কুঁৱলী – দিগন্ত কুমাৰ ভট্টাচাৰ্য

হেণ্ডিমেনজনে ’খালী গাড়ী’ বুলি চিঞৰি আছে যদিও বাছখনৰ ভিতৰলৈ চকু দি বুজিলোঁ, হয়তো পাঁচজনমান মানুহ থিয় হৈ থকাৰ ঠাই হে আছে কিজানি ভিতৰত৷ মই সেইখনৰ পিছতে আহি ৰোৱা আনখন বাছলৈ খোজ লোৱাৰ কথা ভাবোতেই হেণ্ডিমেনজনে মোলৈ চাই কৈ উঠিল-’সেইখনত আৰু বেছি ভীৰ৷ অ’ফিচ টাইম৷ ক’লৈ যাব নো? ’

’বেলতলা’ – মই ক’লোঁ৷

’গণেশগুৰিত খালী হ’ব৷ চীট পাই যাব৷ উঠি লওক’ – তাৰ কথা শুনি মই সেইখন বাছতে উঠিবলৈ আগবাঢ়িলোঁ৷ তাৰ কথা বিশ্বাস কৰি নহয়, চাৰে দহবজাৰ আগেয়ে বেলতলাত উপস্থিত হ’ম বুলি মানুহ এজনক কথা দিয়া আছে৷ অ’লা-উব’ৰ ভাৰা কৰিবলৈ ম’বাইলটো উলিয়াবলৈও মন নগ’ল৷ অসমৰ বাহিৰত থাকো বাবে গুৱাহাটীলৈ আহিলে চিটিবাছত এবাৰ-দুবাৰ উঠাৰ হেঁপাহ এটাও থাকে৷ ন’ষ্টালজিয়াই জীৱন নামৰ যন্ত্ৰটোৰ ৰিম’টটো হাতত লয়৷ ৰিৱাইণ্ড কৰে সময়৷ মনটোৱে পাখি মেলে৷ আকৌ উৰি আহি মোৰ ওচৰ পায়৷ পাখিত বান্ধি অনা ছবিবোৰ দুচকুৰ সন্মুখত মেলি ধৰে৷ ইকবাল, দিবাকৰ, ৰঞ্জন – সকলোৰে মুখবোৰ দেখিবলৈ পাওঁ৷ গাড়ীৰ ব্ৰেকৰ শব্দত অথবা ওচৰত বহি থকাজনৰ ম’বাইলৰ ৰিংটোনটোৱে ছবিবোৰ আকৌ ক’ৰবালৈ লৈ গুচি যায়৷ দুচকু সিক্ত হয়৷ এই ন’ষ্টালজিয়া গাড়ীৰে ঘূৰিলে নাপাওঁ৷ চিটিবাছতে বহুতো তিতা-মিঠা কাহিনীৰ চৰিত্ৰ হ’বলৈ পাইছিলোঁ৷ অনুৰাধাকো প্ৰথম চিটিবাছতে দেখিছিলোঁ৷

’হাতত থকা কিতাপখন ফিল’ছ’ফীৰ৷ বেছি দাৰ্শনিক টাইপ হ’ব বে’ – ইকবালে ফুচফুচাইছিল৷

প্ৰথমবাৰ তাইক মাতিম বুলি আগুৱাই যাওতে লগৰ দিবাকৰে বৰ ভয় খাইছিল৷

’অচিনাকি ছোৱালী এজনীক এনেকৈ মাতিলে যিকোনো হ’ব পাৰে দেই’ – সি সকিয়াইছিল৷ তাইক মাতিছিলোঁ৷ কথাও পাতিছিলোঁ দুই-তিনিমিনিটৰ বাবে৷ দিবাকৰহঁত অবাক হৈছিল৷

শেষবাৰৰ বাবে তাইক চিটিবাছতে ’ভালে থাকিবা’ বুলি কৈ আহিছিলোঁ৷ তাই বা ক’ত আছে এতিয়া! ভালে বা আছে নে নাই! দুবছৰ আগতে ৰঞ্জনক লগ পাওতে অনুৰাধাৰ কথা ওলাইছিল৷

’ছ’ছিয়েল নেটৱ’ৰ্কিং ছাইটবোৰ আছে কিয়? ইনষ্টাত চা, ফে’চবুকত চা, ক’ৰবাত পাবিয়েই তাইক’ – সি কৈছিল৷

’পাম মানে? ’

’দেখিবি আকৌ, কেনে আছে, ক’ত আছে’৷

’সেইকাৰণেইতো চোৱা নাই৷ ’তোমাক নাপালে ছুইচাইড কৰি মৰি থাকিম’ বোলা ছোৱালীজনীৰ যেতিয়া পৰিপূৰ্ণ সংসাৰৰ সৈতে সফল গৃহিনী অথবা মাতৃৰ গৌৰৱৰে গৌৰৱান্বিত হাঁহিৰ ফ’টো দেখিম, মোৰ অশান্তি বাঢ়িব৷ মোৰ লাগিব, তাই ফে’ক আছিল অথবা তাইৰ বৰ্তমানৰ সেই হাঁহিবোৰ ফে’ক৷ দুয়োটাৰ এটা হ’লেও মোৰ অশান্তি হ’ব৷ নহ’লে লাগিব সময়ে সকলো পাহৰাই পেলাব পাৰে৷ সময়ৰ ওপৰত ধিক্কাৰ জন্মিব৷ তাইৰ গিৰীয়েকজনক দেখিলে মোৰ হিংসা হ’ব, ক্ষোভ হ’ব৷ দুয়োজনৰে অন্তৰংগ ফ’টো দেখিলে, মই জ্বলি-পুৰি মৰিব লাগিব ক’ব নোৱৰাকৈয়ে৷ বুজিলি? ইমান কষ্ট-অশান্তি মনলৈ অনাতকৈ ’তোমাক নাপালে মৰি থাকিম’ বুলি উচুপি উঠা অনুৰাধাজনীৰ ছবিখনেই থাককচোন মনত’৷

বাছখনৰ ভিতৰত থিয় হৈ থাকিবলৈয়ে অসুবিধা হৈছে৷ অলপ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিলোঁ৷ চীট এটাৰ হেণ্ডেলডালত ধৰি গৈ আছোঁ৷ আন এখন হাতে আহি হেণ্ডেলডালৰ খালী থকা অংশটোক খামুচি ধৰিলে৷ দেখিলোঁ, বয়সীয়াল ব্যক্তি এগৰাকী৷ মই হাতখন আঁতৰাই ওপৰৰ হেণ্ডেল এডালত ধৰিলোঁ৷ তেওঁ অলপ আগবাঢ়ি আহি ভালকৈ ধৰি ল’লে৷

দেখিলোঁ হাতত তেওঁৰ পেপাৰ এখন৷ প্ৰায় আঠটামান ভাঁজ কৰি লৈছে বাতৰিকাকতখন৷ হয়তো তেওঁ বাছত বহি বহি পঢ়িবলৈ কিনি আনিছিল৷ এতিয়া হেঁচা-ঠেলাৰ মাজত সেই আশা বাদ দি বহুকেইটা ভাঁজ দি লৈছে৷ অ’ফিচ বা ঘৰ পাই বহলকৈ মেলি ল’ব চাগে দেশ-বিদেশৰ বাতৰিবোৰ৷ সোঁফালৰ বক্সত থকা বাতৰি কেইটালৈ চকু গ’ল৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কোনোবা দেশ ভ্ৰমণ, আততায়ীৰ হাতত আৰক্ষী গুলিবিদ্ধ, অভিযন্তা জেল হাজোতলৈ….৷ অভিযন্তা জে’ললৈ! চকুদুটা..অচলতে গোটেই মুখখনেই কাকতখনৰ ওচৰলৈ নি বাতৰিটো পঢ়িবলৈ চেষ্টা কৰিলোঁ৷ নিজে ইঞ্জিনিয়েৰ বাবেই হয়তো বাতৰিটোৱে আকৰ্ষণ কৰি লৈ গ’ল…

পঢ়ি গৈ আছোঁ৷ বাতৰিটো এনেকুৱাঃ ঠিকাদাৰ এজনৰপৰা লক্ষাধিক টকা উৎকোচ লৈ থকাৰ সময়ত হাতে-লোতে ধৰা পৰিল ৰাজ্য চৰকাৰৰ অভিযন্তা৷ বৰ্তমান জেললৈ প্ৰেৰণ কৰা অভিযন্তা দিবাকৰ কুমাৰ…বাৰ পৃষ্ঠাত চাওক৷

দিবাকৰ কুমাৰ…দিবাকৰ কুমাৰ দত্ত? মোৰ সহপাঠী দিবাকৰ? নাই, একে নামৰ বহু মানুহ থাকে৷ অভিযন্তাও থাকিব একে নামৰ বহুকেইজন৷ আমাৰ হোষ্টেলতে অনুপ নামৰ তিনিজন আছিল৷ বেছিকৈ পঢ়া-শুনা কৰাজনক মাতিছিলোঁ কবিৰাজ, কবি অনুপ৷ খীন-মীন অনুপজনৰ নাম আছিল জিকা৷ চাপৰ অনুপজনক সকলোৱে কোমোৰা অনুপ বুলিয়েই চিনি পাইছিল৷ দিবাকৰ যে দিবাকৰ কুমাৰ দত্তই হ’ব লাগিব কি কথা আছে? দিবাকৰ হাজৰিকা হ’ব পাৰে, দিবাকৰ ডেকাও হ’ব পাৰে৷ আমাৰ ক’লেজৰপৰা ডিগ্ৰী লোৱা নহ’বও পাৰে৷ আমাৰ ক’লেজৰ হ’লেও আমাতকৈ ছিনিয়’ৰ অথবা বহু বেটচ্ জুনিয়’ৰ আন কোনোবা দিবাকৰো হ’বওতো পাৰে৷

ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছ আৰম্ভ হোৱাৰ দিনা ৰাতিপুৱাই মই হোষ্টেলত সোমাইছিলোঁ৷ ম’নিটৰ এগৰাকীয়ে দেখুৱাই দিয়া মতে, দুজনীয়া কোঠা এটাত বেডিং পত্ৰ ৰাখিলোঁ৷

’দুজনীয়া হ’লেও এইটো ৰুমত চাৰিজন থাকিবলগীয়া হ’ব পাৰে৷ কেইজন ফেছাৰ্ছ আহে, চাই লওঁ’ – তেওঁ কৈ গৈছিল৷

সেই সন্ধিয়া দিবাকৰ আহি কোঠাটোত সোমাইছিল৷ সমন্ধীয় কোনোবা ককায়েক এজন আহিছিল তাৰ লগত৷

’ভালকৈ বন্ধু হৈ থাকিবা তোমালোক’ – মোৰ পিঠিত হাতখন থৈ কৈ গৈছিল ককায়েকজনে যোৱাৰ সময়ত৷

ডাইনিং হলৰ ভাতৰ বে’ল পৰালৈ আমি ৰৈ আছিলোঁ৷ ক্লাছ কৰি একো খোৱা নাই, ভোক লাগিছিল৷

’পিঠা দি পঠিয়াইছিল মায়ে, খাবা? ’ মই তালৈ চাই থাকোতেই সি বে’গ এটাৰ পৰা কাগজেৰে মেৰিয়াই অনা টোপোলা এটা খুলিছিল৷ টেকেলি পিঠা৷ বগা বৰণৰ পিঠাবোৰত খবৰ কাগজৰ আখৰৰ দাগবোৰ লাগিছিল ঠায়ে ঠায়ে৷ চিঞাহীৰ দাগ৷ তাৰ মাকৰ মৰমবোৰ সাৱটি পিঠাবোৰৰ সোৱাদ দুগুণ হৈছিল৷
ৰাতি ছিনিয়’ৰ কেইজনমান কোঠালৈ আহিছিল৷ তাক মোলৈ দেখুৱাই কৈছিল-’ঐ ইয়াক গালি দে..তই যিমান বেয়া গালি জান’৷
সি ৰৈ আছিল৷ ছিনিয়’ৰ এজনে চিঞৰিছিল৷

’কুকুৰ’ – সি মুখৰ ভিতৰতে কৈছিল৷

ছিনিয়’ৰকেইজনৰ হাঁহিত কোঠাটো কঁপিছিল৷

’বান্দৰ..ইডিয়’ট…ষ্টুপিড’ – তাৰ মাতটো অলপ ডাঙৰকৈ ওলাইছিল৷ ময়ো হাঁহি ৰখাব পৰা নাছিলোঁ৷

’কুকুৰৰ পোৱালি, বান্দৰ…এইবোৰ ক’ত শিকিছ তই? ইমান বেয়া গালি! ’ – এজনে সুধিছিল তাক৷

’নাই নাই, মই ’কুকুৰ’ বুলিহে কৈছিলোঁ৷ ’কুকুৰৰ পোৱালি’ কোৱা নাই৷ তাক হে গালি পাৰিছোঁ, দেউতাকক নহয়’ – সি মোৰ ফালে চাইছিল৷ তাৰ দুচকু চলচলীয়া হৈছিল৷

’ইমান সহজ-সৰল হোজা এই দিবাকৰজন! ’ – মই ভাবিছিলোঁ৷

’ঐ ই বেছিয়েই চিধা! অলপ শিকাবি ইয়াক’ – যোৱাৰ সময়ত এজনে কৈ গৈছিল মোক৷

সি তেনেকৈয়ে থাকি গৈছিল আমি ক’লেজ-হোষ্টেল এৰালৈকে৷ সলনি নোহোৱাকৈ৷

দিবাকৰৰ ঘৰ ছয়গাঁৱৰ ওচৰত৷ আমি প্ৰায়েই তাক কৈছিলোঁ- ’তোৰেই ঘৰ ওচৰত৷ এদিন দেওবাৰে আমি তহঁতৰ ঘৰলৈ গৈ ভাত-পানী খাই আহিম৷ মাত না…’

সি মাথোঁ হাঁহিছিল৷ কেতিয়াও ঘৰলৈ নামাতিলে আমাক৷ ফাইনেল ইয়েৰৰ পৰীক্ষাৰ শেষৰ দিনা দুপৰীয়া তাৰ মাক আহিছিল৷ লগত ভায়েক৷ আমাৰ কাৰণে ভেদাইলতাৰে শিঙি মাছৰ জোল ৰান্ধি আনিছিল৷ আমি টকালি পাৰি খাইছিলোঁ৷

’তোমালোকে বোলে সদায় কৈ থাকা আমাৰ ঘৰলৈ যোৱাৰ কথা৷ সি কয়৷ তাৰ লাজটো বেছি৷ আমাৰ ঘৰৰ বেয়া অৱস্থাটো দেখুৱাব লাজ কৰে সি’ – মাকৰ কথাবোৰে হয়তো তাক অস্বস্তিত পেলাইছিল৷ তলমূৰ কৰি থিয় হৈ ৰৈছিল সি৷

’ভাল মানুহ হ’বলৈ চেষ্টা কৰিবা৷ আশীৰ্বাদ কৰিছোঁ’ – মাকে যোৱাৰ সময়ত আমাক কৈছিল৷ সিক্ত হৈছিল তেওঁৰ দুচকু৷ মাকৰ মন! আমি দুজনমানে তেওঁৰ ভৰি চুইছিলোঁ৷ চেণ্ডেলৰ ফিতাডালৰ সোঁমাজতে বান্ধি থোৱা গুণাডালে মোৰ আঙুলিত বিন্ধিছিল৷

ক’লেজৰপৰা ওলোৱাৰ পাছত যোগাযোগ নোহোৱা হৈ আহিল৷ ময়ো অসমৰ বাহিৰলৈ গ’লোঁ চাকৰিৰ সন্ধানত৷ পাছত শুনিছিলোঁ দিবাকৰৰ লগতে আমাৰ লগৰ বহুকেইজনে ষ্টেট গৱৰ্ণমেণ্টৰ চাকৰি পাইছিল৷ সেইদিনা মোৰ তাৰ মাকৰ মুখখনলৈ মনত পৰিছিল৷ দুবছৰমান আগতে এদিন গুৱাহাটীত ইকবালৰ লগত এক দীঘলীয়া আড্ডাত দিবাকৰৰ কথা ওলাল৷

’বালাজী মান্দিৰটো যে আছে, তাৰ ওচৰতে সি ঘৰ সাজিছে৷ ঘৰ মানে অট্টালিকা, দোস্ত! চকু ডাঙৰ হৈ যাব’ – ইকবালে কৈছিল৷ ইকবালৰ ফোনৰপৰা তালৈ ফোন কৰিছিলোঁ৷ সি খবৰ-বাতৰি লৈছিল মোৰ৷

’ডাঙৰ ঘৰ বোলে তোৰ? নামাত ঘৰটো চাবলৈ? ’ – কৈছিলোঁ তাক হাঁহি হাঁহি৷ সিও হাঁহিছিল৷ কিন্তু সি মাতিবলৈ যেন দিগদাৰ পাইছিল৷ হয়তো লাজ? মই বুজা নাছিলোঁ৷

থাৰ্ড ইয়েৰত থাকোতে সি দুমাহৰ কাৰণে হোষ্টেলৰ ’মেছ’ ছেক্ৰেটাৰী আছিল৷ সেই সময়তে এদিন সি ৰাতি মোৰ ওচৰলৈ আহিল৷

’কি ও ৰুমমেট? টেনছনত আছ যেন লাগিছে, কি হ’ল? ’ – সুধিছিলোঁ তাক৷ তেতিয়া সি মোৰ ৰুমমেট নাছিল, মোৰ কাষৰে ৰুমত সি আছিল৷ তথাপিও প্ৰথমৰে পৰা মতা ’ৰুমমেট’ সম্বোধনটো ৰৈ গৈছিল৷

’কাইলৈ মেছৰ অ’ডিট৷ হিচাপ এটা মিলা নাই৷ বৰ অশান্তিত আছোঁ সন্ধিয়াৰে পৰা’৷
’কিমান টকাৰ হিচাপ মিলা নাই? ’

’এশ টকা’ – তাৰ মুখত সংখ্যাটো শুনি মই হো-হোৱাই হাঁহিছিলোঁ৷

’তই এটা পাগল! এশ টকাৰ কাৰণে ইমান টেনছন লৈছ যে? অমৰক দেখা নাই? এমাহৰ মেছ ছেক্ৰেটাৰী হৈ উডলেণ্ডৰ জোতা কিনিলে৷ তই এশ টকাৰ কাৰণে চিন্তাতে মুখ বেঁকা কৰিছ! ? দুই-তিনি কিল’ আলু-পিঁয়াজ লিখি দে, কোনেনো চাব? ’ – মই কৈছিলোঁ তাক৷
সি অলপ দেৰি ৰৈ কিবা চিন্তা কৰিলে৷

’সহায় এটা কৰিবি? ঘৰৰপৰা পইচা অহা নাই এতিয়াও৷ মোক এশ টকা দিবি ধাৰ? হাতলৈ পইচা আহিলেই ঘূৰাই দিম’ – সি ওলাই গৈছিল ৰুমৰপৰা৷ তাক এশ টকা দিছিলোঁ৷ সি মেছত জমা দিছিল, গম পাইছিলোঁ৷

সেইজন দিবাকৰে আজি!

বাছৰপৰা নামিলোঁ৷ ওচৰৰে বাতৰি-কাকত বিক্ৰী কৰা দোকান এখনলৈ আগুৱাই গ’লোঁ৷ নিৰ্দিষ্ট কাকতখন কিনি আকৌ প্ৰথম পৃষ্ঠাৰ বাতৰিটো পঢ়িলোঁ৷ ’বাৰ পৃষ্ঠাত চাওক…..’ – হাতখন কঁপি উঠিল৷ পাতবোৰ লুটিয়াই গ’লোঁ৷ অজস্ৰ ছবিয়ে মন-মগজুক খুন্দিয়াবলৈ ধৰিলে৷ হোষ্টেলত প্ৰথম দিনা দেখা দিবাকৰৰ মুখখন, এশ টকাৰ হিচাপ মিলাব নোৱৰা তাৰ উদ্বিগ্ন চকুহাল, মাকৰ হাতৰ শিঙিমাছৰ জোলৰ ৰং, ’জীনচ্ পিন্ধিবলৈ যে মানা কৰিছে, জীনচ্ মানে কি নো? ’ বুলি হোষ্টেলৰ দ্বিতীয়দিনা পুৱা মোক সুধি উত্তৰলৈ ৰৈ থকা তাৰ মুখ…আৰু…আৰু গুণাৰে ফিতাপাত বান্ধি লোৱা মাকৰ চেণ্ডেল…অজস্ৰ ছবি!

এই ’দিবাকৰ কুমাৰ’ যেন ’দিবাকৰ কুমাৰ দত্ত’ নহওক, হে সময়! ইমানো সলনি অসহ্যকৰ-কষ্টদায়ক, ও সময়!

মই এতিয়া ১২নং পৃষ্ঠাত! ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments