কিবা খং উঠি যায় (- পৰাণ বৰুৱা)

ৰমেশৰ ল’ৰাটো ওচৰৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত পঢ়ে৷ প্ৰথম অবস্থাত ঘৰৰ ওচৰৰে চৰকাৰী স্কুলখনতে পঢ়িছিল৷ যোৱাবছৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত নামভৰ্তি কৰালে৷ অৱশ্যে ৰমেশৰ প্ৰাইভেট স্কুলত পঢ়োৱাৰ ইচ্ছা আৰু সামৰ্থ এটাও নাছিল৷ কিন্তু ওচৰৰ সকলোবোৰ ল’ৰা ছোৱালী প্ৰাইভেট স্কুলখনত পঢ়ে৷ তদুপৰি ঘৰৰ মানুহজনীৰো সদায় একেটাই কথা৷ উপাই নাপাই সি সামৰ্থ নাথাকিলেও পঢ়োৱাব লগা হ’ল৷ সি বুজাইছিল মানুহজনীক স্কুল সকলো একে৷ আমি ল’ৰাটোক ঘৰত কি শিক্ষা দিও সেইটোৰ ওপৰতে সকলো নিৰ্ভৰ কৰে৷ কিন্তু মানুহজনীৰ ওচৰত তাৰ একো যুক্তি নৰজিল৷ মানুহজনীৰ মতে গাওঁখনৰ ৰমেশতকৈ কম সামৰ্থ থকাবোৰেও যেতিয়া প্ৰাইভেট স্কুলত পঢ়োৱাব পাৰে সি কিয় নোৱাৰে৷

study

গাওঁখনৰ মানুহবোৰৰ যে আজিকালি কি হ’ল৷ বিশেষকৈ মাইকীমানুহবোৰৰ৷ তাৰ কেতিয়াবা হাঁহি উঠে কথা-কাণ্ডবোৰ দেখিলে৷ আজিকালি মাকবোৰে ল’ৰা ছোৱালীবোৰক বস্তুবোৰৰ অসমীয়া নামবোৰ নিশিকায়৷ তাৰ পৰিৱৰ্তে সেইবোৰৰ ইংৰাজী নামবোৰ শিকায়৷ নজনাবোৰে তাৰবাবে কিতাপ কিনিছে ৷ পঢ়িছে৷ কষ্ট কৰিছে৷ কিন্তু ইংৰাজীহে শিকাইছে৷ যেনে-গাখীৰ নহয় মিল্ক, মেকুৰী নহয় কে’ট, কুকুৰ নহয় ডগ আদি৷ অৱশ্যে তাৰ মানুজনীও ইয়াৰ ব্যতিক্ৰম নহয়৷ ৰমেশৰ কবলৈ মন যায় কেতিয়াবা _ ‘হেৰ’ প্ৰথমে অসমীয়া নামবোৰ ভালদৰে শিকাই ল’চোন৷ কিন্তু তাৰ বাটৰ কচু গাত ঘঁহাৰ ইচ্ছা নাই৷

টে’ট পৰীক্ষা পতাৰ পিছত এতিয়া বৰ চোকা চোকা ল’ৰা ছোৱালী চৰকাৰী স্কুলৰ শিক্ষক হ’ল৷ তথাপিও কিয় জানো সকলোৱে প্ৰাইভেট স্কুললৈহে দৌৰে৷

কেইদিনমানৰ পৰা ৰমেশক মানুজনীয়ে কুটুৰি আছে৷ ল’ৰাটোক প্ৰাইভেট টিউচন এটা দিব লাগে৷ ৰমেশে সিমান গুৰুত্ব দিয়া নাই কথাটোত৷

আজি ৰাতিপুৱাৰ পৰা মানুহজনীয়ে টিউচন দিয়া কথাটোক লৈ মাইকী মানুহৰ ব্ৰহ্মাস্ত (চকুপানী) প্ৰয়োগ কৰি দিলে৷ মানুহজনীৰ মতে ল’ৰাটোক চৰকাৰী স্কুলখনৰ টে’ট শিক্ষক এজনৰ ওচৰত প্ৰাইভেট টিউচন এটা দিব লাগে৷ শিক্ষকজনে বিৰাট ভালদৰে পঢ়ায় হেনো৷

মানুহজনীৰ কথাবোৰত ৰমেশৰ বিৰাট খং উঠে৷ কিন্তু সি একো কব নোৱাৰে৷ ‘হেৰ’ যদি চৰকাৰী স্কুলখনৰ শিক্ষকে ভাল পঢ়োৱাই বুলি জানই তেন্তে প্ৰাইভেট স্কুলত পঢ়োৱালি কিয় পইচা এগাল খৰচ কৰি৷ এতিয়া প্ৰাইভেট স্কুলত পঢ়োৱাই চৰকাৰী স্কুলৰ শিক্ষকৰ ওচৰত টিউচন দিব খুজিছ কিয়৷’

কিবা খং উঠি যায় ৷

***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments