কুঁহিপাঠ (টুনুজ্যোতি গগৈ)

 

 

“তোমাৰ প্ৰিয় গ্ৰন্থ কোনখন?”

দুবছৰমানৰ আগলৈকে এই প্ৰশ্নৰ উত্তৰ কাৰোবাক দিবলৈ দুদণ্ড সময় লৈছিলোঁ৷ কিতাপৰ পোক নহ’লেও বাচ-বিচাৰ নকৰাকৈ কিছু সংখ্যক কিতাপ নপঢ়া নহয় আৰু সিবোৰে বহু সময়ত জীৱনক আলোকিত আৰু আলোড়িতও কৰি তুলিছে৷ সেয়ে প্ৰিয় গ্ৰন্থখনৰ নাম তপৰাই ক’বলৈ অসুবিধা হৈছিল৷ এদিন কিন্তু উপলব্ধি কৰিলোঁ যে জিতাক্ষৰ নোহোৱাকৈ যিখন কিতাপ প্ৰথম স্পৰ্শ কৰিছিলোঁ, যিখন কিতাপে অনুভৱৰ পৃথিৱীখনৰ দুৱাৰ ধীৰে ধীৰে খুলি দিছিল–সেইখন কিতাপ অৰ্থাৎ ‘কুঁহিপাঠ’য়েই আমাৰ আটাইতকৈ প্ৰিয়৷

সন্দেহ নাই, পঢ়াশলীয়া পুথি হ’লেও ‘কুঁহিপাঠ’ অসমীয়া শিশু সাহিত্যৰে অংগীভূত৷ বাঙালী ভাষাত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘সহজ পাঠ’ বা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ‘বৰ্ণ পৰিচয়’ উচ্চমানৰ শিশু সাহিত্য হিচাপে স্বীকৃত হৈ আহিছে৷ কিন্তু, পানীন্দ্ৰ নাথ গগৈৰ ‘লৰা-শিক্ষা’ বা ‘কুঁহিপাঠ’-এ অসমীয়া ভাষাত সেইস্বীকৃতি লাভ কৰা পৰিলক্ষিত হোৱা নাই এথোন৷

আমাৰ দ্বাৰা সম্পাদিত এখন আলোচনীৰ এটি সংখ্যাত ‘কুঁহিপাঠ’ক লৈ দুটি লেখা সন্নিবিষ্ট কৰিছিলোঁ৷ আমাৰ অনুৰোধ মৰ্মে ডঃ ছবি গগৈয়ে ‘দ্বিতীয় পৃথিৱীৰ প্ৰথম দুৱাৰ’ শীৰ্ষক লেখাটোত লেখিছিল– ‘অসমত অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰা সকলো লোকক এই কিতাপৰ বুকুত থকা বিশাল পৃথিৱীখনলৈ হাতত ধৰি লৈ যোৱা পুঠিখন হ’ল– কুঁহিপাঠ ৷ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীতে হাতত তুলি লোৱা এই কুঁহিপাঠে আমাক দ্বিতীয় পৃথিৱাৰ প্ৰথমখন দুৱাৰ মেলি সিপাৰে থকা বিস্ময়, আনন্দ আৰু অভিজ্ঞতাৰ সৈতে সাক্ষাৎ কৰোৱায়৷ ‘কুঁহিপাঠ’ নামটোত কেইবাটাও ব্যঞ্জনা অন্তৰ্নিহিত হৈ আছে৷ প্ৰথমতে, কুঁহিপাঠ হ’ল শিশুৰ হাতত তুলি দিয়া প্ৰথম পাঠ৷ দ্বিতীয়তে, এই প্ৰথম পাঠতেই পৰৱৰ্তী পাঠৰ চাবি-কাঠি অন্তৰ্নিহিত৷ কুঁহিপাতৰ বুকুত এখন সেউজীয়া সৰ্গভা পৃথিৱীৰ সম্ভাৱনা নিহিত হৈ থকাৰ দৰে কুঁহিপাঠেও ভৱিষ্যৎ বৌদ্ধিকতাৰ সম্ভাৱনা বুকুত সাঁচি ৰাখে৷ তৃতীয় দিশটো বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ কোমল বয়সৰ কোমল মানসতাত প্ৰথম পাঠ যদি মাতৃভাষাৰে দিয়া যায়, তেন্তে আওপকীয়াকৈ শিশুৰ মনত জাতীয় চেতনাৰো জন্ম দিয়া হয়৷’

কঁপা কঁপা হাতেৰে ফলিত লিখা প্ৰথমটো আখৰ আছিল– অ৷  মায়ে বুজাইছিল যে ‘অ’ৰ পিঠিত লাঠি এডাল লগাই দিলেই হৈ পৰে– আ৷… এনেদৰেই আৰম্ভ হৈছিল আমাৰ বৰ্ণ শিক্ষণৰ পক্ৰিয়া৷ এদিন দেউতাই হাতত তুলি দিয়া ‘কুঁহিপাঠ’খন লৈ পাতে পাতে মুদ্ৰিত ছবিবোৰ যে কিমান আগ্ৰহেৰে চাইছিলোঁ।

এৰা, ‘কুঁহিপাঠ’ৰ চাৰিওটা খণ্ডতে মুদ্ৰিত– কনকৰ কঠখন, ‘উঃ বৰ গৰম’ বুলি বিচনি ধৰি থকা মানুহজন, মাছলৈ যোৱা ৰহদৈ, বাৰ টকাত কিনি অনা মাছ কেইটা, কলকলাই থকা সোণমইনা, ঘৰৰ মুধচত পৰি থকা পাৰ চৰাইজনী, টকৌ গছত উঠি খদৌ মদৌ লগোৱা হলৌটো, গধূলি গধূলি বজোৱা ডবাটো, পুহমহীয়া নিহালী গাত টানি লোৱা ল’ৰাজন, হাঁহ খেদি অহা উদণ্ড ষাঁড়টো, সিংহৰ কেঁচা টোপনি ভঙা নিগনিটো, বুদ্ধিয়ক কন্টকৰাম, বাঘ ওলাইছে বুলি ৰাইজক বিপথে পৰিচালিত কৰা দুষ্ট গৰখীয়াজন, বুঢ়াৰ লগত কাজিয়া কৰি হাল বাবলৈ যোৱা বুঢ়ীজনী–এই সকলোৰে ছবিবোৰ এতিয়াও স্মৃতিৰ দেৱালত এঠাৰ দৰে লাগি আছে৷
ছাৰ আইজাক নিউটন, শ্ৰীনিৱাস ৰামানুজ আয়েংগাৰ, আৰ্কিমিডিছ আদি নামবোৰ আমাৰ বাবে আচহুৱা আছিল যদিও সেই চৰিত্ৰকেইটাই আমাৰ মনত ৰোপণ কৰিছিল ভবিষ্যতে তেনেকুৱা এজন মহান মানুহ হোৱাৰ স্বপ্নৰ বীজ৷ আজি যৌৱনৰ দুপৰত সেই স্বপ্নৰ কুকুহাহে অনুভৱ কৰিলেও এই কথা ভাবি ভাল লাগে যে ‘কুঁহিপাঠ’-এ আমাক মহাজীৱনৰ স্বপ্নও দেখুৱাইছিল, যি স্বপ্ন আপোন সীমাবদ্ধতাৰ বাবে আমি দিঠক কৰিব নোৱাৰিলো। তেনেদৰে, মহাত্মা গান্ধীৰ দৰে হোৱাৰ আৰু সদায় সত্য কথা কোৱাৰ অংগীকাৰো কেতিয়াবাই হেৰুৱাই পেলালোঁ।

আজিও গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যোৱাৰ বাটত যোৰহাট পোৱাৰ লগে লগেই মনত পৰে ভৌগদৈৰ পাৰৰ মালৌপথাৰৰ কণল’ৰালৈ, তেওঁৰ পৰাই আমি যেন বিপদৰ সময়ত ধীৰে-স্থিৰে সিদ্ধান্ত লোৱাৰ শিক্ষা পাইছিলোঁ। কেতিয়াবা নতুনকৈ চিনাকি হোৱা যোৰহাটৰ বন্ধু-বান্ধৱীক আমি ৰগৰ কৰিয়েই সোধো– ‘তোমালোকৰ ঘৰটো কণল’ৰাহঁতৰ ঘৰৰ ওচৰত নেকি’। সৌ সিদিনা বৰপেটালৈ যোৱাৰ বাটত হাজো পাওঁতেই মনত পেলাইছিলোঁ। ‘কুঁহিপাঠ’ত পঢ়িবলৈ পোৱা বনভোজটোৰ কথা–চৰ্মচক্ষুৰে দৰ্শন নকৰিলেও মনঃচক্ষুৰেতো কেতিয়াবাই ‘হয়গ্ৰীৱ মন্দিৰ’ আৰু ‘পোৱা মক্কা’ দৰ্শন কৰিছিলোঁ। এৰা, কুঁহিপাঠে যে আমাৰ মনত সাম্প্ৰদায়িক সংহতিৰ ভা‌ৱো জগাই তুলিছিল৷

ভি চি ডি ছবি ‘জোনবাই’ৰ ‘জোনবাই এ বেজী এটি দিয়া বুলি পদ্য মতা বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগা ঢাৰিৰ ওপৰত’ গীতটি বা ‘জোনাকী মন’ৰ ‘বগাকৈ বগলী বহলাই বহিছেযবলুকাত বিয়লি বেলায বকুল বাগৰিছে ববছা বনতে বুটলি বিলাওঁগৈ বলা’– গীত দুটিয়ে কেৱল জুবিনৰ দৰদী কন্ঠৰ বাবেই জনপ্ৰিয়তা অৰ্জন কৰা নাই, আমাৰ প্ৰজন্মৰ ‘কুঁহিপাঠ’ কেন্দ্ৰিক স্মৃতিকাতৰতায়ো গীত দুটিক জনপ্ৰিয় কৰি তুলিছে৷ সেইদিনা জুবিনৰেই কন্ঠত শুনিলোঁ। অন্য এটি গীত– ‘হালধীয়া চৰায়ে বাওধান খায়, সাউদৰ পুতেকে নাও মেলি যায়…৷’ অন্য গীতৰ দৰে জনপ্ৰিয় হৈ নুঠিলেও গীতটি আমাৰ বাবে সুখশ্ৰুত হৈ পৰিছিল ‘কুঁহিপাঠ’কেন্দ্ৰক স্মৃতিকাতৰতাৰ বাবেই৷ নিঃসন্দেহ যে একেবোৰ কাৰণতে ‘এংকেৰী বেংকৰী ওলাই আহঁা লাহেকৈ, বগে সেৱা এটি কৰি যাওঁ’ৰ অনুকৰণত ‘গপচপ’ ৰেডিঅ’ই প্ৰস্তুত কৰা ‘টেগ লাইন’টো শুনি ভাল লাগে৷

আমাৰ দেউতাহঁতৰ প্ৰজন্মটোৱে ‘কুঁহিপাঠ’ নহয়, পানীন্দ্ৰ নাথ গগৈৰ ‘লৰা-শিক্ষা’হে পঢ়িছিল৷ গগৈয়ে বৰ্ণমালাৰ পাছত দুটিয়া বা তিনি আখৰৰ পদ এনেদৰে শিকাইছিল–
গপ এৰ তপ কৰ
বৰ ঘৰ লৰ চৰ
পৰ ধন খৰ মন

আকৌ–
অধম নৰ পৰম খৰ
মৰণ ভয় শৰণ লয়৷

আকাৰ-ইকাৰ বিহীন প্ৰতিটো শব্দই সুকীয়া সুকীয়া হ’লেও কোমল মতীয়া শিশুৱে ধ্বনি লালিত্যৰ বাবেই শব্দবোৰ মনত ৰাখিছিল৷ কিন্তু, ৰবীন্দ্ৰনাথে বৰ্ণমালাৰ পাছত দিয়া ‘প্ৰথম পাঠ’ত আকাৰ-ইকাৰৰ প্ৰয়োগ আছিল–
বনে থাকে বাঘ৷
গাছে থকে পাখি৷
জলে থকে মাছ৷

 

‘লৰা-শিক্ষা’ত উপলব্ধ ‘গোট গৰু মোট সৰু যে লোণ খায় সোণ পায়’ বা ‘আজলী বিজুলী বতৰ মুকলি যে কেৰেলা কপাহী লেতেৰা মদাহী’ আদিও শব্দৰ সমাহাৰ, পদ নহয়৷

‘লৰা-শিক্ষা’ বা ‘কুঁহিপাঠ’ৰ যি আবেদন, যি উচ্চ মান, যি জাতীয় আৱেগ, সেইবোৰ যেন আমাৰ পৰবৰ্তী প্ৰজন্মই পঢ়া ‘নতুন পাঠ’ত ৰক্ষিত নহ’ল৷ শিশুৰ মনস্তত্ব অনুধাৱন নকৰাকৈ প্ৰণয়ন কৰা ‘নতুন পাঠ’ত সংযোজিত পাঠসমূহে পৰবতী প্ৰজন্মক কিমানদিনলৈকে স্মৃতিকাতৰ আৰু উদ্বেলিত কৰি ৰাখিব, সেয়া এডাল বৃহৎ প্ৰশ্নবোধক চিহ্ন।

অসমীয়া মাধ্যমৰ পাঠ্যপুথিৰ সচিত্ৰ পাঠৰ ছবিসমূহ দেখিলেই দুখ লাগে৷ বিভিন্ন ফল-মূল, শাক-পাচলি, জীৱ-জন্তুৰ বৰণ কেনেকুৱা হ’ব, সেয়া ছবি চাই কণ মইনাহঁতে কোনো ধাৰণা কৰিব নোৱাৰে৷ কিন্তু, ইংৰাজী মাধ্যমৰ পাঠ্যপুথিসমূহৰ সচিত্ৰ পাঠৰ ৰঙীন ছবিসমূহে শিশুহঁতক সহজে আক আকৰ্ষিত কৰে৷ ‘ল’ৰা-শিক্ষা’ বা ‘কুঁহিপাঠ’ৰ দিনত ৰঙীন ছবিৰে পাঠ্যপুথি ছপোৱাটো অসম্ভৱ হ’লেও আজিৰ তাৰিখত–মুদ্ৰণ যন্ত্ৰৰ অভাৱনীয় উত্তৰণৰ যুগত দুটকা বেছিকৈ খৰছ কৰি অন্ততঃ ‘নতুন পাঠ’ৰ প্ৰথম আৰু দ্বিতীয় ভাগত ৰঙীন ছবিৰ দুপৃষ্ঠামান সংযোজন কৰাৰ কথা বিভাগীয় কতৃপক্ষই ভা‌বিব নোৱাৰেনে?
(পূৰ্ব প্ৰকাশিত)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments