কীট–জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

 মানুহটোক অহা দেখিয়ে বাসন্তী সুখী হৈ পাৰিব লাগিছিল বা হিয়ালিজিয়ালি কান্দিব লাগিছিল নাইবা তাৰ বুকুত দুবাৰমান ভুকুৱাই খঙখিনিকে উজাৰিব লাগিছিল। কিন্তু তেনেকুৱা একোৱে নকৰিলে বাসন্তীয়ে। বাসন্তীৰ আবেগবোৰ যেন তাই বুকুৰ পৰা খুলি কোনোবা ধোঁৱাচাঙতহে তুলি থৈছে। আচৰিত ধৰণে নোমলক ঘৰলৈ ঘূৰি আহা দেখিও দেওলগা পুখুৰীৰ সন্ধিয়াটোৰ দৰে স্থিৰ হৈ থাকিল বাসন্তী। মানুহটোক অহা দেখিও নিজৰ ঠাইতে বহি মহুৰা ফুৰাই থাকিল তাই। চেৰেকীটোৰ পৰা আহি মহুৰাটোক মেৰিয়াই ধৰিবলৈ পাকে পাকে ঘূৰি থকা সূতাৰ নেছাটোৰ জঁট ভাঙিবলৈ লওঁতে বেছিকৈহে জঁট লাগিবলৈ ধৰিলে। নোমল আৰু দুলাল পদূলিৰ পৰা আহি পানীপতা পাওঁতেহে যঁতৰটো সামান্য ঠেলি একাষৰীয়া কৰি থলে বাসন্তীয়ে। 

 “নবৌ এইয়া ককাইক গটালোঁ; আৰু এইটো মোনা- কাপোৰ কানি, টিফিন, পানী বটল গোটেইবোৰ ইয়াতে ভৰাই আনিছোঁ”

 বাৰাণ্ডাৰ এফালে বিছনা ছাদৰ, টিফিন, গৰম পানীৰ ফ্লাস্ক আৰু নোমলৰ চোলা-পেণ্ট, গামোছা আদি ভৰাই আনা মোনাটো থৈ দুলালে আঙুলিয়ালে। ওচৰতে থকা মুড়াটো টানি বহি ললে দুলালে। নোমলে দুৰ্বল খোজেৰে গৈ বাৰাণ্ডাৰ হাতল থকা কাঠৰ চকীখনত নিজকে এৰি দিলে। 

 “নবৌ মই দেৰি নকৰোঁ, গৰু কেইটাও আনিবগৈ লাগিব। পূৰ্ণিমাৰ যে মই নহলে কি হ’ব-গৰুৱে চাব নে ঘৰেই চম্ভালিব”

”বহা দুলাল, চাহকে অকণ খাই যোৱা”

”নাই, নাই নবৌ দেৰি কৰিব নোৱাৰি বেলি গলেই বেলা যায় আজিকালি। আপুনি এই দৰবৰ কাগজখন ৰাখক, সময়মতে ককাইক দৰৱবোৰ দিব আৰু অকণমান খোৱা বোৱাবোৰত চকু দিব-দুৰ্বল হৈ আছে যে”

 নাই নুই কৰি বাসন্তীৰ হাতত প্ৰেচক্ৰিপচন আৰু দৰৱৰ সৰু টোপোলা এটা দি দুলাল গ’ল। পূৰ্ণিমাৰ প্ৰতি অকণমান ইৰ্ষা লাগিল বাসন্তীৰ-নোমলেও যদি অকণমান হ’লেও তাইৰ আৰু পৰিয়ালটোৰ কথা তেনেকৈ ভাবিলে হয়। বাৰাণ্ডাৰ বতাহখিনি গধুৰ কৰি ইমুখ-সিমুখ কৰি ৰ’ল বাসন্তী আৰু নোমল। মুৰ তুলি বাসন্তীৰ চকুত চকু থবলৈ সাহস কৰিব পৰা নাই সি, নে কিবা এষাৰ ক’ব পাৰিছে। বাসন্তী নীৰৱ নিস্তব্ধ- এইমুহূৰ্তত তাইৰ খং উঠিছে নে অভিমান জাগিছে বুজা নাযায়। আচলতে বাসন্তী নিজেও দোধোৰমোধোৰ অবস্থাত পৰিছে- হস্পিতালত দহদিন কটাই ঘৰলৈ উভতি অহা নিজৰ গিৰিয়েকটোক তাই খং কৰিব নে আদৰ যতন কৰিব। টান নৰিয়াত পৰি যমৰ দুৱাৰদলিলৈ যোৱাহেঁতেন বাসন্তীয়ে নিজেই বেউলা হৈ নোমলক ওভতাই আনিবলৈ চেষ্টা কৰিলেহেঁতেন কিন্তু নিজেই যাতনাৰ উপশম ঘটাই যমৰ দুৱাৰত টুকুৰিয়াব যোৱা মানুহটোলৈ ক্ষোভৰ পাহাৰ এটা হে মুৰ ডাঙি উঠিছে বাসন্তী অন্তৰত। 

 “ভিতৰলৈ আহক, অকণমান বিছনাতে গাটো পেলাওক মই খাবলৈ কিবা এটা আনোগৈ”

 নোমলৰ কাষৰ পৰা পলাবলৈ দৌৰাদৌৰি কৰিলে বাসন্তীয়ে। বহা ঠাইতে লৰছৰ কৰি উঠিল নোমলে। 

 “বৰ ভোক লাগিছে। আছে যদি সুদাই নিকাই ভাত কেইটামানকে দিয়া”

 দৰ্জাৰ পৰ্দাখনত এহাতেৰে চপোৱা ভাজেৰেই নোমলৰ কথাষাৰ শুনি একো নোকোৱাকৈ ৰৈ গ’ল বাসন্তী। মানুহটোৰ গলগলীয়া মাতটো ইমান কৰুণ আগতে কেতিয়াও শুনা মনত নাই তাইৰ। উচপ খাই নাচাওঁ বুলিও নোমলৰ মুখলৈ চাই পঠিয়ালে তাই- অনুশোচনাত দগ্ধ এখন মুখ নে যন্ত্ৰণা উপশমৰ ইচ্ছা পুৰণ নোহোৱা এখন অসন্তুষ্ট মুখ। সিৰসিৰাই গ’ল গোটেই মানুহজনী। এই দহদিনতে অচিনাকি লগা হল বাসন্তীৰ আটাইতকৈ চিনাকি মানুহটোক। নাই নাই তাত আৰু ৰৈ নাথাকিল তাই। ভিতৰলৈ দিয়া খোজটো বাসন্তীয়ে ওভতাই আনি চোতালৰ এমুৰে থকা শাকনিখনলৈ ঢাল খুৱালে। বৰ যত্নৰে পাতিছে তাই এই শাকনিখন। নোমলৰ কান্ধৰ বোজা কমক বুলিয়েই নোমল ঘৰত থকা দিন এটাত ৰাতিপুৱাই কুটুৰিছিল বাসন্তীয়ে-

 “মোক সেই জেগাডোখৰ বেঢ়ি দিয়কচোন, জলকীয়া, বেঙেনা দুজোপামানকে লগাই লওঁ। কিমান আৰু কিনি খাম” 

 বাসন্তীয়ে কোৱা ধৰণেই মাটিখিনি চিকুনাই ধুনীয়া কৈ বেঢ়ি কুঢ়ি দিছিল নোমলে। সিহঁতৰ সপোনবোৰৰ দৰে লাহে লাহে ভৰুন হৈছিল শাকনিডৰা। বাসন্তী আৰু নোমলৰ আদৰ যত্নত লাগ বুলিলেই চৰুৰ তলিত জুই দি খৰাহী ভৰাই তুলি নিব পৰাকৈ নদন বদন শাকনিখন ঘৰলৈ অহা মানুহে এবাৰ হলেও শলাগে। 

 জপনাখন ঠেলি এঙামুৰি দি উঠা লাই ডৰাৰ কাষ চাপি গল বাসন্তী। চাই চাই এমুঠিমান লাইশাক তুলিলে তাই-কনী ভাঙি দিয়া লাইশাকৰ ভাজি নোমলৰ ভোগৰ তালিকাত স্থানপ্ৰাপ্ত। জলকীয়া দুটামান চিঙো বুলি এইবাৰ আগবাঢ়িল বাসন্তী। কি জানো হৈছে, বগা বগা পোকবোৰে জলকীয়া কেইজোপাক জুমুৰি দি ধৰিছে। পোকবোৰ দেখিয়েই বাসন্তীৰ খঙটো সাৰ পাই উঠিল। এই পোকবোৰৰ বাবেই ঘৰখনলৈ কাল নামিল- পোকবোৰ মাৰিবলৈ সেই দৰৱৰ বটলটো ননাহেঁতেন চাগে দহদিন আগতে ঘটি যোৱা ঘটনাবোৰ নহল হয়। আৰু একো ভাবিব নোৱাৰিলে বাসন্তীয়ে। পকাই কেঁচাই জলকীয়া দুটামান চিঙি শাকনিৰ জপনাখন জপাই দিলে। বাৰাণ্ডাত এতিয়াও জুপুকা লাগি বহি আছে নোমল। বাসন্তীয়ে এবাৰ তালৈ চাই ভিতৰ সোমাল। 

 দুপৰীয়াৰে ভাত আছেই, দৌৰাদৌৰিকৈ কেৰাহীটো পাতি দিলে বাসন্তীয়ে। পিয়াঁজ এটা মিহিকৈ কুটি পকা তেলকণত দি খৰকৈ হেতা লৰালে তাই। কুমলীয়া লাইখিনি কেৰাহীত দিয়াৰ লগে লগে চিনাকি গোন্ধ এটাই পাকঘৰৰ লগতে গোটেই ঘৰটোকে ছানি ধৰিলে। জলকীয়া দুটা পুৰি দুপৰীয়া নিজলৈ বুলি ভাতত দিয়া আলু এটাৰ সৈতে পিটিকি পেলালে। চাউলৰ কলহটোত থকা দুটা কণীৰ এটা সোণটিলৈ থৈ আনটো লাইখিনিৰ ওপৰতে ভাঙি দিলে। শাহুৱেকৰ দিনীয়া গধুৰ কাঁহৰ কাহীখন পানী অকনেৰে আওখালি ভাতকেইটা বাঢ়িলে। পাকঘৰৰ মজিয়াতে ভাতৰ কাহীখন সজাই নোমলক মাতিবলৈ বাৰাণ্ডা পালেহি বাসন্তী। বহা ভাজেই ডিঙিটো একতীয়া কৰি সাৰ সুৰ নোহোৱাকৈ নিজকে চকীখনত এৰি দিছে নোমলে। এখন্তেৰ বাবে ভয় লাগি গ’ল বাসন্তীৰ। 

 ঘটনাৰ দিনা ৰাতিপুৱাৰ কথা- ধাৰ সাধিবলৈ আহি ওলাইছিল সিখন গাঁৱৰ ৰুবুল। দিম দিম বুলিও আজি এমাহে ধাৰে লোৱা পইছা কেইটা ঘূৰাই দিব নোৱাৰাৰ বাবে কুকুৰে কাইট নোখোৱাকৈ গালি পাৰিছিল নোমলক। বেচিবলৈ বুলি শাক পাচলি দুটামান বুটলি বাৰাণ্ডাখনতে বহি সেইবোৰ থানথিত লগাই থকা নোমলে মূৰ তল কৰি অপমানবোৰ গিলি আছিল। সোণটিৰ কাপোৰ দুটামান ধুই চোতালৰ ডাঁৰদালত মেলিবলৈ আহি বজ্ৰ পৰা মানুহৰ দৰে ঠাইতে থিয় হৈ আছিল বাসন্তী। পদ্য এটা মুখস্থ মাতি থকা সোণটিয়ে পৰ্দাৰে মুৰটো উলিয়াই এবাৰ বাপেকলৈ আৰু এবাৰ ৰুবুললৈ চাই ৰৈছিল। ৰুবুল গুচি যোৱাৰ পিছত শোৱনিকোঠাৰ সাম্ভাৱ্য জেগাবোৰত পইচা খুচৰি ফুৰিছিল নোমলে। জলপান যতনাই থাকোঁতে বাসন্তীৰ কাণত আহি খুন্দিয়াইছিল নোমলৰ চিঞৰটোৱে। 

 “অই মৰতী ক’ত গলি, এইবোৰ দেখা নাই। “

 বাসন্তী আহি বাৰাণ্ডা নাপালেই, দৰজাখনৰ ওচৰৰ পৰা চুলিত ধৰি চুচৰাই আনি বগৰাই দিলে বাসন্তীক।  খোলা জপনাৰে সোমাই আহি ছাগলীয়ে খাই নেফানেফ কৰা শাক পাচলিখিনিৰ কাষতে বগৰাই বাসন্তীকো ফলা বাঁহেৰে নেফানেফ কৰাত লাগিল নোমলে। সোণটিয়ে আহি মাকক সাৱটি ধৰাত তাৰ পিঠিটো ফুল তুলিলে নোমলে। এটা সময়ত নিজৰ পুতৌ লগা জীৱনটোক ধিক্কাৰ দি কপাল চপৰিয়াই থাকিল সি। বাৰাণ্ডাতে সোণটিক সাৱটি বহুদেৰিলৈ উচুপি থাকিল বাসন্তীয়ে। এটা সময়ত লাহেকৈ উঠি নোমলক বিচাৰি শোৱনি কোঠা পালেগৈ তাই- হাজাৰ হলেও নিজৰ গিৰিয়েক, আজিলৈকে তাইক চৰ এটাও মাৰি নোপোৱা মানুহটোৰ মনৰ কষ্টখিনি তাই ভগাই নললে কোনে ল’ব। শোৱনিকোঠাৰ দুৱাৰখন লাহেকৈ ঠেলি দিলে বাসন্তীয়ে- কিন্তু ই কি। ডিঙিটো একতীয়া কৰি বিছনাত পৰি আছে নোমল, গোটেই মুখখন ফেনবুৰবুৰ। তিনিদিনমানৰ আগতে পোকে ধৰা জলকীয়া কেইজোপাত দিবলৈ বুলি নোমলে বজাৰৰ পৰা অনা কীটনাশক দৰৱৰ খালী বটলটো দেখি বাসন্তীয়ে সকলো বুজি পালে। চিঞৰি বাখৰি মানুহ গোটাই ততাতৈয়াকৈ নোমলক হস্পিতালত ভৰ্ত্তি কৰোৱা হ’ল। নোমলৰ হুঁচ নহালৈকে হস্পিতালৰ পৰা এখোজো লৰচৰ নহল বাসন্তী। ঘৰত পিন্ধি থকা কাপোৰ সাজেৰেই পিছদিনা ৰাতিপুৱালৈকে গছৰ মূঢ়া হৈ বহি থাকিল- না এটুপি পানী মুখত দিলে। সোণটিক পঠিয়াই দিলে মোমায়েকৰ লগত আইতাকৰ ঘৰলৈ। এদিনৰ মূৰত হুঁচ আহিল নোমলৰ। সি বাসন্তীক কাষত বিচাৰিলে যদিও অভিমান এটা লৈ হস্পিতালৰ পৰা গুচি আহিল তাই।  জীৱনৰ পৰা পলাবলৈ স্বাৰ্থপৰৰ দৰে কেৱল নিজৰ কথা ভবা নোমললৈ খং, ক্ষোভ আৰু অভিমানৰ শিলেৰে পাহাৰ এটি বান্ধি বান্ধি বাকী দহটা দিন ঘৰতে থাকিলে তাই। নাযাওঁ বুলিয়েই এবাৰো নগ’ল তাক চাবলৈ- অবশ্যে প্ৰতিটো মুহূৰ্তৰ খবৰ দুলাল আৰু দেওৰেক অমলৰ পৰা লৈ থাকিল। 

 “নবৌ, হস্পিতাললৈ ব’লা নহলে!” 

 দুলাল বা অমলে মাজে মাজে ল’গ ধৰে তাইক। 

”নাই নাযাওঁ দিয়া।” 

 খোৱা বস্তু যতনাই ভৰাই দিয়া টিফিন আৰু ফ্লাস্ক‌টো সিহঁতৰ কোনোবা এটাৰ হাতত তুলি দিয়ে বাসন্তীয়ে। নোমললৈ খং উঠে তাইৰ- হ’ল বুলিয়েই কিয় এনেকৈ তাইক আৰু ফুলকুমলীয়া লৰাটোক দল’নিত পোনা এৰাৰ দৰে এৰি যাবলৈ ওলাইছিল সি। অভাৱ কাৰ জীৱনত নাথাকে- কাৰোবাৰ যদি টকা-পইচাৰ অভাৱ কাৰোবাৰ আপোন মানুহৰ অভাৱ। তথাপিও দেখোন মানুহ জীয়াই থাকে, হাঁহে, সৰু সৰু কথাৰ সুখবোৰ বুটলে। টকা-পইচাৰ বাহিৰেতো আন একোৰেই অভাৱ নাছিল সিহঁতৰ- পৰিশ্ৰমত ঠন ধৰিবলৈ লোৱা এখন ঘৰ। কিয় এনেকৈ ধ্বংস কৰিবলৈ ওলাইছিল নোমলে বাসন্তীয়ে বুজিব নিবিচাৰে- কোনে যুক্তিয়ে নোমলক বাসন্তীৰ আদালতত নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰে। অনবৰতে নোমলৰ পিছে পিছে লাগি তাৰ চিন্তাবোৰক পোনাই দি আহিছে বাসন্তীয়ে। কিন্তু এতিয়া থাকক, সি অকলেই নিজৰ বাটতো পোনাই লওক। হস্পিতালৰ বিছনাত পৰি পৰি জীৱনটোক বুজি উঠক নোমলে তাকেই দিনে ৰাতিয়ে ভগৱানক সাধিছে বাসন্তীয়ে। ভগৱানে তাইৰ প্ৰাৰ্থনা শুনক বুলিয়ে কোনাবাদিন দিনৰদিনটো পানী এটুপিও মুখত নিদিয়াকৈ তুলসী তলৰ চাকি নুমাই যোৱাৰ পিছতো চকুহালকে জ্বলাই বহি ৰৈছিল বাসন্তী। 

 “হেৰি শুনিছে, শুনিছেনে!” 

 ডিঙিটো একতীয়া কৰি চকীখনতে টোপনি যোৱা নোমলৰ কাষ চাপি গ’ল বাসন্তী। নোমলক যোৱাবেলি বা-মাৰলীৰ কোবত হাওলি পৰা চোতালৰ আমজোপাৰ দৰে দেখা গৈছে এই মুহূৰ্তত। এই কেইদিনতে গালৰ হনু জিলিকি উঠিছে তাৰ। লাহেকৈ হেচুকি দিলে বাসন্তীয়ে। বাহুত তাইৰ হাতৰ তাপ পাই খপজপকৈ সাৰ পালে সি। 

”অহ! টোপনিয়ে আহি গৈছিল”

 “আহক ভাত কেইটা খাই লওকহি”

 একো কোৱাৰ সুযোগ নিদি নোমলৰ কাষৰ পৰা আঁতৰি যোৱা বাসন্তীৰ পাছে পাছে গৈ সি পাকঘৰৰ মজিয়াত পীৰা পাৰি বহি ললে। বাসন্তীয়ে কাহীৰ কাষত কেঁচা জলকীয়া দুটা, আলু পিটিকাকণ দি তাৰ ফালে আগবঢ়াই দিলে। কাষতে প্লেট এখনত দিয়া লাইশাকৰ ভাজিৰ চিনাকি গোন্ধটোৱে আবেগিক কৰি তুলিলে নোমলক। 

 “অহাৰে পৰা সোণটিক এবাৰো দেখা নাই, ক’ত সি?” 

 ভাত এগৰাহ মুখলৈ নি আকৌ নমাই থলে নোমলে। 

”নাই মোমায়েকৰ ঘৰলৈ গৈছে, আহিব কাইলৈ।” 

”সি মোৰ কথা কিবা কৈছে নেকি?” 

”নাই”

”মোক সি চাগে খুব বেয়া পাইছে ন?” 

”নাজানো”

”তয়ো মোক বেয়া পাইছ’ ন!  মোৰ দৰে পলৰীয়া কাপুৰুষ এটাক বেয়া নাপাই কেনেকৈনো ভাল পাবি! মোক মাফ কৰি দে অ বাসন্তী, এইবাৰলৈ মাফ কৰি দে”

 হুকহুকাই কান্দি উঠিল নোমল। অভিমানৰ পাহাৰখন চটাচটে খহি পৰিল বাসন্তীৰ। কাষ চাপি গৈ নোমলক বুকুত সুমুৱাই ললে তাই। কেঁচুৱা এটাৰ দৰে বাসন্তীৰ বুকুত নিজকে এৰি দিলে নোমলে। বাৰে বাৰে বাসন্তীক ক্ষমা খুজি থাকিল সি। বাসন্তীয়ে তাক বাধা নিদিলে- কান্দক, অনুশোচনাত জ্বলা নোমলৰ মনটোক চকুৰ পানীয়ে যদি অকণমান শাঁত পেলাব পাৰে কান্দক সি যিমান পাৰে। নোমলক স্থিৰ হৈ সাৱটি থকা বাসন্তীৰ চকু তেতিয়া নোমলৰ কাহীৰ কাষত থকা জলকীয়াৰ ঠাৰিটোত আছিল- য’ত সৰু বগা পোক এটা তাইৰ অলক্ষিতে লাগি ৰৈছিল। বাসন্তীয়ে মনতে পাঙিলে-

 “পোকবোৰ মাৰিব লাগিব! কীটনাশক ছটিয়াবই লাগিব। এনেকৈ বাঢ়ি অহা গছ এজোপাক মাৰি পেলাব দিব নোৱাৰি! গছবোৰ সেউজীয়া কৰি ৰাখিবলৈ পোকবোৰ মাৰিবই লাগিব!” 

****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments