কীৰ্ত্তন-নামঘোষাৰ অপব্যাখ্যা আৰু আৱেগিক সংহতি : পংকজ বৰা

মাননীয় সম্পাদক ডাঙৰীয়া,
সাহিত্য ডট্ অৰ্গ

বিষয়: কীৰ্ত্তন-নামঘোষাৰ অপব্যাখ্যা আৰু আৱেগিক সংহতি

যেতিয়াই সমজাত অন্যায়-অবিচাৰ, দুৰ্নীতি-অত্যাচাৰে সীমা অতিক্ৰম কৰে, তেতিয়াই সমাজত মহাপুৰুষৰ আৱিৰ্ভাৱ হয়৷ অসম মুলুকত মধ্যযুগীয়া পংকিলতাৰৰ মাজত নৱজাগৰণৰ পোহৰ লৈ “কিৰাত কছাৰী খাচি গাৰো মিৰিযৱন কঙ্ক গোৱাল। অসম মলুক ৰজক তুৰুক কুমাৰ ম্লেছ চাণ্ডাল।” বুলি পাহাৰ ভৈয়াম একত্ৰিত কৰি, অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজি বৃহৎ অসমীয়া জাতি গঠনৰ বৰভেটি ৰচনা কৰিছিল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে৷ এই বিষয়ে কোনোবা অসমীয়া বা অসমৰ বাসিন্দাক পুনৰায় কোৱাৰ হয়তো প্ৰয়োজন নাই৷ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ গুৰুদুজনাৰ মহান সৃষ্টি কীৰ্ত্তন-নামঘোষাৰ সাৰমৰ্ম নুবুজি কোনোবা অপাটকী নৰাধমে যি লজ্জাজনক মন্তব্য কৰিলে সেইয়া দুৰ্ভাগ্যজনক৷ কিন্তু, মোৰ দৃষ্টিভংগী সুকীয়া৷ আজি সমগ্ৰ অসম জুৰি এনে নীচ বাক্যৰ বিৰুদ্ধে যি জাতি-বৰ্ণ-ভাষা-ধৰ্ম নিৰ্বিশেষে আনকি সেই ব্যক্তি জনৰ নিজৰ জনগোষ্ঠীৰ লোকে যি এক তীব্ৰ প্ৰতিবাদ কৰিছে (আৱেগিক সংহতি) সি দুটা কথা প্ৰতীয়মান কৰে –

১) শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰুদুজনাই ইহলীলা সম্বৰণ কৰাৰ আজি ৫০০ বছৰ পিচতো বৰ অসমত তেখেতসকলৰ মূল্যবোধৰ প্ৰাসংগিকতা আছে৷ নথকা হ’লে আজিৰ দিনটোত অসমৰ চুকে কোণে জাতি-বৰ্ণ-ভাষা-ধৰ্ম নিৰ্বিশেষে লোক সকলে প্ৰতিবাদ নকৰিলেহেঁতেন৷ এনে লোককে বোলে মহাপুৰুষ, যাৰ মৃত্যুৰো পিচতো তেৰাসকলৰ ব্যক্তিসত্বা, কৰ্মৰাজী সমাজক একত্ৰিত কৰি যোৱাৰ মূল উপাদান হৈ পৰে৷ মৰিও অমৰ৷ শংকৰদেৱ- মাধৱদেৱৰ দৰে গুৰুৰ আদৰ্শ, কৰ্মৰাজী জীয়াই থকালৈকে অসমীয়া ভাষা, অসমীয়া জাতি স্বকীয় জাতি হিচাপে জীয়াই থাকিব৷

২) এতিয়া ভাৱ হৈছে, মাজে মাজে এনেকুৱা পাষণ্ড-দুৰাচাৰা একোজনৰ প্ৰয়োজনো হয়৷ সমাজে যেতিয়া মহাপুৰুষসকলৰ আদৰ্শ, দৰ্শন আৰু মহাপুৰুষীয়া দৰ্শনৰ মাহাত্ম্যক পাহৰি যায়, তেতিয়া এনেকুৱা দুৰাচাৰী মনিচৰ উদ্ভট কাৰ্য্যই পুনৰায় গুৰুসকলৰ প্ৰতি সমাজক মনোযোগ আকৰ্ষণ কৰায়, সমাজে ঘূৰি চাবলৈ বাধ্য হয়৷ কাৰ্য্যটো ‘ভেকচিনৰ বুষ্টাৰ ড’জৰ’ নিচিনা৷ হয়টো যোৱা দুদিনত অনন্তঃ হাজাৰ জন ব্যক্তিয়ে কীৰ্ত্তন-নামঘোষাখন খুলি চাইছে, ক’তনো কেৰোণ আছে বুলি৷ অসমৰ সংবাদ মাধ্যমেও অতি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে৷

ইয়াৰ জৰিয়তে সাংসদ জনে কৰা নীচ কাৰ্য্যৰ সমৰ্থন কৰিবলৈ যোৱা নাই, মাত্ৰ মহাপুৰুষৰ প্ৰতি নিক্ষেপ কৰা গৰলো যে অমৃতলৈ পৰিৱৰ্ত্তন হয়, তাৰ বিষয়েহে উল্লেখ কৰিলোঁ৷ আজিৰ দিনটোত হোৱা প্ৰতিবাদৰ দৰে অনাগত দিনত শংকৰ-মাধৱ গুৰুজনাক আদৰ্শ আৰু কৰ্মৰাজীক লৈ পাহাৰ-ভৈয়াম একাকাৰ কৰি সকলো অসমীয়াই বৰ-অসম গঢ়াৰ মনোবৃত্তি গঢ়ি তুলিলেহে সমাজৰ প্ৰকৃত উপকাৰ হ’ব৷ এইয়া যেন নিলাজ ৰাজনৈতিক কুচ-কাৱাজ নহওক৷ সম্পাদক মহোদয়ৰ যৰিয়তে ৰাইজলৈ তাকেই আহ্বান জনালোঁ৷

জয় গুৰু শংকৰ!

দাসানুদাস

পংকজ বৰা

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments