কিবিথো : য’ত শেষ হৈছে পূবৰ পথটো ( আব্দুছ ছাজিদ )

11351_789273837828346_5421157330476356369_n

 

 

কিবিথোলৈ মই যোৱা নাই, যামহে৷ প্ৰস্তুতি পৰ্বতে চলোৱা অধ্যয়নৰ ভিত্তিতে এটা ধাৰাবাহিক বৰ্ণনা লিখাৰ মৰসাহ কৰিছোঁ, খৰতকীয়াভাৱে৷ বহু বছৰৰে পৰা হাতত সাঁচি থৈ মলঙি যোৱা পৰ্যটন সম্পকীয় পুৰণি কিছুমান কাগজ-পত্ৰ, কিতাপ আৰু ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভেটিত যুগুতোৱা এই বাস্তৱতুল্য পৰ্যটন প্ৰতিবেদনত ভুল-ভ্ৰান্তি নিশ্চয় থাকিব৷ তল-ওপৰ, অঁকোৱা-পকোৱা যাত্ৰাটোৰ অভিজ্ঞতা থকাজনে ষ্টিয়েৰিং পোনাই দিলে ঠিকে ঠিকে পামগৈ চাগে’ কিবিথো৷

পথৰ পৰা পথ-সমাপ্তিলৈ … ফ্ৰম ৰ’ড টু ন’ ৰ’ড

ভাৰত ৰাষ্ট্ৰৰ উত্তৰ-পূবৰ শেষৰ প্ৰদেশখনৰ নাম অৰুণাচল৷ ভৌগোলিকভাৱে তিব্বত, চীন আৰু ম্যানমাৰ সীমান্ত স্পৰ্শ কৰি থকা অৰুণাচল প্ৰদেশৰ ভূভাগ এতিয়া ১৭ খন জিলাত বিভক্ত৷ তাৰে সবাতোকৈ পূবৰ জিলাখনৰ নাম হৈছে আনজাৱ৷ আনজাৱ জিলাৰ অন্তিম পূবৰ ফালে থকা অন্তিম জনপদৰ নামেই কিবিথো৷ ভাৰতৰ পূৰ্ব প্ৰান্তলৈ যোৱা ৰাস্তাটোৰ শেষমূৰো তাতেই, ‘ইষ্ট অব দ্যা নৰ্থ-ইষ্ট’ অৰ্থাৎ ‘উত্তৰ-পূবৰ পূব’ বুলি যাক অভিহিত কৰা হয়৷ উক্ত পথতে আগলৈ থকা হালধীয়া চাইনব’ৰ্ড এখনে পথিকক কৈ দিয়ে যে আগলৈ আৰু পথ নাই৷ পূবৰ পথটো তাতেই শেষ হৈছে৷ এ’ণ্ড অব দ্যা ৰ’ড হে’ড৷ যেনেকৈ ১৯৯৭ চনৰ ১৭ ফেব্ৰুৱাৰীত অন্তিমখন ৰে’ল পাৰ হোৱাৰ পিছতে বন্ধ হৈ যোৱা, ঐতিহাসিক দ্বিতীয় মহাযুদ্ধৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানী ষ্টেচনৰ ফলকখনে সগৌৰৱে আজিও জনাই থাকে, ইষ্টাৰ্ণ-ম’ষ্ট ৰে’লৱে ষ্টেচন অব ইণ্ডিয়া, ৰে’লৱে’জ লাষ্ট ফ্ৰণ্টিয়াৰ, এ’ণ্ড অব দ্যা নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ ৰে’ল হে’ড৷

পাতনিতে এৰিলোঁ আজি৷ কাইলৈ আনজাৱ জিলালৈ৷ ক্রমে আগলৈ গৈ থাকিম৷

এক.
আনজাৱ : সংক্ষিপ্ত পৰিচয়

আনজাৱ হৈছে অৰুণাচল প্ৰদেশৰ একেবাৰে পূব প্ৰান্তত থকা এখন পাহাৰীয়া জিলা৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ১,২৯৬ মিটাৰ৷ উপক্রান্তীয় তথা পাৰ্বত্য অঞ্চলটোৰ জলবায়ু তুলনামূলকভাৱে চেঁচা৷ এই জিলাখনৰ চীন দেশ চুই থকা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত ‘লাইন অব একচুৱেল কণ্ট্ৰল’ৰ অংশ এটাৰে লোহিত নদীখন সোমাই আহিছে৷ পূব তিব্বতৰ জায়াল শ্বু পৰ্বতমালাৰ পৰা ওলাই সীমান্তৱৰ্তী সৰু চহৰ কিবিথোৱেদি বৈ নৈখন ভাৰতত প্ৰৱেশ কৰিছে৷ তাৰ পিছত মিচিমি হিল্‌ছেৰে ধাৱমান হৈ অৰুণাচল প্ৰদেশৰ ক্রমে আনজাৱ আৰু লোহিত জিলা পাৰ হৈছে৷ ২০০কিল’মিটাৰ ধৰি ক্ৰমান্বয়ে নামনিলৈ বৈ গৈ ছিয়াঙৰ সৈতে লগ লাগি মিলিত হৈছে ব্ৰহ্মপুত্ৰ নদত৷ লোহিত ব্ৰহ্মপুত্ৰৰ আৰম্ভণিৰ এখন মুখ্য উপনৈ৷

আনজাৱৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় বুৰঞ্জী জানিবৰ বাবে উভতি যাব লাগিব ১৯১৪চনলৈ৷ ব্ৰিটিছ প্ৰশাসকে তিনিটা এলেকা ক্রমে কেন্দ্ৰীয় আৰু পূব খণ্ড, লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক লৈ নিজৰ শাসন কালত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্ট গঠন কৰিছিল৷ এই খণ্ডসমূহ চোৱা-চিতাৰ অৰ্থে প্ৰতিটো খণ্ডতে একোজনকৈ ৰাজনৈতিক বিষয়া নিয়োগ কৰা হৈছিল৷ ১৯১৯চনত কেন্দ্ৰীয় আৰু পূব খণ্ডক শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্ট নাম দি নতুনকৈ গঠন কৰিলে৷ পূৰ্বৰ লোহিত জিলা আৰু বৰ্তমানৰ আনজাৱ জিলাৰ ভূখণ্ড শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ অধীনত আছিল৷ মুখ্য কাৰ্যালয় আছিল শদিয়া৷ ২৪বছৰৰ পিছত ১৯৪৩চনত লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ পৰা কাটি টিৰাপ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট সৃষ্টি কৰা হ’ল৷ আকৌ ১৯৪৮চনত শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টক দুভাগ কৰি ক্রমে আদি জনগোষ্ঠী অধ্যুষিত অঞ্চলক লৈ আবৰ হিল্‌ছ ডিষ্ট্ৰিক্ট আৰু মিচিমি বসতিপ্ৰধান অঞ্চলক সামৰি মিচিমি হিল্‌ছ ডিষ্ট্ৰিক্ট নামে দুখন নতুন জিলা গঠন কৰা হয়৷ উক্ত বছৰতে অঞ্চলটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনৰ অধীনলৈ আহে৷ ১৯৬২চনলৈকে এই বৃহৎ অঞ্চলটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি অৰ্থাৎ নেফা নামেৰে জনাজাত আছিল৷ অৱস্থানগত গুৰুত্বৰ কাৰণে ১৯৬৫চন পৰ্যন্ত ই কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ৰ অধীনত আৰু তাৰ পৰৱৰ্তী সময়ত গৃহ দপ্তৰৰ প্ৰশাসনিক এলেকাধীন আছিল৷ ১৯৭২চনৰ ২০জানুৱাৰীত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰি অৰুণাচল প্ৰদেশ নাম দিয়া হয়৷ ১৯৮৭চনৰ ২০ফেব্ৰুৱাৰীত পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে এই ৰাজ্যখনে৷

১৯৫২চনৰ ১৩আগষ্টত মিচিমি পাৰ্বত্য জিলাৰ সদৰ স্থান ঘোষিত হৈছিল তেজু৷ ১৯৫৩চনত আৰম্ভ হোৱা সহকাৰী ৰাজনৈতিক বিষয়াৰ অধীনত হায়ুলিয়াঙক উন্নীত কৰা হৈছিল হেড কোৱাৰ্টাৰলৈ৷ ১৯৫৪চনত মিচিমি হিল্‌ছ ডিষ্ট্ৰিক্টৰ নাম সলনি হ’ল লোহিত ফ্ৰণ্টিয়াৰ ডিভিজন হিচাপে৷ ১৯৫৬চনত ৰ’য়িঙক মহকুমা সদৰ হিচাপে লৈ গঠন কৰা হ’ল ডিবাং ভেলী৷ ১৯৬৫চনত লোহিত ফ্ৰণ্টিয়াৰ ডিভিজনক নাম দিয়া হ’ল লোহিত জিলা৷ প্ৰশাসনীয় সুবিধাৰ কাৰণে ১৯৮০চনৰ ১জুনত নতুন জিলা ডিবাং ভেলী গঠিত হ’ল আনিনিক সদৰ হিচাপে লৈ৷ শেহতীয়াভাৱে ৪ডিচেম্বৰ ২০০৩ত গৃহীত অৰুণাচল প্ৰদেশ জিলা পুনৰ্গঠন বিধেয়ক অনুসৰি হাৱাইক প্ৰশাসনীয় মুখ্যালয় হিচাপে লৈ ১৬ফেব্ৰুৱাৰী ২০০৪ তাৰিখে সাতোটা প্ৰশাসনিক খণ্ড ক্রমে হায়ুলিয়াং, হাৱাই, মানচাল, গৈলিয়াং, ৱালং, কিবিথো আৰু চাগলোগামক সামৰি আনজাৱ জিলা গঠন কৰা হৈছে৷ স্মৰ্তব্য যে এই অঞ্চলসমূহ এসময়ত লোহিত জিলাৰ অন্তৱৰ্তী আছিল৷

এটা মহকুমা, তিনিটা ব্লক আৰু সাতটা মণ্ডলেৰে আনজাৱ জিলাৰ ক্ষেত্ৰকালি ৬,১৯০বৰ্গ কিল’মিটাৰ৷ ২০১১চনৰ লোকপিয়লৰ পৰিসংখ্যা অনুসৰি জিলাখনৰ জনসংখ্যা ২১,০৮৯, সাক্ষৰতাৰ হাৰ ৫৯.৪০ শতাংশ, মুনিহ-তিৰোতাৰ অনুপাত ১০০০ : ৮০৫৷ জনবসতি পাতল৷ প্ৰতি বৰ্গ কিল’মিটাৰত ৩জন৷ ২০০১চনৰ পৰা ২০১১চনলৈ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৩.৭৭ শতাংশ৷ মূল অধিবাসী জনজাতি মিচিমি আৰু জাখ্ৰিং (মেয়ৰ)৷ বিধান সভা সমষ্টি ১টা, মুঠ ভোটাৰ ৯,৫৩৭৷ প্ৰাথমিক বিদ্যালয় ১১খন, গ্ৰাম্য বিদ্যালয় ২২খন, মধ্য ইংৰাজী বিদ্যালয় ৫খন, হাইস্কুল ১খন, হায়াৰ চেকেণ্ডাৰী স্কুল ১খন, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ১খন আছে৷ এই জিলাৰ আৱাসীসকলে জুম খেতি কৰি পেট প্ৰৱৰ্তায়৷ মূল কৃষিজাত উৎপাদন গোমধান, কণীধান, মাহজাতীয় শস্য আদি৷ উদ্যান শস্যৰ ভিতৰত সুমথিৰা, আপেল, নাচপতি, বগৰী, ইলাচি প্ৰধান৷ উদ্ভিদকুল আৰু জীৱকুলৰ বিচিত্ৰতা পৰিলক্ষিত হয় এই অঞ্চলৰ চিৰসেউজ অৰণ্যত৷ বাঁহ, বেত, লা, ধুনা, শিঙৰি, পাইন, হলখ, ফাকডিমা, বিভিন্ন জাতৰ অৰ্কিড আদি বনজ সম্পদ ইয়াৰ বনাঞ্চলসমূহত সুলভ৷ ইয়াৰ হাবিত পহু, সুগৰী পহু, কেৰ্কেটুৱা, ভালুক, বনগাহৰি, বান্দৰ, শিয়াল, সাপ আদি বন্যপ্ৰাণীও পোৱা যায়৷ মিচিমি দোৱানত ‘তেলু’ বুলি জনাজাত লোহিত প্ৰমুখ্যে লাম, তিডিং, দালাই, ক্র’উতি, দিচু, লাতি, ক্লুং, দাউ, তেলুৱা, আমপানী, চাৰতি আদি এই জিলাৰ মাজেৰে বৈ যোৱা প্ৰধান নৈ৷ ফেব্ৰুৱাৰী মাহৰ ১৫তাৰিখে উদ্‌যাপন কৰা তামলাদু এই জিলাৰ অধিৱাসীসকলৰ প্ৰধান উৎসৱ৷

10370814_788745674547829_6798756581219811906_n

 

 

পূব হিমালয়ৰ প্ৰদূষণমুক্ত আকাশৰ তলত আনজাৱ জিলা৷ জিলাখনৰ অপূৰ্ব পৰ্বতমালা, সুন্দৰ আৰু মনোৰম নৈ-নিজৰা-জান-জুৰি, সেউজীয়া বনাঞ্চল, সমৃদ্ধ সম্পদৰাজি, বন্যপ্ৰাণী, আন্তৰ্জাতিক সীমান্ত ইত্যাদিৰ সমাহাৰ পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ৷ জিলাখনৰ উত্তৰ সীমাই স্পৰ্শ কৰি আছে তিব্বতীয় ব্যৱসায়িক চহৰ ৰিমাক৷ এই অঞ্চলৰ লোকে আন্তৰ্জাতিক সীমান্ত পাৰ হৈ আত্মীয়-স্বজনৰ ওচৰলৈ অবৈধভাৱে আহ-যাহ কৰাটো সঘনাই দেখা পোৱা দৃশ্য৷ প্ৰসংগক্ৰমে, ম্যানমাৰ সীমান্তত লাগি থকা চাংলাং জিলাৰ নংকি বস্তিৰ নিবাসী টাংচাসকলেও একেধৰণে ম্যানমাৰত থকা নিজৰ আত্মীয়সকলৰ ঘৰলৈ আহ-যাহ কৰাৰ কথা শুনিছিলোঁ৷

অৰুণাচলত প্ৰৱেশৰ বাবে এক বিশেষ প্ৰৱেশ-পত্ৰ ‘ইনাৰ লাইন পাৰমিট’ৰ প্ৰয়োজন৷ আনজাৱ জিলালৈ যাবৰ বাবে চূণপোৰা গে’টেৰে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিব পাৰি৷ নতুবা, লোহিত জিলাৰ প্ৰৱেশ দ্বাৰ ডিৰাক গে’টেৰে সোমায়ো সেই জিলাৰ মাজেৰে আনজাৱ জিলালৈ যাব পাৰি৷ জিলাখনৰ ঠাইবিলাকলৈ পথ যোগাযোগ আছে৷ আনহাতে ইয়াৰ নিকটৱৰ্তী ৰে’ল ষ্টেচন হৈছে অসমৰ তিনিচুকীয়া আৰু বিমানঘাটি ডিব্ৰুগড়ৰ মোহনবাৰী৷

বছৰৰ গোটেই সময়ছোৱাতে এই জিলালৈ আহ-যাহ কৰিব পাৰি৷ এপ্ৰিল, মে’ আৰু জুন মাহ উৎকৃষ্ট সময়৷ তিনিচুকীয়াৰ পৰা আনজাৱ জিলাৰ সদৰ হাৱাইলৈ অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ চলে৷ পৰশুৰাম কুণ্ড হৈ হাৱাইলৈ দূৰত্ব ৩৫০কিল’মিটাৰ৷

(আজিলৈ হল্ট৷ কাইলৈ পুনৰ যাত্ৰা)

দুই.
পুৰণি বন্ধুক বিচাৰি হায়ুলিয়াঙত

তিনিচুকীয়াৰ পৰা গাড়ীৰে যাত্ৰা কৰি ডুমডুমা, ৰূপাই চাইডিং, মহাদেৱপুৰ, কাকপথাৰ, ডিৰাক গে’ট, নামচাই, চৌখাম, ৱাকৰু, পৰশুৰাম কুণ্ড, হাৱা কেম্প, তেজু, হায়ুলিয়াং৷ ইয়াতে লগ পাম মোৰ পুৰণি বন্ধুক৷

নামচাই : ‘লেণ্ড অব গ’ল্ডেন পেগোডা’ বুলি জনাজাত এই ঠাই৷ নোৱাদিহিঙৰ পাৰত খামতি জনবসতিপ্ৰধান এই ঠাই ইতিহাস আৰু প্ৰকৃতি উভয়ৰে ফালৰ পৰাই সুখ্যাত৷ হীনযান বৌদ্ধ বিহাৰ অৰ্থাৎ চং সুদৃশ্য আকাৰ আৰু ৰূপত দেখা যায় ইয়াত৷ তিনিচুকীয়াৰ পৰা ইয়ালৈ ৭৫কিল’মিটাৰ৷

ৱাকৰু : কামলাং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া ঠাই৷ উদ্ভিদ আৰু প্ৰাণীকুলত চহকী৷ সুমথিৰাৰ বাবে বিখ্যাত এই স্থানৰ গ্ল’ লে’ক দুঃসাহসিক ক্ৰীড়াৰ লগতে উচ্চতাত অৱস্থিত এক মনোৰম থলী৷ ট্ৰেকিং, ৰাফটিং, এংগলিং আদিৰ কাৰণে এক উপযুক্ত স্থান৷

পৰশুৰাম কুণ্ড : কামলাং সংৰক্ষিত বনাঞ্চল এলেকাৰ ভিতৰত অৱস্থিত হিন্দুসকলৰ এক প্ৰসিদ্ধ তীৰ্থস্থান৷ চৌপাশে ৰুদ্ৰাক্ষ গছেৰে ভৰা ঘন অৰণ্য, যাৰ গুটি পৱিত্ৰ বুলি বিশ্বাস কৰা হয়৷ কিংবদন্তিৰ মতে, পিতৃবাক্য পালন কৰি পৰশুৰামে নিজৰ মাকক কুঠাৰেৰে হত্যা কৰিছিল৷ পিছত সেইখন দলিয়াই দিয়াত পাহাৰৰ ওপৰত পৰিলহি৷ কুঠাৰখনে পাহাৰক দুভাগ কৰিলে৷ তাৰ পৰাই ওলাই আহিল লোহিত নদী৷ পৰশুৰামৰ কুঠাৰখন য’ত পৰিছিল সেই ঠাইৰ নামেই পৰশুৰাম কুণ্ড৷ বিশ্বাস আছে যে মকৰ সংক্রান্তিৰ সময়ত এই ব্ৰহ্মকুণ্ডত ডুব মাৰি স্নান কৰিলে সকলো পাপ খণ্ডন হয়৷ কালিকা পুৰাণৰ মতে মাতৃহন্তা পৰশুৰামে ইয়াতে পাপমুক্ত হৈছিল৷ প্ৰতি বছৰে জানুৱাৰী মাহৰ ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ এই স্থানত বৃহৎ মেলা অনুষ্ঠিত হয়৷ অগণন ভক্তৰ তাত সমাগম হয়৷ লোহিত জিলাৰ অন্তৱৰ্তী এই ঠাইৰ পৰা জিলা সদৰ তেজুলৈ ২১কিল’মিটাৰ দূৰ৷ থকা-মেলাৰ বাবে পৰশুৰাম কুণ্ডত গে’ষ্ট হাউচ আছে৷ তিনিচুকীয়াৰ পৰা ইয়ালৈ পথ-দূৰত্ব ১২০কিল’মিটাৰ৷

তেজু : লোহিত জিলাৰ সদৰ ঠাই৷ তাম্ৰেশ্বৰী মন্দিৰ আৰু নিকটৱৰ্তী ধৰ্মক্ষেত্ৰ পৰশুৰাম কুণ্ডৰ বাবে ই উত্তৰ-পূৰ্বাঞ্চলেই নহয়, ভাৰতবৰ্ষতে জনাজাত৷ ভীষ্মক ৰজাৰ নগৰ কুণ্ডিল নগৰী ইয়াৰ আশে-পাশে আছিল বুলি বিশ্বাস এটা আছে৷ ডিগাৰু, খামতি, মিজি (মিচিমি) আদি সাংস্কৃতিক দিশত চহকী অৰুণাচলী জনগোষ্ঠীৰ বসতিস্থল তেজু৷ ইয়াৰ ভিতৰত মিচিমি জনগোষ্ঠীটোৱেই প্ৰাচীন৷ মহাভাৰতৰ যুগৰে পৰা তেওঁলোকে তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি আহিছে৷ ভগৱান ৰিংয়াজাবমালুক তেওঁলোকে তেওঁলোকৰ প্ৰধান দেৱতা বুলি গণ্য কৰি আৰাধনা কৰে৷

তেজুৰ পৰা আগলৈ ডিমৱে, তাফৰাগাম গাঁও ইত্যাদি৷ পৰশুৰাম কুণ্ড হৈ চৌখামৰ ফালৰ পৰা আহিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ হাৱা আৰ্মী কেম্পৰ ওপৰলৈ এটা ভিউ পইণ্ট আছে৷ ইয়াৰ পৰা লোহিত উপত্যকা অঞ্চল সম্পূৰ্ণকৈ প্ৰত্যক্ষ কৰিব পাৰি৷ এই দৰ্শনস্থলীৰ পৰা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃশ্যও উপভোগ কৰিব পাৰি৷ পৰশুৰাম কুণ্ড, লোহিত নৈৰ ওপৰৰ দলং, ৱাকৰুলৈ যোৱা পথ আদিও দেখা যায়৷ তেজুৰ পৰা ৱালং, তিনিচুকীয়া আদিলৈ বাছ চলাচল কৰে৷ তেজুত চাৰ্কিট হাউচ, ইন্সপেকচন বাংল’, টুৰিষ্ট লজ, বন বিভাগৰ গে’ষ্ট হাউচ (অৰণ্যধাম), হোটেল আদি আছে৷

তিনিচুকীয়াৰ পৰা তেজুলৈ আলুবাৰী ঘাট হৈ পোনাই যাব পাৰি৷ ১৯৯৩চনত প্ৰথমবাৰ তেজুলৈ যাওঁতে তেনেদৰে গৈছিলোঁ৷ তেতিয়া পৰশুৰাম কুণ্ডত দলং নাছিল৷ দূৰত্ব অধিক হ’লেও এতিয়া নামচাই, পৰশুৰাম কুণ্ড হৈ পকী পথেৰে যাব পাৰি৷ আনহাতে শদিয়া-চূণপোৰা পথেৰেও আহিব পাৰি৷

উদায়াক পাছ : তেজুৰ পৰা আগুৱালে এই স্থান পোৱা যায়৷ স্থানীয় লোকৰ দ্বাৰা পথৰ দাঁতিত নিৰ্মিত মন্দিৰ এটা ইয়াত দেখা যায়৷

চাগলোগাম : উদায়াক পাছৰ পৰা আগলৈ, দালাই নৈৰ বাঁওপাৰে অৱস্থিত ধুনীয়া ঠাই৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ১,২৫৮মিটাৰ৷ চাগলোগাম চাৰ্কোলৰ ই হেডকোৱাৰ্টাৰ৷ ট্ৰেকিং, এংগলিং, ৰাফটিং, মাউণ্টেইনিয়াৰিঙৰ দৰে দুঃসাহসিক ক্রীড়াৰ অৰ্থে সুচল ঠাই৷ স্থানীয় মিচিমি আবাসীসকল শান্তিপ্ৰিয় আৰু আজিও তেওঁলোকৰ সাংস্কৃতিক স্বকীয়তা বৰ্তাই ৰাখিছে৷ জিলা সদৰ হাৱাইলৈ ইয়াৰ পৰা দূৰত্ব ১০৭কিল’মিটাৰ৷ আনহাতে তেজুৰ পৰা ইয়ালৈ ১৭০কিল’মিটাৰ৷ ইয়াৰ পৰা ৪৬কিল’মিটাৰ আগলৈ হায়ুলিয়াং৷

হায়ুলিয়াং : আনজাৱ জিলাৰ মহকুমা সদৰ৷ সীমান্তৰ বাটত এইখনেই অকণমান ডাঙৰ ঠাই৷ মিচিমি দোৱানত হায়ুলিয়াঙৰ অৰ্থ the place of my liquor৷ সমুদ্ৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ৭৫০মিটাৰ৷ ইয়াৰ জলবায়ু শীতল, সুখদায়ক আৰু স্বাস্থ্যকৰ৷ ইয়াৰ পৰা লোহিত আৰু দালাই নৈৰ সংগমস্থলৰ দৃশ্যাৱলী প্ৰত্যক্ষ কৰিব পাৰি৷ ইয়াৰ পৰা নামদফা, ৰ’য়িং, ডিব্ৰু-চৈখোৱা আদিলৈ যাব পাৰি৷ হায়ুলিয়াঙত এটা চৰকাৰী পৰিদৰ্শন বঙলা, উচ্চতৰ মাধ্যমিক স্কুল, ভাৰতীয় ষ্টেট বেংকৰ শাখা কাৰ্যালয়, টেলিফোন একচেঞ্জ, টিভি ট্ৰেন্সমিটাৰ, কমিউনিটি হেলথ চেণ্টাৰ, বি.আৰ.টি.এফ.ৰ কেম্প, দোকান ইত্যাদি আছে৷ তেজুৰ পৰা ইয়াৰ দূৰত্ব ১০২কিল’মিটাৰ৷ হায়ুলিয়াঙলৈ ৫কিল’মিটাৰমান থকা অৱস্থাত লোহিত নৈৰ ওপৰত পোৱা যায় পকী দলং৷ লোহিতৰ পাৰতে পৰিদৰ্শন বঙলাটো অৱস্থিত৷ তেজুৰ পৰা হায়ুলিয়াঙলৈ হেলিকাপ্তাৰ সেৱা আছে৷ এই অঞ্চলৰ উদ্ভিদসমূহৰ আকাৰ মন কৰিবলগীয়া৷ অৰুণাচলৰ জাতীয় প্ৰাণী মেথোনকে ধৰি জীৱ-জন্তু ইয়াৰ মানুহে প্ৰতিপালন কৰে৷ স্থানীয় লোকৰ সংখ্যা কম৷ শতকৰা আশী ভাগেই চৰকাৰী কৰ্মচাৰী৷ প্ৰয়োজনীয় সকলো বস্তুৱেই ইয়ালৈ তেজু বা তিনিচুকীয়াৰ পৰা আনিব লাগে৷

১৯৬২ৰ চীন-ভাৰতৰ ‘ৱালঙৰ যুদ্ধ’ত চাইনীজ ৰে’ড আৰ্মীক ১১নং ইনফেনট্ৰি ব্ৰিগেডে ৰোধ কৰিবলৈ অক্ষম হ’লত ভাৰতীয় সেনা হায়ুলিয়াঙলৈ পিছ হুহকিবলৈ বাধ্য হৈছিল৷ আনহাতে চাইনীজ সেনা চাংৱিনটিৰ পৰা আৰু আগ বাঢ়ি নাহিল৷ এয়াই সেই ঐতিহাসিক হায়ুলিয়াং৷

ইয়াতে আছে আজিৰ পৰা ৩০বছৰ আগতে একেলগে পঢ়া মোৰ অৰুণাচলী সহপাঠী ধৰ্মেন, যি মোক তেজুত থকা সিহঁতৰ ঘৰলৈ লৈ গৈছিল৷ তাৰ মিচিমি মাকজনী, বায়েক-ভায়েক-ভনীয়েকহঁতে মৰমৰ নাগপাশেৰে পাহৰিব নোৱাৰাকৈ বান্ধি পেলাইছিল মোক৷ মাজে মাজে হেৰাই গ’লেও আচম্বিতে কেতিয়াবা নাহৰলগুনত, কেতিয়াবা ইটানগৰত লগ পোৱাৰ বছৰদিয়েক পিছত এইবাৰ দেখাদেখি হ’ম এই হায়ুলিয়াঙত! তেহেলৈ মোৰ বাবেও হায়ুলিয়াং ইতিহাসেই হ’বলৈকে ৰৈ আছে!!

(পুৰণি বন্ধুৰ আতিথ্য গ্ৰহণৰ পৰিপ্ৰেক্ষিতত আজিলৈ হল্ট৷ কাইলৈ পুনৰ যাত্ৰা ৬২ৰ যুদ্ধথলীলৈ৷)

তিনি

হায়ুলিয়াঙৰ পৰা ৱালঙলৈ…

খুপা : হায়ুলিয়াঙৰ পৰা ৪২কিল’মিটাৰ আগলৈ অৱস্থিত এই ঠাই৷ ইয়াত এটা সৰু তেল ডিপ’, আমপানী নামে লজ আছে৷ খুপাৰ পৰা ১০০কিল’মিটাৰ আগলৈ ৱালং৷

হাৱাই : আনজাৱ জিলাৰ সদৰ ঠাই৷ কামান মিচিমি দোৱানত হাৱাইৰ অৰ্থ হৈছে পুখুৰী৷ লোহিত নদীৰ বাঁওহাতে, হায়ুলিয়াঙৰ পৰা ৫৮কিল’মিটাৰ দূৰত্বত দক্ষিণ-পূবে এই ঠাই অৱস্থিত৷ সমুদ্ৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ১,২৯৬মিটাৰ৷ ইয়াত লোহিত নৈৰ ওপৰত আনজাৱ নামৰ কেবোল চাচপেনচন ব্ৰিজ এখন আছে৷ নৈ পাৰ হৈ পাহাৰৰ বক্ষত থকা এই স্থানৰ জলবায়ু সুখকৰ৷ প্ৰাকৃতিক দৃশ্যাৱলীও মনোমোহা৷ জনজাতীয় সংস্কৃতিৰে একক আৰু অনন্য স্থান৷ হাৱাইৰ পৰা ৱালঙলৈ দূৰত্ব ৫০কিল’মিটাৰ৷ হাৱাইত চাৰ্কিট হাউচ আছে৷

ৱালং : আনজাৱ জিলাৰ এখন প্ৰশাসনীয় ঠাই৷ ৱালং চাৰ্কোলৰ হেড-কোৱাৰ্টাৰ৷ মিচিমি দোৱানত ৱালং শব্দৰ অৰ্থ a place full of bamboos৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ১,০৯৪মিটাৰ৷ এই ঠাই লোহিতৰ পশ্চিম পাৰে অৱস্থিত৷ তেজুৰ পৰা ইয়ালৈ দূৰত্ব ২০০কিল’মিটাৰ৷ ইয়াৰ পৰা চীন সীমান্ত ২০কিল’মিটাৰ আঁতৰত৷ ১৯৬২চনৰ চীন-ভাৰত সমৰৰ থলী হিচাপে এই ঠাইৰ ঐতিহাসিক আৰু সামৰিক গুৰুত্ব আছে৷ তেজুলৈ ইয়াৰ পৰা বাছ চলে৷

ৱালঙৰ পৰিৱেশ শান্ত-সমাহিত৷ বিশাল পৰ্বতৰ থিয় ঢাল এটাত এই সৰু ঠাইখন৷ মাজেদি ৰাস্তাটো, তলত লোহিত নদী৷ জনবসতি সেৰেঙা৷ ৰাস্তাৰ একাষে পিচিঅ’, চাহ দোকান, চেলুনকে ধৰি এশাৰী দোকান৷ ৱালং জেনেৰেল ষ্ট’ৰ ৱালঙৰ একমাত্ৰ অসামৰিক দোকান৷ আনকাষে সৰু সৰু ঘৰ৷ দৰাচলতে ৱালং এখন আৰ্মী কেণ্টনমেণ্ট৷ সৈন্য বাহিনীৰ কেম্পটোৱেই ডাঙৰ ইয়াত৷ লোহিতৰ পাৰত সিঁচৰতি হৈ আছে সেনাৰ কোৱাৰ্টাৰ বা বেৰেকবোৰ৷ ইয়াত এটা হেলিপেড আৰু ইন্সপেকচন বাংল’ আছে৷ পাহাৰৰ ওপৰলৈ আছে এটা চৰকাৰী চাৰ্কিট হাউচ৷ শিলৰ খটখটীৰে বজাৰৰ পৰা চাৰ্কিট হাউচলৈ চৰ্টকাট মাৰি যাব পাৰি৷ চাৰ্কিট হাউচৰ পৰা পৰ্বতৰ চূড়া আৰু উপত্যকাৰ দৃশ্য উপভোগ কৰিব পাৰি৷ উপত্যকাটোত সঘনাই ফেৰফেৰীয়া বতাহ বলি থাকে আৰু বেলি সোনকালেই নেদেখা হোৱাৰ ফলত আন্ধাৰো সোনকালেই হয়৷

11067499_789743531114710_1358119489557698582_n

 

 

ৱালঙত চীন-ভাৰত যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈন্যৰ প্ৰতি উচৰ্গা কৰা হৈছিল টাইম মেগাজিনৰ ৩০নবেম্বৰ ১৯৬২ তাৰিখৰ সংখ্যাটি৷ তাত এইবুলি উল্লেখ কৰা হৈছিল ‘At Walong, Indian troops lacked everything. The only thing they did not lack was guts.’ ১৯৬২ৰ ছেপ্টেম্বৰত যেতিয়া চীনে ভাৰতৰ উত্তৰ-পূব খণ্ড Tiger’s mouthএদি আক্রমণ চলোৱাৰ পৰিকল্পনা ৰচনা কৰিলে তেওঁলোকে ভাৰতীয় সৈন্য সষ্টম নোহোৱাটোকে প্ৰতিপন্ন কৰিছিল৷ তেনেকুৱা এক অভাৱনীয় পৰিস্থিতিত যিটোৱে চীনা সৈন্যক ভেটিবলৈ সমৰ্থ হ’ল সেয়া আছিল ভাৰতীয় সৈন্যৰ সাহসিক প্ৰতিৰোধ৷ এই সংক্ৰান্তত দেশৰ তদানীন্তন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১২নবেম্বৰত অল ইণ্ডিয়া ৰেডিঅ’যোগে দিয়া ভাষণে (…My heart goes out for the people of Assam) চিন্তিত কৰি তুলিছিল সেই সময়ৰ অসমবাসী জনগণক৷ বহুতে বহুত ধৰণেৰে আজিও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ পিছত ২০নবেম্বৰৰ মাজনিশা ৰেডিঅ’ অষ্ট্ৰেলিয়াত শুনিবলৈ পোৱা গৈছিল এক ঘোষণা… China has declared unilateral ceasefire৷ একপক্ষীয় যুদ্ধ বিৰতি৷ কোৱা হয়, ফৰৱাৰ্ড পলিচীৰ জৰিয়তে বাৰে বাৰে সীমা ঠেলাৰ বাবেই এনেকৈ ভয়ানক ধৰণে শাস্তি দি ভাৰতীয় সেনাৰ কামিহাড় ভাঙি দিছিল চুবুৰীয়া চীনে৷ চীনা কিয় আহিছিল তাৰ ব্যাখ্যাও অৱশ্যে বেলেগ বেলেগৰ মুখত বেলেগ ধৰণে শুনা যায়৷ আনহাতে, ইমান ওচৰলৈ আহিও, সেই ভাৰতীয় অঞ্চলসমূহ অধিগ্ৰহণ নকৰি চীনা কিয় ঘূৰি গ’ল সেয়া আজিও ডাঙৰ প্ৰশ্ন৷

১৯৬২ৰ ২২অক্টোবৰৰ পৰা ১৬নবেম্বৰ পৰ্যন্ত শিখ, কুমাওঁন, গোৰ্খা আৰু ডোগ্ৰা ৰেজিমেণ্টৰ জোৱানসকলে উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে অজানা এলেকাটোত তয়াময়া যুদ্ধত লিপ্ত হ’ল৷ যুদ্ধৰ বাবে কোনো ধৰণৰ প্ৰস্তুতি নথকা ভাৰতীয় সৈন্যই পৰ্যাপ্ত পৰিমাণৰ যুদ্ধাস্ত্ৰৰ অভাৱত আগ্ৰাসী চীনা সৈন্যৰ অতৰ্কিত আক্রমণত তিষ্ঠিব নোৱাৰিলে৷ সন্মুখ সমৰত বহুতৰে মৃত্যু হ’ল৷ কোনো কোনোৱে ছত্ৰভংগ দিলে৷ প্ৰাণ লৈ বগুৱা বাই পলাওঁতে তিনিওফালে ওখ পৰ্বতে ঘেৰা দুৰ্গম ৱালং ভেলীত নিখোজ হ’ল বহুজন৷ যিখিনি ৰ’ল সেইখিনিৰ বাবে নিৰ্দেশ বুলিবলৈ একো কথাই নাথাকিল৷ শেষৰটো বুলেট হাতত থকালৈকে, শেষৰজন সৈন্য জীৱিত থকালৈকে তেওঁলোকে যুদ্ধ কৰি গ’ল৷অৱশেষত গুলীয়াগুলী শেষ হ’ল, যুদ্ধ বিৰতি হ’ল৷ ভাৰতীয় বাংকাৰসমূহত দেখা গ’ল সেনাৰ মৃতদেহবোৰ৷ চীনা সৈন্যই মৰাশবোৰ ঢাকিলে৷ দুৰ্গম পাহাৰৰ শিলৰ ফাঁকত, পাইন গছৰ তলত, ঘাঁহৰ মাজত যুদ্ধবিধ্বস্ত জোৱানৰ ইউনিফৰ্মৰ টুকুৰা, বন্দুক-বাৰুদকে ধৰি হাথিয়াৰ, ব্যক্তিগত বস্তু-বাহানি এতিয়াও সিঁচৰতি হৈ থকাৰ সম্ভাৱনা নুই কৰা নাযায়৷ ৱালঙৰ ভূমিস্খলনৰ থলী পৰিষ্কাৰ কৰোঁতে তেনে সামগ্ৰী এতিয়াও উদ্ধাৰ হৈছে৷

ৱালং যুদ্ধত নিহত যোদ্ধাসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে স্মাৰক হিচাপে ৱালঙত সজা হৈছে Hut of Remembrance৷ বগা ৰঙৰ সুদৃশ্য ৱাৰ মেম’ৰিয়েল বিল্ডিঙৰ ক’লা মাৰ্বলৰ ফলকত লোহিত ভেলীৰ উক্ত যুদ্ধত নিহত ছহিদ জোৱানসকলৰ নাম খোদিত কৰি ৰখা হৈছে৷ বহুসংখ্যক ভাৰতীয়ই চীন-ভাৰত যুদ্ধত ভাৰতীয় সেনাৰ এই আত্মত্যাগ আৰু বেদনাদায়ক ঘটনা-প্ৰৱাহৰ বিষয়ে আজিও হয়তো নাজানে৷ অৰুণাচল হিমালয়ৰ দুৰ্গম পৰ্বত শিখৰত প্ৰচণ্ড শীতৰ লগতে ভোক-পিয়াহত জৰ্জৰিত দেহাৰে মাতৃভূমিক বিদেশী শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যত প্ৰাণ আহুতি দিয়া বীৰ জোৱান ছহিদৰ নাম সময়ৰ এপিটাফত সোণালী আখৰেৰে কাললৈ খোদিত হৈ ৰ’ল৷ সেই কষ্ট আৰু ত্যাগৰ আজিও নীৰৱ সাক্ষী হৈ ৰ’ল সুউচ্চ পৰ্বতমালা আৰু পৰ্বতৰ ফাঁকেৰে বৈ থকা লোহিত নৈখন৷

ৱালঙৰ পৰা কিবিথোলৈকে সৰ্পিল পথছোৱা লোহিতৰ পাৰে পাৰেই নিৰ্মাণ কৰা হৈছে৷ ভাৰতীয় সেনা আৰু সীমান্ত পথ সংগঠনে এই অঞ্চলৰ বাট-পথবোৰ নিৰ্মাণ কৰিছে৷ পথছোৱাত পকী দলঙৰ উপৰি বাঁহ আৰু কাঠৰ তক্তাৰে নিৰ্মিত, তাঁৰেৰে খোপনি ধৰি ৰখা অনেক ওলোমা দলং দেখিবলৈ পোৱা যায়৷ অপৰ্যাপ্ত পৰিমাণে পোৱা পাইন কাঠেৰে নিৰ্মিত ইয়াৰ ঘৰবোৰ৷ সমগ্ৰ অঞ্চলটোৰেই দৃশ্যাৱলী চালে চকুৰোৱা৷ ৰাজ্যখনৰ ভিতৰতে ই অতিশয় সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলী৷ পাহাৰৰ বক্ষত ৰোমাঞ্চকৰ আৰু শিহৰণকাৰী ট্ৰেকিঙৰ বাবেও এখন জনপ্ৰিয় ঠাই৷

(আজিলৈ ৱালঙতে হল্ট৷ কাইলৈ পামগৈ ডং, সূৰুযে ভুমুকি মাৰে, দেশখনৰ ভিতৰতে সকলোতকৈ আগেয়ে৷)

চাৰি.

ডং : ৰাঙলী সূৰুযে য’ত পোনতে ভুমুকিয়াই

টিলাম : ৱালঙৰ পৰা ৪কিল’মিটাৰ আঁতৰত এই ঠাইখন৷ এই ঠাই গৰম পানীৰ উহৰ বাবে জনাজাত৷ লোহিত আৰু দিচু নৈৰ মিলনস্থলত আছে তেনে এটি উষ্ম প্ৰৱাহ৷ ঔষধি গুণসম্পন্ন এনে উষ্ণ প্ৰৱাহৰ ধাৰ এটাৰ দাঁতিতে চাৰ্কিট হাউচ এটা সজা হৈছে৷

নামটি ভেলী : সাধাৰণতে নামটি ময়দান নামে জনাজাত এই ঠাই ৱালঙৰ পৰা ৭কিল’মিটাৰ দূৰত্বত, ৱাৰ মেম’ৰিয়েলৰ পৰা আগলৈ, কিবিথোলৈ যোৱাৰ পথত অৱস্থিত৷ প্ৰাচীনকায় পাইন গছেৰে ভৰা ই এটা উপত্যকা৷ ১৯৬২ত চীনা যুদ্ধৰ ফলত ৰক্তাক্ত হৈছিল নামটিৰ পাৰ্বত্য অঞ্চল৷ যুদ্ধত অৱতীৰ্ণ হোৱা ভাৰতীয় সৈনিকৰ সাহসৰ আজিও নীৰৱ সাক্ষী হৈ ৰৈছে এই উপত্যকা৷ এখন বিশেষ স্থান হিচাপে খোদিত হৈ ৰৈছে ভাৰতীয় সেনাৰ যুদ্ধ-বিগ্ৰহৰ ইতিহাসত৷ সেয়ে এই উপত্যকা বিশিষ্ট পৰ্যটন থলী হিচাপে পৰিগণিত৷ ইয়াৰ জলবায়ু শীতল আৰু স্বাস্থ্যকৰ৷

কাহ’ : নামটি ভেলীৰ পৰা আগলৈ৷ কাহ’ হৈছে সুউচ্চ পৰ্বত শৃংগৰ মাজৰ উপত্যকাত চীন সীমান্তত অৱস্থিত এখন সৰু গাঁও৷ এয়াই ভাৰতৰ পূব সীমান্তৰ শেষ বসতি৷ Line of Actual Control ইয়াৰ পৰা তেনেই ওচৰত৷ এখন গ্ৰাম্য বিদ্যালয় লোহিত গুডউইল স্কুল, বৌদ্ধধৰ্মীসকলৰ এটা মনেচটাৰী, সৰু চাহ দোকান, পি.চি.অ’. আদিৰে ই এখন নীৰৱ ঠাই য’ত কুমাৰী প্ৰকৃতিয়ে অনুপম দৃশ্যৰাজিৰে মোক চা মোক চা কৰি ৰয়৷ অনৱৰতে সেনাৰ তহলদাৰী চলি থাকে সীমান্তৱৰ্তী এই অঞ্চলত৷ সেনাবাহিনীৰ জোৱানৰ অনুগ্ৰহত দূৰবীণ যন্ত্ৰৰে ইয়াৰ পৰা চীনৰ দিশে চাব পাৰি৷

ডং : ভাৰতৰে পূৰ্বদিশৰ সূৰ্য উঠা দেশ অৰুণাচল৷ এই অৰুণাচলৰে সবাতোকৈ পূবত ভাৰতৰ ভিতৰত সবাতোকৈ আগেয়ে সূৰ্য উঠা ঠাই ডং৷ সেয়াই ইয়াৰ প্ৰাকৃতিক, ভৌগোলিক গুৰুত্ব আৰু বিশেষত্ব৷ তিনিখন ৰাষ্ট্ৰ ক্রমে ভাৰত, চীন আৰু ম্যানমাৰৰ সীমাই পৰস্পৰে পৰস্পৰক চুই থকা ভূখণ্ডৰ তেনেই ওচৰত, লোহিত আৰু চাই-টি নৈৰ মিলনস্থলৰ সমীপত, সমুদ্ৰপৃষ্ঠৰ পৰা ১,২৪০মিটাৰ উচ্চতাত অৱস্থিত এই ঠাই৷ ভৌগোলিক অৱস্থান ২৮ডিগ্ৰী ১৬’৬৪” উত্তৰ অক্ষাংশ আৰু ৯৭ডিগ্ৰী ৩’৮১” পূব দ্ৰাঘিমাংশ৷ চৌপাশৰ অমলিন সৌন্দৰ্যৰে ডং আজিও সমুজ্জ্বল য’ত ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বপ্ৰথমে পুৱাৰ সূৰুযে কোমল কিৰণেৰে দেশবাসীক সুপ্ৰভাত জনায়৷দুফালে বৃহৎ পৰ্বত, কাষেৰে লোহিত নৈ৷ প্ৰায় ৪,০০০ফুট ওখ শৃংগ৷ ইয়াৰ পৰা চীনলৈ পোনে পোনে ১০কিল’মিটাৰো কম৷

১৩০ফুট বহল এখন ওলোমা সেতুৰে ৩০ফুট তলত হৰহৰাই বৈ থকা লোহিত নৈ পাৰ হৈ ডঙলৈ ৱালঙৰ পৰা দূৰত্ব ৭কিল’মিটাৰ৷ লোহিতৰ বাঁওপাৰে অৱস্থিত এইখন এখন সৰু অথচ ধুনীয়া গাঁও৷ চহকী সাংস্কৃতিক সম্পদেৰে সমৃদ্ধ মেয়ৰ জনগোষ্ঠীৰ লোকৰ আবাসস্থল৷ পাইন বনাঞ্চল আৰু বৰফাবৃত্ত পাহাৰে ইয়াক আগুৰি আছে৷ খোজ কাঢ়ি পাহাৰ বগাই ইয়ালৈ ১ঘণ্টা ৩০মিনিটৰ বাট৷ প্ৰথম ভাৰতীয় সূৰ্যোদয়ৰ অপূৰ্ব দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে আগদিনাই আহি ৱালঙত থাকি লৈ মাজনিশা ২বজাতে দৰ্শনকাৰী সাজু হ’ব লগা হয় কষ্টসাধ্য ট্ৰেকিঙৰ বাবে৷ মিলেনিয়াম পইণ্টলৈ যাবৰ বাবে ভাৰতীয় সেনাৰ অনুমতিৰ প্ৰয়োজন৷ ডং উপত্যকাটো পাৰ হৈ এখন মালভূমিৰ পৰা এই মহাজাগতিক দৃশ্য দেখা যায়, যাৰ দূৰত্ব ৱালঙৰ পৰা ১২কিল’মিটাৰ৷

বাতৰি কাকতত প্ৰথমবাৰৰ বাবে ডঙৰ নাম প্ৰকাশ হৈছিল ২০০০চনত৷ কেইগৰাকীমান অনুসন্ধিৎসু পৰ্যটকৰ সহস্ৰাব্দৰ সূৰ্যোদয় দৰ্শনে ব্যাপক প্ৰচাৰ লাভ কৰাৰ পিছৰ পৰাহে দৰাচলতে অৰুণাচল চৰকাৰে ডঙৰ প্ৰতি গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে৷ সৃষ্টিৰ সৌন্দৰ্যৰ এই নিভাঁজ থলীত সামৰিক বাহিনীৰ জোৱানৰ বাহিৰে বহিৰ্বিশ্বৰ মানুহে তেতিয়াৰ পৰাহে ভৰি দিবলৈ আৰম্ভ কৰিলে৷ সেইসকল অগ্ৰজৰ পদাংক অনুসৰণ কৰি, অভিজ্ঞতাক সাৰথি কৰি, নিজস্ব সত্যানুসন্ধানৰ দিশে অন্তহীন উত্তেজনাত এতিয়া নিদ্ৰাহীন ৰজনী কটাইছে আমাৰ দৰে কৌতূহলী কতজনে!

তেতিয়াই জানিছিলোঁ, এই ঠাইখনত মানুহ নগণ্য৷ সংখ্যাত কেৱল তিনিঘৰ৷ গাঁওবাসীয়ে ৱালং পাবলৈ ডেৰ ঘণ্টা খোজ কাঢ়িবলগীয়া হয়৷ যান-বাহন চলাচলৰ ৰাস্তা নাই৷ তাকে নকৰি সাহসক সাৰথি কৰি ৰ’পৱেত নিজকে জুঁটি পুলিৰ সহায়ত স্লাইড কৰি এক মিনিটতে পাৰ হৈ যাব পাৰি খৰস্ৰোতা লোহিতৰ ওপৰেদি৷ তেনেকৈয়ে আনকি কোলাত কেঁচুৱা লৈ মহিলাও পাৰ হয়৷ তেনেকৈয়ে ল’ৰা-ছোৱালীয়ে ৱালঙত স্কুলত পঢ়িবলৈ যায়৷ বিপদক সন্মুখত লৈ প্ৰতিবাৰতে চলে যেন এক ধৰণৰ এডভেন্সাৰ! আৰ্মীৰ লোকসকলৰ সৈতে কথা-বতৰা পতা আৰু স্কুলত শিকাৰ ফলতে ইয়াৰ লোকসকলে হিন্দী ভালকৈ ক’ব পাৰে৷

ডঙত থকা সকলো লোকেই খেতিয়ক৷ পাহাৰৰ বক্ষত যি সামান্য সমতল ঠাই পোৱা যায়, তাতে জুম পদ্ধতিৰে ধান, মাকৈ আদিৰ খেতি কৰে লামা সম্প্ৰদায়ৰ এই মানুহকেইঘৰে৷ কুকুৰা, গাহৰি আদিও পোহে৷

ডঙত বাস কৰা লাদু, পুতচাং, জাজি, দৰমা, দৰজি, তিংকাহঁতৰ মাজৰ কোনো কোনোৱে তেজুলৈ গৈছে, ৰাজধানী ইটানগৰ হ’লে দেখাগৈ নাই৷ তাত চৰকাৰে থাকে বুলি শুনিছে৷ আৰু দিল্লী? সেয়াটো বহু দূৰ৷ কল্পনা কৰাও টান৷

তেজুৰ পৰা ডঙলৈ দূৰত্ব ২১৫কিল’মিটাৰ৷ হায়ুলিয়াঙৰ পৰা ১১২কিল’মিটাৰ৷ তিনিচুকীয়াৰ পৰা পূবে ৩৫০কিল’মিটাৰ৷ ৱালঙৰ পৰা ডঙলৈ যাওঁতে সেনাৰ অনুমতি লৈ কিছুদূৰ গাড়ীৰে আগুৱাই যাব লাগে৷ সৈন্য বাহিনীৰ মৰ্জিৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰে৷

(সূৰ্যোদয় দৰ্শন নহলে ভাৰত দৰ্শন মিছা৷ গতিকে ডঙতে আজিলৈ হল্ট৷ কাইলৈ যাত্ৰা উত্তৰপূবৰ একেবাৰে পূবলৈ, পথটো শেষ হৈছে৷)

পাঁচ.

‘মিছন একমপ্লিছড’

আন্তৰ্জাতিক সীমা ‘লাইন অফ একচুৱেল কণ্ট্ৰ’ল’৷ সিপাৰে ৰিমা৷ এইপাৰে কিবিথো৷ ভাৰতবৰ্ষৰ একেবাৰে পূব দিশত স্থায়ীভাৱে বসতি কৰা মানুহৰ অন্তিম বাসস্থলী কিবিথো৷ এখন সৰু, গ্ৰাম্য ঠাই, সুউচ্চ পাহাৰে যাক ঘেৰি ৰাখিছে৷ আৰু সেই ওখ পৰ্বতলানিৰ সিপাৰেই অদূৰত প্ৰতিৱেশী পিপুল্চ ৰিপাব্লিক অফ চাইনা, মানে চীন দেশ৷ অনেক প্ৰতিবন্ধকতাৰ মাজত থাকি এক প্ৰকাৰৰ প্ৰত্যাহ্বানমূলক জীৱন-যাত্ৰাৰে কিবিথো আৰু ইয়াৰ কাষৰ-পাজৰত বাস কৰা সংখ্যানগণ্য অধিৱাসীসকলে দৈনন্দিন অতিবাহিত কৰি আহিছে৷ প্ৰতিকূল পৰিস্থিতিৰ মাজত নিজৰ উপস্থিতিৰে কিবিথোক কৰি তুলিছে উত্তৰ-পূবৰ অন্তিম পূব প্ৰান্তত ভাৰতীয়ৰ শেষ বসতি৷ ক’বলৈ গ’লে, দেশৰ মানচিত্ৰত চালে একেবাৰে পূবত দেখা-নেদেখাকৈ অঁকা এইটো অকণমানি এটা বিন্দু মাত্ৰ৷ ‘ইষ্ট অফ দ্যা নৰ্থ-ইষ্ট’৷ আনহাতে চন ২০০০ সূচনা হোৱাৰে পৰাই কেইবাটাও কাৰণত লাহে লাহে এই বিন্দুটোৱে কৌতূহলী মানুহৰ দৃষ্টিক টানি নিব ধৰিছে৷ ভাৰতীয় সৈন্য বাহিনীৰ সীমান্ত নিৰাপত্তাৰ এয়া শেষ ফ’ৰৱাৰ্ড বে’ছ য’ৰ পৰা খালী চকুৰে দেখা যায় ৰঙাচীনৰ বগা পৰ্বতমালা৷ আচলতে এখন নহয়, দুখন বিদেশী ৰাষ্ট্ৰৰ সৈতে এইডোখৰত সংযুক্ত হৈ ৰৈছে আমাৰ দেশৰ সীমা৷ উত্তৰত চীন, পূবফালে ম্যানমাৰ৷ গতিকে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা এই ঠাই সদায়েই গুৰুত্বপূৰ্ণ৷

১৯৬২ৰ চীন-ভাৰত যুদ্ধৰ নীৰৱ সাক্ষী কিবিথো৷ ইয়াৰ ভৌগোলিক অৱস্থান ২৮ডিগ্ৰী১৬’৪৯.৩” উত্তৰ অক্ষাংশ আৰু ৯৭ডিগ্ৰী০’৫৯.৪” পূব দ্ৰাঘিমাংশ৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ১,৩০৫মিটাৰ৷ লোহিতৰ সোঁপাৰে অৱস্থিত এই ঠাই অৰুণাচল প্ৰদেশৰ আনজাৱ জিলাৰ কিবিথো চাৰ্কোলৰ হেডকোৱাৰ্টাৰ৷ হাৱাই-ৱালং তহচিলৰ অন্তৰ্গত৷ পশ্চিমে মানচাল তহচিল আৰু হায়ুলিয়াং তহচিল, দক্ষিণে চংলংগাম তহচিল আৰু পশ্চিমে আনজাৱ তহচিলে ইয়াক বেৰি ৰাখিছে৷ তেজুৰ পৰা কিবিথোলৈ দূৰত্ব ২৩০কিল’মিটাৰ৷ জিলা সদৰ হাৱাইৰ পৰা দক্ষিণে ২৭কিল’মিটাৰ, হায়ুলিয়াঙৰ পৰা উত্তৰে ১৪০কিল’মিটাৰ, ৱালঙৰ উত্তৰে প্ৰায় ৩০কিল’মিটাৰ দূৰত্বত এই মনোমোহা স্থান৷

থিয় পাহাৰ আৰু খৰস্ৰোতা নৈয়ে মন-প্ৰাণ আলোড়িত কৰা কুমাৰী প্ৰকৃতিৰ বিনন্দীয়া লেণ্ডস্কেপেৰে অপূৰ্ব কিবিথো অঞ্চল৷ হিম-শীতল আৰু স্বাস্থ্যকৰ ইয়াৰ জলবায়ু৷ চীন সীমান্তৰ দুশাৰী পৰ্বতৰ মাজেৰে সোমাই আহি সোঁ দাঁতিয়েদি বৈ গৈছে নীলা নৈ লোহিত৷ ব্ৰহ্মপুত্ৰৰ এই মূল উপনৈখনে সিপাৰৰ পৰা খৰ গতিৰে এইমুৱাকৈ আহি ভাৰত ভূখণ্ডৰে নামনি অভিমুখে গতি কৰিছে বৰনৈক লক্ষ্য কৰি৷ চমৎকাৰ জলপ্ৰপাত, গৰম পানীৰ বোঁৱতী ধাৰ, পাইন গছৰ সোঁ-সোঁৱনিভৰা ঘন অৰণ্য, পৰাশ্ৰয়ী উদ্ভিদ, বনৰীয়া ফল-ফুল, বন্যপ্ৰাণী, সুউচ্চ সেউজ পাহাৰ, চকু জুৰ পেলোৱা চিত্ৰবৎ সৌন্দৰ্যময় প্ৰাকৃতিক দৃশ্যৰে মেটমৰা এই এলেকা৷ ইয়াৰ কাষেৰেই বৈ যোৱা দিচু নৈকে ধৰি জান-জুৰি, নৈ-নিজৰা অঞ্চলটোত অনেক আছে৷ অনিশ্চয়তা আৰু বাধা-বিপত্তিৰ মাজেৰে ট্ৰেকিং, ৱাটাৰ ৰাফটিং, ১০,০০০ফুটৰ পৰা ১৬,০০০ফুট ওখ শৃংগৰে থিয় পৰ্বতাৰোহণ, ওলোমা দলঙেৰে বতাহৰ সৈতে মিতিৰালি পাতি দ্ৰুতবেগী নৈ অতিক্ৰমন ইত্যাদিবোৰ কিবিথোৰ প্ৰধান আকৰ্ষণ৷ এডভেন্সাৰপ্ৰেমীসকলৰ বাবে অনেক ধৰণৰ ক্রীড়াৰ প্ৰত্যক্ষ আমোদ লোৱাৰ সুযোগ আছে দাঁতি-কাষৰীয়া স্থানসমূহত৷ উত্তৰ-পূৰ্বাঞ্চলৰ পথৰ অন্তিমত অৱস্থিত এই ঠাই সম্প্ৰতি অৰুণাচল প্ৰদেশৰ ভিতৰতে সবাতোকৈ আকৰ্ষণীয়, প্ৰদূষণমুক্ত পৰ্যটন থলী হিচাপে উন্নীত হৈছে৷

জাখ্ৰিং আৰু মিচিমি এই ঠাইত বাস কৰা প্ৰধান জনজাতি৷ ম

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments