কিয় লিখোঁ – হীৰেন গোহাঁই

মধ্য বয়সৰ সূৰ্য অস্তাচলৰ পিনে যিমানেই ধীৰে-ধীৰে ধাৱমান হৈছে, সিমানেই ক্ৰমে যোগাযোগ হেৰুৱাই পেলোৱা কনিষ্ঠ প্ৰজন্মৰ বাবে আন কিছুমান লেখকৰদৰে ময়ো এক প্ৰস্তৰ মূৰ্তিত পৰিণত হৈছোঁ বোধহয়- শ্ৰদ্ধেয়, কিন্তু অনাত্মীয়৷ সেয়ে তেওঁলোকে বিভিন্ন পত্ৰ-পত্ৰিকাৰ তৰফৰপৰা সাক্ষাৎকাৰ ল’বলৈ আহি প্ৰশ্ন কৰেঃ আপুনি কিয় লিখে? ডেকা লেখকক কোনেও এই প্ৰশ্ন নকৰে৷ যেনেকৈ ডেকা টেনিছ খেলুৱৈক কোনেও নোসোধে, আপুনি কিয় টেনিছ খেলে? কিন্তু বয়স্ক লেখক এনে প্ৰশ্নৰ সন্মূখীন হয় মাজে-মাজে৷ হয়তো তাৰ মাজত প্ৰচ্ছন্ন হৈ থাকে এক বিস্মিত অসহিষ্ণুতা৷ যেন কোৱা হৈছে, ‘বস! বহুত হ’ল, এতিয়া বন্ধ কৰক৷’ অথবা হয়তো এক নিভাঁজ কৌতুহল – ‘জীৱনটো, জগতখন, সাহিত্যৰ ভাষা, ভাঙি নতুনকৈ গঢ়াৰ যি বয়স,  সেই যৌৱন অতীত হোৱাৰ পাছতো কলম এৰা নাই কিয় আপুনি?’

হয়তো এক বিৰক্তিকৰ অভ্যাস, ইংৰাজীত যাক কয় ‘cussedness’  ৷ অৱসৰৰ নিৰাপত্তাহীনতাৰ দুঃস্বপ্নৰপৰা উপাৰ্জনৰ প্ৰয়াসেৰে উদ্ধাৰ পোৱাৰ আকাংক্ষা! আৰু ক্ৰমে বাঢ়ি অহা শক্তিহীনতাৰ উৎকন্ঠাৰ পৰা পলায়নৰ এক দুৰ্দমনীয় কিন্তু কৰুণ আশা৷

এই সকলোবোৰেই হয়৷ কিন্তু এইবোৰেই সকলো নহয়৷ এজন বয়োবৃদ্ধ লেখকৰ বিষয়ে তেওঁৰ আত্মীয়ই কয়, ‘ বেটাৰ নাম জাহিৰ কৰাৰ খঁক আৰু নগ’ল৷ দুদিন পাছত ওপৰৰ ডাক আহিব, কিন্তু এতিয়াও বাতৰিকাকতৰ পাতত নাম দেখিলে বুঢ়াই নাচোন দিব খোজে৷’ তেওঁৰ ৰসিক পাঠক এনে নীচ সন্দেহত ক্ৰুদ্ধ হ’ব, কিন্তু হ’লে কি হ’ব? এনে সন্দেহৰ টেঁটুত চেপা দিব নোৱাৰে৷  গতিকে এজন লেখকৰ দুৰ্বলতাৰপৰা তেওঁৰ সৃষ্টিশীলতাৰ বিচাৰ কৰা ভুল৷ এক অৰ্থত সকলোবোৰেইতো পলায়ন – ‘distracted from distraction by distraction’৷ কিন্তু অৰ্থহীনতাৰ, প্ৰেমহীনতাৰ, শূণ্যতাৰ আতংকৰ বিৰুদ্ধে মানুহৰ দুঃসাহসী অভিযানেইতো সভ্যতা৷ মানুহৰ চিন্তা-আৱেগ-কৰ্মই অহৰহ নিৰ্মম আৰু উদাসীন বিশ্বৰ হিমশীতল সুদুৰ নিৰ্লিপ্তিৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তাৰ সাৰ্থকতা৷ সৃষ্টিৰ আনন্দ আৰু বেদনাৰ মহত্ত্বম উৎস তাতেই নিহিত৷

এনে লেখক আছে যাৰ যশ-খ্যাতি আৰু স্বীকৃতিৰ নিৰ্লজ্জ লোভে আনক বিব্ৰত, লজ্জিত কৰে৷ সকলো মাধ্যমত তেওঁ নিজৰ নাম, আলোকচিত্ৰ, প্ৰশংসা পুৱাৰ সূৰ্যালোকৰদৰে বিচ্ছুৰিত হোৱাটো বিচাৰে৷ অথচ সেইজন লোকৰে সৃষ্টিয়ে এচাম পাঠকক আপ্লুত কৰি সেই লজ্জাকৰ দিশ পাহৰাই দিয়ে, তেওঁলোকৰ উপলব্ধিৰ আকাশ এক অলৌকিক আভাৰে উদ্ভাসিত কৰে৷ ঠেক পৰিধিৰ পৰা মনটো লৈ যায় মহিমামান্বিত দূৰ দিগন্তৰ পিনে৷ কোনো লেখক যশ-খ্যাতিৰ প্ৰতি সঁচাকৈ উদাসীন, কিন্তু তেওঁৰ ৰচনা পঢ়ি পাঠকৰ মনত জাগে প্ৰতাৰণাৰ গ্লানি, এক অসূখী অতৃপ্তি৷ কিন্তু তেৱোঁ পাঠকৰ মূল্যৱান সময় নষ্ট কৰে৷ অসংকোচে আমি আনক উপদেশ দিওঁ, কিয় আৰু সময় নষ্ট কৰিছা? আন কিবা দৰকাৰী কামত ব্যস্ত হৈ নপৰা কিয়? আমাৰ নিজৰ ক্ষেত্ৰত আনৰ এনে উপদেশে অযাচিত অপমানৰদৰে আঘাত কৰে৷

তথাপি নিজৰ বিবেকৰপৰা শেষ পৰ্যন্ত বাগি দি সাৰিব নোৱাৰি৷ আনৰ সকলো তাচ্ছিল্য, অৱজ্ঞা আৰু উন্নাসিকতাক নিৰস্ত কৰাৰ পাছতো নিজৰ-নিজৰ বিবেকে নিৰ্মম বিচাৰকৰদৰে জিজ্ঞাসু দৃষ্টিৰে চাই প্ৰতীক্ষা কৰে উপযুক্ত সমিধানলৈ৷ কি হ’ব সেই সমিধান?

ভাগৱতপুৰাণতে আছে স্কুল জীৱনযাত্ৰাৰ প্ৰতি মানুহৰ এক চিৰন্তন সংশয় আৰু অতৃপ্তিঃ ইন্দ্ৰিয়ৰ তৃপ্তি আৰু স্বজন-পালনতে মানুহৰ জীৱনৰ সাৰ্থকতা নাই৷ এই চেতনা ধৰ্মশাস্ত্ৰত মোহনিদ্ৰাৰপৰা জাগৰণ ৰূপে উল্লিখিত হৈছে৷ সচেতন, শিক্ষিত, চিন্তাশীল মানুহ মাত্ৰেই এই প্ৰশ্নৰ সন্মূখীন হয়৷ তেন্তে কিহত জীৱনৰ সাৰ্থকতা আহে? এটা স্তৰত সকলো সচেতন মানুহে ভাবে যে নিজৰ কৰ্ম আৰু বৃত্তিত বুৎপত্তিয়েই মানহৰ জীৱন-চৰ্যাৰ সাৰমৰ্ম৷ লেখক হিচাপে সিদ্ধি আৰু সাফল্যও স্থুল ইন্দ্ৰিয় পৰিতৃপ্তিৰ ওপৰৰ স্তৰৰ সাৰ্থকতা৷

সুনাম হৈছে এই সিদ্ধিৰ স্বীকৃতি৷ মানৱ-সমাজত সৌভাগ্যক্ৰমে বৃত্তি আৰু কৰ্মৰ কুশলতা পুৰুষাৰ্থ ৰূপে স্বীকৃত৷ সেয়ে এনে সুনামত ভকতীয়া ভণ্ডামিৰে ‘ছিঃ ছিঃ’ কৈ উঠাৰ কোনো যুক্তি নাই৷ কিন্তু যিজনলোকে কেৱল এনে এটা বৃত্তত পাকঘুৰণি খাই থাকে, তেওঁ বিচৰা বস্তুটো ক্ৰমাৎ এক অপসৃয়মান মৰীচিকাত পৰিণত হয়৷ গতিকে এইখিনিতে পুনৰ প্ৰশ্ন উঠেঃ তেন্তে সিদ্ধিৰ সাৰ্থকতা ক’ত?

জুৰিখ চহৰত পেটেন্ট অফিচত অপৰিসৰ কোঠা এটাত কেৰাণীৰ চাকৰি কৰা মহাবিজ্ঞানী আইনষ্টাইনে একক, নিঃসংগ সাধনাত বিভোৰ হৈ প্ৰায় তপস্যাৰত ঋষিৰদৰে বিশ্ব ব্ৰহ্মাণ্ডৰ স্বৰূপ উন্মোচনত এনে কৃতিত্ব অৰ্জন কৰিছিল যে পদাৰ্থবিজ্ঞানৰ সেই আৱিষ্কাৰে বহু প্ৰচাৰিত বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামা দখল কৰিছিল৷ খ্যাতিৰ সেই অকুল সমূদ্ৰত ভাহিও আইনষ্টাইনৰ মনীষা সুখনিদ্ৰাত আচ্ছন্ন হৈ পৰা নাছিল৷ বিজ্ঞান-চৰ্চাৰ অন্তিম লক্ষ্য কি, তেনে প্ৰশ্ন তেওঁৰ মনত তেতিয়াৰপৰা উদয় হৈছিল৷ ১৯৩০ চনৰ ফেব্ৰুৱাৰী মাহত আইনষ্টাইনে Caltech (California Institute of Technology) -ৰ ছাত্ৰসকলৰ এখন সভাত বৈজ্ঞানিক প্ৰগতিয়ে মানৱ-সমাজৰ সুখ-শান্তি কিয় সামান্যও বৃদ্ধি কৰিব পৰা নাই সেই প্ৰশ্ন উত্থাপিত কিৰ কৈছিলঃ “If you want your life’s work to be useful to mankind, it is not to mankind, it is not enough that you understand applied science as such. Concern for man himself must always constitute the chief objective of all technological effort… in such a manner as to assure that the results of our scientific thinking may be blessing to mankind, and not a curse.” (তোমালোকে যদি তোমালোকৰ জীৱনযোৰা সাধনা মানুহৰ কামত অহা কৰিব খোজা, তেনেহ’লে কেৱল প্ৰায়োগিক বিজ্ঞান বুজি পালেই নচলিব৷ মানুহৰ উদ্বেগ আৰু চিন্তা সকলো প্ৰযুক্তিগত প্ৰয়াসৰ প্ৰধান উদ্দেশ্য হ’ব লাগিব, যাতে আমাৰ বৈজ্ঞানিক গৱেষণাৰ ফলাফল মানৱজাতিৰ বাবে অভিশাপ নহৈ আশীৰ্বাদ হয়৷’

অৰ্থাৎ জীৱনৰ এই পৰ্যায়ত এই মহা মনীষীজনেও মনীষাৰ বা মনৰ চৰ্চাৰ শেষ লক্ষ্য কি হ’ব পাৰে সেই চিন্তা কৰিছিল৷ তেওঁ সিদ্ধান্ত কৰিছিল যে জ্ঞান লাভ নহয়, মানৱ-কল্যাণেই বিজ্ঞান-চৰ্চাৰো প্ৰকৃত অন্তিম লক্ষ্য৷ ব্যক্তিগত সিদ্ধিৰ পৰা তেওঁৰ চিন্তা দূৰতৰ পৰিধিৰ পিনে অগ্ৰসৰ হৈছিল৷ মোৰ ধাৰণা যে সচেতন লেখকৰ বাবেও এই জিজ্ঞাসা বা অন্বেষা অতি প্ৰাসংগিক৷

এনে চিন্তা নাম জাহিৰ কৰা বা তেনে স্থূল উদ্দেশ্যৰ বহু উৰ্ধত৷ মোৰ বিশ্বাস এনে চিন্তা ময়ো কৰোঁ৷ কিন্তু লেখকে বৈজ্ঞানিকৰদৰে পোনপটীয়াকৈ মানৱ-কল্যাণৰ ব্ৰত ল’ব নোৱাৰে৷ মোৰ ধাৰণা যি প্ৰাথমিক চৈতন্যৰ জাগৰণৰ কথা ভাগৱতত কৈছে, আনকি গীতাৰ ‘বিষাদ যোগ’ত যি মানসিক তথা আত্মিক সংকটৰ কথা কোৱা হৈছে, সাৰ্থক ৰচনাই পাঠকৰ মাজত সেই চৈতন্যৰ উদয় ঘটাব পাৰে৷ পাৰিছোঁ নে নোৱাৰিছোঁ বেলেগ কথা, কিন্তু তেনে আকাংক্ষা মোৰ নোহোৱাকৈ থকা নাই৷ সেইটো মানৱ-কল্যাণৰে এক নিদৰ্শন৷

ডিগবৈত এগৰাকী বোৱাৰীয়ে মোক কৈছিল যে মৃত্যুৰ আগমূহুৰ্তত তেওঁৰ শহুৰেকে মোৰ ‘মানুহ শঙ্কৰদেৱ’ ৰচনাখন পঢ়ি শুনাবলৈ কৈছিল৷ শুনি মই বিমূঢ় হৈ পৰিছিলোঁ৷ কি ঠিক মোৰ নিজৰ অজ্ঞাতে হয়তো মই কোনো-কোনো মানুহৰ এই পৰম উপকাৰ সাধিব পাৰিছোঁ৷ অৱশ্যে পাৰমাৰ্থিক উপাৰ সাধিব খোজাৰদৰে দূৰাকাংক্ষা মোৰ নাই৷ সমাজৰ অভ্যস্ত ধ্যান-ধাৰণাবোৰ নিৰ্বিচাৰে-নিৰ্বিবাদে মানি লোৱাৰ প্ৰমূল্যবোৰৰ বিষয়ে পাঠকৰ মনত সংশয় সৃষ্টি কৰি এক উন্নততৰ, প্ৰশস্ততৰ জীৱন আৰু মানসিকতাৰ পিনে যাবলৈ তেওঁক উদ্বুদ্ধ কৰাই মোৰ লক্ষ্য৷

ভক্তিধৰ্মই যদিও অসমীয়া সমাজৰ এক মৌলিক উত্তৰণ ঘটাইছিল, তথাপি সি সামন্তযুগীয়া মনোভাবতে অসমৰ মানুহক শেষ পৰ্যন্ত আবদ্ধ কৰি ৰাখিলে৷ যুক্তি আৰু বিজ্ঞানৰ চৰ্চা হ’ল তাকৰ৷ ভাৱাবেগৰ শক্তি হ’ল অপৰিসীম৷ এতিয়াও তাৰপৰা আমি বেছি দূৰ আগবাঢ়ি যাব পৰা নাই৷ প্ৰভাৱশালী ধূৰ্তলোকে এতিয়া প্ৰৱঞ্চনা কৰি নানা হুজুগত মানুহক মতলীয়া কৰিব পাৰে৷ সেয়ে যুক্তিনিষ্ঠ চিন্তা প্ৰতিষ্ঠা কৰা দৰকাৰ, যাতে মানুহে আনৰ প্ৰচ্ছন্ন অভিপ্ৰায় পূৰণৰ অচেতন হাতিয়াৰ নোহোৱাকৈ থাকিব পাৰে, আৰু সৎ সুস্থ, সুন্দৰ ব্যক্তিগত তথা সমূহীয়া জীৱন এটা বাছি ল’ব পাৰে৷ ভাবালুতাৰপৰা পাঠকক মুক্ত কৰিবলৈ হ’লে ভাষাৰো পৰিমাৰ্জনা দৰকাৰ৷ অন্যথাই ভাষাৰ যাদুৰে পাঠকক তথা সমাজক মুগ্ধ কৰি ধূৰ্ত লোকে সস্তীয়া মতামততে ‘মহত্ত্বৰ স্পৰ্শ থকা’ দিব্য জ্ঞান বুলি প্ৰচাৰ কৰিব, আৰু কোনো বিধায়ক বা আমোলাৰ সপক্ষে বা বিপক্ষে অৱস্থানকে ন্যস্ত স্বাৰ্থই ৰাইজৰ বাবে জীৱন-মৰণ সমস্যাত পৰিণত কৰিব৷ সামন্ত যুগৰ সভাসদ বা খাটনিয়াৰৰদৰে এচাম ভক্তই অধঃপতিত বা বিকৃত মনস্ক বুদ্ধিজীৱিক সমাজৰ পথপ্ৰদৰ্শকৰ স্থানত অধিষ্ঠিত কৰিব৷

যুক্তি সেয়ে দৰ্শন বা ন্যায়শাস্ত্ৰৰদৰে বিমূৰ্ত আৰু বিবৰ্ণ হ’ব নোৱাৰে৷ তাৰ মাজত কেতিয়াবা স্বপ্নৰ উত্তাপ, কেতিয়াবা বিদ্ৰুপ-ব্যংগৰ ধাৰ৷ অনিবাৰ্যভাবে তাক আমাৰ ব্যক্তিগত, মানসিকতাৰ বিকৃতি বুলি বিপৰীত শিবিৰৰ ভক্তই প্ৰচাৰ চলাব৷ প্ৰভুভক্তই প্ৰভুৰ পৰা কি প্ৰসাদ পায়, সেইটো তেওঁলোকৰ মাজৰ কথা৷ কিন্তু ‘কৰ্তাই ইচ্ছাই ধৰ্ম’ বুলি দহজনে মানি ল’লে সমাজ কেনে বিভ্ৰান্তিত পৰিব পাৰে যোৱা দশক দুটাত অসম আন্দোলন আৰু সংযুক্ত মুক্তি বাহিনীৰ ক্ষেত্ৰত প্ৰায় পটন্তৰৰ ৰূপত প্ৰতিষ্ঠিত হৈছে৷ সেইবোৰ মূহূৰ্তত পাৰ্যমানে যুক্তিৰ জোঁৰ ভাবালুতাৰ কল্লোলিত এন্ধাৰৰ মাজত দাঙি ধৰিছিলোঁ৷ সুনামৰ ঠাইত দুৰ্নামৰ ভাগী হৈছিলোঁ৷

কিন্তু আনক শিকাবলৈ গৈ সৌভাগ্যক্ৰমে নিজেও শিকিছোঁ – কেতিয়াবা যন্ত্ৰণা আৰু কষ্টৰ মাজেদি, কেতিয়াবা বিস্ময়মুগ্ধ অনুৰাগৰ মাজেদি৷ দেখিছোঁ যি বিষয়ে মানুহৰ জ্ঞান বৃদ্ধি কৰিবলৈ গৈছোঁ সেই বিষয়েই মোৰ প্ৰাথমিক জ্ঞান নোহোৱাৰদৰে আৰু মোৰ সদিচ্ছাৰ প্ৰতি পুতৌ জন্মি অশিক্ষিত বা সাধাৰণ শিক্ষাৰে শিক্ষিত লোকেই মোক বহুত মূল্যৱান কথা শিকাইছে৷ সেই শিক্ষাই মোৰ অহং ভাব প্ৰশমিত কৰি মনলৈ বিনম্ৰ শান্তিৰ ভাব আনি দিছে৷ আকৌ দেখিছোঁ বহু বিষয়ত মোৰ মতান্ধ ধাৰণা কৰ্ম বা অনুশীলনৰ চেষ্টাই নস্যাৎ কৰি মনত দিশহাৰা আতংকৰ আৱেগ সঞ্চাৰ কৰিছে আৰু প্ৰকৃত সত্যৰ পথ বিচাৰি যন্ত্ৰণাত দগ্ধ হৈছোঁ৷

সকলো বিষয়ে মাত মাতোঁ কিয়? ইও কোনো-কোনো পক্ষপাতগ্ৰস্তলোকৰ আপত্তিৰ কাৰণ৷ যি বিষয়ে মই একেবাৰেই নাজানো, সেই বিষয়ে মই মন্তব্য নিদিওঁ৷ কিন্তু ঢুকি পাব পৰা আন সকলো বিষয়তে মাত মাতোঁ৷ কাৰণ সেইবোৰ বিষয়ৰ প্ৰচলিত জ্ঞান বা ধ্যান-ধাৰণাত কৰাল মাৰি ধৰি আছে নান অপৰীক্ষিত সিদ্ধান্ত আৰু ধাৰণাই৷ সেই সকলো বিষয়তে আমি তোলা প্ৰশ্নবোৰ গৱেষকে বিবেচনা কৰি চালে কিছু হ’লেও উপকাৰ পাব৷

খন্তেকীয়া গ্লেমাৰৰ ৰংচঙীয়া চমককে যিবোৰে মহত্ত্বৰ অব্যৰ্থ প্ৰমাণ বুলি ধৰে, তেনে মানুহে আমাৰ এই অতৃপ্ত, অশান্ত অনুসন্ধানক অবাঞ্ছনীয় বুলি ভবাত আচৰিত হ’বলৈ একো নাই৷ কাৰণ তেনে মানুহৰ বাবে সাহিত্য এক ধৰণৰ আত্মৰতি৷ পাঠকৰ সঁহাৰিত সিহঁতে আৱিষ্কাৰ কৰে নিজৰ ‘মহত্ব’ৰ নিত্য নতুন প্ৰমাণ৷

কিন্তু কাণ্ড-জ্ঞান থকা লেখকে বুজে যে সাহিত্য একধৰণৰ সঞ্চাৰ আৰু সহযোগ, বিনিময় আৰু বিস্তাৰৰ আহিলা৷ আমাৰ অনুভূতি-উপলব্ধি, আমাৰ অনুমান আৰু সিদ্ধান্ত, আমাৰ জিজ্ঞাসা আৰু সন্তুষ্টি শেষ বিচাৰত আনৰ সঁহাৰিতে সত্য বুলি সাব্যস্ত হয়৷ যদিও সাধনাক নিসংগ বুলি কোৱা হয়, তাৰ সাৰ্থকতাও নিৰ্ণয় হয় আনৰ প্ৰতিক্ৰিয়াৰ জৰিয়তে৷ সেয়ে নিৰ্দ্ধিধাই ক’ব পাৰি যে লেখকে লিখাৰ মাজেৰেই বিচাৰে এখন সমাজ – যি সমাজ তেওঁৰ সত্তাৰ অস্তিত্বৰ বাবে জীৱৰ বায়ুমণ্ডলৰদৰে অপৰিহাৰ্য৷

মই লিখোঁ কিয়? মই মোৰ লিখাৰ উপযুক্ত পাঠক বিচাৰিয়েই লিখোঁ৷ তেনে পাঠকেই জীয়াই ৰাখে মোৰ লেখক-সত্তা৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক