কি ৰাখিম আৰু কি পেলাই দিম? (আণ্ড্ৰে ৱাইডা) – প্ৰিয়ংকা চক্ৰৱৰ্তী

 আণ্ড্ৰে ৱাইডাৰ আত্মজীৱনী “ Double Vision: My Life in Film “ ৰ পাতৰ পৰা

আণ্ড্ৰে ৱাইডা- পোলেণ্ডৰ বিখ্যাত পৰিচালক৷ Danton, Ashes আৰু Diamond ৰ দৰে ধ্ৰুপদী সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে সমাদৃত ব্যক্তিজন৷ ২০১৭ চনৰ শেষৰভাগত আমি Danton চিনেমাখন চাবলৈ সুবিধা পাইছিলোঁ৷ Danton ৰ চৰিত্ৰত ডেপাৰডিউৰ অভিনয় অবিস্মৰণীয়৷ ছবিখন সম্পৰ্কে ৱাইডাই মন্তব্য কৰিছিল এইদৰে- “when I look back on Danton, I see clearly that my intention wasn’t ideology. I wanted to create on screen a portrait of revolution, hence the reference to my observation during the critical days prior to the imposition of martial law.“

পোলেণ্ডৰ চুবালাকী নামৰ ঠাইত আণ্ড্ৰে ৱাইডাৰ জন্ম ১৯২৬ চনৰ ৬ মাৰ্চত৷ ১৯৯৫ চনত প্ৰকাশিত সাক্ষাৎকাৰ এটাত ৱাইডাই কৈছিল- If any films have survived, then perhaps it is because I was rather naive politically. I didn’t become engaged on the side of either faction….. It seems to me that this was my salvation“.

এইগৰাকী পৰিচালকৰে আত্মজীৱনী Double Vision: My Life in Film ৰ এটা চুটি অধ্যায়ৰ মুকলি অনুবাদ তলত আগবঢ়োৱা হ’ল-

’পৰিচালক’ লিখা থকা অৰ্থহীন চকীখন:

চলচ্চিত্ৰ এখনৰ একোটা দৃশ্য সজীৱ আৰু প্ৰাণৱন্ত হবনে অৰ্থহীন, বিৰক্তিকৰ হব এয়া নিৰ্ভৰ কৰে কিমান নিষ্ঠা আৰু একাগ্ৰতাৰে সকলোৱে কাম সম্পাদ কৰিছে৷ পৰিচালকে অকলে কৰিব নোৱাৰে৷ তেওঁৰ চিন্তা আৰু প্ৰাণশক্তিক বাস্তৱত ৰূপ দিয়ে অভিনেতা আৰু কাৰিকৰী লোকসকলে৷ যদিহে দৃশ্যগ্ৰহণৰ পৰিৱেশ ধীৰ, আমনিদায়ক, নিস্পৃহ মনোভাৱেৰে ভৰি থাকে- এই সকলোবোৰ ক’ব নোৱাৰাকৈ ৰূপালী পৰ্দাত পৰিস্ফুট হৈ পৰে৷ সেয়েহে এজন অভিজ্ঞ পৰিচালকে তেওঁৰ সহযোগীসকলক সাৱধানতাৰে নিৰ্বাচন কৰে আৰু তেওঁলোকক এক সু-সংহত দললৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰে৷

২৭ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ মাজত মই মাত্ৰ ৫ দিন অসুস্থ আছিলোঁ৷ এতিয়ালৈকে মই মাত্ৰ তিনিবাৰ দৃশ্যগ্ৰহণত উপস্থিত থাকিব পৰা নাই৷ শিল্পী আৰু কলা কুশলীসকলৰ বাবে পৰিচালকে নিজকে অনুকৰণীয় নিদৰ্শনৰূপে দাঙি ধৰিব লাগিব৷ সকলো কথাতেই বেমেজালি লাগিব পাৰে- বতৰ, অভিনেতাৰ স্বাস্থ্য, কামৰ পৰিৱেশ কিন্তু পৰিচালকজনে সকলো সময়তে আত্মবিশ্বাসৰ সৈতে নিজৰ ভৰিত থিয় দি থাকিব লাগিব, ৰ’দ কিম্বা বৰষুণ সকলো সময়তে সকলো সমস্যাৰ সন্মুখীন হ’বলৈ৷

মই বাৰু ভৰিত থিয় দি থকা বুলি ক’লো নেকি! হয়, মই সেয়াই কব বিচাৰিছোঁ৷ থিয়েটাৰ আৰু চলচ্চিত্ৰ এই দুয়োটা মাধ্যমতে কাম কৰাৰ ক্ষেত্ৰত মই নিজে এই নিয়ম বান্ধি লৈছোঁ৷ আমি সকলোৱে ডব্লিউ ডি গ্ৰীফিথ আৰু এৰিক ভন ট্ৰোহেইমাৰ ছবি দেখিছো- ’চেট’ ত অনবৰতে থিয় দি আছে- চিন্তা কৰিছে- পায়চাৰি কৰিছে – মই ভাবো আমেৰিকান ছবিৰ শক্তি আৰু গতিৰ প্ৰতীক হ’ল নিজৰ ভৰিত থিয় হৈ থকা এই পৰিচালকসকল৷

দৃশ্যগ্ৰহণৰ সময়ত পৰিচালকজন হ’ল সকলোৰে বাবে উৎসাহ আৰু গতিৰ কেন্দ্ৰবিন্দু৷ সেই পৰিচালকজনেই যদি আধা সময়ত আৰামী চকী এখনত বহি থাকে, তেওঁৰ উৎসাহ স্তিমিত হৈ পৰাটো স্বাভাৱিক আৰু এই কথাই বাকী সকলকো প্ৰভাৱান্বিত কৰিব৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments