুলি বৰ বেছি আক্ষেপ কৰিব নালাগে৷ এইটো দিৱস মাৰ্কেটত এণ্ট্ৰি মৰা বৰ বেছি দিন হোৱা নাই, United Nations Sustainable Development Solutions Network ৰ দ্বাৰা প্ৰস্তুত World Happiness Report প্ৰকাশ কৰাৰ লগত সংগতি ৰাখি ২০১২ চনৰ পৰাহে এই দিবস আৰম্ভ কৰা হৈছে৷ ডে/ দিবসৰ বজাৰত এইটো একদম নবজাত শিশু, ভালকৈ পাব্লিচিটি পোৱাই নাই মাৰ্কেটত৷ ছ’ ডণ্ট ৱ’ৰি, বি হেপ্পী৷

জমনি কথাটো হ’ল মোডীভাইৰ নেতৃত্বত ভাৰতত ’অচ্ছে দিন’ৰ এই ভৰপক ঋতু চলি থকা অৱস্থাত World Happiness Report 2017 ৰ মতে ভাৰতত আকৌ হেপীনেছৰ ছেনছেক্স আগতকৈ ডাউন মাৰিছে৷ আইলা! কথাষাৰ শুনিয়েই এণ্টি-মোডী পাব্লিক খুচ চাগে ন? দেশত দুখ বাঢ়িছে, দেশৰ নাম বিশ্বত বেয়া হৈছে, তাতে কি হ’ল৷ মোডীৰ দিনত এই অথন্তৰ হৈছে যেতিয়া মোডীক গালি দি ফুৰ্তিতে একদম ’নাচ্চৌ’ আৰু, নে কি! কথা হ’ল যোৱা বছৰৰ এই ৰিপৰ্টত (২০১৩-১৫ বৰ্ষৰ সূচকৰ গড়ৰ ভিত্তিত প্ৰস্তুত) ভাৰতৰ ক্ৰম আছিল ১৫৭ খন দেশৰ ভিতৰত ১১৮ আৰু এইবাৰৰ এই ৰিপ’ৰ্টত (২০১৪-১৬ বৰ্ষৰ সূচকৰ গড়ৰ ভিত্তিত প্ৰস্তুত) ভাৰতৰ ক্ৰম হলগৈ ১৫৫ খন দেশৰ ভিতৰত ১২২৷ মানে ’অচ্ছে দিন’ৰ খিল্লি উৰি গৈছে, হেপীনেছৰ ক্লাছত ভাৰতৰ ৰোল নম্বৰ আৰু চাৰিটাৰ পিছলৈ গ’ল৷ ৰাষ্ট্ৰসংঘ এটা ‘ইণ্টাৰনেশ্যনেল’ সংঘ বুলিহে এই দুৰাচাৰৰ প্ৰতিবাদত দেছপ্ৰেমী ব্ৰিগেডে ৰাষ্ট্ৰসংঘক এতিয়ালৈকে ’এণ্টি-নেশ্যনেল’ বুলি ঘোষণা কৰি দিয়া নাই, ভাৰতৰ কোনোবা ’লোকেল সংঘ’ (মাইনাছ ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘ) হব লাগিছিল, নহয়নে? কাৰণ এই ৰিপ’ৰ্টত চীন (৭৯), ভূটান (৯৭), নেপাল ( ৯৯), বাংলাদেশ (১১০), ম্যানমাৰ (১১৪), শ্ৰীলংকা ( ১২০) আদি চুবুৰীয়া দেশবোৰৰ ক্ৰমাংক (বন্ধনীত উল্লেখ কৰা হৈছে) ভাৰততকৈ ওপৰত আছে, ঠিকেই আছে বাৰু, কিন্তু পাকিস্তানো (৮০) ভাৰতৰ ওপৰত! হাউ ডেয়াৰ ইউ ৰাষ্ট্ৰসংঘ! আমাৰ চুবুৰীয়া দেশবোৰৰ ভিতৰত কেৱল আফগানিস্তান (১৪১) আমাতকৈ পিছত আছে আৰু মালদীভছ্ স্থান আৰু তথ্য এই ৰিপ’ৰ্টত সন্নিবিষ্ট হোৱা নাই৷

সমিপেষু ’মিত্ৰৌ’ বিগ্ৰেড, এই যে ’হেপীনেছ’ত আমাৰ চুবুৰীত চীনৰ পিছতেই পাকিস্তানে প’জিছন পালে, আমাৰ লোকেল ’লাল ফৌজ’ৰ কোনোবা আন্দাৰ ক’ভাৰ কমৰেডে ভাৰতৰ ডাটা পঠাইছিল নেকি হে! নহলে দেখোন বিশ্বৰ ভিতৰতে সকলোতকৈ খটৰনাক ঠাই বুলি নিজৰ ৰেপু ফালি থোৱা পাকিস্তান হেপীনেছত ভাৰততকৈ ওপৰত থাকিবলৈ হ’লে তাত মাহটোতে তিনি/ চাৰিবাৰকৈ নিজৰ ব’ম্বত নিজেই মৰি ’জন্নত হাচিল’ কৰা ধৰ্মবীৰ কেইটাৰটো বাদেই, সিহঁতৰ জন্নতলৈ বগোৱাৰ চিৰি হিচাপে প্ৰতিবাৰতে অতি কমেও পঞ্চাশটাকৈ সিপুৰী গমন কৰা সকলোৰে পৰিয়াল, বন্ধু-বান্ধৱ আৰু চুবুৰীয়াই মৃতকৰ জন্নত হাচিল হ’ল বুলি ’হেপী’ হব লাগিব, নে কি! মিত্ৰৌ ফাইলে কিবা এটা Conspiracy Theory আগবঢ়াওঁক৷ ’দেছপ্ৰেম’ জাগ্ৰত কৰক৷ অল দ্য বেষ্ট!

ৰাষ্ট্ৰসংঘই ২০১২ চনৰ পৰা প্ৰতিবছৰে World Happiness Report প্ৰকাশ কৰি আহিছে৷ ইয়াৰ উদ্দেশ্য হ’ল কোনো এখন দেশৰ নাগৰিকসকলৰ বৈষয়িক সুখী অৱস্থা ( subjective well-being ) কিছুমান অৰ্থনৈতিক, সামাজিক, মনস্তাত্বিক আদি সূচকৰ সহায়ত নিৰ্ধাৰণ কৰা, যাতে দেশখনৰ ৰাজহুৱা নীতিবোৰৰ কেন্দ্ৰীয় লক্ষ্য পৰিমাণধৰ্মী (quantative) মুঠ ঘৰুৱা উৎপাদনৰ ( Gross Domestic Product) সংখ্যা বৃদ্ধিৰ পৰিবৰ্তে বিকাশৰ মান ( quality of development ) বৃদ্ধি কৰাৰ প্ৰতি ক্ৰমাৎ ঢাল খাই আহে৷ লগতে আশা কৰা হৈছে যে এই পদক্ষেপে দেশসমূহৰ জনতাৰ সুখ সম্বন্ধীয় বিষয়বোৰত অধিক গৱেষণা কৰাৰ দিশত এক উদ্গনিমূলক প্ৰভাৱ পেলাব আৰু নাগৰিকৰ সুখ বৃদ্ধিৰ কাৰক সমূহ চিনাক্ত কৰি সেইবোৰত সাৰপানী যোগোৱাত সহায়ক হব৷ ২০১২ চনত প্ৰথমবাৰ এই ৰিপ’ৰ্ট প্ৰকাশ কৰাৰ সময়ত ৰাষ্ট্ৰসংঘত “ Happiness and Well-being: Defining a New Economic Paradigm“ শীৰ্ষক এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল, য’ত ভূটানৰ প্ৰধানমন্ত্ৰীয়ে সভাপতিত্ব কৰিছিল৷ ভূটানেই বিশ্বৰ প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দেশ যি নিজৰ ৰাষ্ট্ৰীয় বিকাশৰ মুখ্য সূচক হিচাপে Gross Domestic Productৰ পৰিবৰ্তে Gross National Happiness গ্ৰহণ কৰিছে৷

এইখিনিলৈকে বাৰু ঠিকেই আছিল৷ কিন্তু এই ৰিপ’ৰ্টৰ সূচকবোৰ কি কি আছিলনো এইমাত্ৰ নেটত চাওঁতেহে মোৰ ’দিমাগ কা দহী’ হৈ গৈছে৷ ভাৰত কোনো পধ্যেই ইমান তলত ( ১২০ নম্বৰত ) থাকিবই নোৱাৰে৷ কিয় ক’লো এনেকৈ? অলপমান মন দি পঢ়ক তেন্তে৷

এইবাৰৰ ৰিপ’ৰ্টখনত ( ৱিকিপিডিয়াত World Happiness Report শীৰ্ষক লেখাৰ লগত সংলগ্ন হৈ থকাখনত ) দেখিব যে অৰ্থনৈতিক সূচক ( GDP per capita ) আৰু অন্য পৰিশিষ্ট ( Residual) সূচকৰ গড় দুটা স্তমভত ৰখাৰ লগতে পাঁচটা সামাজিক- মনস্তাত্বিক সূচকৰ – সামাজিক সহায় ( Social Support ), স্বাস্থ্যবান জীৱনৰ আশা ( Healthy life expectany ), জীৱনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ স্বাধীনতা ( Freedom to make life choices ), সুহৃদয়তা ( Generosity ) আৰু বিশ্বাস ( Trust ) – স্তম্ভ আছে৷ এই সাতটা সূচকৰ সূচকাংক যোগ কৰি পোৱা সৰ্বমুঠ সংখ্যাৰ ( Score ) ভিত্তিত সৰ্বোচ্চৰ পৰা সৰ্বনিম্নলৈ দেশবোৰক ক্ৰম দিয়া হৈছে৷ প্ৰথম স্থানত নৰৱে আৰু ১৫৫তম স্থানত চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক আছে৷ পাঠকসকলৰ সুবিধাৰ্থে এই লেখাৰ লগত ভাৰতৰ লগতে আন দেশৰ ক্ৰমিক অৱস্থান আৰু বিভিন্ন সূচকৰ সূচকাংক সন্নিবিষ্ট এখন তালিকা লিংকটো এই লেখাটোৰ শেষত দিয়া আছে৷

বাই দ্য ৱে, আপোনালোকৰ এনে নালাগেনে দেশভক্তি ( Patriotism ) বা দেশপ্ৰেম প্ৰদৰ্শন কৰাত যি সুখ আছে, তাকো এক সূচক হিচাপে নৰখাটো আমাৰ ভাৰতৰ কাৰণে এক ডাঙৰ দুৰ্ভাগ্য৷ এইটো সূচক থকা হ’লে আজিৰ দিনত আমি চকুমুদি এইটো শিতানত ৮০% ওপৰত নম্বৰ পালোঁহেতেন৷ বিমুদ্ৰাকৰণৰ সময়ত আমি ভোক-পিয়াহ, কামকাজ সকলো কাটি কৰি দেশৰ পৰা ক’লাধন নিৰ্মূল কৰাৰ কাৰণে কেনেকুৱা দীঘল দীঘল লাইন পাতিছিলোঁ এবাৰ মনত পেলাওঁক৷ চিনেমা হলত, ৰেল ষ্টেচনত টিকটৰ কাৰণে হেঁচা-থেলাৰ পৰা মাৰপিটলৈকে ভাতৰ লগত পানী খোৱাৰ দৰে কৰা আমি ভাৰতীয়বোৰ দেশৰ নামত লাইন ধৰোতে কেনেকৈ সেইবাৰ ডিচিপ্লিন দেখাইছিলো নিশ্চয় মনত আছে৷ মইতো ব্যক্তিগতভাৱে তেতিয়ালৈকে আমি ভাৰতীয়বোৰে বিয়াৰ বুফেৰ বাহিৰে আন কোনো ৰাজহুৱা স্থানত গতা-থেলা নকৰাকৈ লাইন পাতিব নাজানো বুলিয়েই ভাৱি আছিলোঁ৷ বাকী অজীণ পাতকী ইনট’লাৰেঞ্চ মাৰ্কা দেশপ্ৰেম নথকা কেইটাৰ স্ক’ৰ আমাৰ হাই-ভল্টেজ দেছপ্ৰেমী ব্ৰিগেডে নিজৰ গগনচুম্বী স্ক’ৰেৰে এভাৰেজত এনেও মিলাই দিলেহেতেন৷ নহয়নে?

অৰ্থনৈতিক সূচক (GDP per capita), পৰিশিষ্ট ( Residual ) সূচক আৰু স্বাস্থ্যবান জীৱনৰ আশাৰ ( Healthy life expectancy ) সূচক, এই তিনিটা সদ্যহতে একাষৰীয়াকৈ থৈছোঁ৷ কাৰণ এইকেইটাৰ বিষয়ে লিখিবলৈ গ’লে হাতী মাৰি ভুৰুকাত ভৰাব লাগিব আৰু বহুত দাঁত ভঙা শব্দৰ সমাহাৰ ঘটাৰ সম্ভাৱনাই সৰহ৷ তথাপি থোৰতে কওঁ – যিসকলে সংলগ্ন তালিকাখন চাই ভাৱিছে বৰ্তমান আমাৰ দেশৰ GDP Growth ৰ হাৰে চীনকো পিছপেলাই যোৱাৰ পিছতো, আমেৰিকা আৰু অন্য কিছুমান ইউৰোপীয় দেশে আমাৰ বাণিজ্যিক উত্থানত ভীতিগ্ৰস্ত হৈ বিভিন্ন Trade Protectionist Measure লবলৈ আৰম্ভ কৰাৰ পিছতো অৰ্থনৈতিক সূচকত আমাৰ প্ৰদৰ্শন ইমান বেয়া কিয়, তেওঁলোকে মন কৰিব যে এই তালিকা প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা সূচকটো হ’ল GDP per capita বা জনমুৰি মুঠ ঘৰুৱা উৎপাদন ( GDP per capita is a measure of the total output of a country that takes Gross Domestic Product ( GDP ) and divides it by the number of people in the country. GDP per capita is especially useful when comparing one country to another, because it shows the relative performance of the countries.) অৰ্থাৎ আমাৰ জনসংখ্যা বেছি কাৰণে গাইপতি ভাগত ফল কমকৈ পৰিছে৷ ( এইটো কথা বেলেগ যে আমাৰ ইয়াত ধনী মানুহহে আৰু ধনী হৈ গৈ থাকে আৰু দুখীয়া মানুহ আৰু দুখীয়া হৈ গৈ থাকে৷ ) বাকী দুটা সূচকত ( Healthy life expectancy আৰু Residual ) আমাৰ প্ৰদৰ্শন একেবাৰে ‘ফাটাফাটি’ বুলিব নোৱাৰি যদিওঁ ১২০ নম্বৰত স্থান পোৱাতকৈ বহু ওপৰত আমি সেই দুটাত স্ক’ৰ কৰিছোঁ৷ বৰ্তমান মই বাকী চাৰিটা সূচকত ভাৰতৰ প্ৰদৰ্শন লৈহে ’কিবা এটা’ বকলা মেলিব বিচাৰিছোঁ৷

’সামাজিক সহায়’ ( Social Support ) নিৰ্ধাৰণ কৰা হৈছে কোনো বিপদৰ সময়ত আপুনি সহায়-সমৰ্থন পোৱাৰ সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি৷ ভাৰত এইটো ক্ষেত্ৰত কেনেকৈ পিছত থাকিব কওঁকচোন? বিবাহ-বন্ধনত আৱদ্ধ নোহোৱাকৈ থকা ২৫ বছৰৰ উৰ্ধৰ প্ৰতি গৰাকী যুৱতী বা ৩০ বছৰৰ উৰ্ধৰ প্ৰতিজন যুৱকক সুধি চাওঁক – তেওঁলোকৰ বিয়াখনৰ চিন্তাত, তেওঁলোকৰ বাবে পাত্ৰ / পাত্ৰী বিচাৰি আত্মীয়-স্বজনৰ বাহিৰেও চুবুৰীয়াসকলো, আনকি ফে’চবুকৰ চিনাকিজনলৈকে কিমান মানুহে হাবাথুৰি খাই আছে৷ বেলেগ ৰাজ্যৰ কথা নকওঁ, আমাৰ অসমৰে যিকোনো এজন শিক্ষিত নিবনুৱাক সোধক – কি ব্যৱসায় কেনেকৈ কৰিলে তেওঁৰ ৰাতাৰাতি কপাল ফুলি যাব বা কোন দালালক কিমান মাল ঢালি ফিটিং দিলে কোন চৰকাৰী বিভাগত কি চাকৰি পাই যাব, কিমান বিনামূলীয়া কাউঞ্চেলিং উভৈনদী হৈ থাকে৷ এইবোৰ তলৰ লেভেলৰ কথা বাৰু বাদেই দিলোঁ৷ ওপৰৰ লেভেলত চাওঁক৷ মাজতে সিদিনা শিৱসেনাৰ সেই সাংসদজনে বিমান পৰিচাৰক-পৰিচাৰিকাক অমাৰ্জিত ব্যৱহাৰ কৰিছে বুলিযে অভিযোগ উঠিছিল, যাৰ বাবে পিছত তেওঁ বিমান যাত্ৰা কৰিব নোৱাৰাকৈ কেইবাটাও বিমান সেৱা প্ৰতিষ্ঠানে তেওঁৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, সেই সময়ত তেওঁক অযথা ’ভিক্টিমাইজ’ কৰা হৈছে বুলি কেনেকৈ অনান্য বহু সাংসদ তেওঁৰ সপক্ষত থিয় হৈছিল দেখা নাছিল জানো ( সাধাৰণ মানুহৰ ওপৰত ’দাদাগিৰি’ কৰাৰ বাবে মন্ত্ৰী, সাংসদ, বিধায়ক আদিৰ এক ’বিশেষ’ অধিকাৰ থাকে বুলিও নাজানে, কম কথা! )? ইয়াৰ পিছতো ভাৰতত ঘটিৰাম বাটিৰামৰ পৰা বিধায়ক-সাংসদলৈকে, যিকোনো মনুষ্যৰ কাৰণেই দৰকাৰৰ সময়ত সহায়-সমৰ্থন পোৱা টান বুলি মানিব পাৰি জানো৷ এইটো বেলেগ কথা যে ক’ৰবালৈ গৈ থাকিলে দুৰ্ঘটনাপতিত কোনোবা ৰাস্তাত তেজৰে তুমুৰলি হৈ পৰি থকা দেখিলেওঁ কোনো সহায় কৰিব পৰাকৈ আমাৰ বেছিভাগৰে হাতত সেইখিনি সময়ত ’সময়’ নাথাক (একবিংশ শতিকাৰ ফাষ্ট ফুড জীন্দেগীত ফে’চবুকৰ বাহিৰে অচিনাকি মানুহৰ লগত সময় খৰচ কৰিবলৈ সময় থাকে কাৰ হাতত! ); আমাৰ অসম মুলুকত থলুৱা লোকবাদ্য, লোকসংগীত শিল্পীক বিপদত সহায় কৰিবলৈ আমাৰ ৰজাঘৰ-প্ৰজাঘৰ সকলোতে ফুটাকড়িৰো অভাৱ ঘটে৷ আচলতে আমাৰ ভাৰতত Social Supportৰ ফাণ্ডা একদম চিম্পল – আপুনি যদি ধনী আৰু প্ৰভাৱশালী হয় তেন্তে আপোনাৰ বাবে আগবাঢ়ি অহা সহায়ৰ হাতে আপোনাক অধিক মাছত বগলী কণা কৰি পেলোৱাৰ সম্ভাৱনা আছে৷ আৰু যদি আপুনি ধনী মানুহ নহয়, তেন্তে মৌখিক ভাৱে হ’লেও সহায়, সমৰ্থন, আশ্বাস, সমবেদনা, প্ৰতিশ্ৰুতি আদি আপুনি পাবই৷ গতিকে আমাৰ ভাৰতে Social Supportত বেয়া নম্বৰ পাব কেনেকৈ?

জীৱনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ স্বাধীনতা ( Freedom to make life choices ) আনবোৰ দেশতকৈ আমাৰ ভাৰতত কেনেকৈ কম, সেইটোও এটা ডাঙৰ সাঁথৰ দেখোন৷ মন গ’লে যিখন দেশত ’ওৱান ৱে’( One Way) টো বিপৰীত দিশত গাড়ী-বাইক দৌৰাব পৰা যায় ( একপ্ৰকাৰে চাবলৈ গ’লে যিটো কামৰ দ্বাৰা নিজৰ লগতে আন অচিনাকি মানুহৰ জীৱনৰ কাৰণেও ’চূড়ান্ত সিদ্ধান্ত’ লৈ পেলোৱা হৈছে ); মন গ’লেই যিখন দেশত পান-তামোল-গুটখা খাই বৈ যোৱা সেলেঙিকণ ৰাজহুৱা স্থানত য’তে ত’তে যিকোনো দিশত পিচকাৰী মাৰি দিব পাৰি ( এক চেকেণ্ডৰ বাবেও চিন্তা কৰাৰ দৰকাৰ নপৰে, মনৰ অৱচেতন ষ্টেট এটাৰেই পিকাই দিব পাৰি ); মন গ’লেই যিখন দেশত কাৰোবাক ডাইনী বুলি দৌৰাই লৈ ফুৰোৱাটো বাদেই, পিটি পিটি মাৰিয়েই পেলাব পৰা যায়, সেইখন দেশত সিদ্ধান্ত গ্ৰহণ কৰা স্বাধীনতা কেনেকৈ কম হ’ব পাৰে৷ ওপৰৰ লেভেলটো চাওঁক – এটা পাৰ্টিৰ টিকটত ইলেকশ্বন খেলি পিক টাইমত ঘোঁৰা হৈ বিক্ৰী গৈ আন পাৰ্টিক জইন/ হেল্প কৰি ভোটদাতা ৰাইজ আৰু পাৰ্টিৰ টিকটদাতা হাই-কমাণ্ড, সকলোকে বুঢ়া আঙুলি দেখাই দিব পাৰি; এনেই ইটো পাৰ্টিয়ে সিটো পাৰ্টিক ৰাইজৰ মনোৰঞ্জনৰ অৰ্থে কুকুৰে কাইট নোখোৱাকৈ গালি গালাজ কৰি থাকিলেও আচল ‘ধান্দা’ৰ সময়ত, আই মিন সাংসদ-বিধায়কৰ নিজৰ দৰমহা বৃদ্ধিৰ সময়ত কোনো তৰ্ক-বিতৰ্ক নকৰাকৈ আধা ঘণ্টাৰো কম সময়তে মৌখিক ভোট যোগে দৰমহা বঢ়াই লব পাৰি, সেইখন দেশত জীৱনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ স্বাধীনতা কেনেকৈ ক’ম হব পাৰে বাৰু ! কি ক’লে – অৱসৰপ্ৰাপ্ত শিক্ষকৰ দহ/বাৰ বছৰে পেঞ্চন হোৱা নাই, খেতিয়কে পেটৰ ভোকত টকা পঞ্চাশটাৰ বিনিময়ত নিজ সন্তান বিক্ৰী কৰিছে – আৰে মুন্না, বড়ে বড়ে দেশো মে এইচি ছৌটি ছৌটি বাতে হৌতি ৰেহতি হে – কুল ডাউন ৷ সম্পূৰ্ণ স্বাধীনতাৰে আমি আমাৰ খাদ্য নিৰ্ণয় কৰিব পাৰোঁ ( একচেপ্ত গৰু মাংস – কাৰণ গৰু ভাৰতৰ একমাত্ৰ ’অলিখিত’ ৰাজনৈতিক জন্তু, ক’ৰ্ট-কাচাৰী নথকা হ’লে দুখনমান ৰাজ্যত গৰুৱে এতিয়ালৈকে ‘লিখিত’ স্বীকৃতি টিকাই দিয়াৰেই সম্ভাৱনা আছিল ); অবাধ স্বাধীনতাৰে চিনেমা চাব পাৰোঁ ( একচেপ্ত চিনেমাখনৰ দৃশ্যৰ/ কাহিনীৰ দ্বাৰা কাৰো ধৰ্মীয় অনুভূতিত ’আঘাত’ পৰিব নালাগিব ); অবাধ স্বাধীনতাৰে কিতাপ- প্ৰৱন্ধ লিখিব পাৰোঁ ( হু ইজ চালমান ৰুছদী? হু ইজ কালবুৰ্গী? ); নিজৰ পচন্দৰ জীৱন সংগী নিজেই নিৰ্বাচন কৰিব পাৰোঁ ( কেৱল যেনিবা বিপৰীত লিংগৰ হ’ব লাগিব – আমি ’প্ৰাকৃতিক নিয়ম’ মানিব লাগিব; একেই কাষ্টৰ হব লাগিব – পৰিয়ালৰ সন্মানৰ কথা থাকে যে, Honour Killing কৰিবলৈ কাৰ মন যায়? ); ফোন বা মেছেজ কৰি ’তিনি তালাক’ বাৰ্তা দি দিলেই সুকলমে বিবাহ বিচ্ছেদ কৰি দিব পাৰোঁ – তাৰপিছতো আমাৰ নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাত স্বাধীনতা আনতকৈ কিহত কম? ৰাষ্ট্ৰসংঘ, প্লীজ গেট ইয়’ৰ এক্ট টুগেডাৰ৷

ৰিপ’ৰ্টখনত ’সুহৃদয়তা’ ( Generosity ) নিৰ্ধাৰণ কৰা হৈছে সাম্প্ৰতিক সময়ত কোনো জনকল্যাণকামী কামকাজৰ বাবে দান-বৰঙনি আগবঢ়োৱা কাৰ্য্যৰ ওপৰত ভিত্তি কৰি৷ মোৰ হিচাপে এইটো শিতানত গোটেই ভাৰতৰ হৈ এক বিশাল স্ক’ৰ খাড়া কৰি দিয়াকৈ বেটিং আমাৰ অসমে অকলেই কৰি আছিল, আৰু কৰি আছে৷ অকল ’চান্দা সংস্কৃতি’ৰ জোৰতেই অসমত এশ এবুৰি জাতীয় সংগঠনে জাতিৰ কল্যাণত অহোৰাত্ৰি নিমজ্জিত হৈ থাকিব পাৰিছে; স্বাৱলম্বনৰ বাবে কোনো পেছাত জড়িত নোহোৱাকৈ ছাত্ৰনেতাই পানীৰ নিচিনাকৈ টকা খৰচ কৰি হিলদ’ল ভাঙি গোট খোৱা ৰাইজক মাছে মঙহে টেটুলৈকে খোৱাই ঢোলে-ডগৰে বিয়া পাতিব পাৰিছে৷ কোনোবাই যদি নিজৰ কপালৰ ঘাম মাটিত পেলাই আৰ্জন কৰা টকাৰ দুটামান কোনো জাতীয় স্বাৰ্থ পালন কৰিবলৈ ওলোৱা কোনো জাতীয় সংগঠনক মুকলি মনেৰে বৰঙনি দিবলৈ ঘেঁহোনেঁহো কৰি আছে, সেই মহা কৰাইচৰ সুমতি অনাৰ বাবে দৰকাৰ পৰিলে সহিংস নীতি লোৱা হৈছে – কিন্তু চান্দা জৰুৰ কালেকচন কৰা হৈছে, সুহৃদয়তা জৰুৰ হাচিল কৰা হৈছে৷ বিহু কমিটিবোৰক সোধক বিহুৰ বতৰত তেওঁলোকৰ ফৰমান পালে অনা-অসমীয়া ব্যৱসায়ীসকলে, বিশেষকৈ মাৰোৱাৰী সম্প্ৰদায়ে, ’জেনেৰাছ’ হবলৈ কেনেদৰে ঠেং ডাঙি থাকে! তেন্তে এই চান্দাবোৰ দান-বৰঙণি নহয় নেকি? নে এইবোৰ চান্দাৰ য’ত শ্ৰাদ্ধ হয়, সেই কামকাজবোৰ ৰাষ্ট্ৰসংঘৰ বিচাৰত জনকল্যাণকামী নহয়?

তাৰ বাহিৰেও আমাৰ দেশত চান্দা দিয়াৰ সুবিধাৰ্থে নীতি-বিধানেই এনেকৈ বনাই থোৱা হৈছে যে অকণমান উনৈশ-বিশকৈ দিব জানিলে ৰাজনৈতিক দলবোৰক যিমান মন যায় সিমান চান্দা দি দিব পাৰি আৰু দাতা কৰ্ণজনেও কাকো বিশেষ একো হিচাপ দিব নালাগে, ৰাজনৈতিক দলবোৰেও সেই টকা কেনেকৈ আহিল আৰু ক’ত খৰচ কৰিলে, কাকো একো বিতং হিচাপ দিব নালাগে৷ মুঠতে বাওঁপন্থী, সোঁপন্থী, ৰাষ্ট্ৰীয়তাবাদী, আঞ্চলিকতাবাদী- যেনেকুৱা ঘোঁৰাৰ ওপৰত আপোনাৰ বৌলি লগাবলৈ মন যায়, আই মিন ৰাজনৈতিক দলক ৰাইজৰ সেৱাত নিমগ্ন হবলৈ চান্দা দিবলৈ মন যায়, আপুনি দিব পৰাৰ ব্যৱস্থা আছে৷ দিওঁতাই বেফিকিৰ দি আহিছে, দি আছে ( আৰু সেই হিচাপে ৰাজনৈতিক দলবোৰেও তেনেকুৱা দাতাকৰ্ণসকলৰ সুখ-দুখৰ প্ৰতি নিজৰ নিজৰ সাধ্য অনুসাৰে মনযোগ দি আহিছে )৷ আচলতে ৰাষ্ট্ৰসংঘই আমাৰ ভাৰতীয়সকলৰ দয়ালু হৃদয়ৰ উমান পোৱাই নাই হবলা বুজিছে৷ কেৱল কিবাকিবি চৰকাৰী কৰ, শুল্ক বা অনান্য বেচৰকাৰী চাৰ্ভেৰ হিচাপত ঠাই পোৱা ধনকেইটাকে আমাৰ চান্দা, দান-বৰঙনিৰ সীমা বুলি ধৰি লৈছে৷ আমি ভাৰতীয়সকল টকা-পইচাৰ লেনদেনত ৰিঙৰ বাহিৰত খেলাত বেছি অভ্যস্ত বুলি গমেই পোৱা নাই৷

শেষত আহিল ’বিশ্বাস’ (Trust )৷ এইটো সূচকটো আমাৰ বেয়া অৱস্থা কেনেকৈ বুজি নাপালোঁ? কি ক’লে – আমাৰ দেশত সিংহভাগ নাৰী ধৰ্ষণৰ ঘটনাত কোনোবা আত্মীয় বা আন চিনাকি পুৰুষ জড়িত থাকে; বেছিভাগ সময়তেই ঘৰুৱা কামকাজত নিয়োগ কৰাজনেই চোৰ-ডকাইতিত লিপ্ত হয়; মাটি-বাৰী-সম্পত্তিৰ বাবে ককাই-ভাইৰ মাজতে অৰিয়াঅঁৰি, গোপন হত্যাৰ ঘটনা সংঘটিত হয়; যৌতুকৰ বাবে পতি-স্বজনেই পত্নীৰ হত্যা কৰে; ব্যৱসায়ত বন্ধুৱেই বন্ধুৰ বিশ্বাস-ঘাটকতা কৰে; আদায় লবলগীয়া বিলৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কিছুমানত ৰোগীৰ মৃত্যু ঘটাৰ পিছতো পৰিয়ালৰ মানুহক আভুৱা ভাৰি মৰাশ আই.চি.ইউ.ত এনেই এদিন-দুদিন পৰ্যন্ত ভৰাই ৰখা হয়; হোটেল-ৰেষ্টুৰাঁত কেইবাদিনৰ বাহী খাদ্য মছলা মাৰি গোন্ধ লুকুৱাই গ্ৰাহকক পৰিবেশন কৰি থকা হয় ….ৰ’ব হে, আপুনি গোবৰুৱা নেকি? কেৱল নিগেটিভ কথাবোৰেই যে! এইটো সূচকত আমি বিশ্বৰ ভিতৰতে আগৰণুৱা ৰাষ্ট্ৰ বুলি ভাৰতলৈ নহাকৈয়ো বিশ্বই গম পাব লাগে দেখোন৷ আমি স্বাধীনতাৰ পিছৰে পৰাই আজিলৈকে সিংহভাগ সময়তেই এটা বিশেষ পৰিয়ালত যিয়েই জন্ম ল’লে, তেওঁৱেই দেশ চলাবলৈ, প্ৰধানমন্ত্ৰী হবলৈ জন্মসূত্ৰেই সক্ষম বুলি আমি ‘বিশ্বাস’ দেখাই আহিছোঁ৷ আমি সেই পৰিয়ালৰ জিনৰ বংশগতিত ‘বিশ্বাস’ কৰোঁ, আমাৰ সম্পূৰ্ণ ’বৈজ্ঞানিক দৃষ্টিভংগী’ আছে৷ বাই ডা ৱে, এইবাৰ সেই পৰিয়ালৰ জিনৰ ওপৰত ‘বিশ্বাস’ নাৰাখি মোডীভাইক চাঞ্চটো দিয়াৰ কাৰণেই এই সূচকত আমাৰ মাৰ্কচ কমি গ’ল নেকি বাৰু? প্ৰগতিশীল ব্ৰিগেড, কমৰেড পাৰ্টি, আপোনালোকে কি ভাৱে?

অকল সেই পৰিয়ালৰে নহয়, দেশৰ প্ৰতিখন ৰাজ্যতে এনেকুৱা বহুত পৰিয়াল আছে, যি পৰিয়ালত জন্ম ল’লেই আমাৰ নেতা হবৰ, দেশ-ৰাজ্যৰ প্ৰশাসন চলাবৰ বাবে যোগ্য ব্যক্তি বুলি আমি বিশ্বাস ৰাখি আহিছোঁ আৰু আগলৈয়ো তেনেবোৰ পৰিয়ালৰ জিনৰ বংশগতিত বিশ্বাস ৰাখি থাকিম৷ বাই ডা ৱে, ’বৈজ্ঞানিক দৃষ্টিভংগী’ এটা সূচক ৰাখিব লাগিছিল৷ আমি ফালি দিলোঁহেতেন, নহয় নে? আমাৰ বৰ্তমানৰ শাসকীয় দলটোৰ কোনোবা কোনোবা নেতাই গৱেষণা কৰি পোৱা তথ্য অনুসৰি কুৰুক্ষেত্ৰৰ যুদ্ধতে এট’ম ব’ম্ব ফুটাই থোৱাকৈ বিজ্ঞান-প্ৰযুক্তিত আগবঢ়া আমিবোৰে এতিয়া গোমূত্ৰৰ সহায়ত ঘৰতে যিকোনো বেমাৰ বিপত্তি ৰোধ কৰিব পৰা হ’লোহি৷ তাৰপিছতো কিবা ৰৈ গ’লে ‘বিশ্বাস’ কৰিব পৰাকৈ এ.চি.চেম্বাৰ খুলি বহাৰ পৰা বাটৰ কাষত থৈলা পাৰি বহালৈকে, সকলো ৰেটৰ বিঘিণি বিনাশক বেজ-গিয়ানি-তান্ত্ৰিক-জ্যোতিষীৰ আকাল আমাৰ ভাৰতত নাই৷ আমাৰ অসমত পংকজ পাঠকে ইতিমধ্যেই ৰোগী নিজ চকুৰে নেদেখাকৈয়ে, কোনো পৰীক্ষা-নিৰীক্ষা নকৰাকৈয়ে, কেৱল ফোনত ৰোগীৰ মাত শুনিয়েই ‘এ টু জেদ’ বেমাৰৰ বিধান আগবঢ়াব পৰাকৈ আত্ম-’বিশ্বাস’ৰ চানেকি দাঙি ধৰি একাধিক টি.ভি. চেনেলৰ ষ্টুডিঅ’ক নিজৰ চেম্বাৰ হিচাপে ব্যৱহাৰ কৰিছে, অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ৰোগীয়েও পাঠকক ‘বিশ্বাস’ কৰিছে, ফোন কৰি বিধান লৈছে৷ এইবোৰ ’বিশ্বাস’ নহৈ কি – ‘অন্ধ’-বিশ্বাস নেকি? আপুনি কি ভাৱে?

মুঠৰ ওপৰত মই যি বুজিলোঁ- হয় ৰাষ্ট্ৰসংঘই আমাৰ মোল বুজাই নাই নহয় কোনো তৃতীয় শক্তিৰ চক্ৰান্তত ৰাষ্ট্ৰসংঘই আমাক ইচ্ছাকৃতভাৱে প্ৰতাৰণা কৰিছে৷ কোনো ঘৰ বিভীষণো যে এই চক্ৰান্তত জড়িত হৈ থাকিব পাৰে, তাকো নুই কৰিব নোৱাৰি৷ আমি ভাৰত কোনোপধ্যেই ইমান তলৰ প’জিছনত থাকিব নালাগে৷

শেষকথা – এতিয়া মোৰ বোধেৰে আমাৰ ‘সুখ’ নাবাঢ়ি কমিহে যোৱাৰ কাৰণ কি, তাৰ এক ফলপ্ৰসূ বিশ্লেষন হব লাগে, আমাৰ ত্ৰুতিবোৰ কি কি আমি জানিব লাগে আৰু সেই অনুযায়ী আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰবোৰে কামত মন দিব লাগে, ৰাইজেও নিজৰ কৰণীয়খিনি যথাসাধ্য কৰি যাব লাগে৷ তেতিয়াহে আমি সেইবোৰ চাই চিটি ঠিক কৰি পৰৱৰ্তী দিনত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ম, দেশত সুখৰ পৰিমান বঢ়াই আনিব পাৰিম৷

আন কোনেও নহলেও ( বাকী সকলৰ দেশপ্ৰেম নাইয়েই যেতিয়া ) অন্ততঃ দেছপ্ৰেমী ব্ৰিগেডে এইবোৰ বিষয়ত মাত মতাত মুৰপোলোকা নামাৰি চৰকাৰক সমালোচনা কৰিলেহে, সোপাধিলা হবলৈ নিদিলেহে, সু-পৰামৰ্শ আগবঢ়ালেহে আচল দেশপ্ৰেম দেখোওৱা হব, দেশ সঁচাকৈয়ে আগবাঢ়িব৷ হয় নে নহয় বাৰু, দেছপ্ৰেমীসকল? নে ৰাষ্ট্ৰসংঘক ভাৰত বৈৰী ঘোষণা কৰি দিলেই আমাৰ দেশত ‘সুখ’ৰ উজান উঠি আহিব?

বাই ডা ৱে, মোডীভাইৰ দিনত এই কাণ্ড হোৱাৰ প্ৰতিবাদত আমি দীঘলী পুখুৰীৰ পাৰত সংগ্ৰামীভাৱে এক চাহ-চিংৰা সভা, ক্ষমা কৰিব, প্ৰতিবাদী সভা অনুষ্ঠিত কৰাটো ভাল হ’ব নেকি বাৰু? নে আজি ৰাতিটোৰ ভিতৰতে এটা জাতীয় সংগঠন খুলি কাইলৈ পুৱাৰভাগৰ পৰাই ৰাইজলৈ এটা আহ্বান দি দিয়া উচিত – পৰহিলৈ ২৪ ঘণ্টীয়া অসম বন্ধ৷ কোনটো কৰিলে আমাৰ অসমত ‘সুখ’ বঢ়াৰ সম্ভাৱনা বেছি?

☆★☆

https://en.wikipedia.org/wiki/World_Happiness_Report

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments