কিয় লিখোঁ, কিয় লিখে, কিয় লিখিব ? মনস্তাত্তিক দিশ ( ড° লোচন শইকীয়া )

 

ফেচবুক একাউণ্ট খুলি অকবত সোমালেই এটা বাক্য চকুৰ আগত ধৰা দিয়ে । Write something । What’s on your mind ? প্ৰেৰণাই কওঁ, প্ৰৰোচনাই কওঁ, যিয়েই নুবুজাওঁ লিখিবলৈ আহ্বান কৰাতোঁ সঁচা । বহুতেই কিবা এটা লিখে । মইও কিবা এটা লিখোঁ । কোনোবাই ভাল পায় । কোনোবাই নাপায় । নিজ নিজ বিচাৰৰ তুলাচনীত বহাই জোখাই জুখে । বিভিন্ন কোণৰ পৰা, বিভিন্ন দৃষ্টিভঙ্গীৰ পৰা বিভিন্ন মত-অমত । ভাল লাগক, নালাগক, এইয়া বাক স্বাধীনতা । হলেও কওকচোন আপুনি কিয় লিখে ?

মোকতো মোৰ শ্ৰীমতীয়ে তিৰস্কাৰেই কৰে । কয়, লিখি কি হব ? মইয়ো জানোঁ যে নাজানোঁ, লিখি কি হব ? মনৰ জগতখনত তাগিদা এটা আহিয়েই থাকে । অকল কিবা মইয়ে লিখোনে ? বহুতে লিখে । কিয় লিখে তেওঁলোকে জানে । আপুনি কিয় লিখে আপুনি জানে ! কি লিখে সেইটো নিজৰ বাচনি, নিজৰ স্বভাৱ, নিজৰ আয়ত্বৰ ভিতৰৰ এনেকুৱা বহুত কিবাকিবিয়ে এটা লিখনিক নিয়ণ্ত্ৰণ কৰে ।

মোৰদৰে ন লিখকৰ ক্ষেত্ৰত কি হয় চাওক – যেতিয়াই কিবাকিবি ভাববোৰ লিখি পেলোৱা হয়, তেতিয়াই মগজুৰ আন এটা মূৰৰ পৰা ভাৱ এটাই ভূমুকি মাৰে- এইবোৰ মোহাৰি, দলি মাৰি পেলোৱা যোগ্য কাগজখনৰ বাদে একো নহল । লিখি পেলোৱা মাত্ৰকে আমি হোৱাই-নোহোৱাই লিখক হলোঁৱেই । ব্যক্তিগত বা সঁচাৰ আলমত লিখা কিমান যে লিখনিয়ে একোজন লিখকক কল্পনাৰ জগত এখনলৈ লৈ যায়, তাৰ মাজেদি ভাল লিখকৰ শাৰীত প্ৰতিষ্ঠাও কৰিছে সেইবোৰৰ উদাহৰণো কম নহয় । অকবত অজস্ৰ উদাহৰণ ।

বিংশ শতাব্দীৰ আমেৰিকাৰ ওমাহাৰ একেৰাহে আটাইটকৈ সফল ব্যৱসায়ী, ওমাহাৰ যাদুকৰ, ওমাহাৰ অৰেকল (Oracle) ইত্যাদি বিভিন্ন উপাধিৰে পৰিচিত ৱাৰেন এডৱাৰ্ড বাফেটে কি কয় শুনক- লিখা হল এনেকুৱা এজন মানুহৰ কাম যি নিজৰ পৰিশোধনৰ কাৰণে পঢ়ে আৰু বহুত চিন্তা কৰে ।

ইংলেণ্ডৰ আন এক সফল, চাৰিশৰো অধিক কোম্পানী Virgin Group ৰ প্ৰতিষ্ঠাপক, চাৰ ৰিচাৰ্ড চাৰ্লচ নিকোলাচ ব্ৰেনসনে কয়- মোৰ অতি প্ৰয়োজনীয় সম্পত্তি হল এখন সৰু নোট বুক । যিখনত তেখেতে নিতৌ লিখিবৰ কাৰণে ব্যৱহাৰ কৰে । ব্ৰেনসনে লিখা অভ্যাসক বহুত গুৰুত্ব দিয়ে ।

আন এজন সফল মানুহৰ কথা উল্লেখ কৰোঁ যাক সকলোৱে চিনি পায় । তেখেত হল বিল গেইটচ্ । মাইক্ৰচফট কোম্পানীৰ স্বত্বাধিকাৰী । তেখেতে কয়, লিখা কথাতোৰ অৰ্থ হল – আজি কি কৰিলোঁ তাৰ এটা পুণৰ নিৰীক্ষণ লিখনি ।

শ্ৰদ্ধেয় হোমেন বৰগোহাঞি ডাঙৰীয়াই এই বিষয়ত তেখেতৰ কিতাপ, আমাৰ অসমৰ ‘প্ৰথম কলম’ত দোহাৰিছে । যিখিনি পুণৰ দোহৰাৰ কোনো প্ৰয়োজনেই নাই । ন লিখকক তেখেতে উত্সাহ প্ৰদান কৰিছিল । কৰেও ।

যিসকল ন-লিখকে লিখনিক বিভিন্ন মৌলিক চিন্তাৰ সমল, ভাৱ প্ৰকাশৰ মাধ্যম, সৃষ্টিৰ প্ৰেৰণামূলক উত্স হব পাৰে বুলি ভাৱে, তেখেতসকলে লিখা অভ্যাসতো পূৰাদমে চলাব পাৰে । কৰবাততো আৰম্ভনী হবই লাগিব ।

লিখামেলাই বহু মানুহক অভাৱণীয়ৰূপে সহায় কৰে । একোটা লিখনিয়ে আপোনাৰ মানসিক জগতখন আগুৰি ধৰে । আপোনাৰ সিদ্ধান্ত লব পৰা গুণ বঢ়াই তুলে ।

লিখা অভ্যাসে চিন্তাশক্তি বঢ়ায় আৰু যোগাযোগ সহজ কৰি তুলে

পলমকৈ প্ৰকাশ কৰা অনুভূতি প্ৰকাশে অসুবিধাহে বঢ়ায় । কাৰোবাক আপোনাৰ কবলগীয়াখিনি কৰবাত থাকি যায় । মনলৈ অহা ভাৱ প্ৰকাশ কৰোঁতে খোকোজা লগা মানে ই আপোনাৰ যিটো চৰিত্ৰ প্ৰকৃততেই আপোনাৰ নহয়, সেইটোকে আঁকি পেলায় । ই কিয় হয় ? মই ভাবোঁ, এইবোৰৰ পৰা মুক্তিৰ এটাই উপায় । নিয়মিত লিখাৰ অভ্যাসে চিন্তা কৰিবলৈ শিকায় আৰু ই কথা কোৱাত থকা জঠৰতা আঁতৰায় । স্বতস্ফুৰ্টতাৰ প্ৰতিফলন ঘটায় ।

লিখিবলৈ লোৱা মানেই ভালকৈ শিকিবলৈ আৰম্ভ কৰা

আমি শিকাবৰ সময়ত ভালদৰে নিজে শিকিহে আগবাঢ়োঁ । ন ন তথ্য, অনুপ্ৰেৰণা, অন্তৰ্দৃষ্টি এই তিনি গুণেৰে বিভুষিত হলেহে ভালদৰে শিকাব পাৰোঁ । কিছুমান ছাত্ৰৰ লব পৰা গুণ বাকীবোৰৰ তুলনাত কম হয় । নিজে ভাল ছাত্ৰ হলেহে ভাল শিক্ষক হব পাৰি । আমি নিজে প্ৰথমে লিখি শিকি ললেহে শিকাব পাৰোঁ । একোটা স্তম্ভই লিখি আগুৱাই গৈ একোখনি ৰচনাৰ ৰূপ লয় । একোখনি ৰচনাৰ বিষয় বস্তু এটা ডাঙৰ বিষয়লৈও ৰূপান্তৰ ঘটে ।

লিখা অভ্যাসে বয়স বঢ়াৰ লগতে জ্ঞানীও কৰি তুলে

শাৰিৰীক ব্যায়ামে যিদৰে শৰীৰক সুস্হ-সবল কৰি ৰাখে, ঠিক সিদৰে বয়স বৃদ্ধিৰ লগে লগে লিখা অভ্যাসে চিন্তাশক্তিৰ ব্যায়ামৰ ৰূপ লয় ।

লিখা অভ্যাসে কৃতজ্ঞ হবলৈও শিকায় ।

জীবনৰ প্ৰতি আমাৰ দৃষ্টিভঙ্গী কেনেকুৱা হব এইটো নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আমি লাভ কৰা আশীৰ্বাদৰ হিচাবতোও গুৰুত্বপূৰ্ণ হব পাৰে । মই ভাবোঁ যিসকল ব্যক্তিয়ে প্ৰতি সপ্তাহে কি ভাল কৰিলোঁ তাৰ এটা হিচাব লিখি ৰাখে, তেনেলোক সদায়েই ধনাত্মক গুণসম্পন্ন হয় আৰু বৰ্ত্তমান ও ভৱিষ্যতৰ প্ৰতি সচেতন হয় । আশীৰ্বাদৰ হিচাবতোৱে সুখী হোৱাৰ কাৰণতো বিচাৰি উলিৱাত সহায় কৰে । কিন্তু, এই কামতো প্ৰতিদিনে কৰিবলৈ ললে লাভজনক ফল পাওক চাৰি ওলোটা ফলহে পায় ।

(আজি কোনো বিশেষ বিষয় নাই লিখা । মনলৈ অহা ভাৱখিনি লিখিলোঁ । মত-অমত থাকিবই । পঢ়াৰ কষ্টখিনিৰ কাৰণে ধন্যবাদ আপোনাৰ প্ৰাপ্তি ।)

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
আৰ কে বেজবৰুৱা
2 months ago

নিজৰ মন-মগজুৰ মাজত ঘূৰি ফুৰা চিন্তাবোৰ শৃংখলাবদ্ধ ভাৱে সজাই থোৱাটো এক প্ৰকাৰ সৃষ্টি বুলি ক’ব পাৰি। তাৰ সাহিত্যিক মূল্য নাথাকিলেও ই পৰৱৰ্তী সময়ত কাৰোবাৰ লিখাৰ বাবে উৎসাহিত কৰিব বুলি আশা কৰিব পাৰি।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক