কুকুৰ আৰু ডগী – সৌমিত্ৰ যোগী

প্ৰতিজন লেখকৰে নিজা নিজা কিছু পঢ়ুৱৈ থাকে৷ কাৰোবাৰ বেছি, কাৰোবাৰ কম৷ যাৰ পঢ়ুৱৈ বেছি তেওঁ জনপ্ৰিয় লেখক বা ডাঙৰ লেখক৷ যাৰ পঢ়ুৱৈৰ সংখ্যা সীমিত তেওঁ সাধাৰণ লেখক৷ এতেকে পঢ়ুৱৈ শ্ৰেণীটো লেখকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ৷ এজন ৰাজনৈতিক নেতাৰ কাৰণে এজন ভোটাৰ যিমান গুৰুত্বপূৰ্ণ, লেখকৰ কাৰণে পঢ়ুৱৈসকল সিমানেই গুৰুত্বপূৰ্ণ৷ ভোটাৰ আৰু পঢ়ুৱৈয়ে বহু মানুহৰে ভাগ্যৰেখা আৰু সামাজিক অৱস্থান সলনি কৰি পেলায়৷ মাত্ৰ এটা ভোট বেছি পায়ে কোনোবা মন্ত্ৰী, মুখ্য মন্ত্ৰী বা প্ৰধান মন্ত্ৰী হৈ ৰাজ্য বা দেশ-জাতিৰ ভাগ্যনিয়ন্তা হৈ যায় আৰু একমাত্ৰ এটা ভোট কম পোৱা কাৰণেই কোনোবা মানুহ বাটৰ ভিক্ষাৰীত পৰিণত হয়৷ লেখকসকলৰো সেই একেই৷ কোনোবা লেখক কোনোবাখিনি পায়গৈ আৰু কোনোজন পৰি ৰয় বাটৰ শিলগুটি হৈ৷ এই কথা বুজি পাওঁ কাৰণেই পঢ়ুৱৈক মই ঈশ্বৰ জ্ঞান কৰোঁ৷ পুৱা দোকান খুলি ধূপ-ধূনা জ্বলোৱাৰ সময়তে আহি ওলোৱা গ্ৰাহকজন দোকানীজনৰ কাৰণে যেনে, মৃতদেহটো শ্মশানলৈ নিয়াৰ সময়ত মানুহৰ অভাৱ হওঁতে হঠাৎ আহি উপস্থিত হোৱা মানুহজন যেনে, চেলাইনৰ দৰবখিনি শেষ হৈ বটললৈ তেজ উভতি যাবৰ হওঁ হওঁতেই আহি উপস্থিত হোৱা নাৰ্ছগৰাকী যেনে, পঢ়ুৱৈজন মোৰ কাৰণে তেনে৷ তেনে এগৰাকী পঢ়ুৱৈয়ে এদিন মোক ফোন কৰি দাবী কৰিলে যে তেওঁ এটা সাংঘাতিক সমস্যাৰ বাবে দীৰ্ঘদিন চিন্তিত হৈ আছে আৰু সেই সমস্যাটোৰ বিষয়ে মই এটা লেখা লিখাটো বিচাৰে৷ আৰু মই যদি নিলিখোঁ তেন্তে তেওঁ প্ৰধান মন্ত্ৰীলৈ চিঠি লিখিব৷ এবাৰ ভাবিলোঁ, বিষয়টো তাৰমানে ডাঙৰেই৷ কিন্তু পাচ মুহূৰ্ততে ভাবিলোঁ, আজিকালি যিকোনো কথাতে মানুহে প্ৰধান মন্ত্ৰীলৈ চিঠি লিখে৷ ভাবি-চিন্তি ক’লোঁ যে আগেয়ে সমস্যাটোৰ কথা কওকচোন বাৰু, কিজানি মই কিবা এটা লিখিয়ে সমাধান কৰিব পাৰোঁ৷ মই লিখাৰ পাচতো যদি একো নহয়, তেতিয়াহ’লে শেষ-মেষ ছাৰলৈকে লিখিম দিয়ক, তেওঁতো আৰু সাত বছৰমান আছেই৷ আৰু এটা কথা- মোৰ অৱচেতন মনত এই কথাটো খেলালে যে প্ৰধান মন্ত্ৰীজনে কৰিবলগা কাম এটা যদি ময়ে সমাধা কৰি পেলাব পাৰোঁ, তেনেহ’লে মোৰ বহুত কিবাকিবি হৈ যাব পাৰে৷

অৱশেষত তেওঁ সমস্যাটোৰ কথা ক’লে৷

আজিকালি বহুত মানুহেই কুকুৰ পোহে৷ বহুত ভাল ভাল জাতৰ কুকুৰ পোহে৷ সেই জাতৰ কুকুৰ পোৱালিবোৰ বহুত পইচা-পাতি খৰচ কৰি কিনি আনে৷ সিহঁতক খাবলৈ দিয়া গাখীৰ, মাংস বা অন্যান্য স্বাস্থ্যসন্মত আহাৰৰ নামতো বহুত বহুত বহুত পইচা খৰচ কৰে৷ সিহঁতক চিকিৎসা কৰাৰ নামত, নিয়মিত টিকা দিয়াৰ নামত, পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাৰ নামত বহুত বহুত পইচা খৰচ কৰে৷ কিন্তু, ’আচল কাম’টো কৰাবলৈ টয়লেট এটা বনাই দিব নোৱাৰে? আৰু যদি টয়লেট বনাই দিবলৈ পইচা নাই, তেনেহ’লে নিজৰ বাথৰূমতে কামটো কৰাব পাৰে৷ এই যে ৰাস্তাই ৰাস্তাই, লোকৰ পদূলিয়ে পদূলিয়ে কামটো কৰাই ফুৰে, এইটো বেয়া কথা নহয়নে? কোনোবাই ভাৰতবৰ্ষখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ সংকল্পৰে ’স্বচ্ছ ভাৰত অভিযান’ কৰিব, কোনোবাই ঝাৰু মাৰিব আৰু কোনোবাই লেতেৰা কৰি ফুৰিব৷

কথাখিনি শুনাৰ পাচত মোৰ এই পঢ়ুৱৈগৰাকীৰ নামটো মই প্ৰিয়ংকা ভাৰতী হিচাপেই আপোনালোকক পৰিচয় কৰাই দিলোঁ৷ প্ৰিয়ংকা ভাৰতীয়ে বিয়া হৈ গৈয়ে গিৰীয়েকৰ ঘৰত শৌচালয় সম্পৰ্কে প্ৰশ্ন তুলি গোটেই ভাৰতবৰ্ষ কঁপাই দিলে৷ এতিয়া ’য’তেই চিন্তা তাতেই শৌচালয়’ গঢ় লৈ উঠিল৷ আমাৰ নিজৰ প্ৰিয়ংকা ভাৰতীগৰাকীয়ে, অৱশ্যে পাত্ৰীৰ পাৰ্থক্য বুজিবলৈ নামটো আমি প্ৰিয়ংকা অসমী কৰি ল’ব পাৰোঁ৷ নহ’লে কোনোবাই প্ৰিয়ংকা ভৰালীৰ নামটোৱে ছপা ভুল হৈ প্ৰিয়ংকা ভাৰতী হোৱা বুলি সন্দেহ কৰিব পাৰে৷

যি কি নহওক, আমাৰ প্ৰিয়ংকা অসমীৰ দাবীটো যুক্তিযুক্ত৷ কিন্তু আমি চাব লাগিব যে এটা কুকুৰৰ কাৰণে ইমান পইচা-পাতি খৰচ কৰা গৃহস্থবোৰে টয়লেট অৰ্থাৎ শৌচালয়টো কিয় বনাই নিদিয়ে অথবা কিয় নিজৰ টয়লেটতে কামটো নকৰোৱায়৷ বাকী সময়খিনিত যদি কুকুৰটোক নিজৰ সন্তান অথবা সহোদৰৰ দৰে আপডাল কৰে, কামটো কৰাৰ সময়ত ইমান ’ছেনছিটিভ’ কিয়? নাই, এইটো কোনো অনুমানতে কোৱা বা লেখা কথা নহয়৷ বহুত লেখক-বুদ্ধীজীৱীয়ে ঘৰতে বহি বহি কল্পনা কৰি কৰিয়েই বহুত কথা লিখি থাকে, আচলতেনো সমস্যাটো কি বুজিবলৈ চেষ্টাই নকৰে৷ সেইকাৰণে সমাধানসূত্ৰবোৰতো বৰ বিশেষ কোনো ব্যৱহাৰিক বা বাস্তৱতা নাথাকে৷ কিন্তু, মই সেই নহয়, গতিকে তেনেকুৱা কৰিব নোৱাৰোঁ৷ ঠিক কৰিলোঁ, মই নিজে জনমত ল’ম৷ কোনে কি মত দিয়ে শুনিম৷ তাৰ পাচতহে প্ৰিয়ংকা অসমীৰ আৱাজ ধিচকে বাহিৰলৈ উলিয়াই দিম৷ মোৰ আগৰে পৰা কুকুৰ বস্তুটো ভাল নালাগে৷ কিবা কাৰণত শিশু মহাভাৰতখন পঢ়াৰ পাচৰে পৰা হয়তো মই অলপ ভয় খালোঁ৷ সকলো কুকুৰকে মোৰ যমৰজা যেন লগা হ’ল৷ তাৰ পাচত যেতিয়া নিশ্চিত হ’লোঁ যে যাৰ এসাঁজ খাবলৈকে চিন্তা, চুৱাপাতনিয়ে যাৰ শেষ আশ্ৰয়, যাৰ মূৰত অপ্ৰাপ্তিৰে ক্ষোভ আৰু হতাশাই মায়াজাল বান্ধি আছে, সি কি ধৰ্মৰক্ষা কৰিব যমৰজাৰ হৈ? ইয়াৰ পাচত কুকুৰৰ প্ৰতি মোৰ কোনো আগ্ৰহেই বাচি নাথাকিল৷ তথাপি, এইবাৰ মই বৃহত্তৰ স্বাৰ্থত বিষয়টো অলপ জানিবলৈ চেষ্টা কৰিম বুলি ভাবি এদিন পুৱাতেই ওলাই গ’লোঁ৷ এফালৰ পৰা চাই গৈছোঁ, যাৰ গে’টতে ‘কুকুৰৰ পৰা সাৱধান’ বুলি লিখা থাকিব, তাতে সোমাম৷ বহু দূৰ গ’লোঁ, ক’তো তেনে ছাইনব’ৰ্ড নেদেখিলোঁ৷ আগতে মানুহৰ গে’টে গে’টে, বৰ ঘন ঘনকৈ এই ছাইনব’ৰ্ড দেখা গৈছিল৷ বহুতে চান্দা খুজিবলৈ অহা মানুহক ভয় খুৱাবলৈকো এনেকৈ ছাইনব’ৰ্ড লগাই থৈছিল৷ আজিকালি মানুহে চান্দা নিবিচৰা হ’ল নেকি? তেনেতে বাটত হেৰি কৰিবলৈ অনা কুকুৰৰ সৈতে এজন গৃহস্থক দেখিলোঁ আৰু লগে লগে প্ৰিয়ংকা অসমীয়ে তোলা আচল প্ৰশ্নটোকে পোনপটীয়াকৈ সুধি পেলালোঁ৷ মোৰ প্ৰশ্নটো শুনি তেওঁ গৰগৰাই উঠিল- ‘এক্সকিউজ মি, এইটো মোৰ কুকুৰ নহয়৷ দিছ ইজ কলড্ ডগী৷ আণ্ডাৰষ্টেণ্ড? ’ বাপৰে৷ বৰ ছেনছিটিভ মেটাৰ৷ মই ভয়তে আগুৱাই গ’লোঁ৷ দেখিলোঁ এগৰাকী ষোড়শী গাভৰুৱে ডিঙিত শিকলি লগোৱা কুকুৰটো ইপিনৰ পৰা সিপিনলৈ দৌৰাই আছে৷ মই গাঁৱৰ মানুহ, সকলো ছোৱালীকে ভণ্টি বুলি মাতি ভাল পাওঁ৷ তাইকো মাত দিলোঁ- ‘ভণ্টি, তোমাৰ কুকুৰটো কুকুৰ নে ডগী? ’ তাই মোলৈ এবাৰ ঘোপাকৈ চালে আৰু বাৰাণ্ডাত বহি পঢ়ি থকা মানুহজনলৈ চাই একপ্ৰকাৰ আৰ্তনাদ কৰি উঠিল- ‘চোৱানা পাপা, আংকলে টবিক কুকুৰ বুলি কৈছে৷ ’ মানুহজনে লাহেকৈ ক’লে- ‘টবিকে কোৱা৷ ’ মানে? অৰ্থ উলিয়াবলৈ সময়ে নাপালোঁ, সেই টবিটোৱে মোক এক আফলাতে মাটিত পেলাই দিলে৷ অলপ পাচত আকৌ তেওঁলোকৰ গাড়ীতে হাস্পতাল পালোঁগৈ৷ পেপাৰ পঢ়ি থকা মানুহজন বৰ ভদ্ৰ৷ তেওঁৰ কৃপাতে ৰক্ষা পৰিলোঁ, নহ’লে কিজানি মোক টবিয়ে খায়ে পেলালেহেঁতেন৷ কিন্তু তেওঁক মই সুধিব পৰা নাই তেওঁ কোৱা ‘টবিকে কোৱা’ বাক্যটোৰ অৰ্থ আমাৰ গাঁৱলীয়া ভাষাত ‘কুকুৰ জপাই দে’ নাছিলনে? কিন্তু সুধিবলৈ সাহস নহ’ল৷

দুদিন হাস্পতালত থকাৰ পাছত ঘৰলৈ উভতিলোঁ৷ হাস্পতালৰ পৰা খৰচ-চৰচ দি ভদ্ৰলোকেই মোকলাই আনিলে৷ ঘৰৰ আগত গাড়ীৰ পৰা নমাই দিবৰ পৰত তেওঁ ক’লে- ’মানুহে যেতিয়া মৰমতে পোহে, সেইটোকে কুকুৰ বুলি নকয়৷ তাক কয় ডগী৷ আৰু যিয়ে পোহে, তেওঁলোকক কয় এনিমেল লাভাৰ৷ মোৰ ছোৱালীয়ে আপোনাৰ জান খাই দিলেহেঁতেন৷ ’ দিব্যজ্ঞান লাভ কৰি মই বাকৰুদ্ধ হৈ গ’লোঁ৷ তাৰ দুদিন পাছত আকৌ ওলালোঁ৷ সেইদিনাৰ দৰেই ছোৱালী এজনীয়ে ডগীটোক জগিং কৰাই আছে৷ মই সোমাই গ’লোঁ, ক’লোঁ- ’মাজনী তোমাৰ ডগীটোৰ নাম কি? ’ তাই ক’লে- ’এবী৷ ’ তাই কাষতে থকা চকীখনলৈ দেখুৱাই মোক বহিবলৈ ক’লে, মুখত খুচি খুচি ভাব৷ মই বহিলোঁ৷ তাই ক’লে- ’চাবাচোন, তোমাক এবীয়ে হাগ্ কৰিব- ’তাই হাগ্ ক’লে নে হাগু ক’লে মই ঠাৱৰ কৰিবলৈ চেষ্টা কৰি থাকোঁতেই এবীয়ে কোৱেক কোৱেক, উহোঁক উহোঁক শব্দ কৰি জিভাখন লৰাই লৰাই দুই ভৰিত ভৰ দি নাচোন ধৰা ভালুকৰ ভংগীত আগুৱাই আহি থাকিল আৰু এটা সময়ত মোক ডিঙিত জপটিয়াই ধৰিলে৷ তাৰ পাছৰখিনি মই হাস্পতালৰ বিছনাত পৰি পৰিহে মনত পেলাবলৈ চেষ্টা কৰিছোঁ৷ ছোৱালীজনীয়ে কৈছে, মই হেনো এবীয়ে হাগ্ কৰাৰ লগে লগে হেলছ্লেছ হৈ গ’লোঁ৷ হয়তো দুদিন আগতে শৰীৰ নেফানেফ কৰি থোৱা টবিৰ স্মৃতিয়ে মোক বৰ ভয় খুৱাই দিলে৷

বিপদ বা সমস্যাত পৰিলে মানুহে দিয়ে ঢেৰ জ্ঞান-বুদ্ধি৷ তেনেকুৱা সময়ত বহুত জ্ঞানী মানুহৰ আৱিৰ্ভাৱ হয়৷ একে কথা সংঘটিত হয় কোনোবা মানুহ বেমাৰত পৰিলে৷ ৰোগীক মানুহে স্বাস্থ্যজ্ঞান দিয়ে৷ তেনেকুৱা সময়ত খৰ-খজুৱতীত আক্ৰান্ত হোৱাৰ অভিজ্ঞতাৰেও জ্বৰ-কাহৰ দুৰ্দান্ত উপদেশ দিয়ে মানুহে৷ মই এইবাৰ ভাগ্যে বাচিলোঁ৷ মোক মানুহে ৰোগৰ জ্ঞান নিদি কুকুৰ সম্পৰ্কে বহুত জ্ঞান দিলে৷ এসপ্তাহ ধৰি হাস্পতালৰ বিছনাত পৰি পৰি কেৱল কুকুৰৰ বিষয়েই শুনিলোঁ৷ কুকুৰৰ বিষয়েও যে ইমান কথা থাকিব পাৰে ইয়াৰ আগতে ভবাই নাছিলোঁ৷ ঘৰ আহি পোৱালৈকে মোৰ আটাইবোৰ কথা মনত নাথাকিল৷ এবাৰ মূৰ্ছা যোৱাৰ কাৰণেই নেকি, কথাবোৰ বেছি সময়ৰ কাৰণে মনত ৰাখিব নোৱৰা হ’লোঁ৷ তথাপি যিকেইটা কথা মনত থাকিল, সেইকেইটাই আটাইতকৈ জৰুৰী৷ এই পৰমজ্ঞান এনেধৰণৰ- সকলো কুকুৰকে কুকুৰ বুলি ক’ব নাপায়৷ যাৰ কোনো নিজা আশ্ৰয় নাই, যাৰ কোনো গৃহস্থ নাই সেইবোৰহে কুকুৰ৷ এনে কুকুৰৰো এটা বিশেষ শ্ৰেণীক কোৱা হ’ব সাৰেময়৷ বাকীবোৰ ডগী৷ ডগী মানুহে পোহে৷ সন্তানৰ দৰেই প্ৰতিপাল কৰে৷ কিন্তু সিহঁতে টয়লেট জাতীয় বন্ধ কোঠাত ’হেৰি’ কৰিব নোৱাৰে নোৱাৰে, ডগী হ’লেও আন কুকুৰৰ দৰেই সিহঁতকো মুকলি ঠাই লাগে৷ আনকি লোকৰ জেওৰা-জপনা, লোৰ গে’ট বা থিয় কৰাই ৰখা গাড়ীখনতহে ছি কৰিব পাৰে৷ পাত্ৰ চাই বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰি ক’ব লাগে, কিন্তু নিশ্চিতভাৱে জানিব লাগে যে কুকুৰ কুকুৰেই৷ সকলো কুকুৰৰে একেই স্বভাৱ৷ গৃহস্থৰ শিকলি পিন্ধি থকাকেইটাই হওক বা স্বাধীনকেইটাই হওক, ভোকা আৰু কামোৰাটোৱে সিহঁতৰ ধৰ্ম৷ যাৰ মালিক থাকে সিহঁতো প্ৰভুভক্ত, যাৰ নাথাকে সিহঁতো প্ৰভুভক্ত৷

মালিকৰ খোৱাকেইটাই একো কৰিব নোৱাৰিলেও ভুকি ভুকিয়ে মালিকক আশ্বস্ত কৰি ৰাখে৷ মালিক নথকাবোৰে অভ্যাসবশতঃই ভুকি থাকে৷ কুকুৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্বভাৱটো হৈছে কামোৰা৷ সিহঁতৰ দাঁতবোৰ বৰ চোকা৷ অনবৰতে কটকটাই থাকে৷ সেইকাৰণে সিহঁতৰ সেই কটকটনি মাৰিবলৈ টান হাঁড়যুক্ত মাংস যোগান ধৰা হয়৷ তথাপি সিহঁতৰ কটকটনি মাৰ নাযায়৷ ইটো-সিটো সকলো বস্তু কামোৰে৷ কামুৰি কামুৰি মূল্যৱান বস্তুও নষ্ট কৰে৷ সেইকাৰণে আজিকালি বজাৰত শুকান হাঁড় কিনিবলৈ পোৱা যায়৷ মূল্যৱান বস্তুবোৰ বচাই ৰাখিবলৈ সিহঁতৰ স্বভাৱৰ আগত শুকান হাঁড়বোৰ পেলাই দিয়া হয়৷ আৰু আশ্ৰয়হীন কুকুৰবোৰে চোৱাপাতনি আদিত বিচাৰি-খুঁচৰি উলিয়াই ফটাকানি, চামৰাৰ জোতা বা বেগ আদি কামুৰি দাঁতৰ কিটকিটনি নীৰসন কৰে৷ ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক